বন্ধ, জংগী আন্দোলন , বিক্ষোভ , প্রতিবাদ – সমাধান সূত্র অথচ সুদূৰ পৰাহত…
নায্য
প্রাপ্তিৰ বাবে প্রতিবাদ-বিক্ষোভ কৰাটো মানুহৰ প্রাকৃতিক অধিকাৰ।
সাৱলীলভাবে ধাৰাবাহিকতাৰ ৰূপত অসমৰ সামাজিক আৰু ৰাজনৈতিকক্ষেত্রত তাৰ
বহিঃপ্রকাশ সদায় ঘটি আহিছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ মাধ্যম আন্দোলন,
শোধনাগাৰ আন্দোলন, বিদেশী বিতাড়ন, সাৰ্বভৌমত্বৰ বাবে সশস্ত্ৰ আন্দোলন ,
নৃ-গোষ্ঠীয় জাতিগত আন্দোলন , জনজাতীয়কৰণ আন্দোলন আদিবোৰ সংগঠিত ৰূপত
নাৰ্য্যতা প্রাপ্তিৰ বাবে কৰা আন্দোলনৰ উদাহৰণ।কোনো ঘটনাৰ তাৎক্ষনিক ৰূপত
প্রতিক্রিয়া হিচাপে প্রকাশ ঘটা বহু অসংগঠিত গনতান্ত্ৰিক প্রতিবাদী পন্থাই
আমাৰ জাতীয় জীৱনক দৈনন্দিনৰূপত জোকাৰি আহিছে। সমস্যা সমাধানৰ সূত্র হিচাপে
যদি আমি সংগঠিত আৰু অসংগঠিত ৰূপত ঘটি থকা বন্ধ-আন্দোলন,পথ অৱৰোধ,অৰ্থনৈতিক
অৱৰোধ ইত্যাদিবোৰক গন্য কৰো তেতিয়াহলে সুদূৰ প্রসাৰী ফলাফলৰ তুলাচনীত
কিন্তু ই অসমতুল হিচাপৰ বাহিৰে একোৱে নহয়।
অসম
আন্দোলনৰ জাৰজ সন্তান হিচাপে সৃষ্টি হোৱা “বন্ধ” অপ-সংস্কৃতিয়ে কিমানটা
দৈনন্দিন জীৱনৰ ৰাজহুৱা/জাতিগত সমস্যা সমাধান কৰিলে সি প্রশ্নবোধক চিহ্ন।
কিন্তু জাতীয় জীৱনৰ অৰ্থনৈতিক কাঠামোটোক যে বেয়াকৈ মাধমাৰ শোধালে সেইটো
নিশ্চিত । কৰ্মসংস্কৃতিক অধঃপাতে যোৱাত এই অপসংস্কতিয়ে বহুলভাবে ইন্ধন
যোগায় আহিছে। জাতীয় জীৱনক তৰান্বিত কৰিব নোৱাৰা, সৰ্বসাধাৰণক ধনাত্মক
দিকদৰ্শন দিবলৈ ব্যৰ্থ হোৱা আৱেগিক জীৱনবোধত বিশ্বাসী এচাম তথাকথিত
ছাত্র-ৰাজনৈতিক নেতাই বন্ধ অপসংস্কৃতিৰে অৰ্থনৈতিক জাতীয় স্হিতিক সদায়
পণবন্দী কৰি আহিছে নিজৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত আৰু দুভাৰ্গ্যজনকভাৱে
এনে ৰাজনৈতিক অদূৰদৰ্শিতাৰ বাবেই কোনো এনে অসমৰ নেতা আজি জনজীৱনত ৰাইজৰ
নেতালৈ পৰ্যবসিত হ’ব পৰা নাই। ভাৰতীয় ৰাষ্টীয় ৰাজনৈতিক পটভূমিত দপদপাই
থাকিব পৰা এজনো ৰাজনৈতিক নেতাৰ আজিলৈকে সৃষ্টি হোৱা নাই। তাহানিতে দেৱকান্ত
বৰুৱা, হেম বৰুৱা তথা দিনেশ গোস্বামীয়ে ৰিক্ত কৰি অহা সেই স্হান কিন্তু
কোনেও পুৰাব পৰা নাই। অথচ “নেতা” হোৱাৰ তথা ৰাজনৈতিক জীৱন গঢ়াৰ সপোন দেখা
বহু ব্যক্তিয়ে বন্ধ, প্রতিবাদ আদিৰ কাৰ্যসূচীৰে জাতীয় জীৱনক সময়ে সময়ে
পণবন্দী কৰি আহিছে। কৰ্মসংস্কৃতিক বুঢ়া আঙুলি দেখুৱাই ভালপোৱা গৰিষ্ঠ
সংখ্যকলোকে “উপায় নাই” বুলি অজুহাত দেখুৱাই নতুবা প্রাণৰ ভয়ত/অপদস্থ হোৱাৰ
আশংকাত বন্ধৰ আহ্বানক সদায় আখৰে আখৰে পালন কৰি আহিছে।
নিদ্ধাৰ্ৰিত
সময়তকৈ অলপ অধিক সময় বিনামূলীয়াকৈ শ্রমদান কৰি ৰাজ্যৰ সাৰ্বজনীন ভেটিটো
আৰু অধিক টনকিয়াল কৰো বুলি কোনেও কিন্তু আজি আহ্বান কৰা নাই। তাৰ ফলশ্রুতিত
পাৰিসাংখ্যিকভাবে অসমৰ অগ্রগতিৰ ধাৰা অন্য ৰাজ্যতকৈ তেনেই মন্থৰ। জাতিটোৰ
অগ্রগতিক বাধা প্রদান কৰা “বন্ধ” অপসংস্কৃতিক অস্বীকাৰেৰে নিৰুৎসাহিত কৰাৰ
পৰিবৰ্তে আমি গৰিষ্ঠসংখকে কেৱল জগৰীয়া কৰিছো চৰকাৰক। অথচ “বন্ধ”
অপসংস্কৃতিৰ অনিয়ন্ত্ৰিত গতিৰ বাবে আমাৰ নিলিপ্ত ভুমিকাও সমানেই জগৰীয়া -
যাক আমি অস্বীকাৰ কৰিব নোৱাৰো।
ধনাত্মক
দিশত জাতিটোক আহ্বান জনোৱাৰ সাহস নথকা কোনো দল বা নেতাৰেই ধ্বাংসত্মক
আন্দোলনমুখী আহ্বান জনোৱাৰো কিন্তু নৈতিক অধিকাৰ থকা উচিত নহয়। কাৰণ বন্ধ,
জংগী আন্দোলন, বিক্ষোভ-প্রতিবাদ আদিবোৰে জাতিটোৰ চিন্তাজগতখনক
ৰাজনৈতিক,জাতিগত,ভাষাগত দিশত খন্ড-বিখন্ডিত কৰি তুলিছে। নিজক অসমীয়া বুলি
পৰিচয় দিব পৰা, নিজৰ মাতৃভাষাটোক শুদ্ধকৈ লিখিব পৰা ব্যক্তি,যুৱক-যুৱতী তথা
ছাত্র-ছাত্রীৰ আজি ভীষণ অভাৱ। নিজৰ নিজৰ জাতিসত্বা তথা অস্তিত্বক পৰিচয়
দিবলৈ যাঁওতে ৰাজনৈতিক ধামখুমীয়াত পৰি গোটেই বৰঅসমখন ভাগহৈ পৰিছে।
বিশ্বাসহীনতাৰে যেন জাতীয় জীৱনটো ভৰি পৰিছে।
সামগ্রিকৰূপত
কিন্তু একবিংশ শতিকাৰ অসমখন হয়তো কিছুপৰিমানে পিছুৱাই যাব লগা হৈছে, যিটো
আমি আৱেগ পৰিহাৰ কৰি হৃদয়ঙ্গম কৰিবলৈ ব্যৰ্থ হৈছো। ব্যক্তিস্বা্ৰ্থৰ
উৰ্দ্ধত থাকি সামগ্রিকভাৱে জাতিটোৱে কিন্তু আত্মবিশ্লেষণ কৰাৰ ক্ষণ
ইতিমধ্যে আহি পৰিছে।আৱেগক বাদ দি বিবেকক প্রাধান্য দিয়াৰ কিন্তু সময় সমাগত।
মাধ্যম/ভাষা আন্দোলনে জন্ম দিলে উগ্র জাতীয়তাবাদৰ। শোধনাগাৰ /বিদেশী
বিতাৰণ আন্দোলনে সৃষ্টি কৰিলে ছশ ছহিদৰ , কিন্তু বিদেশী আহি ৰাজ্যৰ
জনগাঁথনিটো থুনুকা কৰিয়েই থাকিল।সশস্ত্র সংগ্রামে প্রায় দহহাজাৰ তেজাল
অসমীয়া ডেকা-গাভৰুৰ জীৱন কাঢ়ি নিলে,অজস্রজন পংগু হ’ল,
বৈধব্য/পুত্র-ভাতৃহীনতাৰে গাঁৱে-ভূঁঞে ভৰি পৰিল। কিন্তু আমি প্রতিদিন
তথাকথিত বিক্ষোভ-প্রতিবাদ-বন্ধ পালন কৰি থাকিলো।
যদি
এই পন্থাবোৰে মানুহক আগুৱাই নিয়াৰ পৰিবৰ্তে পিচুৱাইহে নিছে , সমস্যাবোৰৰ
সমাধান সুদূৰ পৰাহত হৈয়েই আছে। তেতিয়াহলে সকলোৱে বন্ধ, জংগী আন্দোলন,
বিক্ষোভ-প্রতিবাদ আদিবোৰ বাদ দি নিজে নিজৰ কৰ্মসংস্হানত দায়িত্বখিনি
সূচাৰুৰূপে আৰু সততাৰে পালন কৰাটোহে প্রয়োজন, হয়তো ইয়েই সামগ্রিকভাবে
“বন্ধ” অপসংস্কৃতিয়ে অস্থিৰ কৰি তোলা জাতীয় জীৱনৰ ভেটিটোক সবল কৰাত সহায়
কৰিব।

No comments:
Post a Comment