Ad

Monday, July 23, 2018

ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্র বসন্ত কুমাৰ বিৰলালৈ ১৯৩৪ চনত লিখা চিঠিখন বিশ্বৰ এখন অন্যতম শ্রেষ্ঠ চিঠি

ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্র বসন্ত কুমাৰ বিৰলালৈ ১৯৩৪ চনত লিখা চিঠিখন বিশ্বৰ এখন অন্যতম শ্রেষ্ঠ চিঠি


উপসংহাৰ : বিশ্বৰ সকলোতকৈ ধনী আৰু সফল উদ্যোগপতিসকলৰ নাম লওঁতেই আমাৰ মনলৈ প্রথমেই আহে উদ্যোগপতি ঘনশ্যাম দাস বিৰলাৰ নাম ! ভাৰতৰ সকলোতকৈ অগ্রনী ঔদ্যোগিক গোট বিৰলাৰ প্রতিষ্ঠাপক ঘনশ্যাম দাস বিৰলাক আমি কেৱল উদ্যোগপতি হিচাপেই নহয় , এজন দেশভক্ত আৰু সৎ ব্যক্তি ৰূপেও জানো ! ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্র বসন্ত কুমাৰ বিৰলালৈ ১৯৩৪ চনত লিখা চিঠিখন বিশ্বৰ এখন অন্যতম শ্রেষ্ঠ চিঠি বুলি স্বীকৃত হৈছে । প্রকৃততে আব্রাহম লিংকনে তেখেতৰ পুত্রৰ শিক্ষকলৈ লিখা চিঠি আৰু ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্রলৈ লিখা চিঠি- এই দুইখন চিঠিক বিশ্বৰ সকলোতলৈ প্রেৰণা দায়ক চিঠি বুলি জনা যায় । ঘনশ্যাম দাস বিৰলাৰ এই অমূল্য চিঠিখনৰ মই কৰা অসমীয়া অনুবাদৰ ক্ষুদ্র প্রয়াসটো পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ !(আব্ৰাহাম লিংকনে তেখেতৰ পুতেকৰ শিক্ষকলৈ লিখা চিঠিখন আগতেই দিয়া হৈছে)
মৰমৰ বসন্ত,
আশাকৰোঁ মই আজি লিখা এই চিঠিখন তুমি ডাঙৰ হৈ এজন বৃদ্ধ ব্যক্তি হোৱাৰ পিছতো পঢ়িবা ! কাৰণ আজি মই তোমালৈ যি লিখিম , মোৰ জীৱনৰ গভীৰ অনুভৱ আৰু সঁচা অভিজ্ঞতাৰ ভিত্তিতহে লিখিম । মনুষ্য জন্ম সঁচাই দুৰ্লভ । কিন্তু এই মনুষ্য জন্ম লাভ কৰিও যি নিজৰ শৰীৰটোৰ দুৰূপযোগ কৰে, তেনে মনুষ্য জন্ম পশুতুল্য ! আমাৰ পৰা তুমি প্রচুৰ সা-সুবিধা আৰু আৰ্থিক সম্পদ পাবা । কিন্তু যদি তুমি সেই সম্পদসমূহক আনৰ সহায় বা কল্যাণৰ বাবে ব্যৱহাৰ নকৰি কেৱল নিজৰ সুখ- আনন্দৰ বাবে ব্যৱহাৰ কৰা , তেনে সেই সম্পদ অৰ্থহীন আৰু চয়তানৰ ক’লা অস্ত্র বুলিহে পৰিগণিত হ’ব ।

বাচা, জীৱনত তুমি কেইটামান কথা সদায় মনত ৰাখিবা –
১.ধন সম্পত্তি অৰ্থহীন ভোগ বিলাসত ব্যয় নকৰিবা । ৰাৱনে নিজৰ ৰাজকোষৰ ধন কেৱল ভোগ লালসাত বোৱাই দিছিল । কিন্তু জনক ৰজাই নিজৰ সম্পত্তি জনতাৰ কল্যাণৰ বাবে খৰচ কৰি নিজেও সাধাৰণ জীৱন যাপন কৰিছিল । সেয়ে জনক ৰজা সকলোতকৈ মহান ৰজা বুলি বুৰঞ্জীত পৰিগণিত হৈছে ! ধন সম্পত্তি কেতিয়াও স্থায়ী নহয় । আজি আছে – কালি নাই ! কিন্তু মানুহৰ সুকৰ্ম সদায় স্থায়ী । ধন সম্পত্তিৰ এটি ক্ষুদ্র অংশ – যি অংশৰে নিজৰ সকলো প্রয়োজন পুৰাব পাৰি – মাত্র সেইখিনিকে ৰাখি , বাকী অতিৰিক্ত অংশ দুখীয়া জনগণৰ কল্যাণৰ বাবে খৰচ কৰিবা ।
২.ধনে ক্ষমতাক আকৰ্ষণ কৰে । ক্ষমতাই মানুহক অহংকাৰী আৰু অন্ধ কৰে । গতিকে ধন সম্পত্তিৰ পৰা উদ্ভৱ হ’ব পৰা অহংকাৰ আৰু উদ্ধত ভাবৰ পৰা বাচি চলিবা! মনত ৰাখিবা – অহংকাৰেই পতনৰ মূল !
৩.তোমাৰ লৰা-ছোৱালীকো এইটো শিক্ষা দিবা যে চকু মুদি এগাল ধন খৰচ কৰি এটা আৰামৰ আৰু বিলাসী জীৱন কটোৱাটো পাপ । যদি তোমাৰ লৰা-ছোৱালীয়ে সম্পত্তিৰ অপব্যৱহাৰ কৰে , কেৱল নিজৰ ভোগ বিলাসত অৰ্থ খৰচ কৰে , তেনে তেওঁলোকক আমাৰ এই ব্যৱসায় আৰু সম্পত্তিৰ ভাগ নিদিবা । বৰঞ্চ আমাৰ এই সম্পত্তি দুখীয়া জনগণৰ মাজত বিলাই দিবা ।
৪.মনত ৰাখিবা- তুমি এই সম্পত্তি এই সাধাৰণ জনতাৰ শ্রমৰ বিনিময়তহে আৰ্জন কৰিছা , সেয়ে এই সম্পত্তি তুমি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা ।
৫.ভগবানক কেতিয়াও পাহৰি নাযাবা । কাৰণ তেওঁহে তোমাক সঠিক জ্ঞান দিব ।
৬.তোমাৰ সকলো ঈন্দ্রিয় নিজৰ নিয়ন্ত্রণত ৰাখিবা । কিন্তু তুমি যদি ঈন্দ্রিয়ৰ দ্বাৰা নিয়ন্ত্রিত হোৱা, তেন্তে এদিন কোনোৱা অন্ধকাৰ খাৱৈত পৰিবা । গতিকে সাৱধান হ'বা !
৭.সদায় নিয়মিত ভাবে শাৰীৰিক পৰিশ্রম কৰিবা ।
৮.নিজৰ খাদ্য অভ্যাসৰ ওপৰত চকু ৰাখিবা । মনত ৰাখিবা “ তুমি জীয়াই থাকিবলৈহে খোৱা , খাবৰ বাবে জীয়াই নাথাকা !”


                                                                   ইতি ,
                                                           তোমাৰ দেউতা
                                                       ঘনশ্যামদাস বিৰলা !

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts