এজন প্ৰখ্যাত খনিকৰ আছিল। যি যিকোনো মানুহৰ অবিকল প্ৰতিমুৰ্তি সাজিব পাৰিছিল ।
লাহে লাহে খনিকৰজন বুঢ়া হৈ আহিল । মৃত্যু তেওঁৰ ওচৰ চাপি আহিল। খনিকৰ জনক মৃত্যু ভয়ে খেদি ফুৰিবলৈ ধৰিলে।
কি কৰিম, নকৰিম বুলি ভাবি, মৃত্যুৰ পৰা বাচিবলৈ , তেওঁ নিজৰেই ১১ টা অবিকল মুৰ্তি সাজিলে। যাতে যমদূতেও আহি তেওঁক চিনি নেপায় !!!
অৱশেষত যমদূত আহিল। কিন্তু সাইলাখ বাৰজন অবিকল মানুহ দেখি যমদূত হায়ৰাণ হৈ
গ'ল । কাক নিব কাক থ'ব ? এৰি থৈ গ'লেও প্ৰকৃতিৰ নিয়ম উলংঘণ হ'ব আৰু শিল্পৰ
প্ৰতি থকা সন্মানৰ বাবে, মুৰ্তি কেইটাও মৰিয়াই চাব নোৱাৰে ।
(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও
নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
অৱশেষত যমদূতে ক'লে- ইমান সুন্দৰ আৰু অবিকল মুৰ্তি বনাব পৰা মানুহ মই
কেতিয়াও দেখা নাই ! পিছে মূৰ্তিবোৰ বনাওঁতে তেওঁ বাৰু এই সৰু ভুলটো কিয়
আজীৱন কৰি গ'ল ।
কথাষাৰ শুনি খনিকৰ জনৰ মনত অহংকাৰ ভাৱ জাগি উঠিল ।
তেওঁ চিঞৰি ক'লে- কি ভুল দেখিলেহে ?
যিহেতু মানুহৰ মূৰ্তি বা প্ৰতিমাই মাত দিব নোৱাৰে সেয়ে যমদূতে মাত দিয়া
মূৰ্তিটোকেই খনিকৰজন বুলি চিনাক্ত কৰি হাতত থাপ মাৰি ধৰিলে আৰু ক'লে-
সেইটোৱেই ভুল। অহংকাৰেই হ'ল তোমাৰ জীৱনৰ প্ৰধান ভুল। গোটেই জীৱনটো তুমি
এইটো অহংকাৰতেই ডুবি থাকিলা যে, কোনো খুঁট নথকাকৈয়ে তুমি অবিকল মুৰ্তি
সাজিব পাৰা। কিন্তু অন্তিম সময়ত সেই অহংকাৰেই তোমাক অতি বেয়াকৈ ঠগন দিলে
!!!!
No comments:
Post a Comment