Ad

Monday, July 23, 2018

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts



SSC General Duty Constables jobs,latest govt jobs,govt jobs,latest jobs,jobs,CRPF, BSF & CISF jobs
Staff Selection Commission Recruitment Notification 2018.SSC inviting applications for the positions of CRPF, BSF & CISF.Interested and Eligible candidates can apply for the positions.

Last Date for Submission of Application is on Aug 20th, 2018..

Post and Vacancies :
Total Posts - 54,953 Posts

Job vacancies for Male:
BSF-14436
CISF-180
CRPF-19972
SSB-6521
ITBP-3507
AR-2311
NIA-08
SSF-372

Job vacancies for Female:
BSF-2548
CISF-20
CRPF-1594
SSB-2025
ITBP-619
AR-765
NIA-00
SSF-75

Educational Qualification:
Aspiring candidates must pass Matriculation or X class pass from any recognized board/university.

Age Limit:
Between 18-23 years candidates as on 01st August 2018 can apply. Age relaxation for SC/ST is 05 years, OBC is 03 years.

Physical standards for the post of Constable

a) Height
Males: 170 cm
Females: 157 cm

b) Chest:
For males only – 80 cm with a Min expansion of 5 cms.

C) Weight: For males and Females the weight and age should be as per the medical standards.

Reservation to different categories will be as per the central government norms.

Height:
  • The minimum height of candidates belonging to Garhwalis, Dogras, Marathas, Kumaonis, and candidates belonging to the States of Assam, Jammu & Kashmir and Himachal Pradesh will be 165 cms for males and 155 cms for females.
  • The minimum height for the candidates belonging to Scheduled Tribes will be 150 cms for females and 162.5 cms for males.
  • For the candidates belonging to NE states Arunachal Pradesh, Mizoram, Nagaland, Manipur, Meghalaya, Sikkim & Tripura the minimum height will be 152.5 cms for females and 162.5 cms for males. The same will be applicable to the candidates belonging to Gorkha Territorial Administration (GTA) namely Kalimpong, Darjeeling, and Kurseong including “Mouzas” Sub-Division of the 18 districts mentioned in the notification.
  • The minimum height for Schedule Tribe candidates of the the North Eastern States and Left Wing Extremism affected districts will be 147.5 cms for females and 160 cms for males.
Chest:
  • The minimum chest of male candidates belonging to Garhwalis, Dogras, Kumaonis, Marathas and the male candidates belonging to the States of Assam, HP, and Jammu & Kashmir will be 78 cms with minimum 5 cms expansion.
  • The minimum chest for all ST male candidates is 76 cms with minimum 5 cms expansion).
  • The minimum chest for male candidates hailing from the North Eastern States and Gorkha Territorial Administration (GTA) is 77 cms unexpanded with minimum 5 cms expansion
Salary:
Selected candidates will get pay in between Rs.21,700-69,100/-

Selection Process:
The recruitment drive will comprise of four steps viz.,

Physical Standards Test (PST)
Physical Efficiency Test (PET)
III. Written Examination
Medical Examination

The selection of the candidates will be made based on the merit. The minimum cut-off marks for selection will be 35% for General and Ex-servicemen, 33% for SC/ST/OBC. However, the cutoff limit is relaxable at the discretion of the Commission.

Examination Pattern:
Physical Standard Test(PST)/Physical Efficiency Test (PET)
a) Candidates who have the prescribed physical standards must qualify PET (race) followed by biometric identification and verification of testimonials and thereon chest and weight measurements by a board.
b) Physical Efficiency Test (PET)

Race – (Male Candidates) 5Kms in 24 minutes – (Female Candidates) 1.6 Km in 81/2 minutes

For Ladakh region candidates – (Male Candidates) 1 Mile in 6 1/2 minutes – (Female Candidates) 800 meters in 4 minutes

c) Pregnancy at the time of this test will be considered a disqualification
d) Ex-Servicemen need not attend the PET but, they will be required to qualify in the medical examination.

Written Exam Pattern:
The candidates who get qualified in the physical efficiency test needs to write the written exam.
There will be 4 parts in the question paper, and each part carries 25 marks
Drona provides important study material and tips to clear the exam.
General Intelligence – 25 questions – 25 Marks
English/Hindi – 25 questions – 25 Marks
Elementary Mathematics – 25 questions – 25 Marks
General Knowledge and Awareness – 25 questions – 25 Marks

Application Process:
Online registration process for SSC recruitment 2018 starts up from 21st July 2018 and end up by 20th August 2018.

Application Fee:
Application fee for applicants is Rs.100/-

How to Apply:
To apply for SSC General Duty Constables can click here http://www.ssconline.nic.in/

BEFORE APPLYING, CANDIDATES MUST GO THROUGH THE DETAILED INSTRUCTIONS CAREFULLY.

Candidates have to apply through online mode OR offline mode.
Detailed instructions for filling the online application will be notified in the application.
For offline application, candidates have to pay the fee of 50/- (Fifty only) through “Central Recruitment Fee Stamps(CRFS)” and should cancel the stamp.
The filled application form along with stamp should be submitted at the regional office

বন্ধুত্ব


বন্ধু মানে কি?


এটা ল'ৰাই নতুন android মবাইল কিনি আনন্দত তাৰ বন্ধুসকলক দেখুৱাই ক'লে- বন্ধুসকল সাঁচি থোৱা টকাৰে এই মবাইলটো কিনিলোঁ।

পিছত তাৰ বন্ধু কেইজনে কলে- ৱাঁও তেনেহলে তই আজি পার্টি দিব লাগিব।

মবাইল কিনা ল'ৰাটোৱে আগ-পিছ নাভাবি কলে- ঠিক আছে আজি সন্ধিয়া সকলো *মৰমজান* ৰেষ্টুৰেণ্টত আহিবি। পার্টি নিশ্চয় দিম।
সেই মতেই সকলো বন্ধু "মৰমজান" ৰেষ্টুৰেণ্টত উপস্থিত হল।
মবাইল কিনা ল'ৰাটোৱে কলে- তহঁতৰ যি খাবলৈ মন, নিজে নিজে অর্ডাৰ কৰি খা !
সকলো বন্ধু মিলি আনন্দত পার্টি ভোগ কৰিলে ।
হঠাৎ বন্ধু এজনে মাত লগালে- তইতো সাঁচি থোৱা ধনেৰে ম'বাইল কিনিলি, তেন্তে পার্টিৰ টকা ক'ৰ পৰা দিবি?
ম'বাইল কিনা ল'ৰাটোৱে কলে- ম'বাইলটো বেচি দিলো।
*তহঁতৰ আনন্দ দেখি মানা কৰিবই নোৱাৰিলোঁ *।
তহঁতৰ আনন্দৰ কাৰণে এই ম'বাইলটো কি মই নিজকে বেচি দিবলৈ কুন্ঠাবোধ নকৰোঁ !
তেতিয়া আন এজন বন্ধুয়ে কলে- কুত্তা, আমি জানিছিলো তই এনে কৰিবি।
সেয়ে যিখন দোকানত তই ম'বাইলটো বেচিছিলি, সেই দোকানৰ পৰা আমি সকলোৱে মিলি ম'বাইলটো কিনি লৈ আহিলোঁ ।
এই ল ধৰ ! তই আমাৰ কাৰণে সকলো ত্যাগ কৰিব পাৰ , আমি কি এইটো কৰিব নোৱাৰিম নেকি!
ম'বাইল কিনা ল'ৰাটোৰ চকু পানী ওলাই আহিল, সি ক'লে -তহঁত এটা যন্ত্র ! তহঁতক বন্ধু হিচাপে পাই মই নিজকে কেতিয়াও দুখীয়া বুলি অনুভৱ নকৰোঁ, এনেকুৱা লাগে যেন - মই বিশ্বৰ ভিতৰত সকলোতকৈ সুখী ব্যক্তি !
সচাকৈ বন্ধু মানে এটা যন্ত্র।
বন্ধু অবিহনে সচাঁকৈয়ে লাইফ Impossible.
জীৱন বাটত চলিবলৈ সকলোৰেই এজন ভাল বন্ধুৰ প্রয়োজন।
এইটোৱেই হৈছে বন্ধুৰ এটা ৰূপ !
ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব ॥



ssssss

অসমৰ ইতিহাস

অসমৰ ইতিহাস

পৌৰাণিক কাল
হিন্দু মহাকাব্য দুখন, পৌৰাণিক আৰু তান্ত্ৰিক সাহিত্যত অসম সম্বন্ধে অসংখ্য উল্লেখ আছে। মহাভাৰতে এই ৰাজ্যখনক প্ৰাগজ্যোতিষ বুলিছে। পুৰাণ আৰু তন্ত্ৰ সমূহত ই কামৰুপ নামেৰে অভিহিত হৈছে। বিভিন্ন যুগত এই ৰাজ্যৰ বিস্তৃতিও ভিন ভিন আছিল। মহাভাৰতৰ কালত প্ৰাগজ্যোতিষৰ সীমা দক্ষিণ বঙ্গোপসাগৰ আৰু পশ্চিমে কৰোতিয়ালৈকে বিস্তৃত আছিল। সেই কালত কৰোতিয়া আছিল এখন বিশাল নৈ আৰু বৰ্তমানৰ তিস্তা, কোশী আৰু মহানদীৰ সৈতে ই একলগ হৈ আছিল। কৰোতিয়াক এখন পবিত্ৰ নৈ হিচাপে সন্মান কৰা হৈছিল। পবিত্ৰ তাৰ ক্ষেত্ৰত ই গংগানৈৰ সমকক্ষ বুলি বিদিত আছিল। এই নৈৰ জলদেবী আছিল কৌশিকা। মৈমনচিঙ নগৰৰ মাজেদি বৈ যোৱা পুৰণি ব্ৰহ্মপুত্ৰৰ সুতিৰ দুয়ো পাৰ আৰু মৎসদেশত কৌশিকা আছিল আৰাধ্যা দেৱী। কালিকা পুৰাণ মতে বৰ্তমান গুৱাহাটীৰ ওচৰৰ কামাখ্যা মন্দিৰ পুৰণি কামৰুপৰ সোমাজত অধিষ্ঠিত আছিল আৰু এই মন্দিৰৰ প্ৰত্যেক দিশতে এশ যোজনালৈকে (প্ৰায় ৪৫০ মাইল) ৰাজ্যৰ সীমা আছিল। সেই মতে বৰ্তমানৰ সমগ্ৰ পুৰ্ব্ববঙ্গ, অসম আৰু ভূটান কামৰুপৰ ভিতৰত পৰিছিল। অৱশ্যে এই দাবী অতিৰঞ্জিত যেন লাগে। যোগীনীতন্ত্ৰ সম্ভৱতঃ কালিকা পুৰাণতকৈ পুৰণি পুথি। এইখন পুথিমতে পশ্চিমে কৰোতিয়াৰ পৰা পূবে দিখৌ নৈলৈকে কামৰুপৰ সীমা বিস্তৃত আছিল। উত্তৰে কাঞ্জগিৰিৰ পৰা দক্ষিণে ই ব্ৰহ্মপুত্ৰ আৰু লক্ষ্য নৈ চুইছিলগৈ। সেইমতে ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, ৰ্ংপুৰ, কোচবিহাৰ, উত্তৰ-পুব মৈমনচিঙ আৰু বোধকৰো গাৰোপাহাৰ কামৰুপৰ অন্তৰ্গত আছিল।
যোগীনীতন্ত্ৰ মতে, কামৰুপ ৰাজ্যখন চাৰিভাগে বিভক্ত আছিল। যেনে, কৰোতিয়াৰ পৰা মানকোচলৈকে বিস্তৃত অঞ্চলৰ নাম কামপীঠ, মানকোচৰ পৰা ৰুপহীলৈ ৰত্নপীঠ; ৰোপহীৰ পৰা ভৰলীলৈ সুৱৰ্ণপীঠ আৰু ভৰলীৰ পৰা ডিক্ৰঙলৈকে সৌমাৰ পীঠ। আন এটা সুত্ৰমতে কৰতীয়া আৰু মানসৰ মধ্যৱৰ্ত্তী ভূখণ্ডৰ ৰত্নপীঠ; মানস আৰু ব্ৰহ্মপুত্ৰনৈৰ উত্তৰ পাৰৰ শিলঘাটৰ মাজৰ অঞ্চল কামপীঠ, ইয়াৰ বিপৰীতে দক্ষিণপাৰৰ অঞ্চল ভদ্ৰপীঠ আৰু ভৰলী আৰু ডিক্ৰঙলৈ অঞ্চলটোৱে সৌমাৰপীঠ নাম পাইছিল।
জনপ্ৰিয় পৌৰাণিক কাহিনীয়ে কামৰুপ নামৰ উৎপত্তিৰ বিষয়ে এনেদৰে ব্যাখ্যা কৰিছে। সতী পাৰ্ব্বতীয়ে পিতৃ দক্ষৰজাই তেওঁৰ পতি শিৱৰ প্ৰতি অসৌজন্য মূলক আচৰণ দেখুওৱাত ম্ৰিয়মান হৈ দেহত্যাগ কৰে। সতীৰ বিয়োগতৰ্দুখত জৰ্জ্জৰিত শিৱই সতীৰ দেহ মূৰত লৈ সমগ্ৰ পৃথিৱী ঘূৰিবলৈ ধৰে। প্ৰমাদ গণি বিষ্ণু দেৱতাই তেওঁৰ পিচে পিচে গৈ শিৱক এইদৰে নিজকে কষ্ট নিদিবলৈ অনুৰোধ কৰে। কিন্ত শিৱই কৰ্ণপাত নকৰাত উপায় বিহীন হৈ তেওঁ চকুৰ দ্বাৰা সতীদেহ খণ্ড-বিখণ্ড কৰিবলৈ বাধ্য হয়। সতীৰ দেহৰ টুকুৰাবোৰ একাৱন্ন ঠাইত সৰি পৰে। যতেই এনদৰে সতীৰ শৰীৰৰ অংশ পৰে সেই ঠাইখন পবিত্ৰ বুলি গণ্য হ’বলৈ ধৰে। সতীৰ যোনী প্ৰদেশ কামগিৰিত পৰে। এই কামগিৰিয়েই হ’ল বৰ্তমান গুৱাহাটীৰ ওচৰৰ নীলাচল পৰ্ব্বত। তেতিয়াৰে পৰা এই ঠাই ডোখৰ কামাখ্যা দেবীৰ নামেৰে নামাকৰণ হয়। কামাখ্যা হ’ল যৌন কামনাৰ প্ৰতীক। ইমানতো শিৱৰ তপস্যাৰ শেষ নোহোৱাত আন আন দেৱতাসকল উদ্বিগ্ন হয়। শিৱক বাধা দিয়া উচিত, নহলে এই মহা তপস্যাৰ দ্বাৰা শিৱ এতিয়া বিশ্বশক্তিৰ অধিকাৰী হ’ব। সেয়ে দেৱতাসকলে এই বাৰ প্ৰেমৰ দেৱতা কামদেৱক শিৱৰ ওচৰলৈ পঠিয়ালে যাতে মনত কামভাৱ জগাই তুলি তেওঁৰ তপস্যা ভংগ কৰিব পাৰে কামদেৱে তপস্যাত ব্যাখ্যাত ঘটোৱাত শিৱ খঙত অগ্নিশৰ্মা হ’ল। শিৱৰ কপালৰ তৃতীয় নয়নেদি অগ্নি-বিষ্ফোৰণ হ’বলৈ ধৰিলে। কামদেৱ পুৰি ছাই হৈ গ’ল। পিচলৈ অৱশ্যে কামদেৱে পূৰ্ব্বৰুপ উভতাই পালে। যিখন ৰাজ্যত এইবোৰ ঘটনা ঘটিছিল সেইখন ৰাজ্যই নাম পালে কামৰুপ।
এতিয়ালৈকে পোৱা তথ্যপাতি মতে কামৰুপৰ প্ৰথম ৰজা আছিল মহিৰাঙ্গ দানৰ। হতক অসুৰ, সম্বৰ অসুৰ আৰু ৰত্নাসুৰে ক্ৰমান্বয়ে তেওঁৰ পিছত সিংহাসনত বহিছিল। এই ৰজাসকলৰ ৰাজত্বৰ সবিশেষ জনা নাযায়। কিন্ত দানব আৰু অসুৰ শব্দৰ ব্যৱহাৰ তেওঁলোক যে অনাৰ্য্য আছিল সেই কথা সূচায়।
এই ৰজা কেইজনৰ পিছত ক্ষমতাত অধিস্থিত হয় ঘটক। ঘটক আছিল কিৰাতৰ শাসক। কিৰাতসকল আছিল এটা পৰাক্ৰমী জনজাতি। এওঁলোকে মাংস আৰু অতি ৰাগীয়াল পানীয় গ্ৰহণ কৰিছিল। আনহাতেদি, তিপ্পেৰা ৰজাসকলৰ বিব্বৰণমতে তেওঁলোকৰ ৰাজ্যৰো প্ৰাচীন নাম আছিল কিৰাত। হিমালয়ৰ নামনিৰ খম্বু, লিম্বু আৰু যখ জনজাতিৰ বসস্থান, দুধকোশী আৰু অৰুণনৈৰ মাজৰ ভূখণ্ডক এতিয়াও কিৰাত বোলা হয়। সংস্কত সাহিত্যত অৱশ্যে উত্তৰ নাইবা পুব সীমান্ত অঞ্চলৰ অধিবাসী যিকোনো জনজাতিকে কিৰাত বুলি অভিহিত কৰা দেখা শয়।
পুৰাণ আৰু তন্ত্ৰসমূহৰ বহুবোৰ কাহিনীৰ বীৰ নায়ক নৰকাসুৰে ঘটকক হত্যা কৰিছিল বুলি কোৱা হয়। এই পৌৰাণিক সাহিত্য সমূহৰ মতে বিষ্ণুৱে বৰাহ অৱতাৰ স্বৰুপে পৃথিৱী দেবীৰ উৰসত নৰকক জন্ম দিছিল আৰু উত্তৰ বিহাৰৰ বিদেহৰ জনক ৰজাই তেওঁক প্ৰ্তিপাল কৰিছিল। প্ৰাগজ্যোতিষপুৰত তেওঁ ৰাজধানী পাতি কামাখ্যাত বহু ব্ৰাহ্মণক সংস্থপন কৰে। আধুনিক গুৱাহাটীত নৰকাসুৰৰ নামেৰে এতিয়াও এটা পাহাৰ আছে।
উত্তৰে কৰোতিয়াৰ পৰা পুবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল। নৰকে বিদৰ্ভ ৰজাৰ জীয়েক মায়াক বিয়া কৰাইছিল। বিষ্ণুয়ে নৰকক বৰ মৰম কৰিছিল আৰু কামাখ্যা দেবীক উপাসনা কৰিবলৈ তেৱে নৰকক শিকাইছিল। প্ৰথম অৱস্থাত নৰক ধৰ্মভীৰু আৰু ন্যায় পৰায়ণ আছিল। পিছত শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি তেওঁ ধৰ্ম বিৰোধী আৰু দাম্ভিক হৈ উঠে। নৰকে কামাখ্যা দেবীলৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাত দেবীয়ে উপায় নাপাই সৰ্তসাপেক্ষে তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব বুলি উত্তৰ দিছিল। দেবীৰ চৰ্ত আছিল এৰাতিৰ ভিতৰতে নৰকে নীলাচল পাহাৰত এটা মন্দিৰ, এটা পুখুৰী আৰু মন্দিৰলৈ যোৱা এটা পথ নিৰ্মাণ কৰিব লাগিব। নৰকে চৰ্ত প্ৰায় সম্পূৰ্ণ কৰিছিলেই, কিন্ত দেবীয়ে ৰাতি নৌপুৱাওঁতেই এটা কুকুৰাক ডাকিবলৈ কৈ ৰাতিপুৱা হ’ল বুলি দাবী কৰি তেওঁৰ অঙ্গীকাৰ পালনৰ পৰা বিৰত হ’ল আৰু নৰকক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। খঙত একো নাহ হৈ নৰকে কুকুৰাটোক তৰোৱালেৰে দুচেও কৰিলে। যিঠাইত নৰকে কুকুৰাটো কাটিছিল সেই ঠাইডোখৰক আজিও কুকুৰাকটা বোলা হয়। ইয়াৰ ফলত নৰক দেবীৰ অনুগ্ৰহৰ পৰা চিৰবঞ্চিত হ’ল।
বশিষ্ট মুণিক কামাখ্যাদেবীক পূজা কৰিবলৈ তেওঁৰ ৰাজ্যৰ মাজেদি যাবলৈ নিদিয়াৰ ফলত ফলত নৰক মুনীৰ ৰোষৰ বলী হৈছিল। মুণিয়ে নৰক আৰু কামাখ্যা দুয়োকে অভিশাপ দিছিল। এতিয়াৰে পৰা যেয়ে কামাখ্যা মন্দিৰত পূজা দিব সেইসকলৰ কোনো আকাঙ্খা পূৰণ নহ’ব বুলি মুণিয়ে কৈছিল। শিৱৰ অনুগ্ৰহত সেই অভিশাপ তিনিশ বছৰলৈ সীমিত কৰা হ’ল। কিন্ত নৰকৰ ব্যৱহাৰত কামাখ্যা আৰু বিষ্ণু উভয়ে বিতুষ্ট হৈ থাকিল। অৱশেষত কৃষ্ণ-অৱতাৰ ৰুপে বিষ্ণুৱে নৰকক হত্যা কৰিছিল। কিছুমান জোঙ খোটা বা পঞ্জী পুতি নৰকে তেওঁৰ ৰাজধানী ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। মুৰু নামৰ অসুৰে কৃষ্ণ অহাৰ পথত বহু প্ৰতিবন্ধকৰ আয়োজন কৰিছিল। কিন্ত কৃষ্ণই তেওঁৰ সুদৰ্শণ চক্ৰৰ দ্বাৰা পথ উলিয়াই লয়। কৃষ্ণই মুৰু আৰু তেওঁৰ পুত্ৰসকলক বধ কৰে। তাৰ পিছত কৃষ্ণই নৰকৰ ৰাজধানীত প্ৰবেশ কৰি কেইবাহাজাৰ দস্যুক হত্যা কৰে। নৰকৰ সৈতে কৃষ্ণৰ তয়াময়া ৰণ লাগে; কৃষ্ণৰ মৰণাস্ত্ৰৰ এটা আঘাততেই শেষত নৰকৰ শৰীৰ দিখণ্ডিত হৈ পৰে। নৰকে চুৰ কৰি অনা অদিতিদেবীৰ কাণৰ সোনৰ ফুল কৃষ্ণই উদ্ধাৰ কৰে। নৰকৰ হাৰেমত বন্দী হৈ থকা ১৬০০০ কন্যা, ১৪০০০ হাতী আৰু বহু সংখ্যক ঘোৰা কৃষ্ণই নিজৰ ৰাজ্য গুজৰটৰ দ্বাৰকালৈ লৈ যায়। নৰকৰ চাৰিজন পুত্ৰৰ মাজত জেষ্ঠ ভগদত্তক কৃষ্ণই সিংহাসন দিয়ে। মুছলমান লেখক সকলে ভগদত্তক ভগীৰথ বুলি উল্লেখ কৰিছে।
ব্ৰহ্মপুত্ৰনৈৰ সিপাৰে গুৱাহাটীৰ বিপৰীতে অশ্বক্ৰান্ত মন্দিৰ অৱস্থিত। অশ্বক্ৰান্ত মানে ঘোৰাই আৰোহণ কৰা। প্ৰাগজ্যোতিষ আক্ৰমণৰ বাবে অহা শ্ৰীকৃষ্ণই হেনো এই ঠাইত জিৰণি লৈছিল। ঠাইখনৰ শিলৰ ওপৰত থকা গাত কিছুমানক ঘোৰাৰ খুৰৰ চিন বুলি কোৱা হয়।
মহাভাৰতত ভগদত্তক পূৰ্ব্বদেশৰ এজন পৰাক্ৰমী ৰজা বুলি বহুবাৰ উল্লেখ কৰা হৈছে। সভাপৰ্ব্ব মতে, অৰ্জ্জুণে তেওঁৰ ৰাজ্য প্ৰাগজ্যোতিষ আক্ৰমণ কৰিছিল। বহুসংখ্যক কিৰাট আৰু চিন্‌কে ধৰি সাগৰৰ পাৰত ভগদত্তৰ অসংখ্য যোদ্ধা থকা সত্বেও আঠদিন তয়ময়া যুদ্ধৰ পিছত ভগদত্তই অৰ্জ্জুণৰ নতিস্বীকাৰ কৰি তেওঁক কৰ দিবলৈ বাধা হত। কৌৰব-পাণ্ডৱৰ শেষ যুজত ভগতত্তই এটা অতি শক্তিশালী সৈন্যদললৈ দুৰ্যোদনৰ পক্ষত যোগ দিয়েগৈ। মহাভাৰতৰ দ্ৰোণপৰ্ব্বৰ প্ৰায় চাৰিটা অনুচ্ছেদত কুৰুক্ষেত্ৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায়। ভীমৰে হাতৰ পৰা ভগদত্তই দুৰ্যোধনক ৰক্ষা কৰিছিল। অৰ্জ্জুনৰ সৈতে হোৱা যুজত অৱশেষত তেওঁ নিহত হৈছিল। ভগদত্তৰ পৰাজয়ত কৃষ্ণৰ হাত আছিল। ভগদত্তই এসময়ত কৃষ্ণই তেওঁৰ দেউতাক নৰকক দিয়া আমোঘ অস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু কৃষ্ণই এতিয়া সেই অস্ত্ৰৰ গুণ লুপ্ত কৰি দিয়াৰ ফলতহে তেওঁ ৰণত পৰিছিল।
ভগদত্তৰ পিছত বজ্ৰদত্তই ৰাজপাত আৰোহণ কৰে। ইয়াৰ পিছতো ১৯ যুগ ধৰি নৰকাসুৰৰ বংশধৰ সকলে ৰাজত্ব কৰে। এই বংশৰ শেষৰজা আছিল সুবাহু আৰু সুপৰুৱা। সুবাহুয়ে সংসাৰ ত্যাগ কৰি সন্যাসী হৈ হিমালয়লৈ গুচি যোৱাত তেওঁৰ পুত্ৰ সুপৰুৱা সিংহাসনত বহে। পিচলৈ মন্ত্ৰীসকলৰ হাতত তেওঁ নিধন হয়।
নৰক নাইবা তেওঁৰ বংশৰ ৰগাসকল কোন জাতিৰ আছিল জনা নগলেও অসুৰ শব্দৰ ব্যৱহাৰৰ বাবে তেওঁলোক অনাৰ্য্য আছিল যেন লাগে। তেওঁলোকে ঠিক কোন সময়ত ৰাজত্ব কৰিছিল তাকো থিৰাংকৈ জনা নাযায়। ভগদত্তক মহাভাৰতৰ বীৰসকলৰ সমসাময়িক বুলি কোৱা হয়। কিন্ত মহাভাৰত ৰচনাৰ কাল বুলি এটা নিৰ্দিষ্ট সময় নাই। মহাভাৰতৰ কিছু অংশ অতি পুৰণি আৰু আনবোৰ অংশ পিছতহে সন্নিবিষ্ট হৈছে। কিন্ত কোনবোৰ পুৰণি আৰু কোনবোৰ নতুন সেই সম্বন্ধে কোনো সমালোচনামূলক অধ্যয়ণ আজিকোপতি হোৱা নাই। তথাপি পুৰণি সাহিত্য আৰু বৰ্তমান সময়লৈকে আমাৰ ৰাইজৰ মাজত প্ৰচলিত বিশ্বাস অনুসৰি নৰক আৰু ভগদত্ত দুয়োজনেই অতি শক্তিশালী ৰজা আছিল বুলি আমি ধৰি ল’ব পাৰো। ঠিক সেইদৰে কৰোতিয়া নৈৰ পূবত থকা আধুনিক অসম আৰু বঙ্গদেশৰ সৰহভাগেই নৰক বংশৰ ৰজাসকলৰ ৰাজ্যৰ অন্তৰ্গত আছিল বুলি আমি কৰিব পাৰো।
শ্ৰীকৃষ্ণৰ আক্ৰমন সম্বন্ধে উল্লেখিত কাহিনীক আমি প্ৰকৃতপক্ষে কোনো আৰ্য্য ৰজাৰ আক্ৰমণৰ ঘটনা বুলি ধৰিব পাৰো। ১০৫ খৃঃত সমূদ নামেৰে এজন ভাৰতীয় ৰজাই উজনি ব্ৰহ্মত ৰাজত্ব কৰিছিল। ৩২২ খৃঃত ভাৰতৰ উত্তৰ পশ্চিমৰ কম্মোড্‌ ৰজাই শ্যাম ৰাজ্য স্থাপন কৰিছিল। এনেবোৰ ঘটনাৰ পৰা পুৰণি কালত কোনোবা অতি সাহসী ৰজাই উত্তৰ বঙ্গ আৰু অসম সোমাইছিল বুলি ক’লে তাক অবিশ্বাস কৰাৰ কোনো কাৰণ নাই।
নৰক আৰু তেওঁৰ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী)। প্ৰাগ্‌ মানে পূবদিশ আৰু জ্যোতিস্ক মানে তৰা, উজ্জল বস্তু বা জ্যোতিষ বিদ্যা। সেয়ে, প্ৰাগজ্যোতিষ পুৰক আমি জ্যোতিষবিদ্যাৰ পূবনগৰী বুলি আখ্যা দিব পাৰো। কামৰুপ তন্ত্ৰ-মন্ত্ৰৰ ৰাজ্য আছিল আৰু ইয়াতে হিন্দু ধৰ্মৰ তন্ত্ৰিক ধাৰাৰ সৃষ্টি হৈছিল। সেয়ে, এই ৰাজ্যৰ ৰাজধানীৰ নাম প্ৰাগজ্যোতিষপুৰ হোৱাটো স্বাভাৱিক আছিল। ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ইয়াৰ অৱস্থান আৰু ইয়াৰ পৰা পবিত্ৰ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহ-যাহ কৰাৰ সুবিধা থকাৰ বাবে পিছৰ বহুতো ৰজাই এই ঠাইকে ৰাজধানী হিচাবে ৰাখিছিল যেন লাগে।
অসমৰ পৌৰাণিক কাহিনী সমূহত কৃষ্ণৰ নাম সঘনে উল্লেখিত আছে। ভগৱতত ভীষ্মকক বিদৰ্ভৰ ৰজা বুলি কোৱা হৈছে। কিন্ত প্ৰাচীন কাম্ৰুপ-সাহিত্যই ভীষ্মক শদিয়াৰ কাষৰ এখন ৰজা বুলি কয়। সাধাৰণ পৌৰাণিক বিৱৰণ মতে বিদৰ্ভ আধুনিক বিহাৰৰ অন্তৰ্গত আছিল। অসমৰ পুৰণি হিন্দু সকলে এইদৰে হিন্দু পৌৰাণিক সাহিত্যত উল্লেখিত ঠাইবোৰৰ নাম ব্যৱহাৰ কৰাৰ এইটোৱেই একমাত্ৰ উদাহৰণ নহয়। ভাৰতৰ অন্যান্য অংশটো এনে ঘটনাৰ পুণৰাবৃত্তি ঘটিছিল। আনকি যাভা দ্বীপটো মহাভাৰতৰ কেতবোৰ কাহিনীক তেওঁলোকৰ দেশৰ কাহিনী বুলি দাবী কৰা হৈছে।
বৌদ্ধ ধৰ্ম্মীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাক বৈশালী বুলিছিল। ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিণ। শদিয়াত এই নামৰ সৈতে জড়িত কুণ্ডিল নামেৰে এখন নৈ আছে। শদিয়াৰ প্ৰায় ২৪ মাইল উত্তৰে ডিক্ৰং আৰু ডিনঙৰ মাজৰ ভূমিত এটা দুৰ্গৰ ভগ্নাৱশেষ আজিও বিদ্যমান আৰু ইয়াক এই ৰাজধানীৰ ভগ্নাৱশেষ বুলি কোৱ হয়। এই নগৰৰ নাতিউচ্চ প্ৰাচীৰ সমুহ ৬ৰ পৰা ৯ থাক শিলেৰে (প্ৰধানতঃ গ্ৰেণাইট) সজা হৈছিল। ইয়াৰ মাজত ইটাৰ গাঠণি আছিল যদিও চিমেণ্টৰ ব্যৱহাৰ চকুত নপৰে। একে অঞ্চলতে চাৰিটা ডাঙৰ পুখুৰী আছিল। কেতবোৰ ইটাৰে নিৰ্ম্মিত ঘৰৰ ভেটিৰ ভগ্নৱশেষে আহল-বহল অট্টালিকাৰ কথাকে সুচায়।
ভীষ্মক ৰজাৰ পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল। ৰুক্মিণীৰ ৰুপ শুনি কৃষ্ণই তেওঁক বিবাহ কৰিবলৈ অতি ইচ্ছুক হৈছিল। কিন্ত ভীষ্মকে কন্যা গৰাকীক শিশুপাল নামেৰে এজন ৰাজকোঁৱৰক বিয়া দিবলৈ যো-জা কৰিলে। ভীষ্মকৰ দুৰ্গৰ পূবদিশে কেইমাইলমান আতঁৰত আজিও শিশুপালৰ দুৰ্গৰ ভগ্নাৱশেষ দেখা যায়। ৰুক্মীনিয়ে কৃষ্ণক গোপনে এই বাৰ্তা দিয়াত বিয়াৰ দিনা হঠাৎ তেওঁ আহি কইনাক ৰাথত তুলি লৈ গুচি গ’ল। শিশুপালৰ লগত অহা সৈন্য সামন্তবোৰে কৃষ্ণক খেদি যায় যদিও পৰাস্ত হয়। কৃষ্ণই কুণ্ডিণ নগৰীত ৰুক্মীণীক বিয়া কৰায়। প্ৰজাই এই বিবাহত হৰ্যোল্লাস কৰে। অসমীয়া বিয়ানামবোৰত আজিও এই কাহিনী উল্লেখ কৰা হয়। ৰুক্মিণী হৰণ নামৰ পুথিত এই কাহিনীটো অসমীয়া ভাষালৈ অনুদিত হৈছে।
ভগৱত আৰু বিষ্ণু পুৰাণত আৰু এটা কাহিনীৰ উল্লেখ আছে। শোনিতপুৰৰ (শোনিত বা তেজৰ নগৰী, যাক আজিকালি তেজপুৰ বোলা হয়) ৰাজ্যৰ ৰজা বালীৰ বহুবোৰ পুত্ৰ আছিল আৰু তেওঁলোকৰ মাজৰ জেষ্ঠ বাণে পিতৃৰ পিছত সিংহাসন লভিছিল। বাণ আছিল নৰকৰ সমসাময়িক। বাণৰ বহু পুত্ৰ আৰু উষা নামেৰে এগৰাকী কন্যা আছিল। উষা অতি সুন্দৰ আছিল। কৃষ্ণৰ নাতি ল’ৰা অণিৰুদ্ধই কন্যা গৰাকীৰ ৰুপত আকৃষ্ট হৈ প্ৰহৰী বেষ্টিত বাণৰ প্ৰসাদত গোপনে প্ৰবেশ কৰি উষাৰ সৈতে গন্ধৰ্ব বিবাহ সম্পন্ন কৰিছিল। পিছে প্ৰহৰীৰ চকুত ধৰা পৰাত বহুপৰ যুজৰ মূৰত অনিৰুদ্ধ কৰায়ত্ত হ’ল। কৃষ্ণই আহি বাণৰজাৰ সৈতে যুদ্ধ কৰি অনিৰুদ্ধক উদ্ধাৰ কৰিছিল। বৰ্তমানৰ তেজপুৰ বিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল কোৱা হয়। কুমাৰহৰণ নামেৰে এখন্ সৰু পুথিত এই কাহিনীক অসমীয়া ৰুপত সজাই তোলা হৈছে।
বৰ্তমান তেজপুৰৰ কাছাৰীঘৰ থকা অঞ্চলটোতেই বাণৰজাৰ দূৰ্গ আছিল হেনো। কাৰু-কাৰ্য্যখচিত কেতবোৰ শিল এই অঞ্চলত আজিও দেখা যায়। কিন্ত সেইবোৰ শিলক প্ৰসাদৰ শিল যেন নালাগে। বৰং দেখাত শিলবোৰ মন্দিৰৰ শিল বুলিহে অনুমান হয়। ইয়াৰ প্ৰায় এমাইল উত্তৰে বালিৰে পোত যোৱা এটা পুখুৰী আছে। এই পুখুৰীটো বাণৰজাৰ দিনৰ হেনো। এই অঞ্চলৰে আন এটা পুখুৰীৰ নাম কুভান্দ। কুভন্দ বাণৰ প্ৰধান মন্ত্ৰী আছিল। বাণৰজাৰ নাতিয়েক ভালুকে বালিপাৰাৰ পৰা কিছু দূৰৈত অকা পৰ্ব্বতৰ নামনিৰ ভালুকপুঙত তেওঁৰ ৰাজধানী পাতে। ভালুকপুঙ দূৰ্গৰ অৱশিষ্ট আজিও বিদ্যমান। অকাসকলে ভালুকক তেওঁলোকৰ পূৰ্ব্বপুৰুষ বুলি কয়। সম্ভৱত এইলোক সকল আদিতে পাহাৰৰ নামনিত আহিল আৰু কোনো প্ৰতাপী খেলে তেওঁলোকক তাৰপৰা বিতাড়িত কৰাত তেওঁলোকে গৈ পাহাৰীয়া অঞ্চলত আশ্ৰয় গ্ৰহণ কৰাৰ সভাৱনা নুই কৰিব নোৱাৰি। ৰঘুবংশৰ চতুৰ্থ পৰিচ্ছদ মতে ৰঘুৱে লোহিত (ব্ৰহ্মপুত্ৰ) নৈ পাৰহৈ প্ৰাগজ্যোতিষপুৰৰ ৰজাক পৰাস্ত কৰাত ভালেমান হাতী উপহাৰ দি তেওঁ ৰঘুৰ বশ্যতা স্বীকাৰ কৰে।
যোগীনীতন্ত্ৰৰ মতে শক শতাব্দীৰ প্ৰথম ভাগত দেৱেশ্বৰ নামেৰে এজন শূদ্ৰই কামৰুপ শাসন কৰিছিল। চতুৰ্থ শতাব্দীৰ শেষ কালে বিশ্বনাথৰ ওচৰত প্ৰতাপগড়ত নৰশঙ্কৰ বা নগাক্ষ নামেৰে এজন ৰজাই শাসন কৰিছিল বুলিও ইয়াত উল্লেখ আছে। সেই অঞ্চলৰ দূৰ্গৰ ভগ্নাৱশেষক এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ইয়াৰ পিছত মিমাঙ্গ, গজাঙ্গ, শ্ৰীভঙ্গ আৰু মৃগাঙ্গ নামেৰে চাৰিজন ৰজাই প্ৰায় দুশ বছৰ ৰাজত্ব কৰিছিল।
ধৰ্ম্মপাল নামৰ পশ্চিমদিশৰ পৰা অহা এজন ক্ষত্ৰিয়ই কামৰুপত এখন ৰাজ্য পাতিছিল। গুৱাহাটীৰ উত্তৰ অঞ্চলত তেওঁ ৰাজধানী পাতি, তাত উজনী ভাৰতৰ বহুবোৰ ব্ৰাহ্মন আৰু উচ্চবৰ্ণৰ হিন্দুলোক আনি সংস্থাপন কৰিছিল। কেন্দু কুলাই নামৰ এজন খৃষিক এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ধৰ্মপালৰ পিছত পদ্মনাৰায়ণ, চন্দ্ৰ নাৰায়ণকে আদি কৰি ভালেমান ৰজাই শাসন কৰাৰ অন্তত ৰামচন্দ্ৰই ৰাজপাত আৰোহন কৰিছিল। মাজুলীৰ ৰত্নপুৰত তেওঁৰ ৰাজধানী অছিল। পৌৰাণিক কাহিনী সমূহত ৰত্নপুৰক অন্যান্য ভালেমান ৰজাৰ ৰাজধানী বুলিও বৰ্ণনা কৰা হৈছে। দিপীকাচান্দ পুথিৰ মতে হৰবিন্দৰ পুত্ৰ কুশাৰণ্যৰ গৌড়, কামৰুপ আৰু জয়ন্তীয়ালৈকে বিস্তৃত ৰাজ্যখনৰো ৰাজধানী আছিল এই ৰত্নপুৰ। ব্ৰহ্মপুত্ৰ নৈয়ে গতি সলোৱাত পিছলৈ এই ঠাইখন পানীয়ে ধুৱাই নিয়ে।
ৰামচন্দ্ৰৰ ৰুপহী পত্নীক ব্ৰহ্মপুত্ৰ নৈয়ে বলৎকাৰ কৰাত তেওঁৰ ঔৰসত এটি পুত্ৰৰ জন্ম হয়। এই পুত্ৰৰ নাম আছিল আৰিমত্ত। আৰিমত্তই তেওঁৰ ৰাজ্যৰ সীমা আৰু পশ্চিমলৈ বিস্তাৰ কৰিছিল। বহুবোৰ জনজাতীয় দলপতিও তেওঁৰ হাতত পৰাস্ত হৈছিল। পিছলৈ আৰিমত্তই ৰামচন্দ্ৰৰ সৈতে যুদ্ধত লিপ্ত হয় আৰু ৰামচন্দ্ৰৰ সৈতে তেওঁৰ কি সম্বন্ধ সেই কথা নজনাকৈয়ে তেওঁক হত্যা কৰে। অন্যান্য কেতবোৰ বিৱৰণমতে আৰিমত্তই দৰাচলতে হৰিণা এটাক বধ কৰিবলৈ মৰা শৰ পাতে ঘটনাক্ৰমে ৰামচন্দ্ৰক আঘাত কৰাত তেওঁৰ মৃত্যু হৈছিল। পিতৃ হত্যা শোকত ম্ৰিয়মান হৈ অজানিতে কৰা এই পাপৰ প্ৰায়শ্চিত্তৰ বাবে বহু চেষ্টা কৰিও বিফল হৈছিল বুলি কাহিলী বোৰত উল্লেখ আছে।
আৰিমত্তই কত শাসন কৰিছিল আমি জনো। কিন্ত বেছিভাগ পৌৰাণিক বিৱৰণত তেওঁক নামনি অসমৰ ৰজা বুলিহে কোৱা হৈছে। কামৰুপৰ বেতনাৰ ওচৰৰ বৈদৰগড়ত তেওঁৰ ৰাজধানী আছিল হেনো। এইঠাইত আজিও এটা চাৰিচুকীয়া গড়ৰ অৱশিষ্ট দেখা যায়। চাৰিচুকীয়া এই বিৰাট গড়টোৰ একোটা ফাল প্ৰায় চাৰি মাইল দীঘল। কমতাপুৰৰ কেঙ্গুৱা নামৰ ৰজা এজনে ধনু কাড়েৰে সজ্জিত বহুবোৰ কোচ আৰু মেচ সৈন্য লৈ আৰিমত্তক আক্ৰমণ কৰিছিল। বৈদ গড়ৰ দহমাইল উত্তৰে তেওঁ এটা গড়খাৱৈ খান্দিছিল। বৰ্তমানৰ ধমধমা মৌজাৰ অন্তৰ্গত এই গড়টো আজিও কেঙ্গুৱাগড় নামেৰে পৰিচিত। কেঙ্গুৱা প্ৰথমতে যুজত হাৰিছিল। পিছত আৰিমত্ত ৰজাৰ পত্নী ৰত্নমালাক তেওঁ হাত কৰে। ষড়যন্ত্ৰ কৰি আৰিমত্তৰ সৈন্য সকলৰ ধনু তেওঁলোকে নষ্ট কৰি পেলোৱাত এই সৈন্যসকল যুদ্ধত পৰাজিত হয়। কেঙ্গুৱাই আৰিমত্তক হত্যা কৰি তেওঁৰ ৰাজধানী দখল কৰে। ৰত্নমালাক কেঙ্গুৱাই বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আগৰ পতিক বিশ্বাসঘাটকতা কৰালৈ চাই এনে তিৰোতাৰ পৰা তেওঁৰো বিপদ হ’ব পাৰে বুলি তাইক বধ কৰিছিল। আৰিমত্তৰ পুত্ৰ ৰত্নসিংহই কেঙ্গুৱাৰ বিৰুদ্ধে যুদ্ধ চলাই যায় আৰু অৱশেষত তেওঁক হত্যা কৰি পিতৃ হত্যাৰ হোৰ তোলে। পিছে, এজন ব্ৰাহ্মণৰ পত্নীৰ সৈতে এটা ষড়যন্ত্ৰত লিপ্ত হোৱা ৰত্নসিংহই ব্ৰাহ্মণৰ অভিশাপ ক্ৰমে হেনো ৰাজ্য হেৰুৱাবলগীয়াত পৰে।
নগাওঁৰ সহাৰি মৌজাত গড়খাৱৈৰে সৈতে এটা প্ৰচীন দুৰ্গ আছে। এই গড়খাৱৈটো জোঙ্গালগড় নামেৰে অভিহিত। আৰিমত্ত ৰজাৰ আন এজন পুত্ৰ জোঙ্গালবলহুৰ এই ঠাইতে ৰাজধানী আছিল যেন লাগে। কছাৰীৰ হাতত পৰাস্ত হোৱা এইজন ৰজাই কলঙ নৈত জাপ দি আত্মহত্যা কৰিছিল।
আৰিমত্ত ৰজা সম্বন্ধে বহুবোৰ কিংবদন্তী আছে। কিন্ত পৰস্পৰৰ লগত কোনো মিল নথকা এইবোৰ কাহিনীৰ সত্যাসত্য বিচাৰি উলিওৱা অসভৱ বাবে সেইবোৰ সম্বন্ধে আৰু বিস্তাৰিত আলোচনাৰ আৱশ্যক নাই। ৰাণী আৰু ডিমৰুৱাৰ ৰজাসকলে নিজকে আৰিমত্তৰ বংশধৰ বুলি কৈছিল। আনহাতেদি, নৰক আৰু ভগদত্তকো তেওঁলোকে তেওঁলোকৰ পুৰ্ব্ব-পুৰুষ বলী দাবী কৰিছিল।
এতিয়া, মুছলমান লেখকৰ সুত্ৰৰ পৰা পোৱা এটা কাহিনীৰে অসমৰ পৌৰাণিক অধ্যায়ৰ সামৰণি মাৰিম। ফৰিস্তাৰ এতিহাসৰ পাতনিত কৰতীয়া বা কামৰুপৰ পূব ভাগৰ কোচ ৰাজ্যৰ পৰা অহা শাঙ্কল বা শঙ্গালদিৰে উত্তৰ ভাৰতৰ প্ৰখ্যাত ৰজ কিদাৰ ব্ৰাহ্মণক সিংহাসনচূত কৰা ঘটনাৰ উল্লেখ আছে। ইয়াৰ আগেয়ে শাঙ্কলে ভগীৰথী নৈৰ পূবৰ বঙ্গ (Bengal) আৰু বিহাৰ জয় কৰি এটা বিৰাট সৈন্যবাহিনীৰ গঠন কৰিছিল। কিদাৰৰ সৈতে শাঙ্কলৰ কেইবাবৰো প্ৰচণ্ড যুজ লগাৰ মূৰত কিদাৰ পৰাজিত হৈছিল। তেওঁ গৌড় বা লক্ষ্ণোতি নামৰ নগৰখন প্ৰতিষ্ঠা কৰিছিল। প্ৰায় দুহাজাৰ বছৰ জুৰি এই নগৰ খন বংগদেশৰ ৰজাসকলৰ ৰাজধানী আছিল। অতি অহংকাৰী আৰু জাকজমকতা প্ৰিয় এই ৰজাজনৰ ৪০০০ হাতী, ১০০০০০ ঘোৰা আৰু ৪০০০০০ পদাতিকেৰে গঠিত এটা বিৰাট সৈন্য বাহিনী আছিল।
তুৰাণ বা স্কাইবিয়াৰ আফ্ৰাচিয়াবৰ হাতত শাঙ্কলৰ পতন ঘটিছিল। পাৰস্য বিজয়ী বুলি জনাজাত আফ্ৰাচিয়াৰে খৃষ্ট জন্মৰ বহু আগেয়ে সাতখন ৰাজ্যজয় কৰিছিল। পিচলৈ এওঁৰ বংশৰ অন্যান্য লোকেও আফ্ৰাচিয়াৰ বা পাৰস্য-বিজয়ী নাম লৈছিল। আমি উল্লেখ কৰা আফ্ৰাচিয়াৰজনো তেনে নামধাৰী আৰু প্ৰকৃত আফ্ৰাচিয়াৰৰ বংশধৰ আছিল বুলি অনুমান হয়। সি যিকি নহওক কেলেই, আফ্ৰাচিয়াৰে বোধকৰো শঙ্কলৰ পৰা কৰ দাবী কৰি বিমুখ হৈছিল। ইয়াতে ক্ৰোদ্ধ হৈ আফ্ৰাচিয়াৰে ৫০,০০০ মঙ্গোলেৰে এটা শকত বাহিনী শাঙ্কলৰ বিৰুদ্ধে প্ৰেৰণ কৰে। ঘোৰঘাটৰ ওচৰত কোচৰাজৰ পাহাৰীয়া অঞ্চলত ভয়াবহ যুদ্ধ লাগে। মঙ্গোলবিলাক প্ৰায় নিধন হোৱাৰ প্ৰক-মূহুৰ্ত্তত আফ্ৰাচিয়াৰে হিমালয়ৰ নামনিত অৱস্থিত তেওঁৰ ৰাজধানী গঙ্গদোজহৰ পৰা নতুনকৈ বহু সৈন্য গোটাই আনি পুনৰ আক্ৰমণ কৰি এইবাৰ শাঙ্কলক শোচনীয়ভাৱে পৰাজিত কৰে। যুজত হাৰি শাঙ্কলে প্ৰথমে লক্ষ্ণোতি আৰু তাৰ পিছত তিৰহুত পাৰ্ব্বতাঞ্চললৈ পলাই গৈছিল যদিও অৱশেষত পৰাজয় স্বীকাৰ কৰি আফ্ৰাচিয়াবৰ হাতত বন্দী হয়।
উপৰত আলোচনা কৰা পৌৰাণিক ৰজাসকলৰ বিৱৰণত ধৰ্ম্মপুথি আৰু অন্যান্য প্ৰাচীন সাহিত্যত উল্লেখিত আটাইবোৰ নৃপতিক অন্তৰ্ভূক্ত কৰা হোৱা নাই। এইবোৰ সমলৰ পোৱা ৰজাসকল কাল্পনিক চৰিত্ৰ নে বাস্তৱৰ লোক আছিল, যদি আছিল, তেওঁলোকনো কোন আছিল, ক’ত ৰাজত্ব কৰিছিল এইবোৰ কথাৰ সত্যাসত্য বিচাৰ কৰাটো সম্ভৱপৰ নহয়। এই ৰজাসকলৰ বিষয়ে বিশদ বিৱৰণ লিখিবলৈ সময়ৰো অভাৱ। পুথিখনৰ অলেববৰ কথা চিন্তা কৰিও এই ৰজাসকলৰ বিষয়ে কোৱা কাহিনীসমূহৰ বহুলখিনি যদিও কাল্পনিক, তাক কেন্দ্ৰ কৰিয়েই সত্য ঘটনাসমূহৰ ভেটি তৈয়াৰ হৈছে।
প্ৰাচীন পুথিসমূহত পাল ৰজাসকলৰ বিষয়ে সঘনে উল্লেখ আছে যদিও বিভিন্ন সূত্ৰ যোগে পোৱা নামবোৰৰ কোনো মিল নাই। দৰাচলতে বহু ৰজাই পাল উপাধি গ্ৰহণ কৰিছিল। নৰনাৰায়ণ নামৰ অন্তত ভূপাল শব্দটো যোগ কৰিছিল। অলপতে আবিস্কৃত দুখন তম্ৰফলিত কামৰুপৰ এটা ৰাজপৰিয়ালে পাল উপাধি ব্যৱহাৰ কৰাৰ কথা জনা গৈছে। বঙ্গৰ বিখ্যাত পাল ৰজাসকলৰ সৈতে এই পাল সকলৰ কোনো সম্বন্ধ নাছিল। এতিয়া পাল উপাধিটো দিনে দিনে জনপ্ৰিয় হৈছে। বিশেষকৈ, বঙ্গৰ বহুতো নিন্মজাতিৰ জমিদাৰ তেওঁলোকৰ সাধাৰণ উৎপত্তিৰ কথা ঢাকিবলৈ গৈ পাল উপাধি গ্ৰহণ কৰিছে।
পুৰাণ সাহিত্য মতে বৰ্তমান অসম নামেৰে পৰিচিত অঞ্চলটোৰ প্ৰাচীন অধিবাসী সকল সুসভ্য আৰু পৰাক্ৰমী আছিল। চীন পৰিব্ৰাজক হিউয়েনচাঙৰ বিৱৰণী আৰু প্ৰাচীন তাম্ৰফলি সমূহেও এই তথ্য সমৰ্থন কৰিছে। (ইয়াৰ পৰৱৰ্ত্তী অধ্যায়ত তাম্ৰফলিৰ বিৱৰণৰ বিষয়ে অধ্যয়ণ কৰা হৈছে।) যদি সেয়ে হয়, তেন্তে বস্তৱিকতে প্ৰশ্ন আহে যে, এনে সুসভ্য লোকসকলৰ প্ৰত্নতাত্বিক নিদৰ্শণৰ ইমান অভাৱ ঘটিছে কেলেই? ইয়াৰ সাম্ভব্য কাৰণ হিচাপে ক’ব পাৰি যে, মানুহ আৰু প্ৰকৃতি উভয়ে মিলি সেইবোৰ নষ্ট কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকা বালিচাপৰিৰে ভৰা। হিমালয়ৰ পৰা উদ্ভৱ হোৱা বৰফে ঢকা নৈবোৰ পিছলৈ প্ৰচণ্ড বেগে আহি এই ভূমিত প্ৰবেশ কৰি বাধাহীন ভাৱে সমতল খণ্ডত বিস্তাৰ লভিছেহি, নৈয়ে এফালৰ পৰা উপত্যকা খান্দি গৈছে, কৰবাত গঢ়িছে আৰু কৰবাত ভাঙিছে, ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে বহুবাৰ গতিও পৰিৱৰ্তন কৰিছে, ফলত প্ৰত্নতাত্বিক নিদৰ্শণ সমূহৰ বিলুপ্তি ঘটিছে। গুৱাহাটীৰ দৰে শিলাময় ঠাই দুই এখনতহে এনে নিদৰ্শণৰ সামান্য অৱশিষ্ট ৰৈছেগৈ।
ভালেমান দিনৰ মূৰে মূৰে অসম ভূইকঁপৰ বলীও হৈছিল। এই ভূইঁকপ সমূহে ভঙা আৰু গঢ়াৰ এক নতুন কাহিনীৰ সৃষ্টি কৰিছিল। ১৮৯৭ চনৰ বৰ ভূইকঁপৰ জোকাৰণি অসমৰ কেইটিমান অট্টালিকাইহে সহ্য কৰিব পাৰিছিল। ছিলং, গুৱাহাটী আৰু চিলহেটৰ বিৰাট অঞ্চল এই ভূইকপে ধ্বংসস্তুপত পৰিণত কৰিছিল। শ শ ঘৰবাৰী আৰু শিলৰ স্তম্ভ বাগৰি পৰিছিল। হাজোৰ পৰা কিছুদূৰৈত অৱস্থিত ঐতিহাসিক শিলসাকো প্ৰায় বিধ্বস্ত হৈছিল। এই ঠাইতে ব্ৰহ্মপুত্ৰই গতি পৰিৱৰ্তন কৰি নতুন পথেৰে ধাবিত হৈছিল। অসমৰ কেতবোৰ গছগছনিয়েও প্ৰত্নতাত্বিক নিদৰ্শণবোৰ ধ্বংস কৰিছিল। উদাহৰণ স্বৰুপে, কেনেবাকৈ যদি আহঁত গছৰ গুটি এটা কোনোবা অট্টালিকাক নিৰ্ভৰ কৰি পুলিপোখা মেলিবলৈ ধৰে, তেন্তে সেই অটালিকাৰ ধ্বংস অৱশ্যম্ভাবী হৈ পৰে। সৌ সিদিনা অহোমসকলে সাজি থৈ যোৱা বহুতো অট্টালিকা আৰু মন্দিৰো এই দৰে গছ-গছনিয়ে ধ্বংস কৰা আমি দেখিবলৈ পাইছোহক।
মানুহে কৰা ধ্বংসৰ কথা ক’বলৈ হ’লে মুছলমান আক্ৰমণকাৰী সকলে ধৰ্ম্মৰ নামত অন্ধ হৈ হিন্দু মন্দিৰ ধ্বংস কৰা বা এনেয়ে ধ্বংসৰ অনন্দত মতলীয়া হোৱা বৰ্ম্মী আক্ৰমণকাৰীসকললৈ আঙুলিয়াব লাগিব।
বৰ্তমানলৈকে কৰা প্ৰত্নতাত্বিক নিদৰ্শণৰ ধ্বংসাৱশেষ প্ৰাচীন প্ৰত্নতত্বৰ এটা সমান অংশহে। অসমৰ হাবি-বননিৰ মাজত নিশ্চয় বহু এনে নিদৰ্শণ লুকাই আছে। কৃষিৰ সম্প্ৰসাৰণৰ লগে লগে অৰণ্যৰ আয়তন হ্ৰাস হ’লে হয়তো আৰু বহুতো লুপ্ত নিদৰ্শণ আবিস্কৃত হ’ব।

উৎস: অসম বুৰঞ্জী।

বিপন্ন ধৰিত্ৰী

বিপন্ন ধৰিত্ৰী 

দেৱালীৰ পিছদিনা ৰাতিপুৱা মন কৰিবচোন ! চৰাইৰ মাত আনদিনাতকৈ দেৰিকৈ শুনা যায় । খাৰ-বাৰুদৰ ধোঁৱাত সিঁহতে বাহিৰলৈ ওলাবলৈ কষ্ট পায় ।
ওচৰে পাজৰে থকা হৃদৰোগী, এজমা আৰু অসুখীয়া বৃদ্ধসকলৰ বাবে দেৱালী মানেই এক বুকুৰ বিষ !!

কিমান শিশুৱে দেৱালীৰ ৰাতিয়েই প্ৰদূষিত বায়ু সেৱন কৰি জীৱনলৈ শ্বাসজনীত ৰোগ চপাই লয় !! হিচাবটো ভয়লগা ।

আৰু পৃথিৱী !! পৃথিৱীৰ শ্বাস প্ৰশ্বাস কষ্টকৰ হয় কেবাদিনলৈকো ।
নাভাবোঁ । উল্লাসত পাহৰোঁ । মই নিজেও ভবা নাছিলোঁ ।
যোৱা বছৰলৈকে মোৰ দেৱালীত বোমা ফুটোৱাটো আছিল এক চখ !
এইবাৰ নুফুটাও । মাটিৰ চাকি জ্বলাম । বাহিৰে ভিতৰে । এগছি বুকুটো । পোহৰ হওঁক ।
স্নেহ দেখুওৱাক এইবাৰ প্ৰকৃতিলৈ , শিশু সকললৈ , সেই হৃদৰোগী আৰু বৃদ্ধ সকললৈ । স্নেহ দেখুৱাওক পৃথিৱীলৈ ! কওঁক - এইবাৰ ফটকা নুফুটাও ।
এইবাৰ কেৱল চাকি জ্বলাম সকলোৱে ! বাহিৰে ভিতৰে ।
এইয়া মোৰ অনুৰোধ নহয় । আপোনাৰ অনুৰোধ নহয় । অনুৰোধ প্ৰকৃতি, পৰিৱেশ, পৃথিৱীৰ ।



কওঁক মোৰ লগত - এইবাৰ কেৱল চাকি জ্বলাম । শ্বেয়াৰ কৰি সকলোকে জনাওঁক l

তেজমুই, টেঙেচি আৰু চালকুঁৱৰীৰ ঔষধি গুণ

তেজমুই, টেঙেচি আৰু চালকুঁৱৰীৰ ঔষধি গুণ 



তেজমুই 


তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।
ঔষধি গুণঃ
(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ'লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল

টেঙেচি


টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।
ঔষধি গুণঃ
(১) টেঙেচি বটি বেচু (Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২) টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩) চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪) টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫) গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।

ছালকুঁৱৰী


ছালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
ঔষধি গুণঃ
(১) ছালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মুত্ৰদোষ, শুক্ৰ দোষ, ক্ৰিমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। (২) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়। (৩) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো ছালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। (৪)উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।
তলত তেজমুই, টেঙেচি টেঙা আৰু ছালকুঁৱৰীৰ চিত্ৰ দিয়া হ'ল-

বিবাহ পঞ্জীয়নৰ সবিশেষ

বিবাহ পঞ্জীয়নৰ সবিশেষ

বিবাহ পঞ্জীয়ন কিমান গুৰুত্বপূৰ্ণ, সেই কথা আজি আৰু কাকো বুজাই দিবলগীয়া নহয়। আজিৰ দম্পতীয়েও এই গুৰুত্ব বুজি পায়। কিন্তু নৱ-বিবাহিতসকলেনো কিদৰে বিবাহ পঞ্জীয়ন কৰিব পাৰে, সেই বিষয়ে ইয়াত অৱগত কৰিব বিচৰা হৈছে –
পঞ্জীয়ন নিজৰ জিলাৰ বিবাহ পঞ্জীয়কৰ সন্মুখত বিবাহ পঞ্জীয়ন কৰিব লাগে। নিজৰ জিলাৰ নহ’লেও দৰা বা কইনা যদিহে কোনো এঠাইত ৩০ দিনতকৈ বেছি দিন বাস ক ৰে তেন্তে সেই ঠাইৰ পঞ্জীয়কৰ হতুৱাই বিবাহ পঞ্জীয়ন কৰিব পাৰি। পঞ্জীয়নৰ বাবে আবেদন কৰা প্ৰয়োজন। আপোনাৰ আবেদন-পত্ৰখন পঞ্জীয়কৰ কাৰ্য্যালয়ত থকা নোটিচ ব’ৰ্ডত আৰি দিয়া হয়। এনে কৰাৰ উদ্দেশ্য হৈছে যদিহে কাৰোবাৰ কিবা আপত্তি আছে, তেন্তে সেয়া পঞ্জীয়কক জনাব পাৰে। যদিহে ৩০ দিনৰ ভিতৰত কোনো আপত্তি উত্থাপন নহয়, তেন্তে ‘ স্পেচিয়েল মেৰেজ এক্ট ১৯৫৪’ অনুসৰি বিবাহ সম্পন্ন হয়। ক’ৰ্ট মেৰেজ বহুতে আকৌ আদালততে বিবাহ সম্পন্ন কৰে। ইয়াৰ বাবে অধিবক্তা নধৰিলেও হয়। পঞ্জীয়কৰ সন্মুখত দৰা আৰু কইনাৰ ফালৰ পৰা তিনিজন সাক্ষী উপস্থিত থাকিলেই হ’ল। সাক্ষীসকল কোনো এজনৰ পক্ষৰ হ’লেও কথা নাই। আদালত হোৱা বিবাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্যপাতি হ’ল– বয়সৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ, দুখন পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ
স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪: পাত্ৰ-পাত্ৰী যদিহে বেলেগ বেলেগ ধৰ্ম বা সম্প্ৰদায়ৰ হয়, তেন্তে হয় নিজৰ ধৰ্মৰ আইন মতে (যেনে : হিন্দু মেৰিজ এক্ট) বিবাহপাশত আৱদ্ধ হ’ব লাগিব নতুবা ‘ স্পেচিয়েল মেৰিজ এক্ট ১৯৫৪’ ৰ শৰণাপন্ন হৈ বিবাহ সম্পন্ন কৰিব পাৰিব। এই আইনৰ দ্বাৰা বিবাহ হোৱাৰ কেইটামান চৰ্ত আছে, সেয়া হ’ল –
(ক) বিবাহৰ বাবে ইচ্ছুক যুৱক-যুৱতী দুয়ো বিবাহোপযুক্ত (অৰ্থাত্‌ ল’ৰাৰ বয়স কমেও ২১ আৰু ছোৱালীৰ কমেও ১৮) হ’ব লাগিব।,
(খ) দুয়োপক্ষ পূৰ্বে অবিবাহিত হ’ব লাগিব আৰু দুয়ো কোনো সম্পৰ্কীয় আত্মীয় হ’ব নালাগিব, আৰু
(গ) পাত্ৰ কিম্বা পাত্ৰীৰ আৰ্থিক স্থিতি, জাতি নাইবা ধৰ্মৰ গুৰুত্ব এই আইনে কেতিয়াও বিচাৰ নকৰে।
উল্লেখযোগ্য যে মুখ্যত: প্ৰেমিক-প্ৰেমিকাই এই আইনৰ যোগেদি নিজৰ বিবাহৰ স্বপ্ন সাকাৰ কৰে। সেয়ে এই আইনখনক ‘লাভ মেৰিজ আইন’ বুলিও কোৱা হয়। অসবৰ্ণ আৰু আন্ত:ধৰ্মীয় বিবাহৰ পক্ষে এই আইনেই একমাত্ৰ ভৰসা।আনুষংগিক কথা বিবাহৰ দিনাই যে বিয়াৰ পঞ্জীকৰণ কৰিব লাগিব, তেনে কোনো ধৰাবন্ধা নিয়ম নাই। যদিহে পিছত বিবাহ পঞ্জীকৰণ কৰিব বিচৰা হয়, তেন্তে তিনিজন সাক্ষী, বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ কপি, ৰেচনকাৰ্ড আৰু বয়সৰ প্ৰমাণপত্ৰ লগত লৈ যাব লাগে। বিয়াখন যদিহে পঞ্জীয়কৰ অধিকাৰ ক্ষেত্ৰ বা ‘জুৰিচডিক্‌চন’ৰ ভিতৰত পৰে, তেন্তে সাধাৰণ কিছুমান নিয়মৰ মাজেৰে বিবাহ পঞ্জীয়ন হৈ যাব।
যদিহে কোনো প্ৰবাসী ভাৰতীয় পুৰুষে নিজৰ প্ৰবাসী পত্নীৰ অজ্ঞাতে মিথ্যাচাৰেৰে ভাৰতীয় যুৱতীক বিবাহ কৰে, তেন্তে সেই স্বামীৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ তৰিব পৰা যায়। অৱশ্যে পাত্ৰ যদি ইছলাম ধৰ্মাৱলম্বী হয়, তেন্তে মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ নিয়ম মতে নাৰীগৰাকীয়ে দ্বিতীয় পত্নীৰ মৰ্য্যাদা পাব পাৰে।
বিবাহ পঞ্জীকৰণৰ পিছত নাৰীগৰাকীয়ে পুৰুষৰ উপাধি নামৰ পিছত লেখিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। কোনো নাৰীকে এয়া বাধ্য কৰাব পৰা নাযায়; আকৌ কোনোবাই যদিহে স্বামীৰ উপাধি ল’ব খোজে তেন্তে পঞ্জীয়কক জনোৱাৰো কোনো আৱশ্যক নাই। ইচ্ছা কৰিলে আদালতত এফিডেভিট কৰি ল’ব পাৰে।
হিন্দু মেৰিজ এক্ট মতে বিবাহৰ স্বীকৃতি পাবলৈ হ’লে বৈদিক বিবাহ আৰু বিবাহৰ নিয়মবোৰ মানিবই লাগিব, অন্যথা পঞ্জীকৰণত বাধাৰ সৃষ্টি হ’ব।
কোনো পুৰুষে যদি বিবাহ বিচ্ছেদিত নাৰীক বিবাহ কৰাব খোজে তেন্তে বিবাহ পঞ্জীয়নৰো একো বাধা নাই; মাথো বিবাহৰ পূৰ্বে লোকজনে এয়া নিশ্চিত কৰিব লাগিব যে তেওঁ যাক বিয়া কৰাব খুজিছে, তেওঁৰ হাতত বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ আছেনে নাই। যদিহে মহিলাগৰাকীৰ আইনী প্ৰক্ৰিয়ামতে বিবাহ বিচ্ছেদ হৈছে, তেন্তে তেওঁৰ হাতত বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ থাকিব। যদিহে প্ৰমাণ পত্ৰ নাই তেন্তে বুলিব লাগিব যে তেওঁৰ বিবাহ বিচ্ছেদ আইনী প্ৰক্ৰিয়ামতে হোৱা নাই।
কোনো পুৰুষ-মহিলা যদিহে ‘লিভ ইন’ সম্পৰ্কত আৱদ্ধ হৈ থাকে তেন্তে সেই মহিলাগৰাকী পুৰুষজনৰ পত্নীৰ সকলো মৰ্য্যাদা আৰু অধিকাৰ পোৱাৰ যোগ্য বুলি আইনৰ দৃষ্টিত বিবেচিত হ’ব। অলপতে বম্বে উচ্চ ন্যায়ালয়ে এনে এক ৰায় প্ৰদান কৰিছে।
বিয়াৰ পিছত নৱ-দম্পতীয়ে পঞ্জীকৰণৰ বাদেও বীমা পলিচী, ছ’চাইটি নাইবা ক্লাব মেম্বাৰশ্বিপ, প্ৰভিডেণ্ট ফাণ্ড, জইণ্ট একাউণ্ট আদিৰ ক্ষেত্ৰত নমিনেচন সালসলনি কৰিলে ভৱিষ্যতে হ’ব পৰা আইনী বেমেজালিৰ পৰা হাত সাৰিব পৰা যাব।

থানাত গোচৰ পঞ্জীয়ন নহ’লে কি কৰিব?

থানাত গোচৰ পঞ্জীয়ন নহ’লে কি কৰিব?

প্ৰশ্নটোৰ সমিধানত ক’ব পাৰিঃ আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপক। যুগান্তকাৰী অসম আৰক্ষী আইন ২০০৭ ত দায়বদ্ধতা আয়োগৰ ব্যৱস্থা হৈছে পূৰ্ণকালীনভাৱে। এই আইন আমাৰ দেশৰ সৰ্ব্বোচ্চ আদালতৰ হস্তক্ষেপত আৰু স্বাধীনতাৰ পিছৰেপৰা বিভিন্ন আৰক্ষী-সংস্কাৰ আয়োগসমূহৰ নেৰা-নেপেৰা চেষ্টাৰ ফচল। আইনখনৰ ৪৭ ধাৰাৰ (চ) (ছ) এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। প্ৰণিধানযোগ্য কাৰ্যবিধি আইনৰ ১৫৪ ধাৰা, গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কৰিবলগীয়া কাৰ্য ব্যৱস্থা।
প্ৰশ্ন হয়, গুচৰীয়াৰ আইনৰ জ্ঞানৰ প্ৰয়োজন আছে নেকি ? দণ্ডবিধি আইনত সন্নিবিষ্ট অপৰাধ অথবা কোনো গৌন আইনত উল্লিখিত অপৰাধসমূহৰ জ্ঞান গুচৰীয়াৰ বিচাৰ্য নহয়। সেয়া অসম্ভৱ। গুচৰীয়াই কেৱল স্বাধীন এখন ৰাষ্টৰ নাগৰিক হিচাপে, জীৱন-সা-সম্পত্তি, মুক্তভাৱে চলা-ফুৰা, জীৱন-নিৰ্বাহৰ অধিকাৰ বিঘ্নিত অথবা খৰ্ব হ’লে আৰক্ষীৰ ওচৰ চাপে আইনগত প্ৰতিকাৰৰ হেতু। কোনটো অভিযোগ আইন বিৰোধী, কোনটো আইনসন্মত এজন সাধাৰণ লোকে জনাটো অসম্ভৱ। এইবোৰ জানি-বুজি লৈ গোচৰ দিবলৈ হ’লে সাধাৰণ লোকজনে আইনজ্ঞ লোক এজন বিচাৰি অভিযোগ তেওঁৰ জৰিয়তে লিখাই লৈ অথবা আইনজ্ঞজনকো লগত লৈ আৰক্ষী থানালৈ যাব লাগিব।
গুচৰীয়াই লিখিব-পঢ়িব নোৱাৰিলে মৌখিকভাৱে গোচৰ দিব পাৰে। থানাৰ আৰক্ষী বিষয়াই নিজে লিখি গোচৰ অনুসন্ধানৰ বাবে ল’ব পাৰে। দেৰি হ’লে গোচৰ ল’ব নোৱাৰাৰ যুক্তি নাই। লিখিত অভিযোগ হ’লে থানাৰ আৰক্ষী বিষয়াই নিজাকৈ প্ৰশ্ন কৰি গুচৰীয়াৰ উত্তৰ কিয় দেৰি হ’ল লিখি ল’ব লাগে। যি ক্ষেত্ৰত মৌখিক অভিযোগৰ হীন-ডেঢ়ি গোচৰ নোলোৱাৰ কোনো কাৰণ হ’ব নোৱাৰে। সকলো হীন দেৰি প্ৰশ্নৰ জৰিয়তে পৰিপূৰক হিচাপে ল’ব লাগে। গুচৰীয়াজনৰ অভিযোগ সদায়, সকলো ক্ষেত্ৰতে স্বয়ং সম্পূৰ্ণ হোৱাটো সম্ভৱ নহ’ব পাৰে। মিছা-সঁচা অনুসন্ধানত ওলাব। মিছা হ’লে গোচৰীয়াক বিচাৰৰ কাঠগড়াত হাজিৰ কৰাটো আৰক্ষীৰ দায়িত্ব আৰু অধিকাৰ। কিন্তু অনুসন্ধানৰ আগতেই বিচাৰ কৰাৰ অধিকাৰ অথবা দায়িত্ব আৰক্ষীৰ আইনগত নহয়। যদি কৰে, সেয়া অধিকাৰৰ অপপ্ৰয়োগ আৰু বেআইনী।
গোচৰৰ প্ৰত্যাখ্যান আৰক্ষীৰ অপৰাধ যদিহে কিয় প্ৰত্যাখ্যান কৰিলে তাৰ কাৰণ লিখিতভাৱে গুচৰীয়াক নজনায় আৰু থানাৰ পঞ্জীত অন্তৰ্ভূক্ত নকৰে। অধৰ্তব্য গোচৰৰ ক্ষেত্ৰত গুচৰীয়াক জনাব লাগিব যে ওচৰৰ ন্যায়িক দণ্ডাধীশৰ অনুমতি প্ৰাৰ্থনা কৰিব লাগে। যদি অনুমতি পোৱা যায়, তেনে অধৰ্তব্য গোচৰ ধৰ্তব্য গোচৰৰো দৰেই অনুসন্ধান কৰিব পাৰে।
থানাৰ আৰক্ষী বিষয়াই গ্ৰহণযোগ্য অভিযোগ পঞ্জীয়ন নকৰিলে অসম আৰক্ষী দায়বদ্ধতা আয়োগে আৰক্ষীৰ তেনে কাৰ্য অপৰাধ হিচাপে গণ্য কৰি অনুসন্ধান সাপেক্ষে পঞ্জীয়ন নকৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে মোকৰ্দ্দমা পৰ্যন্ত ল’বলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিব পাৰে। দোষী প্ৰমাণিত হ’লে-জেল-জৰিমনা হ’ব পাৰে। অসম আৰক্ষী আইনত এই সমূহ ব্যৱস্থা সন্নিৱিষ্ট আছে। এইখন আইনত বিশেষকৈ অভিযোগকাৰীক অধিকাৰ প্ৰদান কৰা আছে। সেয়ে আইনখনৰ ঐতিহাসিক প্ৰ্মূল্য বহু বেছি।
অৱশ্যে ফৌজদাৰী কাৰ্যব্যৱস্থামূলক আইনখনত স্পষ্টভাৱে উল্লেখ আছে এটা কথা। কথাটো হ’ল আৰক্ষীয়ে কিয় একোটা মোকৰ্দমা তদন্ত বা অনুসন্ধান নকৰিব পাৰে। যদি কোনো অভিযোগ তদন্তযোগ্য বুলি বিবেচিত হয়, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তাৰ কাৰণ থানাৰ দৈনিক পঞ্জীত লিপিবদ্ধ কৰিব লাগিব। আৰু অভিযোগকাৰীকো অৱগত কৰিব লাগিব কিয় অনুসন্ধান কৰিব নোখোজে।
আইনৰ এনে ব্যৱস্থা পালন নকৰি ভাৰপ্ৰাপ্ত বিষয়াই অভিযোগ সম্বন্ধে অৱগত হৈ অভিযোগ প্ৰত্যাখ্যান কৰে। ফলত অভিযোগকাৰী আৰক্ষীৰ প্ৰতি অসন্তষ্ট হয়। লিখা-পঢ়া নজনা অভিযোগকাৰীৰ প্ৰতি আইন প্ৰদত্ত ব্যৱস্থা সমূলি পালন নকৰাটো আৰক্ষীৰ অন্য এক ক্ৰুটি। মৌখিক অভিযোগ সততে গ্ৰহণ কৰা দেখা নাযায়। বৰং এক শ্ৰেণী পেছাদাৰী দৰ্খাস্ত লিখোতে লোকৰ হাতত এৰি দি অশিক্ষিত লোকসকলৰ অভিযোগসমূহ অনাহূত হস্তক্ষেপৰ আৱৰ্তলৈ ঠেলি দিয়া হয়। ফলত অভিযোগ পঞ্জীয়ন হোৱাৰ আগতে, অনুসন্ধান কি কৰিব আদি পক্ষপাত দুষ্ট বিচাৰত পৰিণত হয়। আইনৰ স্বকীয় বৈষম্যহীন ব্যৱস্থাত আঘাত হানে।
সেয়ে ফৌজদাৰী আইনৰ ১৫৪ ধাৰাৰ বিধি-বিধান পালন কৰি অভিযোগ অনুসন্ধান যোগ্য অপৰাধ(ধৰ্তব্য)সম্বন্ধে বিবেচিত হ’লে পঞ্জীয়ন কৰাৰ পদক্ষেপ লোৱাটো আৰক্ষীৰ পক্ষে ন্যায়সংগত কাম হ’ব। অপৰাধৰ ব্যাপকতা আৰু নিয়ন্ত্ৰণৰ অতীব প্ৰয়োজনীয়তাই আৰক্ষীক জনমুখী কৰি তোলাটো আজিৰ সময়ৰ সকলোতকৈ জৰুৰী প্ৰত্যাহ্বান।

বন্ধ, জংগী আন্দোলন , বিক্ষোভ , প্রতিবাদ – সমাধান সূত্র অথচ সুদূৰ পৰাহত…



বন্ধ, জংগী আন্দোলন , বিক্ষোভ , প্রতিবাদ – সমাধান সূত্র অথচ সুদূৰ পৰাহত

নায্য প্রাপ্তিৰ বাবে প্রতিবাদ-বিক্ষোভ কৰাটো মানুহৰ প্রাকৃতিক অধিকাৰ। সাৱলীলভাবে ধাৰাবাহিকতাৰ ৰূপত অসমৰ সামাজিক আৰু ৰাজনৈতিকক্ষেত্রত তাৰ বহিঃপ্রকাশ সদায় ঘটি আহিছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ মাধ্যম আন্দোলন, শোধনাগাৰ আন্দোলন, বিদেশী বিতাড়ন, সাৰ্বভৌমত্বৰ বাবে সশস্ত্ৰ আন্দোলন , নৃ-গোষ্ঠীয় জাতিগত আন্দোলন , জনজাতীয়কৰণ আন্দোলন আদিবোৰ সংগঠিত ৰূপত নাৰ্য্যতা প্রাপ্তিৰ বাবে কৰা আন্দোলনৰ উদাহৰণ।কোনো ঘটনাৰ তাৎক্ষনিক ৰূপত প্রতিক্রিয়া হিচাপে প্রকাশ ঘটা বহু অসংগঠিত গনতান্ত্ৰিক প্রতিবাদী পন্থাই আমাৰ জাতীয় জীৱনক দৈনন্দিনৰূপত জোকাৰি আহিছে। সমস্যা সমাধানৰ সূত্র হিচাপে যদি আমি সংগঠিত আৰু অসংগঠিত ৰূপত ঘটি থকা বন্ধ-আন্দোলন,পথ অৱৰোধ,অৰ্থনৈতিক অৱৰোধ ইত্যাদিবোৰক গন্য কৰো তেতিয়াহলে সুদূৰ প্রসাৰী ফলাফলৰ তুলাচনীত কিন্তু ই অসমতুল হিচাপৰ বাহিৰে একোৱে নহয়।
অসম আন্দোলনৰ জাৰজ সন্তান হিচাপে সৃষ্টি হোৱা “বন্ধ” অপ-সংস্কৃতিয়ে কিমানটা দৈনন্দিন জীৱনৰ ৰাজহুৱা/জাতিগত সমস্যা সমাধান কৰিলে সি প্রশ্নবোধক চিহ্ন। কিন্তু জাতীয় জীৱনৰ অৰ্থনৈতিক কাঠামোটোক যে বেয়াকৈ মাধমাৰ শোধালে সেইটো নিশ্চিত । কৰ্মসংস্কৃতিক অধঃপাতে যোৱাত এই অপসংস্কতিয়ে বহুলভাবে ইন্ধন যোগায় আহিছে। জাতীয় জীৱনক তৰান্বিত কৰিব নোৱাৰা, সৰ্বসাধাৰণক ধনাত্মক দিকদৰ্শন দিবলৈ ব্যৰ্থ হোৱা আৱেগিক জীৱনবোধত বিশ্বাসী এচাম তথাকথিত ছাত্র-ৰাজনৈতিক নেতাই বন্ধ অপসংস্কৃতিৰে অৰ্থনৈতিক জাতীয় স্হিতিক সদায় পণবন্দী কৰি আহিছে নিজৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত আৰু দুভাৰ্গ্যজনকভাৱে এনে ৰাজনৈতিক অদূৰদৰ্শিতাৰ বাবেই কোনো এনে অসমৰ নেতা আজি জনজীৱনত ৰাইজৰ নেতালৈ পৰ্যবসিত হ’ব পৰা নাই। ভাৰতীয় ৰাষ্টীয় ৰাজনৈতিক পটভূমিত দপদপাই থাকিব পৰা এজনো ৰাজনৈতিক নেতাৰ আজিলৈকে সৃষ্টি হোৱা নাই। তাহানিতে দেৱকান্ত বৰুৱা, হেম বৰুৱা তথা দিনেশ গোস্বামীয়ে ৰিক্ত কৰি অহা সেই স্হান কিন্তু কোনেও পুৰাব পৰা নাই। অথচ “নেতা” হোৱাৰ তথা ৰাজনৈতিক জীৱন গঢ়াৰ সপোন দেখা বহু ব্যক্তিয়ে বন্ধ, প্রতিবাদ আদিৰ কাৰ্যসূচীৰে জাতীয় জীৱনক সময়ে সময়ে পণবন্দী কৰি আহিছে। কৰ্মসংস্কৃতিক বুঢ়া আঙুলি দেখুৱাই ভালপোৱা গৰিষ্ঠ সংখ্যকলোকে “উপায় নাই” বুলি অজুহাত দেখুৱাই নতুবা প্রাণৰ ভয়ত/অপদস্থ হোৱাৰ আশংকাত বন্ধৰ আহ্বানক সদায় আখৰে আখৰে পালন কৰি আহিছে। 
নিদ্ধাৰ্ৰিত সময়তকৈ অলপ অধিক সময় বিনামূলীয়াকৈ শ্রমদান কৰি ৰাজ্যৰ সাৰ্বজনীন ভেটিটো আৰু অধিক টনকিয়াল কৰো বুলি কোনেও কিন্তু আজি আহ্বান কৰা নাই। তাৰ ফলশ্রুতিত পাৰিসাংখ্যিকভাবে অসমৰ অগ্রগতিৰ ধাৰা অন্য ৰাজ্যতকৈ তেনেই মন্থৰ। জাতিটোৰ অগ্রগতিক বাধা প্রদান কৰা “বন্ধ” অপসংস্কৃতিক অস্বীকাৰেৰে নিৰুৎসাহিত কৰাৰ পৰিবৰ্তে আমি গৰিষ্ঠসংখকে কেৱল জগৰীয়া কৰিছো চৰকাৰক। অথচ “বন্ধ” অপসংস্কৃতিৰ অনিয়ন্ত্ৰিত গতিৰ বাবে আমাৰ নিলিপ্ত ভুমিকাও সমানেই জগৰীয়া - যাক আমি অস্বীকাৰ কৰিব নোৱাৰো। 
ধনাত্মক দিশত জাতিটোক আহ্বান জনোৱাৰ সাহস নথকা কোনো দল বা নেতাৰেই ধ্বাংসত্মক আন্দোলনমুখী আহ্বান জনোৱাৰো কিন্তু নৈতিক অধিকাৰ থকা উচিত নহয়। কাৰণ বন্ধ, জংগী আন্দোলন, বিক্ষোভ-প্রতিবাদ আদিবোৰে জাতিটোৰ চিন্তাজগতখনক ৰাজনৈতিক,জাতিগত,ভাষাগত দিশত খন্ড-বিখন্ডিত কৰি তুলিছে। নিজক অসমীয়া বুলি পৰিচয় দিব পৰা, নিজৰ মাতৃভাষাটোক শুদ্ধকৈ লিখিব পৰা ব্যক্তি,যুৱক-যুৱতী তথা ছাত্র-ছাত্রীৰ আজি ভীষণ অভাৱ। নিজৰ নিজৰ জাতিসত্বা তথা অস্তিত্বক পৰিচয় দিবলৈ যাঁওতে ৰাজনৈতিক ধামখুমীয়াত পৰি গোটেই বৰঅসমখন ভাগহৈ পৰিছে। বিশ্বাসহীনতাৰে যেন জাতীয় জীৱনটো ভৰি পৰিছে।
সামগ্রিকৰূপত কিন্তু একবিংশ শতিকাৰ অসমখন হয়তো কিছুপৰিমানে পিছুৱাই যাব লগা হৈছে, যিটো আমি আৱেগ পৰিহাৰ কৰি হৃদয়ঙ্গম কৰিবলৈ ব্যৰ্থ হৈছো। ব্যক্তিস্বা্ৰ্থৰ উৰ্দ্ধত থাকি সামগ্রিকভাৱে জাতিটোৱে কিন্তু আত্মবিশ্লেষণ কৰাৰ ক্ষণ ইতিমধ্যে আহি পৰিছে।আৱেগক বাদ দি বিবেকক প্রাধান্য দিয়াৰ কিন্তু সময় সমাগত। মাধ্যম/ভাষা আন্দোলনে জন্ম দিলে উগ্র জাতীয়তাবাদৰ। শোধনাগাৰ /বিদেশী বিতাৰণ আন্দোলনে সৃষ্টি কৰিলে ছশ ছহিদৰ , কিন্তু বিদেশী আহি ৰাজ্যৰ জনগাঁথনিটো থুনুকা কৰিয়েই থাকিল।সশস্ত্র সংগ্রামে প্রায় দহহাজাৰ তেজাল অসমীয়া ডেকা-গাভৰুৰ জীৱন কাঢ়ি নিলে,অজস্রজন পংগু হ’ল, বৈধব্য/পুত্র-ভাতৃহীনতাৰে গাঁৱে-ভূঁঞে ভৰি পৰিল। কিন্তু আমি প্রতিদিন তথাকথিত বিক্ষোভ-প্রতিবাদ-বন্ধ পালন কৰি থাকিলো।
যদি এই পন্থাবোৰে মানুহক আগুৱাই নিয়াৰ পৰিবৰ্তে পিচুৱাইহে নিছে , সমস্যাবোৰৰ সমাধান সুদূৰ পৰাহত হৈয়েই আছে। তেতিয়াহলে সকলোৱে বন্ধ, জংগী আন্দোলন, বিক্ষোভ-প্রতিবাদ আদিবোৰ বাদ দি নিজে নিজৰ কৰ্মসংস্হানত দায়িত্বখিনি সূচাৰুৰূপে আৰু সততাৰে পালন কৰাটোহে প্রয়োজন, হয়তো ইয়েই সামগ্রিকভাবে “বন্ধ” অপসংস্কৃতিয়ে অস্থিৰ কৰি তোলা জাতীয় জীৱনৰ ভেটিটোক সবল কৰাত সহায় কৰিব।

লালডেংগাৰ সংগ্রাম আৰু আজিৰ মিজোৰাম

লালডেংগাৰ সংগ্রাম আৰু আজিৰ মিজোৰাম

‘এখন স্বাধীন মিজো ৰাষ্ট্র’ – লালডেংগাই মিজোবাসীক এই সপোন দেখিবলৈ শিকাইছিল। শ্বিলং আৰু দিল্লীৰ পৰা পৃথক এখন স্বাধীন ৰাষ্ট্রৰ সপোন দেখি হাজাৰ হাজাৰ মিজো যুৱকে MNF(তেতিয়াৰ Mizo National Famine Front)ত যোগ দিছিল। লালডেংগাৰ নেতৃত্বত নিজৰ প্রাণ দি হ’লেও স্বাধীনতাৰ কাৰণে যুঁজ দি যাবলৈ মিজোবাসী বদ্ধপৰিকৰ আছিল। কিন্তু লালডেংগা জানো শেষলৈ মিজোবাসীৰ আদৰ্শ হৈ থাকিল? আজিৰ বহুতো মিজোই বিশ্বাস কৰে বিপ্লৱৰ অন্তিম সময়ছোৱাত লালডেংগা এজন কম বিপ্লৱী আৰু বেছি ৰাজনৈতিক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।
অপাৰেচন জেৰিকোৰ অসফলতাৰ পিছত লালডেংগা মিজোৰাম এৰি পলাই গৈছিল। ম্যানমাৰ, বাংলাদেশ, চীন, ইংলেণ্ড আদি বিভিন্ন ঠাই ভ্রমি তেওঁ স্বাধীন মিজোৰামৰ দাবীক আন্তৰ্জাতিক ৰূপ দিবলৈ যত্নপৰ হৈছিল। কিন্তু ১৯৬৮ চনৰ শেষৰফালে গঠন হোৱা Research and Analysis Wing (RAW) য়ে অতি কৌশলেৰে লালডেংগাৰ বিপ্লৱক এক অন্য দিশলৈ লৈ যাবলৈ সক্ষম হৈছিল। পাহাৰে পৰ্বতে বগাই কৰা মিজো বিপ্লৱ ক্রমাৎ কোনোবা বিলাসী হোটেলৰ কোঠাত বহি ভাৰত চৰকাৰৰ লগত হোৱা এক আলোচনা বা অভিৱৰ্তনলৈ ৰূপান্তৰিত হৈছিল। আনহাতে ব্রিগেডিয়াৰ ছাইলোৰ নেতৃত্বত স্থাপিত নতুন আঞ্চলিক ৰাজনৈতিক দল People’s Conference য়ে মিজোবাসীক নতুন সপোন দেখুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে লালডেংগা আৰু MNF ৰ বিপ্লৱ পৰিগণিত হৈছিলগৈ অসফল শান্তি আলোচনা, বলপূৰ্বক ধন সংগ্রহ, বাৰম্বাৰ ভাৰত ত্যাগৰ নিৰ্দেশ, নেতাসকলৰ মাজত আদৰ্শৰ অমিল ইত্যাদিলৈ। মিজো বিপ্লৱ ছাগে আজিও প্রভাৱবিহীন হৈ ধিমিক-ধামাককৈ চলিয়ে থাকিলেহেঁতেন যদিহে ১৯৮৪ চনত ইন্দিৰা গান্ধীক হত্যা কৰা ন’হলহেঁতেন।
যুৱ প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে বিষয়বাব লৈয়ে ইখনৰ পিছত সিখন শান্তিচুক্তিত স্বাক্ষৰ কৰিবলৈ আৰম্ভ কৰিলে। পঞ্জাৱ আৰু অসম চুক্তিৰ পাছত তেওঁ মিজো চুক্তিৰ ওপৰতো জোৰ দিলে। অৱশেষত ৩০ জুন, ১৯৮৬ত মূল মিজো চুক্তি স্বাক্ষৰিত হয়। চুক্তিমতে মিজোৰামে পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্য্যাদা পায় আৰু লালডেংগাক তদানীন্তন মূখ্যমন্ত্রী হিচাপে নিয়োগ কৰা হয়। বহুতো সঁচা বিপ্লৱীয়ে সেইদিনা হিয়া ঢাকুৰি কান্দিছিল, অনুতপ্ত হৈছিল, কোনো অৰ্থ নোহোৱাকৈ তেওঁলোকৰ জীৱনৰ অমূল্য সময়বোৰ নষ্ট কৰাৰ কাৰণে।
ভাৰত চৰকাৰৰ বাবে মিজো চুক্তি অন্যতম সফল শান্তি চুক্তি। লালডেংগাৰ পিছত মিজোৰামৰ জাতীয়তাবাদী ভাৱধাৰাটো কেতিয়াও প্রচণ্ডভাৱে গা কৰি নুঠিল। মণিপুৰ বা নাগালেণ্ডৰ দৰে ইয়াত কোনো সংগঠন নাই যিয়ে এতিয়াও স্বাধীন ৰাষ্ট্রৰ সংগ্রাম চলাই আছে। আজিৰ মিজোৰাম সম্পূৰ্ণ শান্ত।
বহুতেই ক’ব পাৰে মিজো বিপ্লৱৰ সমাপ্তি চৰম লজ্জাজনক আৰু লালডেংগা ইয়াৰ মূল জগৰীয়া। কিন্তু এই মিজো বিপ্লৱেই ভাৰতৰ পূৰ্ব প্রান্তৰ সৰু অঞ্চলটোক ভাৰত আৰু পৃথিৱীৰ লগত পৰিচয় কৰাই দিলে। কলকাতাতেই ভাৰতখন শেষ হৈ যোৱা বুলি ভবা দিল্লীৰ বৰমূৰীয়াসকলে তবধ মানি চাই ৰ’ল এটি সৰু জাতিৰ সাহস আৰু পৰাক্রম। আজিৰ মিজোবাসীৰ কাৰণে এইটো কাৰণেই পৰ্য্যাপ্ত লালডেংগাক এজন নায়কৰ আসনত বহুৱাবলৈ। সেই কাৰণেই ছাগে ট্রেজাৰী স্কোৱেৰৰ সেই স্মৃতিসৌধটোৰ সন্মুখেৰে খোজকাঢ়ি যাওতে প্রতিজন মিজোৰে বুকুখন কিছু হ’লেও ফুলি যায়।

নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা

ৰিচাৰ্ড ফাইনমেনৰ এখন প্ৰখ্যাত চিঠিৰ অসমীয়া অনুবাদ

নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা

[“স্কে’লাৰ নিউক্লিয়নৰ নিজস্ব শক্তি” শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন চিঠি লিখিছিল। ফাইনমেনে কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব টেকন’ল’জি (CALTECH)ত অধ্যাপনা কৰিবৰ সময়ত মান’ও তেওঁৰ ছাত্ৰ আছিল। কোৱাণ্টাম বিদ্যুত্গতিবিজ্ঞানলৈ আগবঢ়োৱা বৈপ্লৱিক অৱদানৰ বাবে ৰিচাৰ্ড ফাইনমেনে ১৯৬৫ চনত জুলিয়ান ছিৱিংগাৰ আৰু ছান-ইতিৰো তোমাংগাৰ সৈতে যুতীয়াভাৱে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। মান’ৰ চিঠিখনৰ সঁহাৰি জনাই ফাইনমেনে লিখা চিঠিখনত তেওঁ সেইসময়ত কৰি থকা কামৰ বিষয়ে সুধিলে। মান’ৱে উত্তৰত জনাইছিল যে তেওঁ “অশান্ত বায়ুমণ্ডলৰ মাজেৰে বিদ্যুৎচুম্বকীয় তৰংগৰ গতিৰ প্ৰায়োগিক দিশ আৰু এই সম্পৰ্কীয় সুসংলগ্ন তত্ত্ব” সম্পৰ্কে অধ্যয়ন চলাই আছে। তেতিয়া ফাইনমেনে মান’লৈ তলৰ চিঠিখন লিখিছিল। তাত অন্তৰ্গত “নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা” (Do not remain nameless to yourself) শাৰীটোৰে চিঠিখন অধিক প্ৰখ্যাত। চিঠিখনৰ জৰিয়তে বৈজ্ঞানিক অন্বেষণৰ পদ্ধতি আৰু ইয়াৰ উদ্দেশ্য কেনে হোৱা উচিত, আৰু ইয়াৰ পৰা আহৰণ কৰিব পৰা অপৰিসীম আনন্দৰ বিষয়ে ৰিচাৰ্ড ফাইনমেনৰ নিজস্ব দৃষ্টিভংগী ফুটি উঠিছে। চিঠিখনৰ ভাৱানুবাদ তলত অগবঢ়োৱা হ’ল।]

মৰমৰ কইচি,
তোমাৰ চিঠিখন পাই বৰ আনন্দ পাইছোঁ। লগতে জানি সুখী হৈছোঁ যে তুমি তোমাৰ বিজ্ঞান গৱেষণাগাৰত এনে এখন স্থান লাভ কৰিছা।
কিন্তু চিঠিখনৰ পৰা, তোমাক সুখী নহয় বুলি অনুভৱ কৰি ময়ো দুখ পাইছোঁ। এনেকুৱা লাগিছে যে তোমাৰ শিক্ষকৰ প্ৰ্ৰভাৱে তোমাক প্ৰকৃত সমস্যানো কি সেই সম্পৰ্কে এক ভ্ৰান্তিকৰ ধাৰণা দিছে। সেইবোৰকহে প্ৰকৃত সমস্যা বুলিব পাৰি যিবোৰ তুমি সমাধান কৰিব পাৰিছা বা সমাধানৰ ক্ষেত্রত যৎসামান্য পৰিমাণে হ’লেও বৰঙণি যোগাব পাৰিছা। বিজ্ঞানত সমস্যা এটা তেতিয়াহে চমৎকাৰী, যেতিয়া সেইটো আমাৰ সন্মুখত অসমাধিত ৰূপত পৰি আছে আৰু আমি সমস্যাটোৰ ভিতৰত মূৰ সুমুৱাবলৈ এটা বাট বিচাৰি পাওঁ। মই তোমাক এইটোতকৈও সহজ বা তুমি কোৱাৰ দৰে এইটোতকৈ সাধাৰণ সমস্যা সমাধান কৰিবলৈ উপদেশ দিম। অন্ততঃ যেতিয়ালৈকে তুমি সাধাৰণ হ’লেও সহজে সমাধান কৰিব পৰা মনোমত সমস্যা বিচাৰি নোপোৱা। তেতিয়াহে তুমি সাফল্য আৰু তোমাৰ সংগীক সহায় কৰাৰ আনন্দকণ পাবা। তোমাতকৈ নিকৃষ্ট যোগ্যতাৰ সহকৰ্মীৰ দৃষ্টিত সেইটো মাত্ৰ এটা প্ৰশ্নৰ সমাধান হ’লেও কোনো কথা নাই। তুমি সুখ আহৰণৰ এনেবোৰ উৎসৰ পৰা নিজকে আঁতৰাই ৰখাটো উচিত হোৱা নাই, যিহেতু কোনবোৰ কাম সমাধানযোগ্য সেই সম্পৰ্কে তোমাৰ ধাৰণা সঠিক নহয়।
মই কেৰিয়াৰৰ উচ্চ শিখৰত থকাৰ সময়তে তুমি মোক লগ পাইছিলা। তোমাৰ হয়তো এনে লাগিছিল যেন মই একেবাৰে ভগৱানৰ নিকটৱৰ্তী সমস্যাৰ লগত জড়িত হৈ আছোঁ। কিন্তু সেই সময়তে মোৰ আন এজন পি.এইচ.ডি. ছাত্ৰ আছিল (এলবাৰ্ট হিব্চ), যাৰ গৱেষণা-পত্ৰখনৰ আধাৰ আছিল বতাহৰ প্ৰভাৱত কেনেদৰে সমুদ্ৰপৃষ্ঠৰ উপৰিভাগত তৰংগ সৃষ্টি হয়, তাৰ কাৰণ নিৰ্ণয়। মই তেওঁক ছাত্ৰ হিচাপে গ্ৰহণ কৰিছিলোঁ কিয়নো তেওঁ নিজে সমাধান কৰিব বিচৰা সমস্যা এটা লৈ মোৰ ওচৰলৈ আহিছিল। কিন্তু তোমাৰ ক্ষেত্ৰত মই এটা ভুল সিদ্ধান্ত ল’লোঁ, তোমাক নিজাববীয়াকৈ বিষয় এটা বাছি উলিওৱাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে মই নিজেই তোমাক সমস্যা নিৰ্বাচন কৰি দিলোঁ। লগতে প্ৰকৃতাৰ্থত কোনবোৰ সমস্যা আমোদজনক, আনন্দদায়ক আৰু সঁচাই সমাধান কৰিবলগীয়া; সেই সম্পৰ্কে তোমাক ভুল ধাৰণাৰেই এৰি দিলোঁ। এই ভুলটোৰ কাৰণে মই বৰ দুখ পাইছোঁ, তুমি মোক ক্ষমা কৰি দিবা। এই চিঠিখনেৰেই মই পূৰ্বৰ ভুলটোৰ কিছু শুধৰণি কৰিব বিচাৰিছোঁ।
মই জীৱনত অসংখ্য সমস্যা সমাধানত হাত দিছোঁ, যিবোৰ হয়তো তুমি সাধাৰণ বা বৈশিষ্ট্যহীন বুলি ক’বা। কিন্তু সেইবোৰত হাত দি মই অপৰিসীম আনন্দ পাইছোঁ আৰু এতিয়া ভাবি ভাল লাগে যে ইয়াৰে কিছুসংখ্যকত আংশিকভাৱে সাফল্যও লাভ কৰিছিলোঁ। উদাহৰণস্বৰূপে, ঘৰ্ষণ বলেনো কেনেকৈ কাম কৰে সেইটো জানিবলৈ অত্যন্ত মিহি পৃষ্ঠৰ ওপৰত কৰা ঘৰ্ষণ গুণাংক সম্পৰ্কীয় পৰীক্ষাকেইটাৰ কথা উনুকিয়াব পাৰি (এইক্ষেত্ৰত বিফল হৈছোঁ)। অথবা স্ফটিকৰ বৈদ্যুতিক ধৰ্মবোৰ আন্তঃপাৰমাণৱিক বলৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল, বিদ্যুৎলেপন দিয়া ধাতুৰ দণ্ডক কেনেদৰে প্লাষ্টিকৰ সৈতে লিপিট খুৱাব পাৰি (ৰেডিঅ’ৰ নবৰ দৰে), ইউৰেনিয়ামৰ পৰা কেনেদৰে নিউট্ৰনবোৰ বাহিৰ ওলাই আহে, কাঁচেৰে আবৃত ফিল্মত কেনেকৈ বিদ্যুৎচুম্বকীয় তৰংগৰ প্ৰতিফলন হয়, বিস্ফোৰণৰ সময়ত আকস্মিক তৰংগৰ উৎপত্তি, নিউট্ৰন গণকৰ (neutron counter) আৰ্হি, কিছুমান মৌলই কিয় L-কক্ষপথৰ পৰা ইলেকট্ৰন শোষণ কৰে কিন্তু K-কক্ষপথৰ পৰা নকৰে, কাগজ ভাঁজ কৰি কিদৰে এক বিশেষ ধৰণৰ শিশুৰ বাবে খেলনা সামগ্ৰী সাঁজিব পাৰি সেইসম্পৰ্কীয় সাধাৰণ তত্ত্ব (ইয়াক ‘ফ্লেক্সাগন’ বোলা হয়), পাতল নিউক্লিয়াছৰ শক্তিস্তৰ – ইত্যাদি বিভিন্ন বিষয়ত হাত দিছোঁ। ধুমুহাৰ গতি-প্ৰকৃতি সম্পৰ্কে চলোৱা গৱেষণাত সাফল্য নোহোৱাকৈ কেবাবছৰ পাৰ কৰিছোঁ। এইবোৰৰ লগতে কোৱান্টাম তত্ত্বৰ লগত জড়িত মহা মহা সমস্যাবোৰটো আছেই।
যদি আমি কিছু হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ, তেনেক্ষেত্ৰত কোনোতো সমস্যাই সম্পূৰ্ণৰূপে সৰু বা সাধাৰণ নহয়।
তুমি কৈছা যে তুমি এজন অখ্যাত ব্যক্তি। তোমাৰ পত্নী আৰু সন্তানৰ বাবে তোমাৰ বিশেষ মূল্য নাই বুলি ভাবিছা। তোমাৰ ঘনিষ্ঠতম সহযোগীসকলৰ দৃষ্টিত তুমি বেছিদিন সেইধৰণে থাকিব নালাগে যদিহে তেওঁলোক তোমাৰ কাৰ্য্যালয়লৈ আহিলে তুমি তেওঁলোকৰ সৰু সৰু প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰা। তুমি মোৰ দৃষ্টিত অখ্যাত বা গুৰুত্বহীন নহয়। নিজকে নিজে কেতিয়াও অখ্যাত বুলি নাভাবিবা। এনেদৰে ভবাটো অত্যন্ত দুখদায়ক কথা। এই পৃথিৱীত তোমাৰ প্ৰকৃত স্থানখন ভালদৰে চিনি লোৱা আৰু নিজকে সঠিকভাৱে মূল্যায়ন কৰা। এইক্ষেত্ৰত তোমাৰ ডেকাকালৰ অপঁইতা ধাৰণাবোৰ বাদ দিয়া আৰু তোমাৰ শিক্ষকবোৰৰ আদৰ্শ সম্পৰ্কে তোমাৰ ভ্ৰান্তিমূলক কাল্পনাখিনিও বাদ দিয়া।
                                                                          অশেষ প্ৰীতি আৰু শুভেচ্ছা জনাই,
                                                                          আন্তৰিকতাৰে,
                                                                         ৰিচাৰ্ড পি. ফাইনমেন

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts