পাপুয়ে বাইক এখন লব তাৰ বাবে ড্ৰাইভিং লাইছেন্স এখন লাগে । চাৰিবাৰ
পৰীক্ষা দিলে প্ৰতিবাৰে ফেল । এইবাৰ আকৌ গল DTO অফিচত । চাৰিবাৰকৈ পৰীক্ষাত
বহা লৰাজনক অফিচৰ সকলোৱে চিনি পোৱা হৈছিল !
ইন্টাৰভিউ লবলৈ এম ভি আই জনে তাক মাতিলে - ঐ পাপু তোক এটাই মাত্র প্ৰশ্ন সুধিম, চিধা- চিধি উত্তৰ দিবি । পাৰ যদি লাইচেন্স পাবি ।
.
পাপু: ফুল কনফিডেন্স, হব ছাৰ....
.
MVI : তই পাহাৰৰ এটি সৰু লুং-লুঙীয়া ৰাষ্টাৰে বাইক চলাই গৈ আছ । তোৰ
বাইকখন কিবাকে যাব পাৰে আৰু ৰাস্তাটোত । কাটি নিয়াও ৰাষ্টা নাই । গৈ আছ গৈ
আছ । হঠাতে তোৰ বিপৰীত দিশৰ পৰা এজনী ধুনীয়া ছোৱালী আৰু এজনী বুঢ়ী আহিল,
তই তেতিয়া কাক মাৰিবি ?..
.
নাকটো মোহাৰি মোহাৰি পাপুয়ে ভাবিলে ।
বুঢ়ীতো এনেই মৰিব কেইদিনমান পিছত । ছোৱালীতো কম বয়সীয়া, লগতে ধুনীয়াও ।
যদি তাইক বচাও , তাই মোক ভাল পাব আৰু ভাল পালে মস্তি লাগিব। ধুনীয়া
ছোৱালী বিয়াও পাতিব পাৰিম পিছতগৈ ।
.
পাপু : বুঢ়ীকে মাৰিম ছাৰ।
.
MVI : উম । তেন্তে তই বুঢ়ীক মাৰিবি । হব যা, তই আকৌ ফেল । ইয়াৰ পৰা ফুট এতিয়া ।
(দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
পাপু Confused । খঙো উঠিছে তাৰ । মনতে ভাবিলে- চালা বুঢ়ীতো তাৰ শাহুৱেক
নেকি বে ? বুঢ়ীক মাৰিলে তাৰ কি যায় ? ঘৰ আহি গোটেই ৰাতি ভাবি থাকিলে
পাপুৱে । কিয় সি ফেল কৰিলে ? বুঢ়ীটো কি হয় তাৰ ? ছোৱালীজনীক মাৰিলে কিয়
পাছ হল হৈ সি ? ছোৱালীজনী মাৰিলে MVI টোৰ কি লাভ হব ? ৰাতি টোপনি নাহিল
তাৰ।
পিছদিনা পাপু আকৌ অফিচ গল । MVI জনক লগ ধৰি সুধিলে - ছাৰ মই যে ফেইল হলো মই কি ছোৱালীজনীক মাৰিব লাগিছিল নেকি ? . . . . .. .
MVI: নহয় অ গাধ । তই ব্ৰেক মাৰিব লাগিছিল !
.
পাপু ফিউচ !!
No comments:
Post a Comment