অসমলৈ প্রব্রজনৰ ইতিহাস আৰু কেন্দ্রৰ হঠকাৰী হিন্দু বাংলাদেশীৰ বোজা
ছয়বছৰীয়া
অসম আন্দোলন হৈছিল অসমত থকা অবৈধ বিদেশীক চিনাক্ত কৰি বিতাৰণ আৰু ভৱিষ্যতে
অসমলৈ অবৈধ প্রব্রজন সম্পূর্ণৰূপে বন্ধ কৰিবৰ বাবে৷ চুক্তি অনুসৰি অবৈধ
বিদেশীক চিনাক্ত কৰি বিতাৰণ কৰাৰ সময়সীমা স্থিৰ কৰা হ’ল অর্থাৎ 1971 চনৰ 25
মার্চৰ পাছত অসমত অবৈধভাৱে সোমোৱাসকলক চিনাক্ত কৰি বিতাৰণ কৰা হ’ব আৰু
ভৱিষ্যতে ইয়াক ৰোধ কৰিবলৈ সম্পূর্ণৰূপে অসম—বাংলাদেশ সীমান্তত কাঁইটীয়া
তাঁৰৰ বেৰা দি ছীল কৰা হ’ব৷ ভাৰত—বাংলাদেশ সীমান্তৰ অসমৰ সৈতে 263
কিল’মিটাৰ দৈর্ঘযৰ সীমাৰেখা আছ়ে, কিন্তু 30 বছৰ অতিক্রম কৰাৰ পাছতো
কেন্দ্রীয় চৰকাৰে এই পথছোৱা ছীল কৰিবলৈ সক্ষম নহ’ল৷ এয়া নিশ্চয়কৈ অসমক কৰা
বঞ্চনাৰে আন এটা দিশ়, যাৰ ফলত প্রায় প্রতিদিনে সীমান্তৰ উন্মুক্ত অংশইদি
অসমলৈ অবৈধ প্রব্রজনৰ সোঁত অব্যাহত আছে৷
প্রব্রজন
মানৱ সভ্যতাৰ অন্যতম চৰিত্র৷ প্রাগ৲ ঐতিহাসিক যুগৰ পৰা মানুহে বিভিন্ন
কাৰণত এঠাইৰ পৰা আন ঠাইলৈ প্রব্রজন কৰিছিল৷ ঐতিহাসিক যুগবোৰত মানুহে
নিৰাপত্তা, খাদ্যৰ সন্ধান, ৰাজ্য বিস্তাৰ আদি বিভিন্ন কাৰণত প্রব্রজন কৰাৰ
তথ্য বিচাৰিলে পোৱা যায়৷ মানৱ সভ্যতাৰ এই প্রাচীনতম নীতিৰ পৰা অসম তথা
উত্তৰ—পূর্বাঞ্চলো ব্যতিক্রম নাছিল৷ কালিকা পুৰাণৰ মতে, প্রাচীন কামৰূপত
মিথিলা ৰাজকুমাৰ নৰকৰ দ্বাৰাহে আর্যসম্ভুত লোকৰ প্রৱেশ ঘটিছিল৷ উল্লেখযোগ্য
যে উত্তৰ—পূব ভাৰতৰ ৰাজ্যকেইখনত থলুৱা জনগোষ্ঠী কেইটামানহে আছিল৷ এই
অঞ্চলৰ অধিকাংশ লোকেই প্রব্রজিত৷ 600 বছৰ ৰাজত্ব কৰা আহোমসকলো ইয়াৰ আদিম
অধিবাসী নাছিল৷ 1228 খ্রীঃত প্রব্রজন কৰা ছ্যুকাফাই লগত এটা বৃহৎ সেনা
বাহিনী লৈ চীনৰ মাউলুং প্রদেশৰ পৰা ৰাজ্য বিস্তাৰৰ সন্ধানত ইয়ালৈ প্রব্রজন
কৰিছিল৷ এইদৰে ঐতিহাসিকভাৱে প্রব্রজিত বিভিন্ন জাতি—জনজাতিৰ সমন্বয়তে গঢ়ি
উঠিছে বৃহৎ অসমীয়া জাতি৷
স্বাধীনতাৰ
পূর্বে চৰকাৰী পৃষ্ঠপোষকতাত এই অঞ্চললৈ অবাধ গতিত প্রব্রজন হৈছিল৷ 1826
চনত ইয়াণ্ডাবু সন্ধিৰ পাছত আহোমৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ প্রশাসনীয় অধিকাৰ
যায়৷ ইংৰাজে নিজৰ প্রশাসন সুবিধা মতে এই অঞ্চলত আগুৱাই নিবৰ কাৰণে অন্যান্য
প্রদেশবোৰৰ পৰা কাম কৰিবৰ বাবে বহুতো লোকক ইয়ালৈ আনিছিল৷ বিশেষকৈ অসমৰ
বিভিন্ন ঠাইত কেইবাটাও ব্রিটিছ কোম্পানীয়ে ব্যাপক হাৰত চাহ খেতি আৰম্ভ কৰে৷
ইয়াৰ থলুৱা জাতি—জনগোষ্ঠীৰ লোকসকলে ব্রিটিছৰ বাগানসমূহত কাম কৰিবলৈ
আগ্রহপ্রকাশ নকৰাৰ ফলত কাম কৰা শ্রমিকৰ অভাৱ হ’ল়, যাৰ ফলত তেওঁলোকে
কেৰাণী—মহৰীৰ ৰূপতে শিক্ষিত বঙালী আৰু শ্রমিক হিচাপে ঝাৰখণ্ড, ছোটনাগপুৰ,
অন্ধ্রপ্রদেশ আদি বিভিন্ন ঠাইৰ পৰা মুণ্ড, ওৰাং, গোড়, চাওঁতাল আদি
সম্প্রদায়ৰ কষ্টসহিষ্ণু লোকক অসমলৈ অনাৰ ফলত এই অঞ্চললৈ দ্রুত হাৰত
প্রব্রজন আৰম্ভ হয়৷ ঐতিহাসিক তথ্য অনুসৰি 1911-ৰ পৰা 1931 চনৰ ভিতৰত মুঠ 14
লাখ এনে বনুৱাক অসমলৈ অনা হৈছিল৷ ইংৰাজে অসমলৈ বনুৱা অনা প্রক্রিয়া
দ্বিতীয় মহাযুদ্ধৰ সময়লৈকে অব্যাহত ৰাখিছিল৷ ইংৰাজে চাহ বাগানত কাম কৰিবলৈ
অনা বনুৱাসকল অসম এৰি ঘূৰি নগ’ল৷ পৰৱর্তী সময়ত সেইসকলে বাগানতে স্থায়ীভাৱে
থাকিবলৈ লয়৷ বর্তমান তেওঁলোকৰ জনসংখ্যা অসমত 35 লাখৰো অধিক৷
ইংৰাজৰ
অধীনত বিভিন্ন কামৰ অচিলা লৈ অসমলৈ প্রব্রজনৰ সোঁত ব্যাপক হৈছিল৷ 1874 চনত
যেতিয়া অসমক চিফ কমিছনাৰ শাসিত প্রদেশ কৰা হৈছিল, তেতিয়া পূর্ববংগৰ চিলেট
জিলাখনো অসম প্রদেশত অন্তর্ভুক্ত হয়৷ অসমত কৃষিৰ উৎপাদন বৃদ্ধিৰ কাৰণে চিফ
কমিছনাৰ হেনৰি কটনে চিলেট, মৈমনসিং আদি জিলাৰ পৰাও বহুতো কর্মঠ কৃষি শ্রমিক
আনি ইয়াত নিয়োগ কৰিছিলহি৷ সেইসকল ভূমিহীন কৃষক অসমৰ পতিত মাটিত,
ব্রহ্মপুত্রৰ চৰ-চাপৰি, জলাহ আদি অঞ্চলত স্থায়ীভাৱে থিতাপি লৈ থাকি গ’ল৷
1905 চনত লর্ড কার্জনে বংগ বিভাজন কৰাৰ ফলত অসমৰ ৰাজধানী ঢাকা হয়৷ সেই
সময়ছোৱাত পূর্ববংগৰ পৰা অসমলৈ ব্যাপক প্রব্রজন হৈছিল৷ আনহাতে গোৱালপাৰা
অঞ্চলৰ সাৰুৱা কৃষিভূমিত খেতি কৰিবৰ কাৰণে ইংৰাজে বংগদেশৰ পৰা বহুতো কৃষক
আনি ইয়াৰ পতিত মাটিত নিগাজিকৈ থাকিবলৈ দিছিল৷ সেইদৰে ইংৰাজৰ আমোলতে একাংশ
নেপালী লোকক অনুগত চিপাহী হিচাপে অসমলৈ অনা হৈছিল়, কিন্তু পৰৱর্তী অৱস্থাত
তেওঁলোকো অসম এৰি নগ’ল৷ ব্রহ্মপুত্রৰ চৰ-চাপৰিবোৰত পশুপালনকে জীৱিকা
হিচাপে লৈ নিগাজিকৈ থাকি গ’ল৷ একেদৰে ইংৰাজে বিভিন্ন কল—কাৰখানা আদিত কাম
কৰিবলৈ কর্মপটু এদল বনুৱা বিহাৰ, উত্তৰ প্রদেশ আদিৰ পৰাও আমদানি কৰিছিল৷
সময়ৰ সোঁতত তেওঁলোকো ইয়াতেই বিলীন হৈ থাকি গ’ল৷ আকৌ সেই সময়ৰ পৰাই
ৰাজস্থানী (কেঞা) বেপাৰী এচামো আহি অসমত স্থায়ীভাৱে ৰৈ গ’ল৷ আনহাতে
চাকৰিসূত্রে পূর্ববংগৰ পৰা অহা উকিল, কেৰাণী, মহৰী আদি লোকসকলেও ইয়াৰ পৰা
কাহানিও ঘূৰি যোৱাৰ কথা নাভাবিলে৷ 1937 চনত চাদুল্লা অসমৰ প্রধানমন্ত্রী
হওঁতে অসমৰ কাৰণে অধিক শস্যৰ উৎপাদনৰ দোহাই দি পূর্ববংগৰ পৰা লাখ লাখ কৃষি
শ্রমিক আনি অসমৰ উর্বৰা মাটিত খেতি কৰিবলৈ লগাইছিল৷ তেওঁলোককো পাছত চৰকাৰেই
উদ্যোগ লৈ অসমতে বনাঞ্চল, চৰণীয়া পথাৰ আদি ধবংস কৰি সংস্থাপনৰ আঁচনি
লৈছিল৷
ইংৰাজ
গ’ল, দেশ স্বাধীন হ’ল৷ কিন্তু অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনলৈ
প্রব্রজনৰ গতি বন্ধ নহ’ল৷ অব্যাহত থকা অবৈধ বিদেশী অনুপ্রৱেশৰ ফলত অসম আৰু
ত্রিপুৰা সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ ইতিমধ্যে ত্রিপুৰাৰ আদিবাসীসকল হিন্দু
বঙালী, বাংলাদেশী চাকমা আদি লোকৰ অনুপ্রৱেশৰ ফলত সংখ্যালঘু জাতিত পৰিণত
হৈছে৷ খিলঞ্জীয়া ত্রিপুৰীসকলৰ হাতৰ পৰা ৰাজনৈতিক, অর্থনৈতিক, প্রভুত্ব
বিলুপ্তি ঘটিছে৷ আজিৰ হাৰত অনুপ্রৱেশ হৈ থাকিলে অসমৰ দশাও ত্রিপুৰাৰ দৰে
হ’বলৈ বেছিদিন ৰ’ব নালাগিব৷ এক সমীক্ষা অনুসৰি 1961-ৰ পৰা ’71 চনৰ সময়ছোৱাত
পূব পাকিস্তানৰ পৰা 11.14 লাখ লোকৰ অনুপ্রৱেশ অসমলৈ ঘটিছে৷ 1971 চনত
বাংলাদেশ জন্ম হোৱাৰ পাছত অসমলৈ বাংলাদেশী হিন্দু—মুছলমানৰ অনুপ্রৱেশৰ
সংখ্যা পূর্বতকৈ বৃদ্ধিহে পাইছিল৷ এই সময়ছোৱাত যিমানবিলাক ভগনীয়াৰ
অনুপ্রৱেশ ঘটিছিল, তাৰ অধিকাংশই বাংলাদেশলৈ ঘূৰি নগৈ অসমতে অবৈধভাৱে ৰৈ
গৈছে৷ বাংলাদেশৰ লোকপিয়লৰ তথ্য অনুসৰি প্রকাশ যে এই সময়ৰ ভিতৰত দেশখনৰ পৰা
প্রায় 75 লাখ মানুহ ওলাই গৈছে ৷ আমি সন্দেহ নকৰাকৈ ক’ব পাৰোঁ যে এই
বৃহৎসংখ্যক বাংলাদেশীৰ আশী শতাংশই অসমতে অবৈধভাৱে বসবাস কৰি আছে৷
1979
চনৰ পৰা ছাত্র সন্থাৰ উদ্যোগত অসমত অবৈধভাৱে বসবাস কৰা 40 বাংলাদেশীক
বহিষ্কাৰৰ দাবীত ছবছৰীয়া অসম আন্দোলন হৈছিল৷ 1985 চনৰ 855জন ছাত্রৰ কেঁচা
তেজৰ বিনিময়ত যিখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল সেইখনৰ মতেই অসমে দেশৰ
হৈ অকলে দুটা দশকতকৈ অধিক কালৰ বিদেশীৰ বোজা মূৰ পাতি লৈছে৷ ইয়াৰ পাছতো
যদি কেন্দ্রীয় চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰলৈকে হিন্দু বাংলাদেশীৰ বোজা
অসমক বহন কৰিবলৈ বাধ্য কৰে তেন্তে অসম যে অচিৰেই ত্রিপুৰাত পৰিণত হ’ব, সেয়া
সম্প্রতি দিনৰ পোহৰৰ দৰেই সত্যত পৰিণত হৈছে৷ অসম হৈ পৰিব বিদেশী বিচৰণৰ
মুক্ত পথাৰ অথবা ক্ষেত্র৷ খিলঞ্জীয়া অসমীয়া হ’ব লাগিব ইয়াৰ দ্বিতীয় শ্রেণীৰ
নাগৰিক৷
ইতিমধ্যে
অসমৰ 126টা সমষ্টিৰ ভিতৰত প্রায় 42টা ভাষিক সংখ্যালঘু (42টা সমষ্টিত
প্রার্থীৰ জয়—পৰাজয়ৰ ক্ষেত্রত বঙালী হিন্দু ভোটাৰে নির্ণায়ক ভূমিকা পালন
কৰে), 35টা ধর্মীয় সংখ্যালঘুৰ আধিপত্য প্রতিষ্ঠা হৈছে৷ ইয়াৰ অর্থ এইটোৱেই
যে 77টা সমষ্টি খিলঞ্জীয়াৰ আধিপত্যৰ পৰা আঁতৰি গৈছে৷ তেনেস্থলত মাত্র 49টা
সমষ্টিহে খিলঞ্জীয়াৰ প্রভুত্বত আছে বুলি ক’ব পাৰি৷ ক্রমান্বয়ে অসমত
খিলঞ্জীয়াৰ আধিপত্য যে বিনষ্ট হৈছে সেই সত্যক তথ্যসহকাৰে কোনেও অস্বীকাৰ
কৰিব নোৱাৰে৷ প্রায় 200 বছৰীয়া বিদেশী অনুপ্রৱেশৰ ফলত অসম আৰু অসমীয়া
জাতিটো আহি এক জটিল সন্ধিক্ষণত উপস্থিত হৈছেহি৷ এই সময়ত প্রতিজন খিলঞ্জীয়া
অসমীয়াই অতি সতর্কতাৰে সন্মুখৰ সংকটৰ পৰা পৰিত্রাণ পাবৰ কাৰণে চেষ্টা কৰাৰ
বিকল্প নাই৷ চৰকাৰে ক্ষুদ্র ৰাজনৈতিক স্বার্থ পৰিহাৰ কৰি নতুন প্রজন্মৰ
বাবে ভৱিষ্যতে খিলঞ্জীয়াৰ প্রভুত্ব সুৰক্ষিত কৰি ৰাখিবৰ নিমিত্তে প্রয়োজনীয়
বলিষ্ঠ পদক্ষেপ শীঘ্রে ৰূপায়ণ কৰাৰ গত্যন্তৰ নাই৷

No comments:
Post a Comment