Ad

Wednesday, June 20, 2018

বাৰশ- তেৰশ শতিকাত মুছলমানৰ অসম আক্ৰমণৰ চমু বিৱৰণ

বাৰশ- তেৰশ শতিকাত মুছলমানৰ অসম আক্ৰমণৰ চমু বিৱৰণ 


বৈদ্যদেৱৰ তামৰ ফলিৰ পিছৰ প্রায় ৬০ বছৰ কালৰ কামৰূপৰ ইতিহাস জনাৰ একাে সমল নাই ৷ প্রায় ১১৯৮ খৃঃত মহম্মদ বখতিয়াৰ খিলজীৰ হাতত বঙ্গৰ শেষ সেন বংশীয় ৰজা লক্ষ্মণীয় সিংহাসনচ্যুত হয় I বখতিয়াৰ খিলজী আছিল সেই সময়ৰ এক দুৰ্দান্ত সমৰ নায়ক আৰু তেওঁ যতেই সামৰিক অভিযান চলাইছিল সকলোতে বিজয় সাব্যস্ত কৰিছিল। বঙালীসকলৰ ৰজা লক্ষনীয় সেন এজন দুৰ্বল ৰজা আছিল। বখতিয়াৰে লগত মাত্ৰ কেইজনমান সেনাৰেই বংগদেশ অধিকাৰ কৰি ইছলামৰ শাসন প্ৰতিষ্ঠা কৰিছিল। সহজে বংগদেশ বিজয়ে বখতিয়াৰৰ মনত উচ্ছাকাংক্ষাৰ জন্ম দিয়ে আৰু তেওঁ কামৰূপ ৰাজ্যৰ মাজেদি গৈ তীব্বত অধিকাৰ কৰাৰ পৰিকল্পনা কৰে । বখতিয়াৰে তেওঁৰ আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ লগত এক বিশাল বাহিনী লৈ উত্তৰলৈ এক বৃহৎ অভিযান চলায়। সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু আৰু তেওঁৰ ৰাজধানী আছিল বৰ্তমানৰ উত্তৰ গুৱাহাটীত । কামৰূপৰ ৰজাই কামেশ্বৰ উপাধি লৈছিল আৰু তেওঁৰ ৰাজ্যই পশ্চিম দিশে কৰতোৱা নৈ চুইছিলগৈ I হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ দীক্ষিত হোৱা আলী মেচ নামৰ এজন মেচ মুখীয়াল লোকৰ সহায়ত  মহম্মদ বখতিয়াৰে এই নৈৰ দক্ষিণ পাৰেদি উত্তৰ দিশলৈ দহ দিন ধৰি যাত্রা কৰিছিল I যাত্রাকালত বাটতে তেওঁ কোচ, মেচ আৰু থাৰু জনজাতিৰ বসতিপূর্ণ অঞ্চল অতিক্রম কৰিছিল I উনত্রিশটা তােৰণ থকা এখন শিলৰ সাকোৰে নৈখন পাৰ হৈ তেওঁ এক পাহাৰীয়া অঞ্চল পাইছিলগৈ I পাহাৰৰ মজেৰ লুংলুঙীয়া আৰু ঠেক পথেদি এইদৰে আগুৱাই গৈ ষোল দিনৰ মূৰত তেওঁ ঘন বসতিপূর্ণ এখন মুকলি বহল ৰাজ্যত উপনীত হৈছিল I তেওঁ গাঁৱৰ অধিবাসী সকলৰ ওপৰত লুট পাট আৰম্ভ কৰিছিল যদিও এদল মঙ্গোলীয় অশ্বাৰোহীৰ প্ৰবল প্ৰত্যাক্ৰমণৰ দ্বাৰা বাধা প্রাপ্ত হয় I ইয়াৰ পিছত আৰু আগ নাবাঢ়িবলৈ সিদ্ধান্ত লয় I কিন্তু তেওঁৰ প্রত্যাৱর্তনৰ কাহিনী আছিল  অতি বিপৰ্য্যয়পূৰ্ণ I তেওঁলােকে উভটি যোৱা পথৰ দুয়াে কাষৰ বাসিন্দাসকলে সকলে সকলো বস্তু পুৰি নষ্ট কৰি আঁতৰি গৈছিল I সেয়ে, অশেষ কষ্ট ভোগ কৰি বখতিয়াৰৰ সেনাদলে প্রায় ১৫ দিনৰ মূৰত কামৰূপৰ সীমাত উপস্থিত হৈ আৰু কামৰূপৰ সীমা  পাই দেখে যে, কামৰূপ ৰাজ্যৰ ৰজাই ইতিমধ্যে সাঁকোখন নষ্ট কৰি এক বিৰাট সৈন্যদল লৈ তেওঁলােকক আক্রমণৰ বাবে ৰৈ আছে ।

অলপ যুঁজ বাগৰ কৰাৰ পিছত  বখতিয়াৰে কামৰূপৰ সৈন্য বাহিনীৰ লগত বলে পৰাৰ সম্ভাৱনা নেদেখাত দলবলসহ গৈ এটা মন্দিৰত আশ্রয় লয় যদিও  কামৰূপৰ ৰজাই মন্দিৰৰ চাৰিওফালে বাঁহৰ গোজ পুতি তেওঁলােকক অবৰুদ্ধ কৰে I উপায়বিহীন বখতিয়াৰে মৰোজীওকৈ নৈত জাপ দি সাতুৰি পলাবলৈ চেষ্টা কৰে I কিন্তু তাকে কৰোতে তেওঁৰ সৰহ সংখ্যক সৈন্যৰ সলিল সমাধি ঘটে। মাত্ৰ কেইজনমান অশ্বাৰোহীৰে বখতিয়াৰে নিজে কোনোমতে প্ৰান লৈ নৈ পাৰ হবলৈ সক্ষম হয়। নৈৰ সিটো পাৰত অৱশ্যে মেচ সকলে তেওঁলোকলৈ আতিথ্য আগবঢ়ায় আৰু তেওঁলোকৰ সহায়ত তেওঁ বংগ দেশৰ দক্ষিণ দিনাজপুৰৰ দেওকট পায়গৈ। (তবাকত-ই-নাছিৰি)

১৩শ শতিকাত বঙ্গৰ প্ৰথম মুছলমান  ৰাজ্যপাল গিয়াছউদ্দীনে ব্রহ্মপুত্রইদি উজাই গৈ শদিয়া ওলাইছিলগৈ I পিছে, তেওঁ পৰাজিত হৈ গৌড় দেশলৈ উভতি যায় I  তবাকত-ই-নাচিৰি পুথিত এই আক্রমণৰ উল্লেখ আছে I পুথিখনৰ মতে গিয়াছউদ্দীনৰ অসম আক্রমণ অভিযানৰ কাল আছিল ১২২৭ খৃষ্টাব্দ ৷ অৱশ্যে সম্রাট ইলটুটমিছ বা আলটামাছৰ পুত্র নাছিৰুদ্দিনে তেওঁৰ ৰাজধানীত আক্রমণ চলােৱাৰ বাবেহে গিয়াচুদ্দিনে ততাতৈয়াকৈ অসম এৰি নিজ ঘৰমুৱা হৈছিল বুলি এই পুথিয়ে কয় I 

পৰৱৰ্ত্তী আক্রমণকাৰীজন আছিল ইখতিয়াৰ উদ্দীন উজবেক তুঘৰিল খা I তেওঁৰ অসম অভিযানৰ কাল আছিল আনুমাণিক ১২৫৭ খৃঃ I প্রথম অৱস্থাত তেওঁ জয়লাভ কৰি বিজয় কীর্তি হিচাবে এটা মছজিদ নিৰ্মাণ কৰিছিল I কিন্তু  কিছুদিন পিচতে কামৰূপত দুৰ্ঘোৰ বাৰিষা আৰম্ভ হ'ল আৰু ফেনে ফটুকাৰে বাঢ়ি অহা নৈয়ে বহু ঠাই পানীত বুৰাই পেলালে I তুঘৰিলৰ সৈন্য সকল অশেষ কষ্ট ভোগ কৰিব লগা হ'ল তেওঁলােকৰ বহুতৰ মৃত্যু হয় I ইতিমধ্যে পাহাৰীয়া অঞ্চলত গৈ সুযোগলৈ অপেক্ষা কৰি ৰৈ থকা কামৰূপৰ ৰজাই দলবল গোটাই আহি তুঘৰিলক আক্রমণ কৰি নিহত কৰে I তুঘৰিলৰ সৈন্যদল চেদেলি-ভেদেলি হৈ পলাবলৈ লয় আৰু তেওঁলোকৰ এমুঠি মানেহে বঙ্গদেশলৈ  উভতি যাবলৈ সক্ষম হয় I 

আলমগীৰনামা পুথিৰ মতে, ১৩৩৭ খৃঃত মহম্মদ ছাহে ১,০০,০০০(এক লাখ)  অশ্বাৰোহীক অসম বিজয়ৰ বাবে পঠিয়াইছিল I কিন্তু সেই যাদু-মন্ত্রৰ ৰাজ্যলৈ গৈ এই সৈন্যদলৰ কোনো শুংসূত্র নাইকিয়া হ’ল ৷ ইয়াত মুছলমান ঐতিহাসিকজনে সেনাবাহিনী ধ্বংসৰ কাৰন হিচাবে কামৰূপৰ যাদু মন্ত্ৰক দোষাৰোপ কৰিলেও কামৰূপ আক্ৰমণ কৰিবলৈ গৈ যে বিশাল মুছলমান বাহিনী এটা ধ্বংস হৈছিল সেয়া খাটাং। ইয়াৰ পোতক তুলিবলৈ তেওঁ আন এটা বিশাল সেনাবাহিনী প্ৰেৰণ কৰে যদিও তেওঁ পঠিওৱা দ্বিতীয়টো দলে বঙ্গদেশ পাই তাৰ পৰা আৰু  আগবাঢ়ি যাবলৈ অমান্তি হোৱাত এই অভিযানৰ পৰিকল্পনাকে বাদ দিলে।

No comments:

Post a Comment

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts