Ad

Monday, July 23, 2018

লালডেংগাৰ সংগ্রাম আৰু আজিৰ মিজোৰাম

লালডেংগাৰ সংগ্রাম আৰু আজিৰ মিজোৰাম

‘এখন স্বাধীন মিজো ৰাষ্ট্র’ – লালডেংগাই মিজোবাসীক এই সপোন দেখিবলৈ শিকাইছিল। শ্বিলং আৰু দিল্লীৰ পৰা পৃথক এখন স্বাধীন ৰাষ্ট্রৰ সপোন দেখি হাজাৰ হাজাৰ মিজো যুৱকে MNF(তেতিয়াৰ Mizo National Famine Front)ত যোগ দিছিল। লালডেংগাৰ নেতৃত্বত নিজৰ প্রাণ দি হ’লেও স্বাধীনতাৰ কাৰণে যুঁজ দি যাবলৈ মিজোবাসী বদ্ধপৰিকৰ আছিল। কিন্তু লালডেংগা জানো শেষলৈ মিজোবাসীৰ আদৰ্শ হৈ থাকিল? আজিৰ বহুতো মিজোই বিশ্বাস কৰে বিপ্লৱৰ অন্তিম সময়ছোৱাত লালডেংগা এজন কম বিপ্লৱী আৰু বেছি ৰাজনৈতিক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।
অপাৰেচন জেৰিকোৰ অসফলতাৰ পিছত লালডেংগা মিজোৰাম এৰি পলাই গৈছিল। ম্যানমাৰ, বাংলাদেশ, চীন, ইংলেণ্ড আদি বিভিন্ন ঠাই ভ্রমি তেওঁ স্বাধীন মিজোৰামৰ দাবীক আন্তৰ্জাতিক ৰূপ দিবলৈ যত্নপৰ হৈছিল। কিন্তু ১৯৬৮ চনৰ শেষৰফালে গঠন হোৱা Research and Analysis Wing (RAW) য়ে অতি কৌশলেৰে লালডেংগাৰ বিপ্লৱক এক অন্য দিশলৈ লৈ যাবলৈ সক্ষম হৈছিল। পাহাৰে পৰ্বতে বগাই কৰা মিজো বিপ্লৱ ক্রমাৎ কোনোবা বিলাসী হোটেলৰ কোঠাত বহি ভাৰত চৰকাৰৰ লগত হোৱা এক আলোচনা বা অভিৱৰ্তনলৈ ৰূপান্তৰিত হৈছিল। আনহাতে ব্রিগেডিয়াৰ ছাইলোৰ নেতৃত্বত স্থাপিত নতুন আঞ্চলিক ৰাজনৈতিক দল People’s Conference য়ে মিজোবাসীক নতুন সপোন দেখুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে লালডেংগা আৰু MNF ৰ বিপ্লৱ পৰিগণিত হৈছিলগৈ অসফল শান্তি আলোচনা, বলপূৰ্বক ধন সংগ্রহ, বাৰম্বাৰ ভাৰত ত্যাগৰ নিৰ্দেশ, নেতাসকলৰ মাজত আদৰ্শৰ অমিল ইত্যাদিলৈ। মিজো বিপ্লৱ ছাগে আজিও প্রভাৱবিহীন হৈ ধিমিক-ধামাককৈ চলিয়ে থাকিলেহেঁতেন যদিহে ১৯৮৪ চনত ইন্দিৰা গান্ধীক হত্যা কৰা ন’হলহেঁতেন।
যুৱ প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে বিষয়বাব লৈয়ে ইখনৰ পিছত সিখন শান্তিচুক্তিত স্বাক্ষৰ কৰিবলৈ আৰম্ভ কৰিলে। পঞ্জাৱ আৰু অসম চুক্তিৰ পাছত তেওঁ মিজো চুক্তিৰ ওপৰতো জোৰ দিলে। অৱশেষত ৩০ জুন, ১৯৮৬ত মূল মিজো চুক্তি স্বাক্ষৰিত হয়। চুক্তিমতে মিজোৰামে পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্য্যাদা পায় আৰু লালডেংগাক তদানীন্তন মূখ্যমন্ত্রী হিচাপে নিয়োগ কৰা হয়। বহুতো সঁচা বিপ্লৱীয়ে সেইদিনা হিয়া ঢাকুৰি কান্দিছিল, অনুতপ্ত হৈছিল, কোনো অৰ্থ নোহোৱাকৈ তেওঁলোকৰ জীৱনৰ অমূল্য সময়বোৰ নষ্ট কৰাৰ কাৰণে।
ভাৰত চৰকাৰৰ বাবে মিজো চুক্তি অন্যতম সফল শান্তি চুক্তি। লালডেংগাৰ পিছত মিজোৰামৰ জাতীয়তাবাদী ভাৱধাৰাটো কেতিয়াও প্রচণ্ডভাৱে গা কৰি নুঠিল। মণিপুৰ বা নাগালেণ্ডৰ দৰে ইয়াত কোনো সংগঠন নাই যিয়ে এতিয়াও স্বাধীন ৰাষ্ট্রৰ সংগ্রাম চলাই আছে। আজিৰ মিজোৰাম সম্পূৰ্ণ শান্ত।
বহুতেই ক’ব পাৰে মিজো বিপ্লৱৰ সমাপ্তি চৰম লজ্জাজনক আৰু লালডেংগা ইয়াৰ মূল জগৰীয়া। কিন্তু এই মিজো বিপ্লৱেই ভাৰতৰ পূৰ্ব প্রান্তৰ সৰু অঞ্চলটোক ভাৰত আৰু পৃথিৱীৰ লগত পৰিচয় কৰাই দিলে। কলকাতাতেই ভাৰতখন শেষ হৈ যোৱা বুলি ভবা দিল্লীৰ বৰমূৰীয়াসকলে তবধ মানি চাই ৰ’ল এটি সৰু জাতিৰ সাহস আৰু পৰাক্রম। আজিৰ মিজোবাসীৰ কাৰণে এইটো কাৰণেই পৰ্য্যাপ্ত লালডেংগাক এজন নায়কৰ আসনত বহুৱাবলৈ। সেই কাৰণেই ছাগে ট্রেজাৰী স্কোৱেৰৰ সেই স্মৃতিসৌধটোৰ সন্মুখেৰে খোজকাঢ়ি যাওতে প্রতিজন মিজোৰে বুকুখন কিছু হ’লেও ফুলি যায়।

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts