Ad

Monday, July 23, 2018

এজন গুলীবিদ্ধ ভাৰতীয় সেনা জোৱানে লিখা এখন অতি হৃদয়স্পৰ্ষী চিঠি

__ ইণ্ডিয়ান আৰ্মী____

সংগ্ৰহ............

এজন গুলীবিদ্ধ ভাৰতীয় সেনা জোৱানে লিখা এখন অতি হৃদয়স্পৰ্ষী চিঠি....

যেতিয়াই আকোঁৱালি লম মৃত্যুক এই যুদ্ধ স্থলীত, মোক পাইন কাঠৰ এটি বাকচত কেইটামান গজালেৰে বন্ধ কৰি ঘৰলৈ চিৰদিনৰ বাবে চুটি দি পঠিয়াবা !!
চিৰলগৰী মোৰ 317নং মৃতঃ বন্দুকটো মোৰ নশ্বৰ দেহত মোৰ বুকুত ওপৰত ৰাখিবা..!!
মা মই পিঠিত নহয় মোৰ শ্ৰেষ্ঠতম উজাৰি মোৰ বুকুত উষ্ণ বুলেটৰ চুম্বন স্বীকাৰ কৰিলো, এতিয়া মোৰ ফটো টিভি আৰু পেপাৰত দেখিবি মা...!!

অ' মা ইয়াত বৰ ঠাণ্ডা অ'....
এবাৰ মাত্ৰ তোৰ কোলাত মূৰটো থৈ জিৰাব দে... মা মোক এবুকু মৰম দে চোন...

আৰু আমনি নিদিও কেতিয়াও...
এবাৰ মৰম কৰ না....!!!!!
আৰু দেউতা বেছি আবেগিক নহব, আপোনাৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰতিদ্বন্দী এতিয়া আপোনাৰ চকুত চকু থৈ হয়টো কেতিয়াও এষাৰ মাত দিবলৈও অক্ষম...!!
সঁচাকৈয়ে দেউতা বুকুখন বৰকৈ বিষাইছে...
চাওকচোন ইমান তেজ ওলাব লাগে নে, মা আৰু ইহঁতক নজনাব plz...

আমাৰ দিখৌ খন ইয়াত থকা হলে হেঁপাহ পলুৱাই পানী খালো হেতেন....
বৰ পিয়াহ লাগিছে দেউতা...!!!!
ভাইটি ভালকৈ পঢ়িবি তই... আৰ্মি জইন কৰিব নালাগে দে !! মোৰ নতুন বাইকখনৰ চাবিটো দেউতাক দি আহিছিলো....
এতিয়াৰ পৰা সেইখন তোৰ হল....
ভালদৰে চলাবি...!!!

ভন্টি তই বেছি দুখ নকৰিবি..
মইহে অহাকালিৰ ৰাতিপুৱাটো নেদেখো..
তই সদায় ঘৰ চোতাল সাৰি প্ৰতিটো দিনকে নিমন্ত্ৰণ জনাবি...!!
চাবি দেই আগৰ পৰাই কৈছিলা এতিয়া অন্ততঃ অলপ কেইটামান ভাত বেছিকৈ খাবি, নহলে শান্তি নাপাম মই...!!!

মোৰ বন্ধু ককাইদেউ সকল তহঁতলৈ বুলি কেইটামান ৰামৰ বটল আগতীয়াকৈ লৈ থৈছো... কিন্তু এইবাৰ তহঁতৰ লগত গিলাচত চুমুক দিব নাপাম মই, তহঁতে কিন্তু অনাদৰ নকৰি একেলগে বহি মোক এবাৰলৈ হলেও মনত পেলাবি অ'..!!!
ভন্টি তাইক কান্দিব নিদিবি, কৈ দিবি যে আৰু কোনো বহাগতে মই চুটি নাপাওঁ বুলি । তাই জুপি জুপি অতি হেঁপাহেৰে কৰা বিহুৱান খন মোৰ চিতাত নিদি বহাগত আমি বিহু কৰা বুঢ়া আহত জোপাত মেৰাই দিব দিবি... আৰু মোৰ চিতাত খৰি দিবলৈ আহিব লগীয়া সকলক কও যে মোক হাঁহি হাঁহি বিদায় দিব....
কাৰণ মই এজন সৈনিক, মোৰ জন্ম যুদ্ধ কৰিবলৈ আৰু মাতৃৰ বাবে হাঁহিৰে মৃত্যুক আকোঁৱালি লবলৈ.....
মোৰ পৰিয়ালে হয়তো আৰু দুদিন কান্দিব, কিন্তু আপোনাৰ পৰিয়াল টো অন্ততঃ সুৰক্ষিত হৈ থাকক...

সেইয়াই কামনা মোৰ...!!!!
*****জয় হিন্দ***** 

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts