Ad

Monday, July 23, 2018

ভাৰতবৰ্ষৰ বিষয়ে এনে কিছুমান তথ্য যি হাস্যকৰ হোৱাৰ লগে লগে সত্যওঃ আহক চাও কি এই হাস্যকৰ ঘটনা

ভাৰতবৰ্ষৰ বিষয়ে এনে কিছুমান তথ্য যি হাস্যকৰ হোৱাৰ লগে লগে সত্যওঃ আহক চাও কি এই হাস্যকৰ ঘটনা 

১৷ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যি নেকি বহুতো স্থানীয় ভাষাৰ দ্বাৰা বিভাজিত আৰু এটা বিদেশী ভাষা (English) ৰ দ্বাৰা একত্ৰিত ।
২৷ভাৰতত মানুহে ট্ৰেফিক ৰেডলাইটত লাগিলে নৰখক কিন্তু সন্মুখেদি যদি ক'লা মেকুৰী এটা পাৰ হয় তেন্তে শ শ মানুহ লাইনত খাৰা হৈ যায়, এনেকুৱা লাগে যেন ট্ৰেফিক পুলিচত ক'লা মেকুৰী হে ভৰ্তি কৰিব লাগিব ।

৩৷চীন দেশে নিজৰ চৰকাৰৰ বাবে উন্নতি কৰি আছে আৰু ভাৰতৰ উন্নতি নোহোৱাৰ প্ৰধান কাৰণেই হল চৰকাৰ ।.
৪৷ভাৰতৰ জনসাধাৰণে ভোট দিব যাওতে প্ৰাৰ্থীৰ জাতি বিচাৰ কৰে,যোগ্যতা লাগিলে যিয়েই নহওক। এতিয়া সিহঁতক কোনে বুজাব যে তুমি দেশৰ বাবে মন্ত্ৰী বিচাৰিছা ঘৰৰ বাবে ভিনদেউ নহয় ।.
৫৷ভাৰত এনেকুৱা এখন দেশ যত এক্টৰে ক্ৰিকেট খেলিছে,ক্ৰিকেটাৰে ৰাজনীতি, ৰাজনেতাই পৰ্ণ চায়, আকৌ পৰ্ণস্টাৰ এক্টৰ হৈ আছে 
৬৷ আমি এনেকুৱা এখন দেশত থাকো যত নবেল শান্তি পুৰস্কাৰ পোৱাৰ আগলৈকে প্ৰায় মানুহে নাজানিছিল যে কৈলাশ সত্যাৰ্থী কোন ।
কিন্তু ৰাছিয়ান টেনিছ খেলুৱৈয়ে যদি আমাৰ দেশৰ ক্ৰিকেটাৰক চিনি নাপায় সেয়া আমাৰ বাবে লাজৰ কথা হয় ।
৭৷ ভাৰতবৰ্ষত অচিনাকীৰ লগত কথা পাতাটো বিপদজনক কিন্তু অচিনাকীৰ লগত বিয়া হোৱাটো সংস্কৃতি ।
৮৷ আমি ভাৰতীয়য়ে ছোৱালীৰ পঢ়া শুনাতকৈ বেছি খৰচ তাইৰ বিয়াত হে কৰো ।
৯৷ আমি এনেকুৱা এখন দেশত থাকো য'ত পুলিচক দেখিলে মানুহে নিৰাপদ ভাবাতকৈ বেছি ভয় হে খায় ।
১০৷ আমি ভাৰতীয় বহুত লাজকুৰীয়া তথাপি আমাৰ জনসংখ্যা ১২১ কোটি ।
১১৷ আমি হেলমেট নিৰাপত্তাৰ বাবে নহয় চালান কাটাৰ ভয়ত হে পিন্ধো ।
১২৷ ভাৰতবৰ্ষ দুখীয়া মানুহৰ এখন ধনী দেশ ।



১৩৷ ভাৰতীয় সমাজে শিকায় ধৰ্ষণৰ পৰা কেনেকৈ বাচিব লাগে কিন্তু ধৰ্ষণ নকৰিবলৈ নিশিকায়...............

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts