মানুহক
নজনা কথা শিকোৱাটোৱেই শিক্ষাৰ অৰ্থ নহয়৷ শিক্ষাৰ অৰ্থ হৈছে মানুহে নজনা
আচাৰ-ব্যৱহাৰৰ শিক্ষা দিয়া৷ কিয়নো প্ৰগতিৰ পথ সুগম কৰাত সৰু-সুৰা
ব্যৱহাৰ-পাতিবোৰে অদ্ভুত ধৰণে প্ৰভাৱ পেলায়৷ সেয়েহে কোৱা হয়, শিষ্টাচাৰ
প্ৰথম অধ্যায়, তাৰ পিছতহে পঢ়া-শুনা ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে মানৱ
শৰীৰৰ দুটা প্ৰান্তত দুটা অংগ আছে৷ এটা বহিবলৈ আৰু আনটো চিন্তা কৰিবলৈ৷ এই
অংগ দুটিৰ প্ৰয়োগ কোনে কেনে ধৰণে কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে সেই মানুহৰ
বিকাশ আৰু উদ্গতিৰ সমস্ত যোগ-বিয়োগ-পূৰণ-হৰণ৷ সজ আৰু উচ্চ চিন্তাইহে
মানুহক সঁচা মানুহ কৰে৷ কেৱল উচ্চ শিক্ষাই কৰিব নোৱাৰে৷ সৎ চিন্তাক কামলৈ
ৰূপান্তৰিত কৰিব পাৰিলেহে ইয়াৰ সুফল পোৱা যায়৷ সেয়েহে শিক্ষাৰ উদ্দেশ্য
হোৱা উচিত মানুহক চিন্তা কৰিবলৈ শিকোৱা৷ কোনো পাঠ্যপুথিয়ে ইয়াৰ বিকল্প
হ’ব নোৱাৰে৷ কেৱল পৰীক্ষাত পাচ কৰাটোৱেই যেনেকৈ পঢ়াৰ লক্ষ্য হোৱা অনুচিত,
তেনেকৈ পাঠ্যপুথিয়েই অধ্যয়নৰ শেষ কথাও নহয়৷ জ্ঞান আহৰণ কৰাটোহে সাৰ৷
মানুহ হ’বলৈ হ’লে অন্তহীন শিক্ষাৰ আৱশ্যক৷ এই অনন্ত শিক্ষা লভিবৰ বাবে সকলো
সময়তে খোলা ৰাখিব লাগিব চকু-কাণ, মন-মগজু৷ আনহাতে যি শিক্ষাই আনৰ হাতত
বিক্রী যাবলৈ শিকায় তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ যধামূৰ্খ হোৱাও বহুগুণে
ভাল৷ কাজেই শিক্ষাই এনে লোক সৃষ্টি কৰিব লাগিব যাৰ ক্ষেত্ৰত সু-সংস্কৃত
গুণ আৰু বিচক্ষণ জ্ঞান দুয়োটা সমানে দেখা যায়৷ আনহাতেদি, আনুষ্ঠানিক
শিক্ষানুষ্ঠানত প্ৰদান কৰা ডিগ্ৰী-ডিপ্লমাসমূহ কোনো চাকৰি-বাকৰিৰ বাবে
পাৰ-পত্ৰহে মাথোন ৷ ঘাত-প্ৰতিঘাত অতিক্রম কৰি জীৱনক সফল ভেটিত স্থাপন
কৰোৱাৰ এইবিলাক কোনো গেৰাণ্টী কাৰ্ড নহয় ৷ সংসাৰত গাৰ বলেৰে সংগ্ৰহ কৰিব
নোৱাৰা বস্তুটো হ'ল জ্ঞান৷ জ্ঞান আৰ্জিবলৈ একমাত্ৰ আৱশ্যক অধ্যয়নৰ ৷
অধ্যয়ন শিক্ষাৰ অংগ, সৃষ্টিৰ বীজমন্ত্ৰ ৷ অনবৰতে নিজৰ বুদ্ধি আৰু প্ৰতিভা
প্ৰমাণ কৰাৰ বাবে পথৰ সন্ধান অব্যাহত ৰখা মানুহক তেওঁৰ ভিতৰৰ সম্পদৰাজি
নিজৰ উপৰি দহজনৰ মংগলাৰ্থে বিনিয়োগ কৰাৰ মানসিকতা গঢ় দিব পাৰে অধ্যয়নেই ৷
(মোৰ YouTube চেনেল এই লিংকত টিপি Subscribe কৰক youtube.com/c/TultulKutum1)
জীৱৰ শ্ৰেষ্ঠ স্বপ্নই হৈছে সৃষ্টিৰ গোপন আকাংক্ষা ৷ সৃষ্টিশীল মনোভাৱ
অবিহনে এই যান্ত্ৰিক পৃথিৱীত ক্ষন্তেক সময় অতিবাহিত কৰিবলৈকো কিমান যে
কঠিন! সেয়ে সদায়ে এক সৃষ্টিধৰ্মী মনোভাৱত নিজকে আবৃত কৰি ৰখাৰ চেষ্টা কৰা
উচিত ৷ আশাবাদী আৰু সুস্থ চিন্তাৰ জৰিয়তে সৃজনাত্মক মনোভাৱেৰে শ্ৰেষ্ঠ
কৰ্মত মনোনিৱেশ কৰিলে গভীৰ মানসিক প্ৰশান্তি লাভ হয় ৷ তদুপৰি এদিন নহয়
এদিন সফলতা আহিবই৷ কালজয়ী সৃষ্টিৰ বাবে মানুহক প্ৰয়োজন অশেষ ধৈৰ্য, কষ্ট,
সাহস আৰু সাধনাৰ ৷ শাৰীৰিক সবলতাতকৈ মানসিক সবলতাই সৃষ্টি তথা উন্নতিৰ
কল্পবৃক্ষ বৃদ্ধিত অধিক সহায়ক হয় ৷ মনেই মানুহৰ মানসিক ক্ষমতাসমূহৰ
প্ৰধান উৎস ৷ মনৰ উৎকৰ্ষ সাধনৰ দ্বাৰাহে সাফল্য আশা কৰিব পাৰি ৷ মনৰ উৎকৰ্ষ
সাধন মানেই সুন্দৰৰ পূজা ৷ সকলো মানুহেই কম-বেছি পৰিমাণে সৃষ্টিশীল কৰ্ম
কৰিব পাৰে ৷ অন্তৰৰ ব্যাকুলতাই উপলব্ধ নকৰালে বাহ্যিক দিশৰ পৰা মানুহক
কোনেও সৃষ্টিশীল কৰাব নোৱাৰে৷ সৃষ্টিশীল মনটো একান্তভাৱে নিজৰ অন্তৰ্দেশ বা
ভিতৰৰ পৰাই গঠন হ’ব লাগিব ৷ নিজৰ ভিতৰত থকা সৃজনাত্মক প্ৰতিভাক কৰ্ষণ কৰি
নৈতিক চেতনাৰ দ্বাৰা পৰিচালিত হ’বলৈ যত্ন কৰিলে মানুহ সুখী হয়৷
Profession does not always go on with one's qualification. মানুহ
তেতিয়াই সঁচাকৈ সুখী হয় যেতিয়া মনে মিলা বৃত্তিত আত্মনিয়োগ কৰি জীৱিকা
নিৰ্বাহ কৰিবলৈ পায় আৰু তেওঁৰ সৎ উপাৰ্জনে জীৱনটো পৰিচালনা কৰাত সমল
যোগায় ৷ জীৱিকা আৰু জীৱন দুটা পৃথক বিষয় ৷ জীৱন যদি লক্ষ্য, জীৱিকা উপায়
মাত্ৰ ৷ জীৱনৰ কৰ্মক্ষেত্ৰ আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰও দুটা ভিন্ন বস্তু ৷
যাৰ ক্ষেত্ৰত এই দুয়ো কৰ্মক্ষেত্ৰ একেখনেই হয় তাৰ সমান সুখী আন কোনো হ’ব
নোৱাৰে ৷ নিৰ্ভুল-নিশ্চিত আৰু প্ৰকৃত কৰ্মজীৱন বাছি লোৱাৰ বাবে প্ৰয়োজন
সাহসৰ, কেতিয়াবা হয়তো অতিমাত্ৰা সাহসৰ ৷ জীৱনৰ বাবে বাছি লোৱা বিষয় আৰু
সৃষ্টিৰ বিষয়, অন্য কথাত জীৱিকাৰ বিষয় আৰু নিজৰ ভাল লগা বিষয় যদি একে
হয় তেন্তে তাক ক’ব পাৰি সৰ্বোত্তম যুগলবন্দী ৷ নিচা আৰু পেছা যাৰ এক, তাৰ
বিকাশো পৰিসৰ বা সীমাহীন ৷ পৃথিৱীয়ে তেওঁলোকক হাত চাপৰি বজাই অভিনন্দন জনায়৷
মানুহে জীৱনত পাব পৰা অপৰিমেয় সুখ-সন্তুষ্টি-সফলতা নিৰ্ভৰ কৰে উপযুক্ত
শিক্ষা, সৃষ্টিশীল মনোবৃত্তি আৰু শুদ্ধ বৃত্তি নিৰ্বাচনৰ ওপৰত৷
No comments:
Post a Comment