কছাৰী আৰু জয়ন্তীয়াসকল
----------------------------------------
কছাৰীসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি ক’ব পাৰি।
উত্তৰ বঙ্গ আৰু গোৱালপাৰাৰ মেচসকল এওঁলোকৰ সৈতে একে। বহিৰাগত লোকেহে
তেওঁলোকক বেলেগ বেলেগ নাম দিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে বড়ো
বা বড়ো কিছা/ফিছা (বড়োৰ সন্তান) বোলে। উত্তৰ কাছাৰৰ পাহাৰীয়া ঠাইৰ
কছাৰীসকলে নিজকে ডিমাছা বোলে। ডিমাছা শব্দটো ডিম কিছা/ফিছাৰ পৰা উদ্ভৱ
হৈছে। ডিমাকিছা/ফিছা মানে হ’ল বৰ (ডাঙৰ) নৈৰ সন্তানসকল। আহোমসকলে এই
লোকসকলক তিমিছা বুলি কৈছিল । তিমিছা শব্দটো নিশ্চয় ডিমাছা শব্দৰে অপভ্ৰ্ংশ।
ধনশিৰি নৈৰ দাঁতি কাষৰীয়া অঞ্চলত এই লোকসকল থকাৰ কালতে তেওঁলোকে এই নাম
পাইছিল যেন লাগে।
কছাৰী শব্দটোক বাংলা ভাষাত কাছাৰী বোলে। এওঁলোকৰ
উৎপত্তি সম্বন্ধে জনাটো টান। ৰিছলিয়ে ‘ট্ৰাইবছ্ এণ্ড কাষ্টছ্ অৱ বেঙ্গল’
পুথিত লিখা এটা কাহিনী মতে মানৱ জাতিৰ আদি পুৰুষ দুজনৰ এজন খাছাৰ ৰাজ্যত
বাস কৰিছিল। ব্ৰহ্মপুত্ৰ আৰু কোশী নৈৰ মাজৰ যিখিনি দীঘলীয়া ঠাই পাহাৰৰ
দাঁতি অঞ্চলত অৱস্থিত সেই ঠাইখিনিয়েই হ’ল খাছাৰ। খাছাৰ নামটো নেপালীসকলে
দিছিল। খাছাৰত বাস কৰা সেই আদিম পুৰুষজনৰেই বংশধৰ হেনো কোচ, মেচ আৰু
ধিমলসকল। যদি খাছাৰ সঁচাকৈয়ে মেচসকলৰ আদি বাসস্থান নাইবা পৰক্ৰমী মেচ
ৰজাসকলৰ কেন্দ্ৰস্থল আছিল, তেন্তে অসমত থকা মেচসকল খচাৰী বা কছাৰী নামেৰে
পৰিচিত হোৱা উচিত আছিল। দৰাচলতে খাছাৰ শব্দটো স্ংস্কৃতৰ পৰা উদ্ভৱ হোৱা আৰু
ইয়াৰ মানে হ’ল ‘সীমান্তৱৰ্তী ঠাই’। কাছাৰ জিলাৰ নামটো বোধকৰো এইদৰে
স্ংস্কৃতৰ পৰা হোৱা নাইবা সেই ঠাইত বসবাস কৰা লোকৰ সৰহ স্ংখ্যক কছাৰী হোৱাৰ
বাবেও ঠাইখনৰ নাম কাছাৰ হ’ব পাৰে। বৰ্তমান কাছাৰতকৈ বহু বিস্তৃত অঞ্চল
কাছাৰ নামেৰে জনাজাত আছিল। কছাৰীসকলৰ একাংশই এই ঠাইডোখৰ অধিকাৰ কৰাৰ আগতেও
ঠাইডোখৰৰ নাম কাছাৰ আছিল। এই বিষয়ে কাছাৰীসকলৰ নিজৰ কাকত-পত্ৰ সমূহত ১৬৫৮
শকত লিখা এখন নিযুক্তি পত্ৰত পোন প্ৰথমবাৰৰ কাৰণে এই লোকসকলে কাছাৰী শব্দটো
ব্যৱহাৰ কৰিছিল। এই পত্ৰখনত ৰাজা কীৰ্ত্তিচন্দ্ৰই ‘কাছাৰী নিয়ম’ৰ কথা
উল্লেখ কৰিছে। কছাৰীৰ সৈতে কোচৰ বৰ নিকট সম্বন্ধ আছিল যেন লাগে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ চুটিয়া, লালুং, মৰাণ আৰু দক্ষিণৰ পাহাৰ অঞ্চলৰ গাৰো,
তিপ্পেৰা আদিৰ সৈতে কছাৰী ভাষাৰ মিল পোৱা যায়। বড়োসকলৰ অৱস্থানৰ পৰিধি আৰু
বড়ো ভাষা ব্যৱহৃত হোৱা স্থানৰ বিস্তৃতিলৈ লক্ষ্য ৰাখি এসময়ৰ অসমৰ এটা
প্ৰধান অঞ্চল আৰু উত্তৰ-পূৱ বঙ্গৰ একাংশত বিৰাট বড়ো ৰাজ্য এখন থকাৰ কথা না
কৰিব নোৱাৰি। পুৰণি তামৰ ফলিসমূহত উল্লেখ কৰা ম্লেচ ৰজাসকলৰ কেতবোৰ ৰজাও
দৰাচলতে বড়োহে আছিল যেন লাগে। কছাৰীসকলৰ ৰাজত্বৰ বিশ্বাসযোগ্য তথ্য-পাতিৰ
অভাৱ। তেওঁলোকৰ ঘটনাৱলীৰ কোনো লিখিত বিৱৰণি নাই। কেৱল ৰজাসকলৰ নামবোৰহে
পোৱা যায়। এনে নামৰ তালিকাসমূহৰ সত্যতা নিৰুপণ সম্ভৱ নহয়। মি: ফিচাৰৰ মতে
উত্তৰ কাছাৰৰ কাছাৰীসকলে এসময়ত তেওঁলোকে কামৰূপত ৰাজত্ব কৰিছিল বুলি দাবী
কৰে। তেওঁলোকৰ ৰাজপৰিয়ালেও নিজকে কামৰূপৰ হা-ছুং-ছা নামৰ ৰাজ বংশোদ্ভৱ বুলি
কয়। বুৰঞ্জীসমূহে প্ৰধানকৈ আহোমৰ বিষয়ে লিখিলেও কছাৰী সম্বন্ধে যিখিনি
তথ্য পাতিৰ যোগান দিছে সেইখিনিহে বিশ্বাসযোগ্য। অৱশ্যে বুৰঞ্জীসমূহতো
প্ৰধানকৈ আহোম আৰু কছাৰীৰ মাজত হোৱা যুদ্ধসমূহৰ বিৱৰণিহে ঘাইকৈ পোৱা যায়।
এই বিষয়ে আহোমৰ শাসন সম্বন্ধীয় অধ্যায় সমূহত ইতিমধ্যে উল্লেখ কৰা হৈছে বাবে
এতিয়া সেই বিষয়ে এটা চমু আভাসহে মাত্ৰ দিয়া হ’ব।
(দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
১৩ শতিকাৰ দিখুৰ পৰা কলঙৰ কিছু আগলৈকে ধনশিৰি উপত্যকা আৰু বৰ্তমানৰ উত্তৰ
কাছাৰ মহকুমাকে ধৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বিৰাট ভূখণ্ড কছাৰী ৰাজ্যৰ
অন্তৰ্গত আছিল যেন লাগে। এই অঞ্চলৰ পশ্চিমে থকা ভূখণ্ডতো প্ৰধানকৈ কছাৰী
লোক থাকিলেও সেই অঞ্চলটো হিন্দু কমতা ৰাজ্যৰ অধীন আছিল। এই শতাব্দী শেষ
নহওতেই দিখু নৈৰ পূব পাৰে থকা কছাৰী অধিকৃত অঞ্চলসমূহৰ পৰা আহোমৰ ভয়ত এই
লোকসকল পলাই গৈছিল বুলি জনা যায়। ইয়াৰ পৰৱৰ্তী প্ৰায় এশ বছৰ জুৰি এই নৈখনেই
আহোম আৰু কছাৰীৰ ৰাজ্যৰ সীমা আছিল। ১৪৯০ খ্ৰী:তহে এই নৈৰ পাৰতে আকৌ যুঁজ
লাগে। এই যুজত পৰাজিত হৈ আহোমে সন্ধি কৰিছিল। কিন্তু ইয়াৰ পিছৰ ৩০ বছৰত
আহোমে পুনৰ শক্তি সঞ্চয় কৰি লাহে লাহে কছাৰীসকলক ধনশিৰি নৈ পাৰৰ পূৰ্বৰ
সীমালৈ ঠেলি নিছিল। ১৫২৬ খৃ: ত এই নৈৰ ওচৰে পাজৰে দুখনকৈ যুদ্ধ হৈছিল।
প্ৰথমখনত কছাৰীসকল জয়ী হৈছিল যদিও দ্বিতীয়খনত বৰ বেয়াকৈ পৰাজিত হয়। ১৫৩১
খৃ: ত আকৌ দুয়ো দলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। বৰ্তমানৰ গোলাঘাট মহকুমাৰ
দক্ষিণে যুঁজ আৰম্ভ হয়। যুঁজত কছাৰীসকল পৰাজিত হয় আৰু আহোমে তেওঁলোকৰ ৰজাৰ
ভাতৃ দেওচাক বধ কৰে। ধনশিৰিয়েদি উজাই গৈ আহোমে গোলাঘাটৰ ৪৫ মাইল দক্ষিণে
থকা কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰিলে। কছাৰী ৰজা খুনখুৰাই ভয়তে
পলাই গ’ল আৰু দেতছুং নামৰ এজনক ৰাজপাটত বহুৱালে। ১৫৩৬ খৃ:ত দেতছুংৰ সৈতে
আহোমৰ বিবাদ হ’লত এইবাৰ আহোমে আকৌ ধনশিৰিয়েদি গৈ ডিমাপুৰ আক্ৰমণ কৰি
ধ্বংসলীলা আৰম্ভ কৰিলে। দেতছুঙে পলাই প্ৰাণ ৰক্ষা কৰাৰ বিফল চেষ্টা কৰিছিল।
আহোমে দেতছুঙক ধৰি আনি বধ কৰিলে। এই আক্ৰমণৰ পিছত কছাৰী সকলে ডিমাপুৰ আৰু
ধনশিৰি উপত্যকা এৰি মাইচঙত নতুন ৰাজধানী পাতিলেগৈ।
ডিমাপুৰত থকা
ভগ্নাৱশেষসমূহ এতিয়াও বৰ্তমান। এই ভগ্নাৱশেষসমূহ পৰীক্ষা কৰিলে কছাৰীসকলৰ
সভ্যতাৰ মানদণ্ড আহোমৰ সভ্যতাতকৈ শ্ৰেয় আছিল যেন লাগে। আহোমসকলে কছাৰীসকলৰ
দৰে ইটাৰ ব্যৱহাৰ নাজানিছিল। তেওঁলোকে কাঠ, বাহৰ ঘৰ সাজিছিল আৰু বোকামাটিৰে
লেপা প্ৰাচীৰহে তৈয়াৰ কৰিছিল। আনহাতেদি ডিমাপুৰৰ তিনিও ফাল ইটাৰ
প্ৰাচীৰেৰে আৱৰা আছিল। এনে প্ৰাচীৰৰ দৈৰ্ঘ্য আছিল প্ৰায় ২ মাইল। নগৰ খনৰ
আনটো সীমায়েদি বৈ গৈছিল ধনশিৰি নৈ। নগৰৰ পূবে এটা সুউচ্চ জোঙা চূড়াৰে সৈতে
এখন প্ৰকাণ্ড দুৱাৰ আছিল। এই গধূৰ দুৱাৰখন প্ৰাচীৰৰ স্ংলগ্ন কৰিবলৈ কেতবোৰ
শিল প্ৰাচীৰৰ মাজেদি ফুটা কৰি ভৰাই দিয়া হৈছিল। ইয়াৰ চাৰিওকাষে ইটাৰে
নিৰ্মিত কেইবা চুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল। প্ৰধান চূড়াটোলৈকে
কেতবোৰ মিছা খিৰিকি আছিল। ইয়াৰ কাৰুকাৰ্য খচিত এই খিৰিকিবোৰ আছিল চালে
চকুৰোৱা। দুৱাৰ আৰু চূড়াৰ ওপৰত থকা অৰ্দ্ধ ডিম্বাকৃতি অংশৰ কাৰুকাৰ্যক
মুছলমানৰ পৰা ধাৰ কৰা বাঙালী স্থাপত্য শিল্পীৰ স্থাপত্যৰ সৈতে তুলনা কৰিব
পাৰি। এইখিনিতে উল্লেখ কৰিব পাৰি যে, আহোম ৰজা ৰুদ্ৰসিংহই ইটাৰে ৰ্ংপুৰ নগৰ
তৈয়াৰ কৰিবলৈ বঙ্গৰ পৰা কাৰিকৰ আনিছিল। ডিমাপুৰৰ ইটাৰ কৰ্ম ইমান মজবুত
আছিল যে ভালেকেইটা ভুইকপৰ জোকাৰণিৰ পিছতো সেইবোৰ নভগাকৈ আছিল।(প্ৰাচীৰৰ
ভিতৰৰ প্ৰাচীৰখন এতিয়াও সম্পুৰ্ণৰূপে খান্দি উলিয়াব পৰা নাই।) এটা মন্দিৰ
আৰু ধ্বংসাৱশেষ পোৱা গৈছে। এইবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষনীয় বস্তু হৈছে ইয়াৰ
শিল বালিৰে নিৰ্মিত স্তম্ভসমূহ। ১২ ফুট ওখ আৰু ৫ ফুট পৰিধিৰ স্তম্ভ দুশাৰী
স্তম্ভৰ কাৰুকাৰ্য আছিল মনোমুগ্ধকৰ। ইয়াৰ উপৰিও v আখৰটোৰ আকৃতিৰ কেতবোৰ
স্তম্ভ দেখা যায়। এইবোৰ নিশ্চয় স্মৃতিস্তম্ভ। এন ধৰণৰ স্মৃতিস্তম্ভসমূহ
সাজিবলৈ বোধকৰো প্ৰায় ১০ মাইল দূৰৈৰ পৰা শিল-বালি অনা হৈছিল। বোধকৰো এই
ধৰণৰো স্তম্ভ বা খুটাবিলাক সাজি আনি শাৰী শাৰীকৈ পুতি লৈ তাৰ পিছত
কাৰুকাৰ্য কৰা হৈছিল। তাকে নকৰিলে অনা-নিয়া কৰোতে সেইবোৰ নষ্ট হোৱাৰ
সম্ভৱনা আছিল। এই কাৰুকাৰ্যসমূহৰ ইটোৰ লগত সিটোৰ বিশেষ মিল নাথাকিলেও
স্তম্ভৰ আকৃতিসমূহ একে আছিল। একেবাৰে ওপৰ ভাগ আছিল অৰ্দ্ধ ঘূৰণীয়া আৰু তাৰ
তলতে শিলত কাৰুকাৰ্য কৰা হৈছিল। স্তম্ভবিলাকত হাতী, হৰিণা, কুকুৰা, হাঁহ
আৰু ম’ৰাচৰাই খোদিত কৰা হৈছিল। কিন্তু কোনো ঠাইতে মানুহ বা মানুহৰ মূৰ
খোদিত দেখা নাযায়। ইয়াৰ পৰাই কছাৰিসকল সেই সময়ত সকলোধৰণৰ হিন্দু প্ৰভাৱৰ
পৰা মুক্ত আছিল যেন লাগে। ডিমাপুৰত ভালেমান পুখুৰীও খন্দা হৈছিল। তাৰে দুটা
প্ৰায় ৩০৭ গজ আহল- বহল।
১৮৩৯ খৃ: ত গ্ৰাঞ্জ নামৰ ইউৰোপীয় লোকে পোন
প্ৰথমে কছাৰীসকলৰ সম্বন্ধে নানা তথ্য-পাতি ডাঙি ধৰিছিল। কছাৰীসকলে তেতিয়াও
সেই অঞ্চলত এওঁলোকৰ আধিপত্যৰ কথা স্মৰণ কৰিছিল। ডিমাপুৰৰ নগৰখন চতুৰ্থ
কছাৰী ৰজা চক্ৰধ্বজে সজা বুলি তেওঁলোকে দাবী কৰিছিল। তেওঁলোকৰ মতে
কালাপাহাৰৰ আক্ৰমণ কালত এই নগৰখন ধ্বংস হৈছিল। অৱশ্যে সেই সময়তে আহোমৰ হাতত
পৰাজয় বৰণ কৰাৰ কথাও তেওঁলোকে স্বীকাৰ কৰে। দৈয়াং নৈৰ ওচৰৰ কাছমাৰি পাহাৰৰ
ওপৰতো আন এখন নগৰীৰ ধ্বংসাৱশেষ আছে। ডাঠ হাবিয়ে ঢাকি পেলোৱা এই
ধ্বংসৱাশেষসমূহ এতিয়াও উদ্ধাৰ কৰা হোৱা নাই।
আহোমে ডিমাপুৰ ধ্বংস
কৰাত কছাৰীয়ে গৈ মাইবঙত ৰাজধানী স্থাপন কৰাৰ কথা আগেয়ে উল্লেখিত হৈছে। এই
ঠাইখন মাহুৰ নৈৰ পাৰত অৱস্থিত। এই নগৰখন প্ৰাচীৰৰে আৱৰা। প্ৰাচীৰৰ ভিতৰত
এতিয়াও ভালেমান মন্দিৰৰ ভগ্নাৱশেষ দেখা যায়। ইয়াতে তেওঁলোকে আৰু কেতবোৰ
নতুন শত্ৰুৰ সন্মুখীন হয়। দৰ্ং ৰাজবংশাৱলী মতে কোচসকলৰ প্ৰসিদ্ধ ৰজা
নৰনাৰায়ণৰ সুযোগ্য ভাতৃ আৰু সেনাপতি চিলাৰায়ে ১৬ শতিকাৰ মাজভাগত কছাৰী ৰজাক
পৰাজিত কৰিছিল। বৰ্তমানৰ কাছাৰ জিলাত দেহান নামেৰে কেতবোৰ লোক বসবাস কৰে।
এওঁলোক চিলাৰায়ৰ লগত অহা কোচ সৈন্যৰ বংশোদ্ভৱ বুলি কোৱা হয়। কছাৰী ৰজাৰ
ৰাজত্বকালত এই লোকসকলে যথেষ্ট সমাদৰ পাইছিল আৰু তেওঁলোকৰ মুখীয়াল বা
সেনাপতিজনে হেনো পাল্কীত উঠি ৰাজহাউঅলিত প্ৰৱেশ কৰিব পাৰিছিল। সেই সময়ৰ
কছাৰী ৰজাসকলে নিজকে হিড়িম্বাৰ সন্তান বুলি দাবী কৰিছিল। ইয়াৰ পিছৰ লিপি বা
বিৱৰণসমূহত হিড়িম্বা নামটো প্ৰায়ে পোৱা গৈছে যদিও পুৰণি তথ্য-পাতিসমূহত এই
নামটো নাই। কিন্তু বহুতে কচাৰী ৰাজ্যৰ নামৰ সৈতে হিড়িম্বা নামটো
স্ংশ্লিষ্ট কৰিবলৈ বিচাৰে। ডিমাপুৰ নামটোও প্ৰকৃতপক্ষে হিদিম্বা বা
হিড়িম্বাপুৰ বুলিহে তেওঁলোকে কয়। কাছাৰৰ পূৰণি নাম বোধকৰো হিড়িম্বা আছিল
আৰু পিছলৈ ব্ৰাহ্মণসকলেহে হিড়িম্বা বংশৰে ৰজাসকলক কছাৰী বংশৰ সৈতে সাঙুৰ
খুৱাই থয়। (ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজ পৰিয়ালসমূহক ব্ৰাহ্মণসকলে
ধৰ্মশাস্ত্ৰত উল্লেখিত নৰকৰ বংশৰ বুলি কোৱাৰ দৰে এইক্ষেত্ৰতো হিড়িম্বাৰ
বংশৰ লোকক কছাৰী বংশ বুলিব পাৰে)। ডিমাপুৰ নাম সম্বন্ধে আন এটা তথ্য আগতেই
উল্লিখিত হৈছে। মাইবঙত কেইবছৰমান আগেয়ে এটা ৰূপৰ মুদ্ৰা পোৱা গৈছে। এই
মুদ্ৰাটো প্ৰায় ১৫৮৩ খৃ:ৰ। মুদ্ৰাটো উলিয়াইছিল যশোনাৰায়ণদেৱে। যশোনাৰায়ণ
‘হৰগৌৰী শিৱ-দুৰ্গা’ৰ উপাসক আছিল।
১৬০৩ খৃ:লৈকে কছৰীসকলৰ বিষয়ে একো জনা
নাযায় যদিও, সেই সময়ত তেওঁলোকে বৰ্তমানৰ নগাওঁ জিলা, উত্তৰ কাছাৰৰ
পৰ্বতীয়া আঞ্চল আৰু কাছাৰৰ ভৈয়াম অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল যেন লাগে।
কাছাৰৰ এই ভৈয়াম অঞ্চলৰ পুৰণি ইতিহাস জনা নাযায়। কিংবদন্তিমতে এই অঞ্চলটো
তিপ্পেৰা ৰাজ্যৰ অন্তৰ্গত আছিল। প্ৰায় ৩০০ বছৰ আগেয়ে কছাৰী ৰজা এজনে তিপো
ৰাজকুঁৱৰীৰ পাণিগ্ৰহণ কৰাত তিপ্পেৰাৰ ৰজাই তেওঁক এই ভূখণ্ড হেনো উপহাৰ
দিছিল।
সোঁতৰ শতিকাৰ আৰম্ভণীত জয়ন্তীয়া ৰজা ধনমাণিকে ডিমৰুৱাৰ ৰজা
প্ৰভাকৰক বন্দী কৰিছিল। প্ৰভাকৰ কছাৰীৰ তলতীয়া ৰজা আছিল। এতিয়া প্ৰভাকৰে
কছাৰীৰ ৰজাক তেওঁক মুক্তি দিবলৈ দাবী জনায়। জয়ন্তীয়া ৰজাই এই দাবীৰ প্ৰতি
সহাৰি নিদিয়াত শত্ৰুদমনে তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। যুঁজত ধনমাণিকে পৰাজিত হৈ
কছাৰীৰ তলতীয়া ৰজা হ’বলগীয়াত পৰে। তেওঁৰ দুজনী কন্যা শত্ৰুদমনে বিয়া কৰায়।
তেওঁৰ ভাগিনীয়েক যুৱৰাজ যশমাণিকক কছাৰী ৰজাৰ ওচৰত জামিন স্বৰূপে ৰখা হয়।
যশমাণিকক ব্ৰহ্মপুৰ নামৰ ঠাইত বন্দী কৰি ৰখা হৈছিল। পিছলৈ এই ব্ৰ্হ্মপুৰৰ
নামেই খাছপুৰ হৈছিল। এই বিজয়ৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ শত্ৰুদমনে অসিমৰ্দন
উপাধি লৈছিল।
ইয়াৰ কিছুদিনৰ মূৰত ধন মাণিকৰ মৃত্যু হ’ল। শত্ৰুদমনে
তেতিয়া যশমাণিকক মুক্তি দি তেওঁক জয়ন্তীয়া ৰাজ্যৰ ৰজা পাতে। কিন্তু
শত্ৰুদমনে নিজকে এই ৰাজ্যৰ অধিকাৰী হিচাপে স্বীকৃতি বিচাৰিছিল। এনে
প্ৰস্তাৱত যশমাণিকৰ খঙ উঠাটো স্বাভাৱিক, কিন্তু তেওঁ অকলশৰেনো শত্ৰুদমনক
কিদৰে সৈমান কৰিব? বহু ভাবি চিন্তি সেয়ে যশমাণিকে আহোম ৰজালৈ নিজৰ কন্যা
এগৰাকীক বিয়াৰ প্ৰস্তাৱ দি তেওঁক কন্যা গৰাকী কছাৰী ৰাজ্যৰ মাজেদি নিবলৈ
অনুৰোধ কৰিলে। শত্ৰুদমনে এইদৰে জয়ন্তীয়া কুঁৱৰীক নিজ ৰাজ্যৰ মাজেদি নিবলৈ
অনুমতি নিদিয়াত, যশমাণিকে ভবাৰ দৰেই আহোম আৰু জয়ন্তীয়াৰ যুঁজ হ’ল। প্ৰথম
খুন্দাত কছাৰীৰ যথেষ্ট ক্ষয়ক্ষতি হ’লেও ৰহাত তেওঁলোকে আহোমক বাৰুকৈয়ে এসেকা
দিলে। বিজয়ৰ আনন্দত শত্ৰুদমনে প্ৰতাপ নাৰায়ণ নাম ল’লে আৰু তেওঁৰ ৰাজধানীৰ
মাইবঙৰ নাম সলনি কৰি কীৰ্ত্তিপুৰ থলে। আহোমে এই পৰাজয়ৰ পোতক তুলিবলৈ যো-জা
কৰি থাকোতে মুছলমান আক্ৰমণকাৰী তেওঁলোকৰ ৰাজ্য অভিমুখে আগবাঢ়ি অহা বুলি গম
পালে। ফলত কছাৰীৰ সৈতে যুজ কৰাতকৈ সন্ধি কৰাহে যুগুত বুলি তেওঁলোকে ভাবিলে।
সেই সময়ত ৰহাৰ দক্ষিণত বৰ্তমানৰ নগাঁও জিলা অঞ্চলটো কছাৰীসকলৰ দখলতেই
আছিল।
কাছৰৰ পুৰণি সাহিত্যৰ ওপৰত ভিত্তি কৰি শত্ৰুদমনক নায়ক হিচাপে
ৰূপ দি এখন বাঙালী উপন্যাস লিখা হৈছে। কিন্তু উপন্যাসখনৰ বিশেষ ঐতিহাসিক
মূল্য নাই যেন লাগে। এই উপন্যাসৰ মতে অসম আক্ৰমণাৰ্থে অহা মিৰজুমলাৰ এটা
সৈন্য দলে কাছাৰ আক্ৰমণ কৰি আগৰজন ৰজা (শত্ৰুদমনৰ পিতৃ) উপেন্দ্ৰ নাৰায়ণক
হত্যা কৰিছিল। পিছত শত্ৰুদমন আৰু তেওঁৰ বিৰঙ্গনা মহিষীয়ে এই শত্ৰুসকলক
পৰাভূত কৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু প্ৰকৃতপক্ষে মিৰজুমলাৰ
আক্ৰমণৰ ৪০ বছৰ আগতেই শত্ৰুদমন স্বৰ্গী হৈছিল। মোগলে দুবাৰকৈ কাছাৰ আক্ৰমণ
কৰিছিল জাহাংগীৰৰ দিনতহে। ইছলাম খা বঙ্গৰ শাসনকৰ্তা হৈ থাকোতে এবাৰ আক্ৰমণ
হৈছিল। আনটো আক্ৰমণ ঘটে তেওঁৰ ভাতৃ কাছিম খাই বঙ্গৰ শাসনকৰ্তা হিচাবে
নিযুক্ত হোৱাৰ পিছতেহে (১৬১২খৃঃ)। প্ৰথমটো আক্ৰমণ বিফলে গৈছিল। কিন্তু
দ্বিতীয়বাৰৰ আক্ৰমণত মুছলমানে অঘুৰাটিক্ৰি আৰু প্ৰতাপগড়ৰ দুৰ্গ দুটা অধিকাৰ
কৰে। কছাৰী ৰজাই সন্ধি কৰিবলৈ বাধ্য হয়। সন্ধিৰ চৰ্তমতে, মোগল সম্ৰাটে পায়
১ লাখ টকা আৰু ৪০ টা হাতী, বঙ্গৰ চুবেদাৰ বা শাসনকৰ্তাই পায় ২০ হাজাৰ টকা
আৰু ৫ টা হাতী আৰু ঘুজৰ নেতৃত্ব দিয়া বান্দাছালৰ থানাদাৰ মুবাৰিজে লাভ কৰে
২০হাজাৰ টকা আৰু হাতী ২টা। এই অভিযানসমূহ সম্বন্ধে মুছলমান লেখক সকলৰ
বিৱৰণীত কছাৰী ৰাজ্যৰ সীমান্তত খাছিয়ালোকে বসবাস কৰিছিল বুলি উল্লেখ আছে।
এই ঠাইতে মোগল বুলি নিজকে চিনাকি দিয়া কেতবোৰ লোকৰ কথাও এনে বিৱৰণীত পোৱা
যায়। ‘তৈমুৰে’ এই ৰাজ্য বিজয়ৰ অন্তত যিবোৰ সৈন্য এৰি গৈছিল এই লোকসকল
তেওঁলোকৰে সতি-সন্ততি বুলি বিৱৰণীসমূহত উল্লেখ কৰা হৈছে। শত্ৰুদমনৰ পৰৱৰ্তী
ৰজা আছিল তেওঁৰ পুত্ৰ নৰনাৰায়ণ। নৰনাৰায়ণৰ অলপ দিনৰ পিছতেই মৃত্যু হোৱাত
তেওঁৰ খুৰায়েক ভীমবল বা ভীমদৰ্প ৰাজপাটত উঠে। আহোম-কছাৰীৰ যুঁজ লগাৰ কালত
ভীমদৰ্প সেনাপতি আছিল। এওঁৰ দিনৰ একমাত্ৰ উল্লেখযোগ্য ঘটনা আছিল ধনশিৰিৰ
পাৰত থকা কেইখনমান আহোম গাঁৱত আক্ৰমণ।১৬৩৭ খৃ:ত তেওঁ স্বৰ্গী হোৱাত তেওঁৰ
পুত্ৰ ইন্দ্ৰবল্লভ ৰজা হয়। ইন্দ্ৰবল্লভে অনতিবিলম্বে আহোমৰ সৈতে বন্ধুত্ব
কৰিবৰ মানসেৰে আহোম ৰজালৈ এখন পত্ৰ দিছিল। কিন্তু পত্ৰখনৰ ভাষাৰ বাবে আহোম
আহোম ৰজাই ভাল নাপালে। কছাৰী ৰজাই হেনো নিজকে এজন অতি স্বাধীন ৰজা হিচাবে
পত্ৰখনেৰে চিনাকি দিছিল। সেয়ে খং উঠি কছাৰীৰ কটকীক আহোমে বিশেষ অভ্যৰ্থনা
নজনালে। ইয়াৰ পিছত কছাৰীসকলে ধনশিৰিৰ পাৰৰ পৰা আতৰি গৈছিল। কালক্ৰমত এই
অঞ্চলটো ডাঠ হাবিৰে ভৰি পৰিল।
১৬৬৪ খৃ:ত ইন্দ্ৰনাৰায়ণৰ পিছত বীৰদৰ্প
নাৰায়ণ ৰজা হয়। তেওঁ আহোমৰ সৈতে আকৌ যোগাযোগ কৰিছিল। কিন্তু আহোমে কয় যে,
তেওঁ দৰাচলতে আহোমৰ তলতীয়া ৰজাহে, তেওঁ পত্ৰত উনুকিওৱাৰ দৰে স্বাধীন ৰজা
নহয়। বীৰদৰ্পই প্ৰথমে এই ‘তলতীয়া’ বা ‘আহোমৰ দ্বাৰা ৰক্ষিত’ বোলা কথাষাৰ
মানিবলৈ বিচৰা নাছিল। পিছত কিন্তু তেওঁলৈ এগৰাকী আহোম ৰাজকুঁৱৰী বিয়া দিয়াত
তেওঁ এই বিষয়ে দুনাই আপত্তি কৰা দেখা নগ’ল। কিন্তু আহোমৰ সৈতে বন্ধুত্ব
তেওঁৰ নহ’ল। কিছুদিনৰ পিছত (১৬৬০খৃ:) আহোম ৰজাই তেওঁক এই বুলি সাৱধান কৰি
দিলে যে, যদি তেওঁ নিয়মিত ভাৱে কটকী পঠিয়াই কৰ কাটল দি নাথাকে তেন্তে তেওঁৰ
ৰাজ্য আক্ৰমণ কৰা হ’ব। ১৬৬৩ খৃ: ত চক্ৰধ্ব্জ সিংহ আহোমৰ সিংহাসনত উঠিল।
মিৰজুমলাৰ আক্ৰমণত কাছাৰত আশ্ৰয় লোৱা মৰঙীখোৱা গোহাইক ওভটাই দিবলৈ তেওঁ
কছাৰী ৰজালৈ পত্ৰ দিলে। দৰ্পনাৰায়ণে এই অনুৰোধ প্ৰত্যাখান কৰিলে। এই পত্ৰ
লৈ অহা কটকীৰ দলটোক বিশেষ সৌজন্যও তেওঁ নেদেখুৱালে। কিন্তু ১৬৬৭ খৃ:ত
চক্ৰধ্বজে মুছলমানক পৰাজিত কৰাত বীৰদৰ্পই তেওঁক ওলগণি জনাই পত্ৰ লিখিলে আৰু
সেইদৰে দুয়ো ৰজাৰ মাজত এক বন্ধুত্ব পূৰ্ণ সম্বন্ধ গঢ়ি উঠিল। বীৰদৰ্পৰ
ৰাজত্ব কালৰ এটা শঙ্খ পোৱা গৈছে। শঙ্খটোত শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ মূৰ্ত্তি
খোদিত আছে। ১৬৭১ খৃ:ত বীৰদৰ্পৰ ৰাজত্ব কালত এই শঙ্খটো খোদিত হৈছিল বুলি
অনুমান হয়।
১৬৮১ খৃ:ত বীৰদৰ্পৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ গড়ুৰধ্বজ
ৰজা হয়। তেওঁ বৰফুকনলৈ এই মৰ্মে পত্ৰ পঠিয়াইছিল যে, আহোম ৰজাই তেওঁ ৰাজপাট
আৰোহণ কৰাৰ উপলক্ষে ওলগণি পত্ৰৰে সৈতে কটকী পঠিওৱা উচিত। উত্তৰত বৰফুকনে
লিখিলে বোলে, কছাৰী ৰজাইহে তেওঁ যে ৰাজপাটত বহিছে সেই কথা জনাই আহোম ৰজাৰ
ওচৰলৈ কটকী আৰু ৰাজ্যৰ প্ৰধান বিষয়াসকলক প্ৰেৰণ কৰাটোহে নিয়ম। গড়ুৰধ্বজে
তাকে নকৰাত আকৌ আহোম কছাৰীৰ সম্বন্ধত চেকা পৰিল। ১৬৯৫ ত তেওঁৰ মৃত্যু হোৱাত
যথাক্ৰমে তেওঁৰ পুত্ৰদ্বয় মকৰধ্বজ আৰু উদায়িত্য ৰজা হৈছিল।
১৭
শতিকাৰ শেষৰ ৪০ টা বছৰ মুছলমানৰ আক্ৰমণ আৰু ৰাজ্যৰ অন্যান্য ভিতৰুৱা
সমস্যাত জৰ্জৰিত আহোম সকলৰ কছাৰীৰ প্ৰতি চকু দিবলৈ আহৰি নাছিল। সেয়ে
কালক্ৰমত কছাৰীসকলে নিজকে আহোমৰ তলতীয়া বুলি পাহৰি গৈছিল। অৱশেষত
ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজা তাম্ৰধ্বজে নিজকে স্বাধীন ৰজা বুলি ঘোষণা
কৰিলে। সেয়ে ১৭০৬খৃ:ত ৰুদ্ৰসিংহই তাম্ৰধ্বজৰ বিপক্ষে দুটা অভিযান
পঠিয়াইছিল-এটা দলে ধনশিৰিৰ পাৰেদি আনটো দলে ৰহা আৰু কপিলীৰ সমতল ভুমিৰ
মাজেদি আগবাঢ়িছিল। দল দুটাত মুঠ সৈন্যৰ স্ংখ্যা আছিল ৭০,০০০ জন। এই বিৰাট
সৈন্যদলটোক কছাৰী সৈন্যই ৰোধ কৰিবৰ চেষ্টা নকৰিলে। ফলত তেওঁলোকে হেলাৰঙে
মাইবং অধিকাৰ কৰিলে। তাম্ৰধ্বজ পলাই গৈ খাছপুৰত লুকাই থাকিল আৰু তাৰ পৰা
সহায় বিচাৰি জয়ন্তীয়া ৰজালৈ পত্ৰ লিখিলে। ইফালে আহোমৰ সৈন্য চাউনিত নানা
ধৰণৰ বেমাৰ-আজাৰে দেখা দিলে। জ্বৰ আৰু গ্ৰহণী ৰোগত লেবেজান হোৱা আহোম সৈন্য
মাইবঙৰ পৰা আতৰি আহিল। আহোতে অৱশ্যে মাইবঙৰ ইটাৰ দুৰ্গটো ভাঙি থৈ আহিছিল।
আহোমসকলে এইদৰে প্ৰত্যাৱৰ্তন কৰাত তাম্ৰধ্বজে জয়ন্তীয়া ৰজালৈ এই বাতৰি দি
তেওঁ বিচৰা সাহাৰ্যৰ আৱশ্যক নহব বুলি জনাইছিল। কিন্তু এই সুযোগতে জয়ন্তীয়া
ৰজাই কাছাৰী ৰাজ্যখন নিজ ৰাজ্যৰ তলতীয়া কৰাৰ বাবে সচেষ্ট হ’ল আৰু তেওঁ চল
কৰি তাম্ৰধ্বজক ধৰাই আনি বন্দী কৰি থ’লে। তাম্ৰধ্বজে বহু চেষ্টা কৰি এইবাৰ
ৰুদ্ৰসিংহলৈ ক্ষমা ভিক্ষা কৰি তেওঁক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনালে।
ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক তাম্ৰধ্বজক মুক্তি দিবলৈ কৈছিল। কিন্তু তেওঁ
কৰ্ণপাত নকৰাত দুটা আহোম অভিযান তেওঁৰ বিপক্ষে পঠিওৱা হৈছিল। ইয়াৰ ফলত
আহোমে জয়ন্তীয়াপুৰ দখল কৰিছিল। ১৭০৮ খৃ:ত তাম্ৰধ্বজক উদ্ধাৰ কৰি মাইবঙৰ
মাজেৰে সেই সময়ত বিশ্বনাথত বাহৰ পাতি থকা ৰুদ্ৰসিংহৰ ওচৰলৈ অনা হৈছিল। তাতে
তেওঁক আহোম ৰজাই সাক্ষাৎ দিয়ে। তাম্ৰধ্বজে ৰুদ্ৰসিংহৰ কৰতলতীয়া ৰজা হ’বলৈ
স্বীকাৰ কৰে আৰু নিজে বছৰত এবাৰকৈ আহোম ৰজাৰ ওচৰত অহাৰ প্ৰতিশ্ৰুতিৰে
মুক্তি লাভ কৰি নিজ ৰাজ্যলৈ উভতি যায়। আহোম সৈন্যই তেওঁক ডিমেৰালৈ আগবঢ়াই
দিছিল। সেই ঠাইতে বহু কছাৰী সৈন্যই তেওঁলোকৰ ৰজাক নিবলৈ ৰৈ আছিলহি। কিন্তু
খাছপুৰ পোৱাৰ পিছৰে পৰা তাম্ৰধ্বজ নৰিয়াত পৰিল। ৰুদ্ৰসিংহই তেওঁৰ চিকিৎসকক
তাম্ৰধ্বজৰ চিকিৎসাৰ বাবে পঠিয়াইছিল। কিন্তু কোনো ফল নহ’ল আৰু ১৭০৮ খৃঃৰ
চেপ্তেম্বৰ মাহত তাম্ৰধ্বজে শেষ নিশ্বাস পেলালে।
তাম্ৰধ্বজৰ মৃত্যুৰ
পিছত তেওঁৰ ন- বছৰীয়া পুত্ৰ সুৰদৰ্প নাৰায়ণক ৰাজপাট দিয়া হ’ল। ৰুদ্ৰসিংহই
পঠিওৱা আহোম বিষয়াকেইজনমানে এইদৰে সুৰদৰ্পক সিংহাসন দিয়াৰ সিদ্ধান্ত লৈছিল।
নাৰদি পুৰাণৰ এটা বিৱৰণৰ লেখক ভূবনেশ্বৰ বাচস্পতিয়ে সুৰদৰ্পৰ ৰাজত্বকালত
তেওঁৰ মাতৃ আৰু তাম্ৰধ্বজৰ বিধৱা পত্নী চন্দ্ৰপ্ৰভাৰ নিৰ্দেশত সেই নাবালক
ল’ৰাজনে ৰাজত্ব কৰিছিল যেন লাগে।
ইয়াৰ পিছৰ প্ৰায় ৬০ বছৰ জুৰি কছাৰী
ৰাজ্যৰ ঘটনাৱলী সম্বন্ধে আহোমসকল নিমাত। অৱশ্যে, ১৬৩৩ শকত (১৭২১ খৃ:)
মাইবঙত খান্দি উলিওৱা এটা শিলৰ মন্দিৰত পোৱা এখন লিপিয়ে সেই সময়ৰ ৰজাৰ নাম
হৰিশচন্দ্ৰ নাৰায়ণ বুলি উল্লেখ কৰিছে। লিপিখনত তেওঁক ‘হিড়িম্বাসকলৰ গৰাকী’
বুলিও কোৱা হৈছে। ১৭৩৬ খৃ: ত বৰখোলাৰ মণিৰাম উজীৰ নামৰ এজন লোকৰ নিযুক্তি
পত্ৰত কছাৰী ৰজাৰ নাম কীৰ্তিছন্দ্ৰ নাৰায়ণ বুলি কোৱা হৈছে। ১৭৬৫ খৃ: ত আহোম
ৰজা ৰাজেশ্বৰ সিংহই তেওঁৰ সম-সাময়িক কছাৰী ৰজা সন্ধিকাৰীক তেওঁক দেখা
কৰিবলৈ বাতৰি দি কটকী পঠিয়াইছিল। কিন্তু সন্ধিকাৰীয়ে কটকীক সাক্ষাৎ নকৰি
উভটাই পঠিয়ালে। তেতিয়া আহোম ৰজাই খং উঠি বৰবৰুৱাৰ এদল সেনা ৰহালৈ পঠিওৱাত
সন্ধিকাৰীয়ে ভয় খাই আত্মসমৰ্পণ কৰিলে। তেওঁক ৰাজেশ্বৰ সিংহৰ আগলৈ আনি
ককৰ্থনা কৰা হ’লত, তেওঁ ক্ষমা ভিক্ষা কৰিছিল। অৱশেষত তেওঁক আকৌ নিজ ৰাজ্যলৈ
যাবলৈ দিয়া হয়। ইয়াৰ পিছত তেওঁ সৰহ দিন জীৱিত নাছিল। ১৭৭১ খৃঃত তেওঁৰ
পৰৱৰ্তী ৰজা হয় ওপৰত উল্লিখিত ‘ হিড়িম্বা ৰজা’ হৰিশচন্দ্ৰ নাৰায়ণ। সেই
বছৰতে হৰিচন্দ্ৰই খাছপুৰত এটা ৰাজপ্ৰসাদ সাজিছিল বুলিও এখন লিপিত উল্লেখ
আছে।
১৮ শতিকাৰ শেষ ভাগত আহোম ৰাজ্যত দেখা দিয়া বিশৃঙ্খলতাৰ কালছোৱাত
বহুতো মোৱামৰীয়া আৰু আহোম প্ৰজাই কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ অধিকৃত অঞ্চললৈ
পলাই গৈছিল। যমুনা নৈৰ ওপৰভাগত এই লোকসকলে আশ্ৰয় লৈছিল। কমলেশ্বৰ সিংহই এই
লোকসকলক ওভটাই দিবলৈ কোৱাত কছাৰী ৰজাই সেই নিৰ্দেশ মানিবলৈ অস্বীকাৰ
কৰিছিল। ইয়াৰ ফলত লগা যুঁজখন ১৮০৩ খৃঃৰ পৰা ১৮০৫ খৃ:লৈ চলিছিল। এই যুঁজত
কছাৰী আৰু মোৱামৰীয়া সকলে আহোমৰ হাতত বেয়াকৈ পৰাজিত হৈছিল। সেই সময়ত
কছাৰীসকলে হিন্দু ধৰ্ম লৈছিল। মাইবঙত ৰাজ পৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ
কৰিছিল। খাছপুৰতো দ্ৰুতগতিত এইদৰে ধৰ্ম গ্ৰহণৰ কাম আগবাঢ়িছিল। এই উপলক্ষে
ৰজা কৃষ্ণচন্দ্ৰ আৰু তেওঁৰ ভাতৃ গোবিন্দচন্দ্ৰই তামেৰে সজা এজনী গাই গৰুৰ
মূৰ্ত্তিৰ ভিতৰত প্ৰৱেশ কৰিছিল। ইয়াৰ পৰা ওলাই আহিলত তেওঁলোকক হিন্দু আৰু
ক্ষত্ৰিয় বুলি কোৱা হৈছিল। এশ যুগ আগেয়ে মহাভাৰতৰ ভীম তেওঁলোকৰ পূৰ্ব্ব
পুৰুষ আছিল বুলি দাবী কৰি ব্ৰাহ্মণসকলে এখন বংশ তালিকাও প্ৰস্তুত কৰিছিল।
তেনে কৰোতে বহুবোৰ কাল্পনিক নাম দিয়া হৈছিল। বহুবোৰ নাম বৰ্তমানকালৰ
ৰজাসকলৰহে আছিল। আকৌ সমসাময়িক ৰজা কেতবোৰৰ নাম দিবলৈকে পাহৰি গৈছিল।
হান্টাৰৰ ষ্টেটিছটিকেল একাউণ্ট অব আসামত (দ্বিতীয় খণ্ড, পৃষ্ঠা ৪০) এই
বিৱৰণী পোৱা যায়। ইচ্ছাকৃতভাবে কল্পনাৰ আশ্ৰয়ত জধে-মধে প্ৰস্তুত কৰা এই
বিৱৰণৰ ঐতিহাসিক মূল্য নাই।
১৮১৩ খৃ: ত কৃষ্ণচন্দ্ৰৰ মৃত্যু হোৱাত
তেওঁৰ ভায়েক গোবিন্দ চন্দ্ৰ ৰজা হয়। ৰজা হৈয়ে তেওঁ কেতবোৰ অসুবিধাৰ
সন্মুখীন হৈছিল। কৃষ্ণচন্দ্ৰৰ কুহিধন নামেৰে এজন পাচকক উত্তৰৰ পাহাৰীয়া
অঞ্চলত কোনো এটা কৰ্মচাৰীৰ বাব দিয়া হৈছিল। গোবিন্দ চন্দ্ৰ ৰজা হোৱাত
কুহিধনে বিদ্ৰোহ কৰি নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিলে। গোবিন্দ চন্দ্ৰই
কোনোমতে তেওঁক ধৰ্মপুৰলৈ ধৰি আনি বধ কৰে। কুহিধনৰ পুত্ৰ তুলাৰাম গোবিন্দ
চন্দ্ৰৰ লগুৱা আছিল। এতিয়া পিতাকৰ অপৰাধৰ ৰোষ তেওঁৰ ওপৰত পৰিব বুলি তুলাৰাম
পলাই গ’ল। পাহাৰীয়া হাবি অঞ্চলত সোমাই থকা তুলাৰামে গোবিন্দ চন্দ্ৰই তেওঁক
ধৰা পেলোৱাৰ আটাইবোৰ চেষ্টা ব্যৰ্থ কৰিছিল।
এইদৰে গোবিন্দ চন্দ্ৰই
তেওঁৰ ৰাজ্যৰ উত্তৰ ভাগ হেৰুৱাবলগীয়াত পৰে। কিন্তু তেওঁৰ বিপদৰ ইয়াতেই
অৱসান হোৱা নাছিল। ১৮১৮১ খৃঃত মণিপুৰৰ মাৰজিত সিংহই তেওঁৰ ভৈয়াম অঞ্চলত
আক্ৰমণ কৰেহি। ইতিমধ্যে মাৰজিতে মণিপুৰৰ ৰজা চৌৰজিতক সিংহাসনৰ পৰা বিতাড়িত
কৰিছিল। সেয়ে গোবিন্দ চন্দ্ৰই চৌৰজিতৰ সহায়ত মাৰজিতৰ সৈন্যদলক ওফৰাই
পেলাবলৈ সক্ষম হ’ল। কিন্তু চৌৰজিতে এতিয়া কছাৰী সিংহাসনলৈ লোভ কৰাত গোবিন্দ
চন্দ্ৰ মহাবিপদৰ সন্মুখীন হ’ল। ইফালে পিছৰ বছৰত বৰ্মীসকলে মাৰজিতক মণিপুৰৰ
পৰা খেদি দিয়াত তেওঁ আকৌ আহি কাছাৰ সোমাল। তেওঁৰ সৈতে ভায়েক গম্ভীৰ সিঙো
আহিছিল। এতিয়া মাৰজিত, চৌৰজিত আৰু গম্ভীৰে লগ লাগি গোবিন্দচন্দ্ৰক ৰাজ্যৰ
পৰা খেদি দিয়াত তেওঁ গৈ চিলহটত উপস্থিত হ’ল। গোবিন্দচন্দ্ৰই বৃটিছৰ ওচৰত
সহায় প্ৰাৰ্থনা কৰি বিমুখ হ’বলগীয়াত পৰিছিল। কিছুদিনৰ পিছত গম্ভীৰ সিং আৰু
চৌৰজিতৰ নিজৰ মাজতে কাজিয়া হ’ল আৰু প্ৰথমজনে হাইলাকান্দিৰ বাহিৰে দক্ষিণ
কাছাৰ অঞ্চলত নিজকে ৰজা বুলি ঘোষণা কৰিলে। কেৱল হাইলাকান্দিহে মাৰজিতৰ দখলত
থাকিল। চৌৰজিতে চিলেটত গৈ বৃটিছৰ আশ্ৰয় ভিক্ষা কৰিলে। কাছাৰত তেওঁৰ অধিকৃত
অঞ্চলসমূহ বৃটিছক ল’বলৈ তেওঁ অনুৰোধ কৰিলে।
বৃটিছৰ পৰা সহায় নাপাই
গোবিন্দচন্দ্ৰই বৰ্মীসকলৰ লগ লাগিল। বৰ্ম্মীসকলে গোবিন্দচন্দ্ৰক পুনৰ
সিংহাসন দিয়াৰ প্ৰতিশ্ৰুতি দিলে। সেই মৰ্মে বৰ্ম্মীসকল কাছাৰলৈ আগবঢ়াত
বৰ্ম্মী আৰু বৃটিছৰ প্ৰথম স্ংঘৰ্ষ হ’ল। বৰ্ম্মীসকলৰ আগমনৰ বাতৰি পাই
স্থানীয় বৃটিছ কৰ্মচাৰীসকলে গম্ভীৰ সিংহক বৰ্ম্মীসদকলৰ সৈতে সন্ধি কৰিবলৈ
কৈছিল। কিন্তু তাকে নকৰি গম্ভীৰ সিঙে গোপনে বৰ্ম্মীসকলক হাত কৰিবলৈহে
চেষ্টা কৰিলে। এইবোৰ কথা বৃটিছৰ উৰ্ধতন কৰ্তৃপক্ষক জনোৱাত গভৰ্ণৰ জেনেৰেলে
স্থানীয় কৰ্ম্মচাৰী সকলক দুয়োজন ৰজাৰে এজনৰো পক্ষ নলব’লৈ পৰামৰ্শ দিলে।
কেৱল বৰ্ম্মীয়ে যাতে কাছাৰ অধিকাৰ কৰিব নোৱাৰে, সেইটো চোৱাহে তেওঁলোকৰ
কৰ্তব্য বুলি সোৱৰাই দিয়া হ’ল। তথাপি বৃটিছে নিশ্চয় গম্ভীৰ সিঙৰ কাছাৰৰ
ওপৰত কোনো অধিকাৰ নাই বুলি ভাবিছিল। কাৰণ বৰ্ম্মীসকলক কাছাৰৰ পৰা খেদি
দিয়াৰ অন্তত গোবিন্দচন্দ্ৰকহে তেওঁলোকে সিংহাসন দিছিল। গোবিন্দ চন্দ্ৰৰ
প্ৰধান মন্ত্ৰীৰ বংশধৰ এজনৰ পৰা মি: এফ, চি, জেকচনে (আই চি এছ) পোৱা এটা
মুদ্ৰাত গোবিন্দচন্দ্ৰক হিড়িম্বাৰ ৰজা বুলি অভিহিত কৰা হৈছে।
জয়ন্তীয়াসকলৰ পুৰণি ইতিহাস পোৱা নাযায়। আহোম বুৰঞ্জী, কেতবোৰ মুদ্ৰা,
তাম্ৰলিপি আৰু স্থাপত্যৰ পৰা এই ৰাজ্যৰ ইতিহাস স্ংগ্ৰহ কৰা হৈছে। জয়ন্তীয়া
পাহাৰ আৰু জয়ন্তীয়া পৰগণাৰ দ্বাৰা এই ৰাজ্য গঠিত হৈছিল। জয়ন্তীয়া পাহাৰত
ছিনটেং নামেৰে এচাম খাছীলোকে বসবাস কৰিছিল। আনহাতেদি, জয়ন্তীয়া পৰগণা আছিল
বৰ্তমানৰ চিলহটৰ অন্তৰ্গত, অৰ্থাৎ জয়ন্তীয়া পাহাৰৰ দক্ষিণ আৰু বৰাক নৈৰ
উত্তৰে অৱস্থিত। জয়ন্তীয়া পৰগণাত আজি-কালি বাঙালী হিন্দু আৰু মুছলমান লোকহে
ঘাইকৈ বাস কৰে। জয়ন্তীয়া ৰজাসকলে পোনতে জয়ন্তীয়া পাহাৰতহে বাস কৰিছিল।
পুৰাণ আৰু তান্ত্ৰিক সাহিত্যত উল্লেখিত এই জয়ন্তীয়া পাহাৰত দেবী দুৰ্গাৰ
মুঠ একাৱন্ন মন্দিৰৰ অন্তৰ্গত মন্দিৰ এটা অৱস্থিত আছিল বুলি জনা যায়। খাছী
আৰু জয়ন্তীয়া পাহাৰৰ লোকসকলৰ মাজত দৰাচলতে কোনো পাৰ্থক্য নাই। তেওঁলোকৰ
দৈহিক গঠন আৰু ভাষাও একে। মনখেমৰ গোষ্ঠীৰ খাছী ভাষা এই দুয়োবিধ লোকে কয়।
উল্লেখযোগ্য যে, ব্ৰহ্মদেশৰ গোষ্ঠীৰ ভাষা ভাৰতৰ ভিতৰত কেৱল খাছী-জয়ন্তীয়া
লোকসকলেহে ব্যৱহাৰ কৰে। ব্ৰহ্মদেশতো এই গোষ্ঠীৰ ভাষা ব্যৱহাৰ হয়। পুৰণি
মঙ্গোলীয়ান প্ৰবজনকাৰীসকলে এই দেশত ভাষাৰ প্ৰচলন কৰে বুলি বহুতে কয়। সেই
সময়ত খাছী-জয়ন্তীয়া পাহাৰৰ বাহিৰেও বিস্তৃত অঞ্চল জুৰি এই ভাষাৰ ব্যৱহাৰ
হৈছিল যেন লাগে। অসমলৈ বহু পুৰণি কালত অহা প্ৰথম মঙ্গোলীয় প্ৰব্ৰজনকাৰী
দলটোৰ খাছী আৰু জয়ন্তীয়া সকলৰ উৎপত্তি আৰু তেওঁলোক এই পাহাৰীয়া অঞ্চলত
বসবাস কৰিবলৈ লোৱা বাবে তেওঁলোকৰ নিজ ভাষা আৰু ব্যৱহাৰ অটুট থাকে বুলি
অনুমান হয়। পিছলৈ পাহাৰৰ পৰা ক্ৰমান্বয়ে অধিক সমতল ভূমিলৈ তেওঁলোক নামি আহে
যেন লাগে। অৱশ্যে সমতল অঞ্চললৈ অহা হয়তো বহুদিন হোৱা নাই। খাছী জয়ন্তীয়া
লোকসকল পাহাৰৰ পৰা নমা বৰ বেছি দিন হোৱা নাই যেন লাগে। খাছী- জয়ন্তীয়া
পাহাৰ অঞ্চলৰ নৈ, পাহাৰ আদিৰ নামবোৰ খাছী ভাষাৰ। খাছী আৰু ছিনেটংসকলে মৃতকৰ
সমাধিৰ ওপৰত কেতবোৰ দীঘল শিলৰ খুটা থয়। (ছোটনাগপুৰৰ হোছ আৰু মুন্দ্ৰাসকলেও
মৃতকৰ কবৰত খুটা নিৰ্মাণ কৰে। উল্লেখযোগ্য যে, এই লোকসকলেও একে গোষ্ঠীৰ
ভাষা কয়)। খাছী আৰু জয়ন্তীয়া লোকসকলৰ উত্পত্তি আৰু প্ৰব্ৰজন সম্বন্ধে
তেওঁলোকৰ নিজৰ কোনো ইতিহাস বা পৌৰাণিক সাহিত্য নথকাত, এই সম্বন্ধে এটা
চুড়ান্ত মতামত দিয়াটো টান।
পুৰণি কালৰ জনজাতিসকলৰ মাজত সচৰাচৰ দেখাৰ
দৰে, খাছী আৰু ছিনটেং সকলৰ মাজতো বহুতো সৰু সৰু খেলৰ সৃষ্টি হোৱা যেন লাগে।
কেতিয়াবা হয়তো কোনো এজন মুখীয়াল পৰাক্ৰমী হৈ উঠি অন্যান্য খেলৰ বহুতকে
তেওঁৰ অধীনলৈ আনে। বিজিতসকলে পৰাক্ৰমী বিজয়ীৰ তলতীয়া হিচাবে জীৱন নিৰ্বাহ
কৰাৰ কালত সম্ভৱপৰ হ’লে আকৌ মূৰ ডাঙি উঠাৰ বাবে সুযোগলৈ বাট চাই ৰয়।
পৰাক্ৰমী মুখিয়ালৰ পৰৱৰ্তী কোনো দুৰ্বল মুখিয়ালৰ দিনত সেইটো সম্ভৱপৰ হৈ
উঠে। এইদৰে যুজ-বাগৰ, দখল, পুনৰ মুক্তি আদিৰ ঘটনা নিশ্চয় সচৰাচৰ ঘটিছিল।
খাছী আৰু ছিনটেং সকলৰ সমাজখন মাতৃপ্ৰধান। এতিয়াও এই ব্যৱস্থা বৰ্তমান। খাছী
মুখিয়ালৰ উত্তাৰিধিকাৰী তেওঁৰ পুত্ৰ নহয়, ভনীয়েকৰ পুত্ৰহে।
খাছী
আৰু ছিনটেঙসকল একেজন ৰজাৰ অধীন আছিল বুলি তেওঁলোকৰ পুৰণি সাহিত্যই নকয়।
বোধকৰো জয়ন্তীয়া ৰজা আৰু ছিলঙৰ ওচৰৰ খৈৰামক এই লোকসকলৰ ৰজা বুলি মানিছিল।
খৈৰামৰ ৰাজধানী আছিল নক্ৰেম। খৈৰামৰ বিষয়ে ঐতিহাসীক তথ্য-পাতিৰ অভাৱ,
তেওঁলোকৰ বিষয়ে সবিশেষ একো জনা নাযায়। কিন্তু সৌভাগ্যৰ কথা যে জয়ন্তীয়া
ৰজাসকলৰ বিষয়ে পৌৰাণিক তথ্য-পাতি কিছু পোৱা গৈছে। জয়ন্তীয়াসকলে ক্ৰমাৎ
দক্ষিণৰ সমতল ভূমিলৈ বিস্তৃতি লাভ কৰিছিল। সেই মৰ্মে জয়ন্তীয়া পৰগণা
তেওঁলোকৰ ৰাজ্যৰ ভিতৰত পৰিছিল। জয়ন্তীয়া পৰগণাৰ লোকসকলে ৰাজবংশাৱলী লিখাৰ
বাবে জয়ন্তীয়া ইতিহাসৰ কেতবোৰ সমল উদ্ঘাটনৰ পথ মুকলি হৈছে। সেইমতে সেই
ৰাজ্যত শাসন কৰা জয়ন্তীয়া ৰজাসকলৰ সপ্তমজন শাসকৰ নাম আছিল ধনমাণিক। ষোল
শতিকাৰ শেষৰ ফালে এইজন ৰজাই ৰাজত্ব কৰিছিল। এই বংশাৱলীসমূহত পোৱা ৰজাসকলৰ
নাম সমসাময়িক মুদ্ৰা, তাম্ৰলিপি আৰু আহোম ইতিহাসৰ দ্বাৰা সমৰ্থিত হোৱা বাবে
আমি ইয়াক এক গ্ৰহনযোগ্য সমল হিচাবে ধৰিব পাৰোহঁক। এতিয়া, ধনমাণিকৰ পুৰ্বৰ
ৰজাসকলৰ প্ৰত্যেকৰে ৰাজত্বকাল ষোল বছৰ হিচাবে ধৰিলে এই ৰজাসকলৰ ৰাজত্বৰ
আনুমাণিক কাল হ’ব এই ধৰণৰ:-
পৰ্ব্বত ৰায়,,,,,,,,,,১৫০০-১৫১৬খৃ:
মাজু ঘোহাই,,,,,,,,,,১৫১৬-১৫৩২খৃ:
বুঢ়া পৰ্ব্বত ৰায়,,,,১৫৩২-১৫৪৮খৃ:
বৰ গোহাই,,,,,,,,,,১৫৪৮-১৫৬৪খৃ:
বিজয় মাণিক,,,,,,,,১৫৬৪-১৫৮০খৃ:
প্ৰতাপ ৰায়,,,,,,,,,,,১৫৮০-১৫৯৬খৃ:
ধনমাণিক,,,,,,,,,,,,১৫৯৬-১৬০৫খৃ:
(দূৰ্ভাগ্যবশতঃ ৰজাৰ নাম-ধাম থকা জয়ন্তীয়া মুদ্ৰাৰ স্ংখ্যা অতি তাকৰ।
কোচসকলে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ বাবে তেওঁলোকৰ ৰজাসকলে নিজৰ নামত মুদ্ৰা
উলিয়াব নোৱাৰিছিল। জাৰ্ণেল অৱ এছিয়াটিক ছোচাইটি অৱ বেঙ্গল (১৮৯৫খৃ:)ত লিখা
এটা প্ৰৱন্ধত জয়ন্তীয়া মুদ্ৰাৰ বিষয়ে উল্লেখ আছে। কোচ মুদ্ৰাৰ আৰ্হিত
নিৰ্মিত এই মুদ্ৰাসমূহ ১৬৬৯, ১৬৭০, ১৭০৮, ১৭৩১, ১৭৩৪, ১৭৮২, ১৭৮৫ আৰু ১৭৯০
খৃ:ৰ সমসাময়িক। বোধকৰো আহোমৰ দৰে ৰজাই ৰাজপাটত আৰোহণ কৰাৰ সময়ত এই
মুদ্ৰাবোৰ উলিওৱা হৈছিল।) উল্লেখযোগ্য যে, এই ৰজাসকলৰ নামবোৰ জয়ন্তীয়া সকলৰ
পুৰণি সাহিত্যত পোৱা হোৱা নাই। তেওঁলোকৰ দ্বাৰা অধিকৃত নামনি অঞ্চলৰ লোকৰ
পৰাহে লোৱা হৈছে। পৰ্ব্বত ৰায় এই বংশৰ প্ৰতিষ্ঠাতা নহবও পাৰে। কিন্তু
বোধকৰো নামনি অঞ্চলসমূহলৈ জয়ন্তীয়া ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। সেয়ে নামনিৰ
লোকে তেওঁক ‘পৰ্ব্বতৰ ৰজা’ বা পৰ্ব্বত ৰায় বুলি কৈছিল যেন লাগে।
জয়ন্তীয়াসকলে ১৫০০ খৃঃ মানত নিজৰ ৰাজ্য স্থাপন কৰিছিল যেন বোধ হয়। সেই
বছৰতে সম্ভৱ তেওঁলোকে জয়ন্তীয়া পৰগণাৰ অধিপতি হৈছিল। ওপৰত উল্লেখিত ৰজাসকলৰ
হিন্দু নামৰ পৰা তেওঁলোকৰ ওপৰত হিন্দু ধৰ্ম তথা ব্ৰাহ্মণসকলৰ প্ৰভাৱ
পৰিছিল বুলিও আমি অনুমান কৰিব পাৰো।
এই পৰ্ব্বতীয়া ৰজাসকলে দখল কৰাৰ
আগেয়ে জয়ন্তীয়া পৰগণা কেইজনমান ব্ৰাহ্মণ ৰজাৰ তলতীয়া আছিল বুলিও কোনো এক
সূত্ৰই কয়। সেই মৰ্মে শেষৰ ৰজা কেইজনৰ নাম যথাক্ৰমে কেদাৰেশ্বৰ ৰায়,
ধনেশ্বৰ ৰায়, কন্দৰ্প ৰায় আৰু জয়ন্ত ৰায় বুলি সুত্ৰটোৱে উল্লেখ কৰিছে।
অৱশ্যে এই তথ্য বহুতে সমৰ্থন নকৰে।
খাছী আৰু জয়ন্তীয়াসকলৰ বিষয়ে উল্লেখ
কৰা অন্য ৰাজ্যৰ তথ্যবোৰৰ ভিতৰত মহাৰাজ নৰনাৰায়ণৰ দিনৰ তথ্য সমূহ আটাইতকৈ
পুৰণি। পৰৱৰ্তী তথ্যসমূহত উল্লেখ থকাৰ দৰে কোচৰ দিনৰ তথ্যসমূহেও জয়ন্তীয়া
ৰজা আৰু খৈৰামৰ ৰজাক প্ৰধান দুজন ৰজা বুলি বৰ্ণনা কৰিছে। ইয়াৰে প্ৰথমজনক
নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে হত্যা কৰিছিল। তেওঁৰ পুত্ৰই নৰনাৰায়ণৰ কৰতলীয়া
হবলৈ মান্তি হোৱাত সেই পুত্ৰজনক সিংহাসন দিয়া হৈছিল। তেওঁ হেনো এটা শকত
পৰিমাণৰ কৰ বছৰি নৰনাৰায়ণক দিবলগীয়া হৈছিল। এইজন ৰজাৰ নাম আছিল
বীৰ্য্যবন্ত। এই নামটোৰ পৰাও জয়ন্তীয়াসকলৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱৰ কথা
অনুমেয়।
চিলাৰায়ে পৰাজিত কৰা জয়ন্তীয়া ৰজাজনৰ নাম উল্লেখ কৰা হোৱা
নাই। কিন্তু যি সময়ৰ কথা কোৱা হৈছে তালৈ চাই সেই ৰজাজন বৰগোঁসাই বা
বিজয়মাণিক যেন লাগে। তিপেৰাসকলৰ ৰাজমালাতো প্ৰায় একে সময়তে (চিলাৰায়ে
আক্ৰমণ কৰা সময়) তেওঁলোকৰ ৰজা ব্ৰজমাণিকেও জয়ন্তীয়া ৰাজ্যত এক আক্ৰমণ
চলাইছিল বুলি প্ৰসঙ্গক্ৰমে সামান্য উল্লেখ কৰা হৈছে।
১৭ শ শতিকাৰ
প্ৰথমাৰ্দ্ধত কছাৰীসকলৰ অধীনস্থ ডিমৰুৱাৰ মুখীয়াল প্ৰভাকৰক জয়ন্তীয়া ৰজা
ধনমাণিকে আক্ৰমণ কৰি বন্দী কৰিছিল। ডিমৰুৱাৰ মুখীয়ালে কছাৰী ৰজাৰ সহায়
বিচৰাত কছাৰী ৰজাই ধনমাণিকক তেওঁক মুক্তি দিবলৈ অনুৰোধ জনাইছিল। ধনমাণিকে
সেই সেই অনুৰোধ গ্ৰাহ্য নকৰাত কছাৰী ৰজাই তেওঁক আক্ৰমণ কৰে।এই আক্ৰমণত
ধনমাণিকৰ সৈন্যদল চেদেলি-ভেদেলি হৈ পৰে আৰু তেওঁ সন্ধি কৰিবলৈ বাধ্য হয়।
ধনমাণিকে কছাৰী ৰজাৰ কৰতলীয়া হৈ দুগৰাকী ৰাজকন্যা তেওঁলৈ বিয়া দিয়ে। তদুপৰি
তেওঁৰ ভাগিনজনক (যুৱৰাজ) জামিন স্বৰুপে কছাৰী ৰজাৰ ওচৰত থবলগীয়াত পৰে।
অলপ দিনৰ পিছতে ধনমাণিকৰ মৃত্যু হোৱাত যশমাণিক নামৰ এই যুৱৰাজজনক মুক্তি
দি কছাৰী ৰজাই তেওঁক সিংহাসন গটাই দিয়ে। যশমাণিকে আহোম আৰু কছাৰীৰ মাজত
শত্ৰুতা সৃষ্টি কৰাৰ মানসেৰে নিজৰ কন্যা এগৰাকীক আহোম ৰজা প্ৰতাপ সিংহলৈ
বিয়াৰ প্ৰস্তাৱ দিয়ে। এই কন্যা গৰাকীক কছাৰী ৰাজ্যৰ মাজেৰে নিব লাগিব বুলিও
তেওঁ এটা চৰ্তও দিয়ে। যশমাণিকে আশা কৰা ধৰণে কছাৰী ৰজাই এই কথাত সন্মত
নোহোৱাত আহোম ৰজাই কছাৰী ৰাজ্য আক্ৰমণ কৰে (১৬১৮খৃ:)। পুৰণি সাহিত্য মতে
যশমাণিকে কোচবিহাৰলৈ গৈ পশ্চিম কোচ ৰাজ্যৰ ৰজা লক্ষ্মীনাৰায়ণৰ কন্যা
এগৰাকীৰ পাণি গ্ৰহণ কৰিছিল। এই বিবাহৰ পিছত নিজ ৰাজ্যলৈ উভটি যাওঁতে তেওঁ
লগতে জয়ন্তেশ্বৰী দেৱীৰ মূৰ্ত্তি এটিও নিছিল। তেতিয়াৰে পৰা জয়ন্তীয়াসকলে
অতি শ্ৰদ্ধাৰে জয়ন্তেশ্বৰী দেৱীৰ পূজা কৰি আহিছে।
যশমাণিকৰ পিছত
যথাক্ৰমে সুন্দৰ ৰায়, চোটা পৰ্ব্বত ৰায় আৰু যশমন্ত ৰায় ৰজা হৈছিল। ইয়াৰ
শেষৰ জন ৰজা আহোমৰ নৰীয়া ৰজাৰ সমসাময়িক আছিল। ১৬৬৪ খৃ:ত নৰীয়া ৰজাই তেওঁৰ
ওচৰলৈ বন্ধুত্বপুৰ্ণ সম্বন্ধ স্থাপনৰ উদ্দেশ্যেৰে কটকী পঠিয়াইছিল। সেই চনতে
বোধকৰো যশমন্তই ৰাজপাটত বহিছিল। সেই মৰ্মে তেওঁৰ পূৰ্বৰ ৰজাসকলৰ ৰাজত্বকাল
এনে ধৰণে নিৰ্ণয় কৰিব পাৰি-
যশমাণিক ১৬০৫-১৬২৫ খৃ:
সুন্দৰ ৰায় ১৬২৫-১৬৩৬ খৃ:
চোটাপৰ্ব্বত ৰায় ১৬৩৬-১৬৪৭ খৃ:
আহোমৰ সৈতে জয়ন্তীয়াৰ বন্ধুত্ব সৰহ দিন নিটিকিল। জয়ন্তীয়া ৰাজ্যলৈ যোৱা
এজন আহোম বেপাৰীক কোনো কাৰণবশতঃ যশমন্ত ৰায়ে বন্দী কৰিছিল। পিছত আহোম ৰজাৰ
অনুৰোধত তেওঁক মুক্তি দিয়া হ’ল যদিও সা-সম্পত্তিবোৰ উভটাই দিয়া নহ’ল। এই
কথাতে মনোমানিল্য লাহে লাহে গুৰুতৰ হ’ল।জয়ন্তীয়া ৰাজ্যলৈ যোৱা গিৰিপথসমূহ
আহোমে বন্ধ কৰি দিলে। সোণাপুৰত থকা জয়ন্তীয়া বেপাৰীসকলকো বন্দী কৰি থ’লে।
প্ৰায় ৯ বছৰৰ মূৰতহে দুয়ো পক্ষৰ মাজত এই বিবাদৰ মীমাংসা হৈছিল। ১৬৫৮ খৃ:ত
যশমন্তৰ নাতিয়েক প্ৰমত্ত ৰায়ে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। অৱশ্যে
এই বিদ্ৰোহ ব্যৰ্থ হৈছিল।
১৬৬০ খৃ: ত যশমন্তৰ মৃত্যু হোৱাত তেওঁৰ
পুত্ৰ বানসিং ৰজা হয়। বানসিঙক প্ৰতাপসিংহ নামেৰে তেওঁৰ আত্মীয় এজনে
সিংহাসনচ্যুত কৰিছিল। প্ৰতাপসিং হেনো ইয়াৰ আগতে ৰাজ্যৰ পৰা বিতাৰিত হৈ
বঙ্গদেশত আছিলগৈ। প্ৰতাপসিঙক লক্ষ্মীনাৰায়ণে সিংহাসনৰ পৰা আতৰাই মৃত্যুদণ্ড
দিছিল। প্ৰতাপসিঙে বোধকৰো অতি কম দিন ৰাজত্ব কৰিছিল। কাৰণ তেওঁ ৰজা হোৱা
বুলি বাতৰি দি যিজন দূত আহোম ৰজা চক্ৰধ্বজ সিংহৰ ওচৰলৈও পঠিয়াইছিল তেওঁ
নৌপাওঁতেই চক্ৰধ্বজে তেওঁৰ মৃত্যুৰ বাতৰি পাইছিল। এই দূতজন গৈ চক্ৰধ্বজৰ
ৰাজসভা পোৱাত চক্ৰধ্বজে তেওঁক অভ্যৰ্থনা জনাবলৈ বা তেওঁ অনা পত্ৰ পঢ়িবলৈ
মান্তি নহ’ল। কাৰণ তেনে কৰিলে নিজ ৰাজ্যত অপায়-অমঙ্গল হ’ব বুলি চক্ৰধ্বজৰ
আশ্ংকা হৈছিল। লক্ষ্মীনাৰায়ণে আহোমৰ পৰা ডিমৰুৱা দাবী কৰিছিল। ডিমৰুৱাখন
তেওঁৰ পূৰ্ব্ব পুৰুষৰ আছিল বুলিও তেওঁ কৈছিল। কিন্তু আহোমে ডিমৰুৱাখন
মুছলমানৰ হাতৰ পৰাহে কাঢ়ি আনিছিল বুলি কৈ লক্ষ্মীনাৰয়ণৰ দাবী অগ্ৰাহ্য
কৰিলে। কিন্তু লক্ষ্মীনাৰায়ণে একেটা কথাতে লাগি থকাত ১৬৭৮ খৃ:ত আহোমে
জয়ন্তীয়াৰ সৈতে সকলো সম্বন্ধ ছিগিলে।
লক্ষ্মীনাৰায়ণে জয়ন্তীয়াপুৰত সজা
ৰাজ প্ৰসাদৰ ভগ্নাৱশেষ আজিও দেখা যায়। প্ৰাসাদৰ তোৰণত লক্ষ্মীনাৰায়ণৰ দিনত
নিৰ্মিত বুলি উল্লেখ আছে। ইয়াত উল্লেখিত তাৰিখটো অস্পষ্ট হৈ পৰিছে। তথাপি
চনটো ১৬৩২ শক বুলি লেখা যেন লাগে। যদি সেয়ে হয়, তেন্তে ই ১৭০৭ খৃ:ৰ
সমসাময়িক হ’ব। কিন্তু ১৭০৭ খৃ:ত ৰাম সিংহে ৰজা আছিল বাবে সেই তাৰিখটো ভুল
বুলি বিবেচিত হৈছে। প্ৰকৃতপক্ষে, সময়টো বোধকৰো ১৬০২ তথা ১৬৮০ খৃঃহে।
যশমন্ত সিংহ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলৰ সময়কাল বোধকৰো তলত দিয়া ধৰণে হ’ব-
যশমন্ত ৰায় ১৬৪৭-১৬৬০ খৃ:
বাণ ৰায় ১৬৬০-১৬৬৯ খৃ:
প্ৰতাপ সিংহ ১৬৬৯ খৃ:
লক্ষ্মীনাৰায়ণ ১৬৬৯-১৬৯৭ খৃ:
লক্ষ্মীসিংহৰ পৰৱৰ্তী ৰজা ৰাম সিঙে ১৭০৮ খৃ:লৈ ৰাজত্ব কৰিছিল। আহোম আৰু
কছাৰী উভয়ৰে সৈতে তেওঁৰ বিবাদ হৈছিল। তেওঁৰ সৈতে হোৱা বিবাদ সম্বন্ধে আহোম
বুৰঞ্জীয়ে এইদৰে বিৱৰণ দিছে-
"১৭০৭ খৃ:ত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী
ৰজা তাম্ৰধ্বজৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ ৰামসিঙৰ সহায় ভিক্ষা কৰিছিল। সেই
মৰ্মে সসৈন্যে ৰামসিঙে আহোমৰ বিৰুদ্ধে যুদ্ধ যাত্ৰাৰ যো-জা কৰোতেই
তাম্ৰধ্বজৰ পৰা বাতৰি অহিল যে আহোম আক্ৰমণকাৰীসকল নিজেই গ’লগৈ কাৰণে সহায়ৰ
প্ৰয়োজন নহ’ব। কিন্তু ৰামসিঙৰ নিজৰে এতিয়া কছাৰী ৰাজ্যৰ প্ৰতি লোভ হ’ল আৰু
সেই ৰাজ্য আক্ৰমণ কৰি তাম্ৰধ্বজক বন্দী কৰি নিলে। তাম্ৰধ্বজে অন্তৰীণ
অৱস্থাৰ পৰা কিবা উপায়েৰে ৰুদ্ৰসিংহলৈ উদ্ধাৰৰ বাবে আবেদন জনালে। ৰামসিঙে
ৰুদ্ৰসিংহৰ কথা নুশুনাত দুটা আহোম বাহিনী তেওঁৰ বিৰুদ্ধে পঠিওৱা হ’ল।
বৰবৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে কছাৰী ৰাজ্যৰ মাজেৰে গৈ খাছপুৰ সোমাই পূব
দিশৰ পৰা জয়ন্তীয়া পৰগণাত প্ৰৱেশ কৰিলে। বৰফুকনৰ নেতৃত্বত যোৱা আনটো দলে
জাগীৰ পৰা যাত্ৰা কৰি জয়ন্তীয়া পাহাৰৰ মাজেদি জয়ন্তীয়াপুৰ ওলাইছিলগৈ।
খাছপুৰেদি যোৱা দলটো প্ৰথমে গৈ জয়ন্তীয়া ৰাজ্য সোমোৱাত ৰামসিঙে প্ৰথম তেওঁ
লোকক আগভেটা দিবলৈ যো-জা কৰিছিল যদিও তেওঁলোকৰ দলটো স্ংখ্যাত শকত আৰু
পৰাক্ৰমী যেন দেখি পলায়ন কৰাটোহে শ্ৰেয় বুলি বিবেচনা কৰিলে। ৰামসিঙে কছাৰী
ৰজাৰ সৈতে কৰা ব্যৱহাৰ তেওঁৰ বিষয়াসকলে ভালপোৱা নাছিল। এতিয়া তেওঁলোকক
সন্মুখ শত্ৰুৰ আগত দলনিত পোনা মেলা দি নিজে পলায়ণ কৰিবলৈ খোজাত তেওঁলোকৰ
খ্ং উঠিল আৰু ৰামসিঙক আহোম সেনাপতিৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ হেচা দিলে।
বৰফুকনৰ নেতৃত্বাধীন দলটোৱে জয়ন্তীয়া পাহাৰ সোমাওতে প্ৰথম প্ৰায় কুৰি মাইল
পথৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। কিন্তু সেই বাধা নেওচি তেওঁলোক
জয়ন্তীয়াপুৰ ওলাইছিলগৈ। বৰফুকনে বাটত আঠ ঠাইত যুদ্ধ বন্দীবোৰ ৰখাৰ
বন্দোবস্ত কৰি আহিছিল।
আহোম সৈন্যদল দুটাই স্থানীয় লোকৰ বিৰুদ্ধে
একো হিংস্ৰ পদ্ধতি নোলোৱা বাবে এইদৰে জয়ন্তীয়াপুৰ অভিযানত সফলতা লাভ কৰিছিল
যেন লাগে। কিন্তু ইয়াৰ পিছত আহোমে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ যো-জা কৰাত
স্থানীয় ছিনটেং লোকসকল স্ংঘবদ্ধ হ’ল। ৰামসিঙৰ কছাৰী ৰজাৰ প্ৰতি লোৱা নীতিত
ৰাইজৰো সমৰ্থন নাছিল। তেওঁলোকে ভাবিছিল যে আহোমে ৰজাক এই কাৰ্যৰ বাবে হয়তো
ভৎসৰ্না কৰি গুচি যাব। কিন্তু এতিয়া আহোমে তেওঁলোকৰ স্বাধীনতা হৰণ কৰিবলৈ
ওলোৱাত তেওঁলোকৰ খ্ং উঠিল। জীৱন-মৰণ পণ কৰি নিজ স্বাধীনতা ৰক্ষা কৰিবলৈ
তেওঁলোকে সঙ্কল্প গ্ৰহণ কৰিলে। ৰামসিঙক আহোম সৈন্যই ধৰি নি ৰুদ্ৰসিংহক
গটাই দিছিল। বন্দী অৱস্থাতে ১৭০৮ খৃ: ত গ্ৰহণী ৰোগত ৰামসিঙৰ মৃত্যু হয়।
জয়ন্তীয়া যুবৰাজ জয়নাৰায়ণে পিতৃ ৰামসিঙৰ সৈতে আহোমৰ ৰাজ্যত বন্দী হৈ আছিল।
তেওঁ দুগৰাকী ভগ্নীক ৰুদ্ৰসিংহলৈ বিয়া দিছিল। আহোমে মুক্তি দিয়াত তেওঁ নিজ
ৰাজ্যলৈ উভটি আহিছিল। দেউতাকৰ মৃত্যুৰ সময়ৰ পৰা অৰ্থাৎ ১৭০৮ খৃ:ৰ পৰা
বৰগোঁসাই ৰাজপাটত বহাৰ সময়লৈকে অৰ্থাৎ ১৭২৯ খৃ:লৈ তেওঁ জয়ন্তীয়া ৰাজ্যত
ৰাজত্ব কৰিছিল যেন অনুমান হয়। বৰগোঁসাইৰ ৰাজত্বকাল অস্বাভাৱিকভাৱে দীঘলীয়া
আছিল। প্ৰায় ৪০ বছৰ জুৰি ৰাজত্ব কৰি ১৭০৭ খৃ: ত তেওঁ ছত্ৰসিঙক সিংহাসন গটাই
দি নিজে সন্ন্যাস ধৰ্ম্ম গ্ৰহণ কৰিছিল। সেই সময়ৰ এজন ব্ৰাহ্মণক ভূমিদান
কৰাৰ উপলক্ষে লিখা এখন তাম্ৰফলিত এই তথ্য উল্লেখিত হৈছে। সেই তাম্ৰফলিখনত
ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু সেনানায়কজনক ভূমিদানৰ সাক্ষী হিচাবে উল্লেখ কৰা
হৈছে। তেওঁলোকৰ নামৰ পৰা প্ৰধানমন্ত্ৰীজন পূৰ্ব পুৰুষৰ ধৰ্ম্মত বিশ্বাসী
ছিনটেং আৰু সেনাপতিজন হিন্দু যেন লাগে। ৰজাৰ ভাগিনিয়েক কেইগৰাকীয়েও এই
ভুমিদানত সন্মতি দিছিল বুলি কৰা উল্লেখৰ পৰা জয়ন্তীয়া ৰাজ পৰিয়ালত মহিলাৰ
মাধ্যমেৰে সম্পত্তিৰ উত্তৰাধিকাৰ পোৱাৰ ব্যৱস্থা তেতিয়াও প্ৰচলিত আছিল যেন
লাগে।
বৰগোঁসাই আৰু তেওঁৰ ভগ্নী গৌৰী কুঁৱৰীক খৈৰামৰ ছিয়েমে বন্দী কৰি
থৈছিল বুলি কোনো কোনো সূত্ৰই কয়। তেওঁলোকক হেনো চেৰাপুঞ্জীৰ ছিয়েম অমৰ সিঙে
উদ্ধাৰ কৰিছিল আজিকোপতি জয়ন্তীয়া পৰগণাৰ দুখন গাঁও চেৰাপুঞ্জীৰ ছেয়েমৰ
অধীনতে আছে। এই গাঁও দুখনৰ বাবে তেওঁ কৰ দিব নালাগে। এই গাঁও দুখন হেনো
বৰগোঁসায়ে কৃতজ্ঞতাৰ চিন স্বৰূপে চেৰাপুঞ্জীৰ ছিয়েমক দিছিল। খৈৰাম আৰু
জয়ন্তীয়া ৰাজ্যৰ মাজত বিবাদ বহুদিন ধৰি চলিছিল। ১৮৫৩ খৃ:ত বৃটিছে জয়ন্তীয়া
ৰাজ্য আক্ৰমণ কৰাৰ কালতো সেই শত্ৰুতা থকা দেখা গৈছিল।
(১৮৯৭ খৃ:ত
চিলহটৰ ভূমি স্ংক্ৰান্ত নথি-পত্ৰ চাওঁতে সেন নামৰ এজন বিষয়াই উপায়ুক্তৰ
কাৰ্যালয়ত থকা নথি-পত্ৰৰ মাজত ১৮৩৯ চনৰ লেচ নামৰ এজনে লিখা কাকত পত্ৰ
কেতবোৰ পায়। এই কাকত-পত্ৰসমূহত বৰগোঁসাই আৰু তেওঁৰ পৰৱৰ্তী জয়ন্তীয়া
ৰজাসকলৰ নাম পোৱা গৈছিল। বৰগোঁসাইৰ বাহিৰে বাকী কেইজন ৰজাৰ ক্ষেত্ৰত এই
নথিপত্ৰত উল্লেখিত তাৰিখসমূহ মানি লোৱা হৈছৈ। সেই তাম্ৰফলিত বৰগোঁসায়ে
সিংহাসন ত্যাগ কৰাৰ বিষয়ে উল্লেখিত হৈছে। লোচৰ তাৰিখসমূহৰ সমসাময়িক মুদ্ৰাত
পোৱা তাৰিখৰ সৈতে কিছু গৰ-মিল আছে। সাধাৰণতে ৰাজ অভিষেক বা নতুন মুদ্ৰা
তৈয়াৰ কেতিয়াবা প্ৰকৃত সিংহাসন আৰোহনৰ দিনতকৈ দেৰিকৈ হয়। কেতিয়াবা দুই-এবছৰ
পিছতো হয়। সেয়ে লোচে উল্লেখ কৰা তাৰিখত সিংহাসন আৰোহন কৰি বৰগোঁসাই আৰু
ছত্ৰসিঙে বোধকৰো দুবছৰ আৰু যাত্ৰা নাৰায়ণ আৰু দ্বিতীয় ৰামসিঙে প্ৰায় এবছৰৰ
পিছতহে মুদ্ৰা উলিয়াইছিল যেন লাগে। ১৭৮৫ চনৰ মুদ্ৰা এটাক আনহাতেদি সঠিক
তাৰিখৰ যেন লাগে। লোচে উল্লেখ কৰাৰ দৰে সেই চনটো ১৭৮৬ নহৈ মুদ্ৰাৰ মতে দিয়া
১৭৮৫ খৃ: হ’ব লাগে। সম্ভৱত: সেই খৃ: ত বিজয় নাৰায়ণ ৰজা হৈছিল।)
বৰগোঁসাইৰ পৰৱৰ্তী ৰজা ছত্ৰসিঙে ৰাজপাট আৰোহন কৰিছিল ১৭৭০ খৃ:ত। বৃটিছৰ
সৈতে পোনপটীয়া সংঘৰ্ষলৈ অহা তেঁৱেই প্ৰথম জয়ন্তীয়া ৰজা। ১৭৩৪ খৃ:ত মেজৰ
হেন্নিকেৰে এটা বৃটিছ ফৌজৰ নেতৃত্বত তেওঁৰ ৰাজ্য জয় কৰিছিল যদিও কেৱল এটা
জৰিমনা কৰি ৰাজ্যখন উভটাই দিছিল। কি কাৰণে হেন্নিকেৰে এই অভিযান কৰিছিল সেই
সম্বন্ধে একো জনা নাযায়। বোধকৰো চুবুৰীয়া ছিলহটৰ লোকসকলক জয়ন্তীয়াসকলে
কিবা দুৰ্ব্যৱহাৰ কৰাৰ বাবে এনে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছিল।
ছত্ৰসিঙৰ পিছত যত্ৰনাৰায়ণে ১৭৮১ চনত ৰাজপাটত বহিছিল। তেওঁৰ পৰৱৰ্তী ৰজা
বিজয় নাৰায়ণৰ সিংহাসন আৰোহণৰ চনটো আছিল ১৭৮৬। ১৭৮৮ খৃ: ৰ ভূমিদান
স্ংক্ৰান্ত এখন তামৰ ফলিত বিজয় নাৰায়ণৰ নাম উল্লেখ আছে।
বিজয় নাৰায়ণৰ
পৰৱৰ্ত্তী জয়ন্তীয়া ৰজাজন আছিল দ্বিতীয় ৰামসিং। ১৭৮২ খৃ:ত তেওঁ ৰজা হৈছিল।
বোধকৰো ১৭৯০ চনত তেওঁৰ ৰাজ অভিষেক হয় আৰু সেই চনৰ পৰা তেওঁ মুদ্ৰা উলিয়ায়।
১৮১৩ চনৰ এখন তামৰ ফলিত দ্বিতীয় ৰামসিঙৰ ভূমিদান সম্বন্ধে উল্লেখিত আছে।
১৮২৪ চনত বৰ্ম্মীসকলে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰাৰ শঙ্কা হোৱাত ডেভিদ স্কটে
দ্বিতীয় ৰামসিঙৰ সৈতে এটা বুজা-পৰালৈ আহিবলৈ চেষ্টা বিছাৰিছিল। কিন্তু
যিমান দিন এনে কোনো বুজা-পৰালৈ নাহি স্বাধীনতা অক্ষুন্ন ৰাখিব পাৰি সিমান
দিনলৈকে তেওঁ একো নকৰাৰ পক্ষপাতী আছিল। জয়ন্তীয়া ৰাজ্য আক্ৰমণ নকৰিবলৈ
সতৰ্ক কৰি দি বৃটিছ ৰাজনৈতিক বিষয়াজনে বৰ্ম্মীসকলক পত্ৰও দিছিল। কিন্তু
বৰ্ম্মীসকলে বৃটিছৰ পত্ৰখন গ্ৰাহ্য নকৰিলে। বৰ্ং ক’লে বোলে, জয়ন্তীয়া ৰজা
আহোমৰ কৰতলীয়া আৰু যিহেতু এতিয়া আহোম বৰ্ম্মীৰ তলতীয়া সেয়ে জয়ন্তীয়া ৰজাই
আহি তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰা উচিত। বৰ্ম্মী সৈন্যৰ সৰু দল এটা সেইফালে
আগুৱাই অহা দেখি বৰ্ম্মী দলটো আঁতৰি গ’ল।
১৮৩২ খৃ:ত দ্বিতীয় ৰামসিঙৰ
মৃত্যুৰ পিছত ৰজা হয় ৰাজেন্দ্ৰ সিং। ১৮৩৫ খৃ: ত বৃটিছে জয়ন্তীয়া ৰাজ্য
অধিকাৰ কৰি তেওঁক সিংহাসনচ্যুত কৰে।
জয়ন্তীয়াসকলৰ বিষয়ে অ’ত ত’ত
পোৱা তথ্যসমূহ গোটাই ওপৰুল্লেখিত ইতিহাসৰ যোগান ধৰা হৈছে। ছিনটেংসকল
কেতিয়াও ব্ৰাহ্মণসকলৰ দ্বাৰা প্ৰভাবান্বিত হোৱা যেন নালাগে। কেৱল ৰাজ
পৰিয়াল আৰু উচ্চ বিষয়াসকলৰ ওপৰতহে হিন্দু ধৰ্ম্মৰ প্ৰভাৱ পৰা দেখা গৈছিল।
ৰজা সকল শাক্ত আছিল। খাদ্য বা পানীয় আদি গ্ৰহণৰ ক্ষেত্ৰত থকা বিধানসমূহ
পালন কৰক নকৰক, তেওঁলোকে কিন্তু এটা কথাত বৰ গুৰুত্ব দিছিল সেইটো হ’ল নৰবলি
প্ৰথা। কালিকা পুৰাণত থকা এই ভয়লগা নৰবলিৰ ক্ষেত্ৰত জয়ন্তীয়া ৰজাসকলৰ
একাগ্ৰতা মন কৰিবলগীয়া। মহাদেৱে শক্তিদেৱীৰ মৃত শ’ কান্ধত লৈ তাণ্ডৱ কৰোতে
শক্তিৰ বাওঁ ভৰিখন হেনো জয়ন্তীয়া ৰাজ্যৰ ফালজুৰ পৰগনাত পৰিছিল। সেয়ে দুৰ্গা
পুজাৰ নৱমীৰ দিনা সেই ঠাইত নৰবলি দিয়াৰ নিয়ম হ’ল। এইদৰে কেতিয়াবা দেৱতাৰ
ওচৰত মানস কৰি নাইবা পুত্ৰ জন্ম হ’লে শিশুটিৰ মঙ্গলাৰ্থেও নৰবলি দিয়া
হৈছিল। সাধাৰণতে নৰবলি যাবলৈ কোনো লোকে নিজেও সন্মত হৈছিল। বলি যোৱাৰ আগেয়ে
এনে লোকক যি মন যায় তাকে ভোগ কৰিবলৈ সুবিধা দিয়া হৈছিল। কিন্তু কেতিয়াবা
স্ব ইচ্ছাই বলি যোৱা লোকৰ অভাৱ ঘটিলে অচিনাকী বিদেশী লোক ধৰি আনিও বলি দিয়া
প্ৰথা অব্যাহত ৰখা হৈছিল।
No comments:
Post a Comment