চাকৰিলৈ যোৱা পাছত তপনৰ পত্নী অকলে থাকে ।নগেন সেই সময়তে আহি কলিং বেল বজালেহি । তপনৰ পত্নী ওলাই আহি সুধিলেহি......
তপনৰ পত্নী=হয় কওকচোন ।
নগেন=আপুনি ইমান ধুনীয়া ।
লগে লগে তপনৰ পত্নীয়ে দৰজা বন্ধ কৰি গুছি যায় ।পিছদিনা একে সময়তে আকৌ বেল বজালে।
তপনৰ পত্নী=কি আছিলে ।
নগেন=আপুনি ইমান ধুনীয়া ।
কথাষাৰ কোৱাৰ লগে লগে তপনৰ পত্নীয়ে আকৌ দৰজা বন্ধ কৰি ভিতৰলৈ গুছি যায় ।
এনেকে তিনিদিন মান হোৱা পাছত তপন চাকৰিলৈ বুলি ওলাব লওঁতে তপনৰ পত্নীয়ে
তপনৰ আগত বিৱৰি কলে ।
(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে
ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube
চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
তপনৰ পত্নী=হেৰি আপুনি নথকা অৱস্থাত মানুহ এজন আহি কালিলৈকে একেটা কথাকে কয়হি । আজিও আহিব ছাগে ।
তপন=কি কয় তোমাক?
পত্নী=আপুনি ইমান ধুনীয়া কওতে মই দৰজাখন মাৰি ভিতৰত গুছি যাও ।
তপন=ঠিক আছে আজি মই কামলৈ নেযাঁও । আৰু আজি তুমি দৰজা মাৰি গুছি নাহিবা মই
তোমাৰ পিছফালে টাঙোন এডাল লৈ ৰৈ থাকিম । দিম এসেকা তাক ভালকৈ ।
নগেনে আগৰ কেইদিন অহাৰ সময়তে সেইদিনাও আহি বেল বজালে । তপন সাজু হৈ আছে পত্নীৰ পিছফালে আৰু তপনৰ পত্নীয়ে দৰজা খুলি-
তপনৰ পত্নী=হয় কওঁক ।
নগেন=আপুনি ইমান ধুনীয়া ।
তপনৰ পত্নী=আৰু কিবা কব লগা আছে নেকি?
নগেন=সদায় কম বুলিয়ে আহোঁ আপুনিহে নুশুনে ।আপুনি ইমান ধুনীয়া তাৰ পাছতো আপোনাৰ মানুহজনে মোৰ শ্ৰীমতীৰ লগত লিলিমাই কৰে ।
পিছফালে ৰৈ থাকিম কোৱা তপনক পত্নীয়ে আজিও বিচাৰি পোৱা নাই..
😂
😂
😂
😝
😝
😝
No comments:
Post a Comment