সংগ্ৰামৰ সৈতে অসমীয়া জাতিৰ সম্পৰ্ক অতি পুৰণি। এসময়ত গোমধৰ কোৱৰ আৰু
পিয়লি বৰফুকনে আৰম্ভ কৰা বিদ্ৰোহৰ ধাৰণাটোক তাহানি মণিৰাম দেৱানে জাতীয়
পুজি গঠনৰ প্ৰচেষ্টাৰে মূৰ্ত ৰূপ দিব বিচাৰিছিল। বিংশ শতিকাত সেই পৃথক
অসমীয়া স্বতন্ত্ৰ সত্ত্বাক জীপাল কৰি ৰখাৰ চেষ্টা চলাইছিল অম্বিকাগিৰী
ৰায়চৌধাৰী, জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকা ফুকনৰ দৰে নিৰ্ভীক জাতীয়তাবাদী
সকলে । ব্ৰিটিছৰ গ্ৰুপিং আঁচনিয়ে বংগ আৰু অসমক একেটা গ্ৰুপত সামৰাৰ ফলত
অসমৰ অস্তিত্ব লোপ পাব পাৰে বুলি অসম কংগ্ৰছৰ নেতৃত্বই ঘোৰ প্ৰতিবাদ জনোৱা
সত্বেও ক্ষমতাৰ বাবে উদগ্ৰীৱ হৈ পৰা সৰ্বভাৰতীয় নেতৃত্বই কাণসাৰেই নকৰাত
গোপীনাথ বৰদলৈয়েও “তেনেহলে অসম স্বাধীন হব” বুলি গুজৰি উঠিছিল। এই বিক্ষোভৰ
বাবেই ঘাইকৈ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই অৱশেষত গ্ৰুপিং আঁচনি
অনিচ্ছাসত্বেও বৰ্জন কৰিবলগীয়া হৈছিল । ষাঠিৰ দশকত সেই বিদ্ৰোহী চেতনাকে
আনুষ্ঠানিক ৰূপত উলিয়াই অনাৰ প্ৰচেষ্টা চলাইছিল অসমৰ যুৱ ছাত্ৰ সমাজে ।
জন্ম হৈছিল লাচিত সেনাৰ।
(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ
লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube
চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
ভাৰতৰ স্বাধীনতা নিঃচৰ্ত নাছিল। অতি গোপন এটি বুজা বুজিৰে বৃটিছ চৰকাৰে
বান্ধি দিয়া কেতবোৰ চৰ্ত পূৰণৰ পাছতহে বৃটিছে ভাৰতৰ প্ৰশাসনীয় ক্ষমতা
ভাৰতীয়ৰ হাতত তুলি দিছিল । এই চৰ্ত সমূহ আছিল-
১) ইতিমধ্যে ভাৰতবৰ্ষত বিনিয়োগ হোৱা ষ্টাৰ্লিং পুজিৰ স্বাৰ্থক নতুন চৰকাৰে সম্পুৰ্ণ সুৰক্ষা দিব লাগিব,
২) ষ্টাৰ্লিং পুজিৰ বাৰ্ষিক লাভ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ বাহিৰলৈ ওলাই যাব পাৰিব লাগিব আৰু
৩) ইংৰাজী ভাষা আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰত ভাৰত চৰকাৰে কোনো বাধা নিষেধ আৰোপ কৰিব নোৱাৰিব।
তাৎপৰ্যপূৰ্ণভাৱে ইংৰাজ চৰকাৰে আৰোপ কৰা চৰ্তসমুহ সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক
নীতি নিৰ্ধাৰণকাৰী বলয়ৰ বাবে বিশেষ উদ্বেগৰ কাৰণ নাছিল । কাৰণ এই বাবেই
যে, সেই সময়ত ভাৰতবৰ্ষৰ অন্য অঞ্চলত ষ্টাৰ্লিং পুজিৰ বিনিয়োগ বুলিবলৈ
তেনেকৈ একো নাছিলেই । কিন্তু এই চৰ্তসমুহ অসমৰ দৰে ৰাজ্যৰ বাবে আছিল অতি
বিপদজনক । কাৰণ অসমৰ সমস্ত চাহ শিল্পই আছিল ষ্টাৰ্লিং পুজিৰ নিয়ন্ত্ৰণত ।
অথচ এই গোপন চুক্তিৰ সৰ্বনাশী চৰ্ত সমূহৰ কথা অসমবাসী ৰাইজক কোনোপধ্যে
জানিব দিয়া হোৱা নাছিল। আৰু তেনেকৈয়ে অসমৰ মাটিত অসমৰ জনগণৰ অজ্ঞাতে জন্ম
দিয়া হল ষ্টাৰ্লিং পুজিৰ নিয়ন্ত্ৰণাধীন এনে এক এনক্লেভ ইকন’মি, যাৰ উপৰত
অসমবাসী ৰাইজৰ বা আনকি ভাৰত ৰাষ্ট্ৰৰো কোনো নিয়ন্ত্ৰণ নাই । এই
আন্তঃৰাষ্ট্ৰীয় সাম্ৰাজ্য পৰিচালিত হয় লণ্ডনৰ পৰা ইউনিলিভাৰৰ দৰে বহুজাতিক
গোষ্ঠীৰ দ্বাৰা। প্ৰতি বছৰে কোটি কোটি টকাৰ ৰাজহ এওঁলোকে বাহিৰলৈ উলিয়াই
নিয়ে ১৯৪৭ চনৰ সেই গোপন চুক্তিৰ চৰ্তৰ দোহাই দি নিৰ্বিবাদে, কোনো বাধা
নোহোৱাকৈ। শ শ কোটি টকাত অসমৰ চাহ বাগিচাৰ কিনা বেচা চলে বহু জাতিক গোষ্ঠীৰ
মাজত । ১৯৯১ চনত বৃটেইনৰ ইনস্কেপ নামৰ বহুজাতিক গোষ্ঠীটোৱে অসমৰ বাৰখন চাহ
বাগিচা ইউগাণ্ডাৰ আন এক বহুজাতিক প্ৰতিস্থানক বিক্ৰি কৰিছিল এশ দহ কোটি
টকাত । সেই কিনা বেচাত অসমবাসী ৰাইজ বা আনকি ভাৰতৰো হস্তক্ষেপৰ কোনো অধিকাৰ
নাছিল । গতিকে এই চৰ্তসমূহ পূৰণৰ পোনপটীয়া আৰু ঋণাত্মক প্ৰভাৱ বহন
কৰিবলগীয়া হৈছিল অসমৰ জনসাধাৰণে । সেয়েহে হয়টো ভাৰতৰ শেষৰ জন বৃটিছ গৱৰ্ণৰে
অসমক ভাৰতৰ “এলাগী কুৱৰী” (Cinderella of India) বুলি কৈছিল। অৰ্থাৎ অসম
তথা উত্তৰ পূৱক দিল্লীয়ে কৰি অহা অৱহেলাৰ ভাৱ আজিৰ নহয় । এই পৰম্পৰাৰ
আৰম্ভণি জৱাহৰলাল নেহেৰু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ আগৰ পৰাই
কৰিছিল আৰু সেই পৰম্পৰা আজিও চলি আছে । অসমীয়াই আজিলৈকে নিজৰ প্ৰাপ্যখিনি
পাবৰ বাবেও সংগ্ৰাম কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ দলঙৰ পৰা তেল শোধানাগাৰলৈকে
সকলো অসমীয়াৰ প্ৰৱল সংগ্ৰাম আৰু চৰম ত্যাগৰ প্ৰতীক । ইংৰাজৰ সময়ত ৩৬ বছৰে
(১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ
বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল । কিয় অসমৰ সৈতে
অতীজৰে পৰা এনে বৈষম্যমূলক স্থিতি লোৱা হৈছিল তাৰ কাৰণ লাগিলে যিয়েই নহওক
কিন্তু এই অৱহেলা আৰু অনগ্ৰসৰতাৰ বোজা অসমে আজিলৈকে কঢ়িয়াব লগা হৈছে।
কেন্দ্ৰৰ চৰকাৰখনৰ এই অৱহেলাৰ ভাবৰ প্ৰবল প্ৰতিবাদো অসমীয়াই সময়ে সময়ে কৰি
আহিছে। ষাঠিৰ দশকত অসমীয়া ভাষাক লৈ হোৱা ভাষা আন্দোলনে এসময়ত অতি ভয়ানক
ৰূপ লোৱা দেখা গৈছিল। শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্ব-ইচ্চাৰেই জপিয়াই
পৰিছিল । এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ
নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল ৷
ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৷ ইয়াৰ পিচতো
অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে ৷ এই আন্দোলনৰ
সমান্তৰালভাৱে বৰাক উপত্যাকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ
সৃষ্টি হয় ৷ এই আন্দোলনতো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ
আহুতি দিলে ৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু
বৰাক উপত্যাকাত অসমীয়া আৰু বাংলা ভাষাই চৰকাৰী ভাষাৰ মৰ্য্যাদা পালে ।
ইয়াৰ পাছতে আহিল অসম আন্দোলন । আশীৰ দশকত হোৱা এই আন্দোলনৰ যোগেদি অসমীয়াই
কেন্দ্ৰস্থিত চৰকাৰখনক তীব্ৰ চাপ প্ৰয়োগ কৰাত সফল হৈছিল । বিদেশী বিতাৰণৰ
লগতে তেল, চাহপাত আৰু অন্যান্য সম্পদৰ ওপৰত চলা অবাধ লুন্ঠন প্ৰতিৰোধ কৰাৰ
তথা মাটিৰ ওপৰত জনগণৰ অধিকাৰ সাব্যস্তকৰণ ইত্যাদি দাবীসমুহৰ ওপৰত আলোচনাৰ
মজিয়াত আহিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱা হৈছিল । যদিও স্বাধীনতাৰ আগৰে
পৰা অবৈধ বিদেশী প্রব্রজনৰ প্রশ্নটো উঠি আছিল তথাপি অসমীয়া অস্তিত্ব
ৰক্ষাৰ আন্দোলন ৰূপে পৰিচিত এই বিদেশী বিতাৰণ আন্দোলনেহে সেই সময়ত সমগ্ৰ
বিশ্বৰ দৃষ্টি অসমৰ ফালে ঢাল খুৱাইছিল । অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন
ৰূপে জনাজাত এই আন্দোলনৰ প্ৰতি সৰহভাগ অসমীয়াৰেই সমৰ্থন আছিল তথাপি ৮৫৫ জন
শ্বহীদৰ তেজেৰে ৰাঙলী এই আন্দোলনে অসমীয়া সমাজখনক একগোট কৰাৰ সলনি কালক্ৰমত
ছিন্ন ভিন্নহে কৰাহে দেখা গল । সেই আন্দোলনকাৰী অসমবাসীৰ সাহস, সততা,
দেশপ্ৰেমক ব্যৱহাৰ কৰি এচামে ক্ষমতাৰ জখলা বগালে । জন্ম হল অসম গণ পৰিষদ
নামৰ আঞ্চলিক শক্তিৰ। অসম চুক্তিৰ দৰে এখন ত্ৰুটিপূৰ্ণ চুক্তি স্বাক্ষৰ কৰি
সমুহ অসমবাসী ৰাইজলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা হল। IIT, AGBBP, Bridge,
কলাক্ষেত্ৰ স্থাপন ইত্যাদিক অসম চুক্তিৰ কৃতকাৰ্য্যতা হিচাপে বহুতে কব
বিচাৰে যদিও সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে গম পোৱা যায় যে এই চুক্তি
স্বাক্ষৰৰ দ্বাৰা অসম আন্দোলনৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য ফুটুকাৰ ফেনত
পৰিণত হল । কাৰণ আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী সমস্যাৰ সমাধান কৰাটোহে
যিটোৰ আজিও সমাধান নহল । ভাৰত−বাংলাদেশৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক বৈঠক
অথবা চুক্তি নোহোৱাকৈ অসমৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলক ক'লৈ পঠিয়াব বুলি
প্ৰশ্ন নকৰি আন্দোলনৰ নেতৃত্বই অসম চুক্তিত কিয় স্বাক্ষৰ কৰিলে তাৰ উত্তৰ
আজিও পোৱা নগল। অসম চুক্তিৰ অসাৰতা বুজি পাই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচ
দিনাই নিবাৰণ বৰাই প্ৰতিবাদ কৰিছিল পিছে ক্ষমতাৰ লালসাত পৰি নিবাৰণ বৰাৰ
দৰে ব্যক্তিকো এচামে একাষৰীয়া কৰিলে । অসম আন্দোলন যদি ব্যৰ্থ হল সেয়া
এচাম ক্ষমতালোভী, অদূৰদৰ্শী লোকৰ বাবে ব্যৰ্থ হল । কৰিমগঞ্জ, ধুবুৰীৰ
আন্ত:ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে বাংলাদেশীক থৈ আহিয়েই যদি অসমৰ অবৈধ বিদেশী
নাগিৰকৰ সমস্যা সমাধান কৰিব খোজা হৈছিল, সেয়া অদূৰদৰ্শিতাৰ বাহিৰে আন একো
নাছিল।
আন্দোলনৰ সময়চোৱাতেই অসমত বন্ধসংস্কৃতিয়ে মুৰ ডাঙি উঠিল যাৰ
কৱলৰ পৰা আজিও আমাৰ সমাজ মুক্ত হব পৰা নাই। এসময়ৰ গনতান্ত্ৰিকভাৱে কৰা
প্ৰতিবাদৰ মাধ্যম আজি অসমত এক অপসংস্কৃতিত পৰিণত হৈছে। যি আৱেগেৰে অসম
আন্দোলনত আন্দোলনকাৰী নেতৃত্বই লাখে লাখে লোক সমবেত কৰাইছিল, হয়তো সেই আৱেগ
আজিও আছে কিন্তু সকলোৰে পৰাই বিশ্বাসঘাটকতা লাভ কৰা অসমীয়া ৰাইজৰ আজি হয়টো
সকলো দল সংগঠনৰ প্ৰতিয়ে বিতৃষ্ণা জন্মিছে ৷ আছুৰ দৰে জাতীয় সংগঠনৰ প্রতিও
সাধাৰণ মানুহৰ আস্থা কমি আহিছে ৷ কিহৰ কাৰণে হৈছে সেই বিষয়ে সম্ভৱ আছুৰ
শীৰ্ষ নেত্ৰবৃন্দ আমাতকৈ ভালকৈয়ে অৱগত । গতিকে মই সেই বিতৰ্কলৈ যাব খোজা
নাই কিন্তু এইটো ঠিক যে আজিকালি অসমৰ ৰাইজৰ, বিশেষকৈ আজিৰ প্ৰজন্মৰ চকুত
আছুৰ দৰে এটা জাতীয় সংগঠনৰ প্ৰতিচ্ছৱি সন্তোষজনক নহয়।
No comments:
Post a Comment