Ad

Wednesday, June 20, 2018

বুঢ়া ডাঙৰীয়াৰ লগত সাক্ষাত


বুঢ়া ডাঙৰীয়াৰ লগত সাক্ষাত

             By Tultul Kutum

(ইয়াত বৰ্ণিত কাহিনী একেবাৰে সত্য ঘটনাৰ ওপৰত আধাৰিত। অলৌকিক শক্তিৰ ওপৰত এতিয়াও বিশ্বাস নাই কিন্তু ইয়াত বৰ্ণিত ঘটনাটিও একেবাৰেই সচাঁ ঘটনা)


(মোৰ ইউটিউব চেনেল এই লিংকত subscribe কৰিব-

মোৰ ডেকা কালৰ কথা। আমাৰ গাঁৱৰ পৰা দুখন গাঁও পাৰ হৈ আন এখন গাঁৱৰ ছোৱালী এজনীক ভাল পাইছিলো। তেতিয়া আজি কালিৰ নিচিনাকৈ মোবাইল নাছিল। মনৰ কথা ছোৱালীক কব লাগিলে হয় নিজে লগ ধৰি ছোৱালীক ক'ব লাগিব নহলে চিঠি লিখিব লাগিব। চিঠি দি পঠালেও সেইখন আকৌ দুই তিনিজন মানুহৰ হাত বাগৰি সবে চিঠিৰ প্ৰতিটো শব্দ মুখস্থ কৰাৰ পিচতহে ছোৱালীৰ হাতত পৰেগৈ। সেইকাৰণে চিঠি কমকে দি নিজে গৈ মাজে সময়ে লগ কৰি মনৰ কথাবোৰ পাতি আহোঁ।
টিউচন কৰি বাই চাইকেল এখন কিনিছিলো আৰু সেইখনেই মোৰ সকলো যাত্ৰাৰ সহচৰ আছিল। মোৰ প্ৰেয়সীৰ গাঁৱলৈ প্ৰায় পাঁচ কিলোমিটাৰৰ বাট যদিও মনৰ জোচত তাইৰ গাঁও আৰু ঘৰখন আমাৰ ঘৰৰ চোতালতে থকা নিচিনা লাগিছিল। সেই সময়ত আমাৰ অঞ্চলত বাট পথ একেবাৰে ভাল নাছিল। আমাৰ গাঁৱৰ পৰা তাহাঁতৰ গাঁৱলৈ পথাৰৰ মাজেদি যেনে তেনে চাইকেল চলাব পৰা ৰাস্তা এটা আছিল আৰু মই সেই বাটেদি মাহত কমেও দহবাৰমান তাহাঁতৰ গাঁৱলৈ অহা যোৱা কৰিছিলোঁ।
বহাগ মাহৰ কোনোবা এদিন মোৰ সপোন কুঁৱৰীয়ে মাতি পঠিওৱাত দুপৰীয়াই গৈ তাইৰ ঘৰ পালো যদিও তাইৰ লগত কথা বতৰা পাতি শেষ হোৱাৰ পিছতো তাহাঁতৰ গাঁৱৰ ল'ৰাবোৰে আপং পানী খাবলৈ বৰ জোৰ কৰি লগ ধৰাত গাঁৱৰ লৰাবোৰক সংগ দিব লগা হ'লো। মাজে মাজে ছেগ চাই বিদায় লব খোজো যদিও যাব নিদিয়ে। তেনেকৈয়ে সময় পাৰ হৈ ৰাতি এঘাৰটামান বাজিল। তাৰ পিচতো পুনৰ ভাত খাই যাবলৈ জোৰ কৰাত উপায় নেপায় ভাত খাব লগা হ'লো। ভাত খোৱাৰ পিচত দেৰি হ'ল আজি যাব নেলাগে বুলি কৈছিল যদিও মই যামেই বুলি ক'লো। কাৰণ মই য'লৈকে গলেও ৰাতি ঘূৰি আহো কাৰণে মাই সদায় ভাত নোখোৱাকৈ মোলৈ ৰৈ থাকে। সেইকাৰণে সকলো কথা ভাবি গুনি ঘৰলৈ যোৱাটোকেই থিৰাং কৰিলোঁ।
মই যিদিনাৰ ৰাতিৰ কথা ক'ব খুজিছো সেইদিনা পূৰ্নিমাৰ ৰাতি আছিল। বহাগ পাৰ হৈ জেঠ মাহ সোমাইছে মাত্ৰ। বাহিৰত ফৰিংফুটা জোনাক আৰু বহুত দূৰলৈকে ৰাতি মনিব পাৰি। সেইকাৰণে ছোৱালীৰ দাদা এজনক ঘৰলৈ যাওঁ বুলি জনাই চাইকেলখন লৈ ঘৰলৈ বুলি পেডেল মাৰিলোঁ। গাঁৱৰ পৰা ওলাই অলপ দূৰ একা বেকা ভগা ছিগা ৰাস্তাইদি গৈ এসময়ত মূল পথ- পথাৰৰ মাজেদি যোৱা ৰাস্তালৈ বাওঁ হাতে ঘূৰাই নমাই দিলো। বহল পথাৰ ৰাতি বাৰ এটা বজাত নৰ মনিচ এটা পথাৰত নাই। দূৰৈৰ গাঁৱত ৰৈ ৰৈ কুকুৰে ভূকিছে। মনত অকনো ভয় ভাৱ নাই। তেনেকেই চাইকেল চলাই এসময়ত বহল পথাৰখনৰ মাজভাগ পালো। পথাৰ খনৰ ঠিক মাজভাগতে সৰুকৈ এখন হাবি। তাত নানা ধৰণৰ গছ গছনি আছিল যদিও কেইজোপামান শিমলু গছেহে নিজৰ উচ্চতাৰে তাত নিজৰ অস্তিত্ব প্ৰকাশ কৰিছিল।
পথাৰৰ মাজৰ সৰু বাটটো সেইখন হাবিৰ ঠিক কাষেদি পাৰ হৈ গৈছিল। আমাৰ অঞ্চলৰ মানুহে কৈছিল সেই সৰু হাবিখনত দেও ভূত ওলাই আৰু কেইবাজনকো ভয় খুৱাই মাৰিছে। দেও ভূতৰ ওপৰত মোৰ কিন্তু অকনো বিশ্বাস নাছিল। ৰাতি বহুবাৰ হাবিখনৰ কাষেদি পাৰ হৈছো যদিও দেও ভূতৰ কোনো অস্তিত্ব অনুভৱ কৰা নাছিলো।
চাইকেলৰ পেডেল লাহে লাহে ঘূৰাই এসময়ত মই হাবিখনৰ ওচৰ পালো। শীতল নিজম পৰিৱেশ। চৰাই চিৰিকতিৰ মাতো শুনা নাই। কিন্তু হাবিখন ঠিক পাৰ হ'ব লৈছোঁহে এনেতে গছৰ ডাল এটা আহি মোৰ নিচেই ওচৰতে পৰিল। মই বোলো গছৰ ডাল এটা পৰিছে একো নাই বুলি ভাবি পিচলৈ ঘূৰি নোচোৱাকৈ চাইকেল একে গতিত চলাই দিলো যদিও আৰু আন এটা গছৰ ডাল পুনৰ পৰিল। এইবাৰ মই চাইকেল ৰখালো। আটাইতকৈ ওখ শিমলুজোপাৰ ওপৰলৈ চাই দেখিলো ধক ধকীয়া বগলী পাখিহেন ধুতি চুৰিয়া পিন্ধা বুঢ়া মানুহ এজন গছৰ সৰু ডাল এটাত বহি আছে। কিন্তু গছৰ যিটো ডালত বুঢ়া মানুহজনে বহিছে সেইডাল কেতিয়াও মানুহৰ ভৰ ল'ব পৰা গছৰ ডাল নাছিল। কোন বুলি চিঞৰিব বিচাৰিছিলো যদিও পিচত বুজিলো যে সেইটো মানুহ নহয়। চাইকেলখন ৰখাই মই ভালদৰে তালৈ চালো। সিও মোলৈ চাই আছে লৰচৰ নকৰাকৈ। জোনাকৰ পোহৰত সকলো স্পষ্ট। এনে পৰিস্থিতিত কি কৰো তাৰ উপায় চিন্তা কৰিলো। চাইকেল চলালেই যে আকৌ গছৰ ডাল পেলাব। হঠাতে মনত পৰিল বুঢ়া ডাঙৰীয়াক ভালকৈ সেৱা জনাই বাট এৰি দিব ক'লে এৰি দিয়ে বুলি মোক কোনোবাই কৈছিল। মই হাত যোৰ কৰি প্ৰণাম কৰি মাৰ কাৰণে যে ইমান ৰাতি ঘৰলৈ গৈছো সেই কথা জনাই দিগদাৰ নকৰিবলৈ ক'লো। তেনেকৈ কোৱাত সচাকেই সি যিটো ডালত বহি আছিল সেই ডালটোৰ পৰা উঠি একেবাৰে গছৰ ওখ ডালটোত উঠি থিয় হৈ থাকিল। মইও লাহেকৈ চাইকেলখন চলাই তাৰ পৰা আতৰি আহিলো। এইবাৰ সি গছৰ ডাল নেপেলালে। ঘৰ পাওঁতে ৰাতি প্ৰায় দুটামান বাজিল। ঘৰত মাৰ বাহিৰে ভাইটি ভন্টী সকলোবোৰে শুলে। ঘৰ পাই মাৰ সতে একেলগে ভাত খাই শুলো যদিও ঘটনাৰ বিষয়ে মাক একো নকলো। পিচ দিনা ৰাতিপুৱাহে গাঁৱৰ মানুহবোৰক ঘটনাৰ কথা ক'লো।

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts