Ad

Tuesday, June 26, 2018

ক'তেনো আছা মোৰ কলিজাৰ আই Bohagor Dupariya 1985 Sung by Manisha Haz...

কাণে কাণে HITS OF JATIN BORAH & PRASTUTI PARASAR SUREN SUROR PUTEK ...

O horu Bhoniti

Nahorore Koli Dekhisane Nai

Mamar Mami Junda Eman Gunda Mordan Assamese Song

Lajuki Lajuki Ajoni Junda Eman Gunda

Lajuki Lajuki Ajoni- Junda Eman Gunda

Kainajoni Beautiful Junda Eman Gunda

Kahili Puwate Jan Oii JAAN MONI 2009

Junda eman gunda জোনদা ইমান গুণ্ডা

JIDINA MOK BISARI NAPABA Assamese modern song

Japi Boroghunut Lage OI Joonbai 2 Zubeen Garg Manas Robin Bihu

janmoni 2010 agomani

Hits Of Nishita Goswami ll Movie Suren Suror Putek ll Assamese Movie Song

Hits of Jatin Borah ll Movie Suren Suror Putek Assamese Movie Song ...

Hits of Jatin Borah ll Movie Suren Suror Putek Assamese Movie Song

Hirote Hendur Lom Junda Eman Gunda

HAI HAI MUR JANMONI MPG

Gaore Horu Lora suwali Junda Eman Gunda

Ejar Phoola Dekhi এজাৰ ফুলা দেখি । Khagen Mahanta with Lyrics

ASSAMESE BIHU Gupone Gupone

Thursday, June 21, 2018

অকল অস্তিত্ব শব্দই আমাৰ অস্তিত্ব ৰক্ষা কৰিবনে?

অকল অস্তিত্ব শব্দই আমাৰ অস্তিত্ব ৰক্ষা কৰিবনে?
-------------------------------------------------------------------

বহু বছৰ ধৰি আমাৰ অসমীয়া জাতিয়ে শুনিবলৈ পাই অহা কেতবোৰ শব্দৰ ভিতৰত এটা শব্দ হ’ল “অস্তিত্ব”। আমাৰ অসমীয়া জাতিৰ অস্ত্বিত্ব বিপন্ন, সংকটময়। তাৰ বাবে লাগে পৰিৱৰ্তন। বৰ্তমান অসম ভূমিত অনুপ্রৱেশৰ সমস্যা, খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ, বৃহৎ নদী বান্ধ, পৃথক ৰাজ্যৰ দাৱী, সন্ত্রাসবাদীৰ সমস্যা, দুৰ্নীতি, বন্ধ, পথবন্ধ, নাৰী নিৰ্য্যাতনৰ সমস্যা, বানপানী, খহনীয়া ইত্যাদি বিভিন্ন সমস্যাই পৰিস্থিতি গভীৰভাৱে সংকটময় কৰি তুলিছে।  আমাৰ খিলঞ্জীয়াৰ অস্ত্বিত্ব যিহেতু সংকটত, গতিকে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি শাসক পক্ষ সলনি নকৰিলে গত্যন্তৰ নাই। ঠিক এনে এটি চিন্তা ধাৰাৰে পাৰ হৈ যোৱা নিৰ্বাচনটোত গৰিষ্ঠ সংখ্যক অসমীয়া ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উঠি পৰি লগা যেন ধাৰণা হ’ল। এই ক্ষেত্রত ৰাইজৰ প্রৱল আৱেগৰ সোণালী সুযোগক এক বিশেষ ৰাষ্ট্ৰীয় দলে নিজৰ সপক্ষে ব্যৱহাৰ কৰিবলৈ ষোল্ল অনাই সফলকাম হ’ল যেন ধাৰণা হয়।

সি যি কি নহওক, হয়তো শাসক পক্ষ সলনি হল আৰু সলনি হৈ থাকিব। কিন্তু আমাৰ অস্ত্বিত্ব নিৰাপদ হৈ থাকিবনে? আচলতে আমাৰ অস্ত্বিত্বৰ সংকটৰ উৎস কি? নিৰাময়ৰ উপায় ক’ত? কেৱল ৰাজনৈতিক পট-পৰিৱৰ্তনতেই অস্ত্বিত্বৰ ৰক্ষা-কৱচ নিহিত হৈ আছেনে? সেয়া আজিৰ সময়ৰ মূল চিন্তা হোৱা উচিত।

(দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ তলত দিয়া লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক। ধন্যবাদ।)

youtube.com/c/TultulKutum1

বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে আনুসংগিক অন্য কিছু প্রসংগ আলোচনা কৰি ললে অধিক সুবিধা হব।

জ্ঞানীলোকৰ মতে –“ছটা কামৰ পৰা মূৰ্খক চিনিব পাৰি৷ কাৰণ নোহোৱাকৈ খং, নিৰৰ্থক কথা-বাৰ্তা, উন্নতি নোহোৱাকৈ পৰিৱৰ্তন, উদেশ্য নোহোৱাকৈ অনুসন্ধান, অচিনাক্তক বিশ্বাস আৰু শত্ৰুক বন্ধু বুলি জ্ঞান কৰা৷  আমাৰ খিলঞ্জীয়া মানুহৰ চৰিত্ৰতো এই ছয় গুনৰ আঁচোৰ আছে নেকি বাৰু? আজিৰ অসমৰ সমাজ জীৱন, সাংস্কৃতিক পৰিকাঠামো অথৱা অৰ্থনৈতিক পৰিমণ্ডললৈ চকু ফুৰালে সততে দৃশ্যমান হোৱা ঘটনা-পৰিঘটনাবোৰ কেনেধৰণৰ?

পুৱাৰ বাতৰি কাকতখন মেলি লৈ চকু ফুৰালে হত্যা-হিংসাৰ অশুভ খবৰবোৰৰ লগতে নানান ধৰনৰ ৰঙীন বিজ্ঞাপনে চকু চাট মাৰি ধৰে৷ বিজ্ঞাপনবোৰ লক্ষ্য কৰিলে দেখিব সৰহ সংখ্যতে আপোনাৰ সমস্যাৰ সহজ সমাধানৰ বাবে সদা প্ৰস্তুত নানানজন জ্যোতিষী,বাবাজী,তান্ত্ৰিক কবিৰাজৰ পয়োভৰ৷ বছৰ বছৰ ধৰি যিবোৰ সমস্যাই আপোনাক জোলোকা- জোলোকে পানী খুৱাইছে; যাৰ সমাধানৰ কোনো উপায় নেদেখি আপুনি ব্যাকুল হৈ মানসিকভাৱে উন্মাদ হোৱাৰ উপক্ৰম হৈছে, সেইবিলাক পাহাৰ হেন সমস্যাৰ চকুৰ পচাৰতে সমাধানৰ মন্ত্ৰ আছে এইসকল জ্যোতিষী, বাবাজী,তান্ত্ৰিকৰ হাতত৷ এইসকলৰ হাতত থকা দুৰ্লভ দৈৱশক্তিৰ দ্বাৰা যিকোনো বিপদৰ পৰাই আপুনি পৰিত্ৰান পাব পাৰে যদিহে উপযুক্ত মাননি দিবলৈ আপুনি সক্ষম ৷

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উন্নয়ন, জ্ঞানৰ বিস্ফোৰনৰ পিছতো এইখন এখন আমাৰ সকলোৰে চিনাকী ছৱি ৷ কেৱল জ্যোতিষী,বাবাজী,তান্ত্ৰিকেই নহয় কাছাৰীৰ সন্মুখৰ দাঁতৰ পোক উলিওৱা চিকিৎসকজন, বিভিন্ন ৰোগৰ সহজলভ্য পথ্য আৰু ঔষধেৰে ফুটপাথৰ ফাৰ্মাছীখন, ৰত্ন-পাথৰ, আঙুঠিৰ দোকানকেইখন, আজিৰ দিনত সকলোৰে সহজলভ্য চিনাকী দৃশ্য৷ এইবোৰে আজিৰ দিনতো কিহৰ ইঙ্গিত বহন কৰে বাৰু? জীৱনৰ পাঁচ-ছয়টা অমূল্য বছৰৰ কঠোৰ সাধনাৰ পিছতো এজন সফল চিকিৎসক হিচাপে নিজকে গঢ় দিয়াটো কিমান কঠিন, কিমান কষ্টকৰ অথচ ৰাতিটোৰ ভিতৰতে উদ্ভৱ হোৱা এইসকল স্বয়ম্ভু ফুটপাথৰ চিকিৎসকৰ কদৰ আমাৰ বুজন সংখ্যক জনসাধাৰণৰ মাজত সদা বিৰাজমান।

আমাৰ মানসিকতা, শিক্ষা ব্যৱস্থা,চিন্তা-চেতনা তথা সামগ্ৰিকভাৱে জাতি হিচাপে আমাৰ স্থান কোনখিনিত, সহজ ভাষাত আমি কিমানৰ মানুহ তাৰ মাপকাঠীডাল এনেধৰনৰ ঘটনাৰাজীয়ে নিৰ্ধাৰণ নকৰেনে?

আমাৰ নগৰ অঞ্চল বিলাকলৈ চকু ফুৰালেই দেখা যায়, মূল মূল নগৰীয়া মাটি-ভেটি বিলাক ক্রমশঃ অনা অসমীয়াৰ দখলত। খিলঞ্জীয়াৰ হাতত নগৰীয়া মাটি নাই বুলিবই পাৰি। কেৱল আন্দোলন কৰি, শ্লোগান দি আমি আমাৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰো। নাচ-গান, সাহিত্য-সংস্কৃতিৰ চৰ্চাৰেও নোৱাৰি। জাতি এটা সৱল হবলৈ অৰ্থনৈতিক ভেটিও সৱল হব লাগিব।

অন্যহাতেদি, তথাকথিত বিশ্বায়ন বা গোলকীকৰণে আমাৰ সন্মুখত যতনাই দিছে চকু চাট মৰা ভোগ- বিলাসৰ নিত্য-নতুন সম্ভাৰ। মানুহৰ ভোগাকাংখ্যা বাঢ়িছে। ‘আহৰণ কৰা আৰু ভোগ কৰা’-এয়ে বিশ্বায়নৰ আমোঘ মন্ত্র। সৰ্ৱত্র ভোগবাদৰ বিলাসী প্রচাৰ। এই ভোগবাদৰ প্রচাৰত প্রলোভনৰ দাসত্ব স্বীকাৰ কৰি নগৰ-মহানগৰ এলেকাৰ পিতৃপুৰুষৰ ভেটিটো ধনী ব্যৱসায়ীক শ্রেণীৰ প্রলোভনত আয়াসতে বিক্রী কৰি দিয়া অসমীয়াৰ এতিয়া অভাৱ নাই। পিতৃ ভেটি বিক্রী কৰি শেহতীয়া মডেলৰ গাড়ী, অত্যধুনিক জীৱন শৈলী, সুৰা, পাৰ্টী, নৈশ জীৱন ইত্যাদিৰ মোহত আমি যেন মোহাছন্ন। সজ উপায়েৰে কষ্ট, পৰিশ্রম, উদ্ভাবনী চিন্তাৰে তৰপে তৰপে উধাই যাবলৈ যি এক ‘মানসিক ক্ষুধা’ৰ প্রয়োজন, আমাৰ সেই ক্ষুধাৰ দুখ লগাকৈ অভাৱ।

ওপৰত আলোচিত প্রসংগবোৰৰ ইটোৰ লগত সিটোৰ সংগতি নথকা যেন লাগিলেও আচলতে এয়াই সামগ্রিকভাবে আমাৰ জাতি হিচাপে চিন্তাধাৰাৰ, কৰ্ম জীৱনৰ, সবাৰোপৰি আমাৰ অস্ত্বিত্বৰ কথাকেই প্রতিফলিত কৰিছে। আমাৰ অস্ত্বিত্ব, খিলঞ্জীয়াৰ অস্ত্বিত্ব নিজৰ হাতৰ মুঠিত। আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব।  এই পৰিৱৰ্তন আমাৰ চিন্তাধাৰাৰ, আমাৰ মানসিকতাৰ।

পৃথিৱীখনত হৈ চৈ লগাই কোনো কাম সফল নহয় ৷ মহৎ কামবোৰ নীৰৱে হয় ৷ সুন্দৰ হৃদয়ৰ মানুহৰ মহৎ চিন্তাবোৰ সদায় মহৎ কাৰ্য্যত উচৰ্গা হয় ৷ নিৰলস চেষ্টা আৰু নিবিড় নিষ্ঠা অবিহনে কোনো কামেই সাধিত নহয় ৷ আমি “হব দে” মনোবৃত্তিৰ পাশত বন্দী নেকি ? এই তুষ্টিৰ মনোভাৱ আমাৰ জাতীয় উন্নতি আৰু অগ্ৰগতিৰ অন্তৰায় নেকি ?

আমাৰ মানুহৰ অনুসন্ধান আৰু অধ্যয়নৰ পৰিসৰ অত্যন্ত ঠেক৷ জিজ্ঞাসাৰ ক্ষেত্ৰখন বৰ সীমিত৷ বিবিধ বিষয়ত আমাৰ কৌতুহল নাই, বিবিধ ক্ষেত্ৰত আমাৰ বিচৰণ নাই, গতানুগতিকতাৰ পাশত আমি আৱদ্ধ৷ চিন্তন, মনন, অধ্যয়ন, ভ্ৰমনৰ অভাৱত নতুন নতুন চিন্তা-চেতনাৰ দ্বাৰা আমি উদ্বুদ্ধ নহওঁ৷ উদ্গতি সাধিবলৈ হ’লে খিলঞ্জীয়া অসমীয়াসকল সচেতন আৰু তৎপৰ হ’ব লাগিব৷ পৰিশ্ৰমী হ’ব লাগিব ৷ কৰ্মত লাজ-এলাহ পৰিত্যাগ কৰিব লাগিব৷ স্বাৱলম্বী হোৱাৰ যত্ন পুৰুষাৰ্থ কৰিব লাগিব৷ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলৰ ষি অফুৰন্ত প্ৰাণ-প্ৰাচুৰ্য্য আছে তাক চিন্তা শক্তিৰ সহযোগত কৰ্মশক্তিত পৰিনত কৰিব লাগিব৷ আমাৰ ডেকা-গাভৰু সকলে আত্মবিশ্বাস ৰাখি বিভিন্ন দিশত আত্মপ্ৰতিষ্ঠাৰ বাট মুকলি কৰিব লাগিব৷


Wednesday, June 20, 2018

বাৰশ- তেৰশ শতিকাত মুছলমানৰ অসম আক্ৰমণৰ চমু বিৱৰণ

বাৰশ- তেৰশ শতিকাত মুছলমানৰ অসম আক্ৰমণৰ চমু বিৱৰণ 


বৈদ্যদেৱৰ তামৰ ফলিৰ পিছৰ প্রায় ৬০ বছৰ কালৰ কামৰূপৰ ইতিহাস জনাৰ একাে সমল নাই ৷ প্রায় ১১৯৮ খৃঃত মহম্মদ বখতিয়াৰ খিলজীৰ হাতত বঙ্গৰ শেষ সেন বংশীয় ৰজা লক্ষ্মণীয় সিংহাসনচ্যুত হয় I বখতিয়াৰ খিলজী আছিল সেই সময়ৰ এক দুৰ্দান্ত সমৰ নায়ক আৰু তেওঁ যতেই সামৰিক অভিযান চলাইছিল সকলোতে বিজয় সাব্যস্ত কৰিছিল। বঙালীসকলৰ ৰজা লক্ষনীয় সেন এজন দুৰ্বল ৰজা আছিল। বখতিয়াৰে লগত মাত্ৰ কেইজনমান সেনাৰেই বংগদেশ অধিকাৰ কৰি ইছলামৰ শাসন প্ৰতিষ্ঠা কৰিছিল। সহজে বংগদেশ বিজয়ে বখতিয়াৰৰ মনত উচ্ছাকাংক্ষাৰ জন্ম দিয়ে আৰু তেওঁ কামৰূপ ৰাজ্যৰ মাজেদি গৈ তীব্বত অধিকাৰ কৰাৰ পৰিকল্পনা কৰে । বখতিয়াৰে তেওঁৰ আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ লগত এক বিশাল বাহিনী লৈ উত্তৰলৈ এক বৃহৎ অভিযান চলায়। সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু আৰু তেওঁৰ ৰাজধানী আছিল বৰ্তমানৰ উত্তৰ গুৱাহাটীত । কামৰূপৰ ৰজাই কামেশ্বৰ উপাধি লৈছিল আৰু তেওঁৰ ৰাজ্যই পশ্চিম দিশে কৰতোৱা নৈ চুইছিলগৈ I হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ দীক্ষিত হোৱা আলী মেচ নামৰ এজন মেচ মুখীয়াল লোকৰ সহায়ত  মহম্মদ বখতিয়াৰে এই নৈৰ দক্ষিণ পাৰেদি উত্তৰ দিশলৈ দহ দিন ধৰি যাত্রা কৰিছিল I যাত্রাকালত বাটতে তেওঁ কোচ, মেচ আৰু থাৰু জনজাতিৰ বসতিপূর্ণ অঞ্চল অতিক্রম কৰিছিল I উনত্রিশটা তােৰণ থকা এখন শিলৰ সাকোৰে নৈখন পাৰ হৈ তেওঁ এক পাহাৰীয়া অঞ্চল পাইছিলগৈ I পাহাৰৰ মজেৰ লুংলুঙীয়া আৰু ঠেক পথেদি এইদৰে আগুৱাই গৈ ষোল দিনৰ মূৰত তেওঁ ঘন বসতিপূর্ণ এখন মুকলি বহল ৰাজ্যত উপনীত হৈছিল I তেওঁ গাঁৱৰ অধিবাসী সকলৰ ওপৰত লুট পাট আৰম্ভ কৰিছিল যদিও এদল মঙ্গোলীয় অশ্বাৰোহীৰ প্ৰবল প্ৰত্যাক্ৰমণৰ দ্বাৰা বাধা প্রাপ্ত হয় I ইয়াৰ পিছত আৰু আগ নাবাঢ়িবলৈ সিদ্ধান্ত লয় I কিন্তু তেওঁৰ প্রত্যাৱর্তনৰ কাহিনী আছিল  অতি বিপৰ্য্যয়পূৰ্ণ I তেওঁলােকে উভটি যোৱা পথৰ দুয়াে কাষৰ বাসিন্দাসকলে সকলে সকলো বস্তু পুৰি নষ্ট কৰি আঁতৰি গৈছিল I সেয়ে, অশেষ কষ্ট ভোগ কৰি বখতিয়াৰৰ সেনাদলে প্রায় ১৫ দিনৰ মূৰত কামৰূপৰ সীমাত উপস্থিত হৈ আৰু কামৰূপৰ সীমা  পাই দেখে যে, কামৰূপ ৰাজ্যৰ ৰজাই ইতিমধ্যে সাঁকোখন নষ্ট কৰি এক বিৰাট সৈন্যদল লৈ তেওঁলােকক আক্রমণৰ বাবে ৰৈ আছে ।

অলপ যুঁজ বাগৰ কৰাৰ পিছত  বখতিয়াৰে কামৰূপৰ সৈন্য বাহিনীৰ লগত বলে পৰাৰ সম্ভাৱনা নেদেখাত দলবলসহ গৈ এটা মন্দিৰত আশ্রয় লয় যদিও  কামৰূপৰ ৰজাই মন্দিৰৰ চাৰিওফালে বাঁহৰ গোজ পুতি তেওঁলােকক অবৰুদ্ধ কৰে I উপায়বিহীন বখতিয়াৰে মৰোজীওকৈ নৈত জাপ দি সাতুৰি পলাবলৈ চেষ্টা কৰে I কিন্তু তাকে কৰোতে তেওঁৰ সৰহ সংখ্যক সৈন্যৰ সলিল সমাধি ঘটে। মাত্ৰ কেইজনমান অশ্বাৰোহীৰে বখতিয়াৰে নিজে কোনোমতে প্ৰান লৈ নৈ পাৰ হবলৈ সক্ষম হয়। নৈৰ সিটো পাৰত অৱশ্যে মেচ সকলে তেওঁলোকলৈ আতিথ্য আগবঢ়ায় আৰু তেওঁলোকৰ সহায়ত তেওঁ বংগ দেশৰ দক্ষিণ দিনাজপুৰৰ দেওকট পায়গৈ। (তবাকত-ই-নাছিৰি)

১৩শ শতিকাত বঙ্গৰ প্ৰথম মুছলমান  ৰাজ্যপাল গিয়াছউদ্দীনে ব্রহ্মপুত্রইদি উজাই গৈ শদিয়া ওলাইছিলগৈ I পিছে, তেওঁ পৰাজিত হৈ গৌড় দেশলৈ উভতি যায় I  তবাকত-ই-নাচিৰি পুথিত এই আক্রমণৰ উল্লেখ আছে I পুথিখনৰ মতে গিয়াছউদ্দীনৰ অসম আক্রমণ অভিযানৰ কাল আছিল ১২২৭ খৃষ্টাব্দ ৷ অৱশ্যে সম্রাট ইলটুটমিছ বা আলটামাছৰ পুত্র নাছিৰুদ্দিনে তেওঁৰ ৰাজধানীত আক্রমণ চলােৱাৰ বাবেহে গিয়াচুদ্দিনে ততাতৈয়াকৈ অসম এৰি নিজ ঘৰমুৱা হৈছিল বুলি এই পুথিয়ে কয় I 

পৰৱৰ্ত্তী আক্রমণকাৰীজন আছিল ইখতিয়াৰ উদ্দীন উজবেক তুঘৰিল খা I তেওঁৰ অসম অভিযানৰ কাল আছিল আনুমাণিক ১২৫৭ খৃঃ I প্রথম অৱস্থাত তেওঁ জয়লাভ কৰি বিজয় কীর্তি হিচাবে এটা মছজিদ নিৰ্মাণ কৰিছিল I কিন্তু  কিছুদিন পিচতে কামৰূপত দুৰ্ঘোৰ বাৰিষা আৰম্ভ হ'ল আৰু ফেনে ফটুকাৰে বাঢ়ি অহা নৈয়ে বহু ঠাই পানীত বুৰাই পেলালে I তুঘৰিলৰ সৈন্য সকল অশেষ কষ্ট ভোগ কৰিব লগা হ'ল তেওঁলােকৰ বহুতৰ মৃত্যু হয় I ইতিমধ্যে পাহাৰীয়া অঞ্চলত গৈ সুযোগলৈ অপেক্ষা কৰি ৰৈ থকা কামৰূপৰ ৰজাই দলবল গোটাই আহি তুঘৰিলক আক্রমণ কৰি নিহত কৰে I তুঘৰিলৰ সৈন্যদল চেদেলি-ভেদেলি হৈ পলাবলৈ লয় আৰু তেওঁলোকৰ এমুঠি মানেহে বঙ্গদেশলৈ  উভতি যাবলৈ সক্ষম হয় I 

আলমগীৰনামা পুথিৰ মতে, ১৩৩৭ খৃঃত মহম্মদ ছাহে ১,০০,০০০(এক লাখ)  অশ্বাৰোহীক অসম বিজয়ৰ বাবে পঠিয়াইছিল I কিন্তু সেই যাদু-মন্ত্রৰ ৰাজ্যলৈ গৈ এই সৈন্যদলৰ কোনো শুংসূত্র নাইকিয়া হ’ল ৷ ইয়াত মুছলমান ঐতিহাসিকজনে সেনাবাহিনী ধ্বংসৰ কাৰন হিচাবে কামৰূপৰ যাদু মন্ত্ৰক দোষাৰোপ কৰিলেও কামৰূপ আক্ৰমণ কৰিবলৈ গৈ যে বিশাল মুছলমান বাহিনী এটা ধ্বংস হৈছিল সেয়া খাটাং। ইয়াৰ পোতক তুলিবলৈ তেওঁ আন এটা বিশাল সেনাবাহিনী প্ৰেৰণ কৰে যদিও তেওঁ পঠিওৱা দ্বিতীয়টো দলে বঙ্গদেশ পাই তাৰ পৰা আৰু  আগবাঢ়ি যাবলৈ অমান্তি হোৱাত এই অভিযানৰ পৰিকল্পনাকে বাদ দিলে।

বুঢ়া ডাঙৰীয়াৰ লগত সাক্ষাত


বুঢ়া ডাঙৰীয়াৰ লগত সাক্ষাত

             By Tultul Kutum

(ইয়াত বৰ্ণিত কাহিনী একেবাৰে সত্য ঘটনাৰ ওপৰত আধাৰিত। অলৌকিক শক্তিৰ ওপৰত এতিয়াও বিশ্বাস নাই কিন্তু ইয়াত বৰ্ণিত ঘটনাটিও একেবাৰেই সচাঁ ঘটনা)


(মোৰ ইউটিউব চেনেল এই লিংকত subscribe কৰিব-

মোৰ ডেকা কালৰ কথা। আমাৰ গাঁৱৰ পৰা দুখন গাঁও পাৰ হৈ আন এখন গাঁৱৰ ছোৱালী এজনীক ভাল পাইছিলো। তেতিয়া আজি কালিৰ নিচিনাকৈ মোবাইল নাছিল। মনৰ কথা ছোৱালীক কব লাগিলে হয় নিজে লগ ধৰি ছোৱালীক ক'ব লাগিব নহলে চিঠি লিখিব লাগিব। চিঠি দি পঠালেও সেইখন আকৌ দুই তিনিজন মানুহৰ হাত বাগৰি সবে চিঠিৰ প্ৰতিটো শব্দ মুখস্থ কৰাৰ পিচতহে ছোৱালীৰ হাতত পৰেগৈ। সেইকাৰণে চিঠি কমকে দি নিজে গৈ মাজে সময়ে লগ কৰি মনৰ কথাবোৰ পাতি আহোঁ।
টিউচন কৰি বাই চাইকেল এখন কিনিছিলো আৰু সেইখনেই মোৰ সকলো যাত্ৰাৰ সহচৰ আছিল। মোৰ প্ৰেয়সীৰ গাঁৱলৈ প্ৰায় পাঁচ কিলোমিটাৰৰ বাট যদিও মনৰ জোচত তাইৰ গাঁও আৰু ঘৰখন আমাৰ ঘৰৰ চোতালতে থকা নিচিনা লাগিছিল। সেই সময়ত আমাৰ অঞ্চলত বাট পথ একেবাৰে ভাল নাছিল। আমাৰ গাঁৱৰ পৰা তাহাঁতৰ গাঁৱলৈ পথাৰৰ মাজেদি যেনে তেনে চাইকেল চলাব পৰা ৰাস্তা এটা আছিল আৰু মই সেই বাটেদি মাহত কমেও দহবাৰমান তাহাঁতৰ গাঁৱলৈ অহা যোৱা কৰিছিলোঁ।
বহাগ মাহৰ কোনোবা এদিন মোৰ সপোন কুঁৱৰীয়ে মাতি পঠিওৱাত দুপৰীয়াই গৈ তাইৰ ঘৰ পালো যদিও তাইৰ লগত কথা বতৰা পাতি শেষ হোৱাৰ পিছতো তাহাঁতৰ গাঁৱৰ ল'ৰাবোৰে আপং পানী খাবলৈ বৰ জোৰ কৰি লগ ধৰাত গাঁৱৰ লৰাবোৰক সংগ দিব লগা হ'লো। মাজে মাজে ছেগ চাই বিদায় লব খোজো যদিও যাব নিদিয়ে। তেনেকৈয়ে সময় পাৰ হৈ ৰাতি এঘাৰটামান বাজিল। তাৰ পিচতো পুনৰ ভাত খাই যাবলৈ জোৰ কৰাত উপায় নেপায় ভাত খাব লগা হ'লো। ভাত খোৱাৰ পিচত দেৰি হ'ল আজি যাব নেলাগে বুলি কৈছিল যদিও মই যামেই বুলি ক'লো। কাৰণ মই য'লৈকে গলেও ৰাতি ঘূৰি আহো কাৰণে মাই সদায় ভাত নোখোৱাকৈ মোলৈ ৰৈ থাকে। সেইকাৰণে সকলো কথা ভাবি গুনি ঘৰলৈ যোৱাটোকেই থিৰাং কৰিলোঁ।
মই যিদিনাৰ ৰাতিৰ কথা ক'ব খুজিছো সেইদিনা পূৰ্নিমাৰ ৰাতি আছিল। বহাগ পাৰ হৈ জেঠ মাহ সোমাইছে মাত্ৰ। বাহিৰত ফৰিংফুটা জোনাক আৰু বহুত দূৰলৈকে ৰাতি মনিব পাৰি। সেইকাৰণে ছোৱালীৰ দাদা এজনক ঘৰলৈ যাওঁ বুলি জনাই চাইকেলখন লৈ ঘৰলৈ বুলি পেডেল মাৰিলোঁ। গাঁৱৰ পৰা ওলাই অলপ দূৰ একা বেকা ভগা ছিগা ৰাস্তাইদি গৈ এসময়ত মূল পথ- পথাৰৰ মাজেদি যোৱা ৰাস্তালৈ বাওঁ হাতে ঘূৰাই নমাই দিলো। বহল পথাৰ ৰাতি বাৰ এটা বজাত নৰ মনিচ এটা পথাৰত নাই। দূৰৈৰ গাঁৱত ৰৈ ৰৈ কুকুৰে ভূকিছে। মনত অকনো ভয় ভাৱ নাই। তেনেকেই চাইকেল চলাই এসময়ত বহল পথাৰখনৰ মাজভাগ পালো। পথাৰ খনৰ ঠিক মাজভাগতে সৰুকৈ এখন হাবি। তাত নানা ধৰণৰ গছ গছনি আছিল যদিও কেইজোপামান শিমলু গছেহে নিজৰ উচ্চতাৰে তাত নিজৰ অস্তিত্ব প্ৰকাশ কৰিছিল।
পথাৰৰ মাজৰ সৰু বাটটো সেইখন হাবিৰ ঠিক কাষেদি পাৰ হৈ গৈছিল। আমাৰ অঞ্চলৰ মানুহে কৈছিল সেই সৰু হাবিখনত দেও ভূত ওলাই আৰু কেইবাজনকো ভয় খুৱাই মাৰিছে। দেও ভূতৰ ওপৰত মোৰ কিন্তু অকনো বিশ্বাস নাছিল। ৰাতি বহুবাৰ হাবিখনৰ কাষেদি পাৰ হৈছো যদিও দেও ভূতৰ কোনো অস্তিত্ব অনুভৱ কৰা নাছিলো।
চাইকেলৰ পেডেল লাহে লাহে ঘূৰাই এসময়ত মই হাবিখনৰ ওচৰ পালো। শীতল নিজম পৰিৱেশ। চৰাই চিৰিকতিৰ মাতো শুনা নাই। কিন্তু হাবিখন ঠিক পাৰ হ'ব লৈছোঁহে এনেতে গছৰ ডাল এটা আহি মোৰ নিচেই ওচৰতে পৰিল। মই বোলো গছৰ ডাল এটা পৰিছে একো নাই বুলি ভাবি পিচলৈ ঘূৰি নোচোৱাকৈ চাইকেল একে গতিত চলাই দিলো যদিও আৰু আন এটা গছৰ ডাল পুনৰ পৰিল। এইবাৰ মই চাইকেল ৰখালো। আটাইতকৈ ওখ শিমলুজোপাৰ ওপৰলৈ চাই দেখিলো ধক ধকীয়া বগলী পাখিহেন ধুতি চুৰিয়া পিন্ধা বুঢ়া মানুহ এজন গছৰ সৰু ডাল এটাত বহি আছে। কিন্তু গছৰ যিটো ডালত বুঢ়া মানুহজনে বহিছে সেইডাল কেতিয়াও মানুহৰ ভৰ ল'ব পৰা গছৰ ডাল নাছিল। কোন বুলি চিঞৰিব বিচাৰিছিলো যদিও পিচত বুজিলো যে সেইটো মানুহ নহয়। চাইকেলখন ৰখাই মই ভালদৰে তালৈ চালো। সিও মোলৈ চাই আছে লৰচৰ নকৰাকৈ। জোনাকৰ পোহৰত সকলো স্পষ্ট। এনে পৰিস্থিতিত কি কৰো তাৰ উপায় চিন্তা কৰিলো। চাইকেল চলালেই যে আকৌ গছৰ ডাল পেলাব। হঠাতে মনত পৰিল বুঢ়া ডাঙৰীয়াক ভালকৈ সেৱা জনাই বাট এৰি দিব ক'লে এৰি দিয়ে বুলি মোক কোনোবাই কৈছিল। মই হাত যোৰ কৰি প্ৰণাম কৰি মাৰ কাৰণে যে ইমান ৰাতি ঘৰলৈ গৈছো সেই কথা জনাই দিগদাৰ নকৰিবলৈ ক'লো। তেনেকৈ কোৱাত সচাকেই সি যিটো ডালত বহি আছিল সেই ডালটোৰ পৰা উঠি একেবাৰে গছৰ ওখ ডালটোত উঠি থিয় হৈ থাকিল। মইও লাহেকৈ চাইকেলখন চলাই তাৰ পৰা আতৰি আহিলো। এইবাৰ সি গছৰ ডাল নেপেলালে। ঘৰ পাওঁতে ৰাতি প্ৰায় দুটামান বাজিল। ঘৰত মাৰ বাহিৰে ভাইটি ভন্টী সকলোবোৰে শুলে। ঘৰ পাই মাৰ সতে একেলগে ভাত খাই শুলো যদিও ঘটনাৰ বিষয়ে মাক একো নকলো। পিচ দিনা ৰাতিপুৱাহে গাঁৱৰ মানুহবোৰক ঘটনাৰ কথা ক'লো।

চোৰৰ বুদ্ধি


চোৰৰ বুদ্ধি 



☞ জেলত থকা পুত্ৰলৈ খেতিয়ক এজনৰ চিঠি 
------------------------------------------------------------------------


☞ " বোপাই , আলুৰ খেতিৰ সময় হৈছে । মই বুঢ়া হৈছো, পথাৰখনত আলু পুতিবলৈ চহাব লাগে । মই
অকলে নোৱাৰো। কিবা এটা কৰ তই, মানুহ লগাবলৈও মোৰ ধন নাই ।"


☞"পুতেকৰ বাপেকলৈ চিঠি 
--------------------------------------------

☞ " পিতাই , তই পথাৰত গাত নাখান্দিবি দেই , মই চুৰ কৰি অনা টকাবোৰ তাত পুতি ৰাখিছো ।"

☞ চিঠিখন পুলিচে পঢ়িলে আৰু সেই ৰাতিয়েই গোটেই
পথাৰখন খান্দি পেলালে কিন্তু শেষত একো নাপালে।


(দেশৰ শেহতীয়া বা বাতৰিৰ লগতে বিভিন্ন বিষয়ৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ বন্ধু সকলে তলত দিয়া লিংকত টিপি লিংক অপেন হোৱাৰ পিছত মোৰ YouTube চেনেল Subscribe কৰিব

☞ পিছদিনাখন চোৰৰ পুত্ৰৰ আকৌ চিঠি বাপেকলৈ
" পিতাই, আশা কৰো তোৰ কামটো কালিয়েই হৈ গ‘ল, এতিয়া তই আলু পুতিব পাৰিবি ।😂
মানুহক নজনা কথা শিকোৱাটোৱেই শিক্ষাৰ অৰ্থ নহয়৷ শিক্ষাৰ অৰ্থ হৈছে মানুহে নজনা আচাৰ-ব্যৱহাৰৰ শিক্ষা দিয়া৷ কিয়নো প্ৰগতিৰ পথ সুগম কৰাত সৰু-সুৰা ব্যৱহাৰ-পাতিবোৰে অদ্ভুত ধৰণে প্ৰভাৱ পেলায়৷ সেয়েহে কোৱা হয়, শিষ্টাচাৰ প্ৰথম অধ্যায়, তাৰ পিছতহে পঢ়া-শুনা ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে মানৱ শৰীৰৰ দুটা প্ৰান্তত দুটা অংগ আছে৷ এটা বহিবলৈ আৰু আনটো চিন্তা কৰিবলৈ৷ এই অংগ দুটিৰ প্ৰয়োগ কোনে কেনে ধৰণে কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে সেই মানুহৰ বিকাশ আৰু উদ্গতিৰ সমস্ত যোগ-বিয়োগ-পূৰণ-হৰণ৷ সজ আৰু উচ্চ চিন্তাইহে মানুহক সঁচা মানুহ কৰে৷ কেৱল উচ্চ শিক্ষাই কৰিব নোৱাৰে৷ সৎ চিন্তাক কামলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে ইয়াৰ সুফল পোৱা যায়৷ সেয়েহে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত মানুহক চিন্তা কৰিবলৈ শিকোৱা৷ কোনো পাঠ্যপুথিয়ে ইয়াৰ বিকল্প হ’ব নোৱাৰে৷ কেৱল পৰীক্ষাত পাচ কৰাটোৱেই যেনেকৈ পঢ়াৰ লক্ষ্য হোৱা অনুচিত, তেনেকৈ পাঠ্যপুথিয়েই অধ্যয়নৰ শেষ কথাও নহয়৷ জ্ঞান আহৰণ কৰাটোহে সাৰ৷ মানুহ হ’বলৈ হ’লে অন্তহীন শিক্ষাৰ আৱশ্যক৷ এই অনন্ত শিক্ষা লভিবৰ বাবে সকলো সময়তে খোলা ৰাখিব লাগিব চকু-কাণ, মন-মগজু৷ আনহাতে যি শিক্ষাই আনৰ হাতত বিক্রী যাবলৈ শিকায় তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ যধামূৰ্খ হোৱাও বহুগুণে ভাল৷ কাজেই শিক্ষাই এনে লোক সৃষ্টি কৰিব লাগিব যাৰ ক্ষেত্ৰত সু-সংস্কৃত গুণ আৰু বিচক্ষণ জ্ঞান দুয়োটা সমানে দেখা যায়৷ আনহাতেদি, আনুষ্ঠানিক শিক্ষানুষ্ঠানত প্ৰদান কৰা ডিগ্ৰী-ডিপ্লমাসমূহ কোনো চাকৰি-বাকৰিৰ বাবে পাৰ-পত্ৰহে মাথোন ৷ ঘাত-প্ৰতিঘাত অতিক্রম কৰি জীৱনক সফল ভেটিত স্থাপন কৰোৱাৰ এইবিলাক কোনো গেৰাণ্টী কাৰ্ড নহয় ৷ সংসাৰত গাৰ বলেৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তুটো হ'ল জ্ঞান৷ জ্ঞান আৰ্জিবলৈ একমাত্ৰ আৱশ্যক অধ্যয়নৰ ৷ অধ্যয়ন শিক্ষাৰ অংগ, সৃষ্টিৰ বীজমন্ত্ৰ ৷ অনবৰতে নিজৰ বুদ্ধি আৰু প্ৰতিভা প্ৰমাণ কৰাৰ বাবে পথৰ সন্ধান অব্যাহত ৰখা মানুহক তেওঁৰ ভিতৰৰ সম্পদৰাজি নিজৰ উপৰি দহজনৰ মংগলাৰ্থে বিনিয়োগ কৰাৰ মানসিকতা গঢ় দিব পাৰে অধ্যয়নেই ৷
(মোৰ YouTube চেনেল এই লিংকত টিপি Subscribe কৰক youtube.com/c/TultulKutum1)
জীৱৰ শ্ৰেষ্ঠ স্বপ্নই হৈছে সৃষ্টিৰ গোপন আকাংক্ষা ৷ সৃষ্টিশীল মনোভাৱ অবিহনে এই যান্ত্ৰিক পৃথিৱীত ক্ষন্তেক সময় অতিবাহিত কৰিবলৈকো কিমান যে কঠিন! সেয়ে সদায়ে এক সৃষ্টিধৰ্মী মনোভাৱত নিজকে আবৃত কৰি ৰখাৰ চেষ্টা কৰা উচিত ৷ আশাবাদী আৰু সুস্থ চিন্তাৰ জৰিয়তে সৃজনাত্মক মনোভাৱেৰে শ্ৰেষ্ঠ কৰ্মত মনোনিৱেশ কৰিলে গভীৰ মানসিক প্ৰশান্তি লাভ হয় ৷ তদুপৰি এদিন নহয় এদিন সফলতা আহিবই৷ কালজয়ী সৃষ্টিৰ বাবে মানুহক প্ৰয়োজন অশেষ ধৈৰ্য, কষ্ট, সাহস আৰু সাধনাৰ ৷ শাৰীৰিক সবলতাতকৈ মানসিক সবলতাই সৃষ্টি তথা উন্নতিৰ কল্পবৃক্ষ বৃদ্ধিত অধিক সহায়ক হয় ৷ মনেই মানুহৰ মানসিক ক্ষমতাসমূহৰ প্ৰধান উৎস ৷ মনৰ উৎকৰ্ষ সাধনৰ দ্বাৰাহে সাফল্য আশা কৰিব পাৰি ৷ মনৰ উৎকৰ্ষ সাধন মানেই সুন্দৰৰ পূজা ৷ সকলো মানুহেই কম-বেছি পৰিমাণে সৃষ্টিশীল কৰ্ম কৰিব পাৰে ৷ অন্তৰৰ ব্যাকুলতাই উপলব্ধ নকৰালে বাহ্যিক দিশৰ পৰা মানুহক কোনেও সৃষ্টিশীল কৰাব নোৱাৰে৷ সৃষ্টিশীল মনটো একান্তভাৱে নিজৰ অন্তৰ্দেশ বা ভিতৰৰ পৰাই গঠন হ’ব লাগিব ৷ নিজৰ ভিতৰত থকা সৃজনাত্মক প্ৰতিভাক কৰ্ষণ কৰি নৈতিক চেতনাৰ দ্বাৰা পৰিচালিত হ’বলৈ যত্ন কৰিলে মানুহ সুখী হয়৷
Profession does not always go on with one's qualification. মানুহ তেতিয়াই সঁচাকৈ সুখী হয় যেতিয়া মনে মিলা বৃত্তিত আত্মনিয়োগ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ পায় আৰু তেওঁৰ সৎ উপাৰ্জনে জীৱনটো পৰিচালনা কৰাত সমল যোগায় ৷ জীৱিকা আৰু জীৱন দুটা পৃথক বিষয় ৷ জীৱন যদি লক্ষ্য, জীৱিকা উপায় মাত্ৰ ৷ জীৱনৰ কৰ্মক্ষেত্ৰ আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰও দুটা ভিন্ন বস্তু ৷ যাৰ ক্ষেত্ৰত এই দুয়ো কৰ্মক্ষেত্ৰ একেখনেই হয় তাৰ সমান সুখী আন কোনো হ’ব নোৱাৰে ৷ নিৰ্ভুল-নিশ্চিত আৰু প্ৰকৃত কৰ্মজীৱন বাছি লোৱাৰ বাবে প্ৰয়োজন সাহসৰ, কেতিয়াবা হয়তো অতিমাত্ৰা সাহসৰ ৷ জীৱনৰ বাবে বাছি লোৱা বিষয় আৰু সৃষ্টিৰ বিষয়, অন্য কথাত জীৱিকাৰ বিষয় আৰু নিজৰ ভাল লগা বিষয় যদি একে হয় তেন্তে তাক ক’ব পাৰি সৰ্বোত্তম যুগলবন্দী ৷ নিচা আৰু পেছা যাৰ এক, তাৰ বিকাশো পৰিসৰ বা সীমাহীন ৷ পৃথিৱীয়ে তেওঁলোকক হাত চাপৰি বজাই অভিনন্দন জনায়৷
মানুহে জীৱনত পাব পৰা অপৰিমেয় সুখ-সন্তুষ্টি-সফলতা নিৰ্ভৰ কৰে উপযুক্ত শিক্ষা, সৃষ্টিশীল মনোবৃত্তি আৰু শুদ্ধ বৃত্তি নিৰ্বাচনৰ ওপৰত৷

পাহৰণিৰ গৰ্ভত: অসম আৰু গণ সংগ্ৰাম


সংগ্ৰামৰ সৈতে অসমীয়া জাতিৰ সম্পৰ্ক অতি পুৰণি। এসময়ত গোমধৰ কোৱৰ আৰু পিয়লি বৰফুকনে আৰম্ভ কৰা বিদ্ৰোহৰ ধাৰণাটোক তাহানি মণিৰাম দেৱানে জাতীয় পুজি গঠনৰ প্ৰচেষ্টাৰে মূৰ্ত ৰূপ দিব বিচাৰিছিল। বিংশ শতিকাত সেই পৃথক অসমীয়া স্বতন্ত্ৰ সত্ত্বাক জীপাল কৰি ৰখাৰ চেষ্টা চলাইছিল অম্বিকাগিৰী ৰায়চৌধাৰী, জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকা ফুকনৰ দৰে নিৰ্ভীক জাতীয়তাবাদী সকলে । ব্ৰিটিছৰ গ্ৰুপিং আঁচনিয়ে বংগ আৰু অসমক একেটা গ্ৰুপত সামৰাৰ ফলত অসমৰ অস্তিত্ব লোপ পাব পাৰে বুলি অসম কংগ্ৰছৰ নেতৃত্বই ঘোৰ প্ৰতিবাদ জনোৱা সত্বেও ক্ষমতাৰ বাবে উদগ্ৰীৱ হৈ পৰা সৰ্বভাৰতীয় নেতৃত্বই কাণসাৰেই নকৰাত গোপীনাথ বৰদলৈয়েও “তেনেহলে অসম স্বাধীন হব” বুলি গুজৰি উঠিছিল। এই বিক্ষোভৰ বাবেই ঘাইকৈ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই অৱশেষত গ্ৰুপিং আঁচনি অনিচ্ছাসত্বেও বৰ্জন কৰিবলগীয়া হৈছিল । ষাঠিৰ দশকত সেই বিদ্ৰোহী চেতনাকে আনুষ্ঠানিক ৰূপত উলিয়াই অনাৰ প্ৰচেষ্টা চলাইছিল অসমৰ যুৱ ছাত্ৰ সমাজে । জন্ম হৈছিল লাচিত সেনাৰ।
(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)
ভাৰতৰ স্বাধীনতা নিঃচৰ্ত নাছিল। অতি গোপন এটি বুজা বুজিৰে বৃটিছ চৰকাৰে বান্ধি দিয়া কেতবোৰ চৰ্ত পূৰণৰ পাছতহে বৃটিছে ভাৰতৰ প্ৰশাসনীয় ক্ষমতা ভাৰতীয়ৰ হাতত তুলি দিছিল । এই চৰ্ত সমূহ আছিল-
১) ইতিমধ্যে ভাৰতবৰ্ষত বিনিয়োগ হোৱা ষ্টাৰ্লিং পুজিৰ স্বাৰ্থক নতুন চৰকাৰে সম্পুৰ্ণ সুৰক্ষা দিব লাগিব,
২) ষ্টাৰ্লিং পুজিৰ বাৰ্ষিক লাভ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ বাহিৰলৈ ওলাই যাব পাৰিব লাগিব আৰু
৩) ইংৰাজী ভাষা আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰত ভাৰত চৰকাৰে কোনো বাধা নিষেধ আৰোপ কৰিব নোৱাৰিব।
তাৎপৰ্যপূৰ্ণভাৱে ইংৰাজ চৰকাৰে আৰোপ কৰা চৰ্তসমুহ সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক নীতি নিৰ্ধাৰণকাৰী বলয়ৰ বাবে বিশেষ উদ্বেগৰ কাৰণ নাছিল । কাৰণ এই বাবেই যে, সেই সময়ত ভাৰতবৰ্ষৰ অন্য অঞ্চলত ষ্টাৰ্লিং পুজিৰ বিনিয়োগ বুলিবলৈ তেনেকৈ একো নাছিলেই । কিন্তু এই চৰ্তসমুহ অসমৰ দৰে ৰাজ্যৰ বাবে আছিল অতি বিপদজনক । কাৰণ অসমৰ সমস্ত চাহ শিল্পই আছিল ষ্টাৰ্লিং পুজিৰ নিয়ন্ত্ৰণত । অথচ এই গোপন চুক্তিৰ সৰ্বনাশী চৰ্ত সমূহৰ কথা অসমবাসী ৰাইজক কোনোপধ্যে জানিব দিয়া হোৱা নাছিল। আৰু তেনেকৈয়ে অসমৰ মাটিত অসমৰ জনগণৰ অজ্ঞাতে জন্ম দিয়া হল ষ্টাৰ্লিং পুজিৰ নিয়ন্ত্ৰণাধীন এনে এক এনক্লেভ ইকন’মি, যাৰ উপৰত অসমবাসী ৰাইজৰ বা আনকি ভাৰত ৰাষ্ট্ৰৰো কোনো নিয়ন্ত্ৰণ নাই । এই আন্তঃৰাষ্ট্ৰীয় সাম্ৰাজ্য পৰিচালিত হয় লণ্ডনৰ পৰা ইউনিলিভাৰৰ দৰে বহুজাতিক গোষ্ঠীৰ দ্বাৰা। প্ৰতি বছৰে কোটি কোটি টকাৰ ৰাজহ এওঁলোকে বাহিৰলৈ উলিয়াই নিয়ে ১৯৪৭ চনৰ সেই গোপন চুক্তিৰ চৰ্তৰ দোহাই দি নিৰ্বিবাদে, কোনো বাধা নোহোৱাকৈ। শ শ কোটি টকাত অসমৰ চাহ বাগিচাৰ কিনা বেচা চলে বহু জাতিক গোষ্ঠীৰ মাজত । ১৯৯১ চনত বৃটেইনৰ ইনস্কেপ নামৰ বহুজাতিক গোষ্ঠীটোৱে অসমৰ বাৰখন চাহ বাগিচা ইউগাণ্ডাৰ আন এক বহুজাতিক প্ৰতিস্থানক বিক্ৰি কৰিছিল এশ দহ কোটি টকাত । সেই কিনা বেচাত অসমবাসী ৰাইজ বা আনকি ভাৰতৰো হস্তক্ষেপৰ কোনো অধিকাৰ নাছিল । গতিকে এই চৰ্তসমূহ পূৰণৰ পোনপটীয়া আৰু ঋণাত্মক প্ৰভাৱ বহন কৰিবলগীয়া হৈছিল অসমৰ জনসাধাৰণে । সেয়েহে হয়টো ভাৰতৰ শেষৰ জন বৃটিছ গৱৰ্ণৰে অসমক ভাৰতৰ “এলাগী কুৱৰী” (Cinderella of India) বুলি কৈছিল। অৰ্থাৎ অসম তথা উত্তৰ পূৱক দিল্লীয়ে কৰি অহা অৱহেলাৰ ভাৱ আজিৰ নহয় । এই পৰম্পৰাৰ আৰম্ভণি জৱাহৰলাল নেহেৰু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ আগৰ পৰাই কৰিছিল আৰু সেই পৰম্পৰা আজিও চলি আছে । অসমীয়াই আজিলৈকে নিজৰ প্ৰাপ্যখিনি পাবৰ বাবেও সংগ্ৰাম কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ দলঙৰ পৰা তেল শোধানাগাৰলৈকে সকলো অসমীয়াৰ প্ৰৱল সংগ্ৰাম আৰু চৰম ত্যাগৰ প্ৰতীক । ইংৰাজৰ সময়ত ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল । কিয় অসমৰ সৈতে অতীজৰে পৰা এনে বৈষম্যমূলক স্থিতি লোৱা হৈছিল তাৰ কাৰণ লাগিলে যিয়েই নহওক কিন্তু এই অৱহেলা আৰু অনগ্ৰসৰতাৰ বোজা অসমে আজিলৈকে কঢ়িয়াব লগা হৈছে।
কেন্দ্ৰৰ চৰকাৰখনৰ এই অৱহেলাৰ ভাবৰ প্ৰবল প্ৰতিবাদো অসমীয়াই সময়ে সময়ে কৰি আহিছে। ষাঠিৰ দশকত অসমীয়া ভাষাক লৈ হোৱা ভাষা আন্দোলনে এসময়ত অতি ভয়ানক ৰূপ লোৱা দেখা গৈছিল। শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্ব-ইচ্চাৰেই জপিয়াই পৰিছিল । এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল ৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৷ ইয়াৰ পিচতো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে ৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যাকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয় ৷ এই আন্দোলনতো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে ৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত অসমীয়া আৰু বাংলা ভাষাই চৰকাৰী ভাষাৰ মৰ্য্যাদা পালে ।
ইয়াৰ পাছতে আহিল অসম আন্দোলন । আশীৰ দশকত হোৱা এই আন্দোলনৰ যোগেদি অসমীয়াই কেন্দ্ৰস্থিত চৰকাৰখনক তীব্ৰ চাপ প্ৰয়োগ কৰাত সফল হৈছিল । বিদেশী বিতাৰণৰ লগতে তেল, চাহপাত আৰু অন্যান্য সম্পদৰ ওপৰত চলা অবাধ লুন্ঠন প্ৰতিৰোধ কৰাৰ তথা মাটিৰ ওপৰত জনগণৰ অধিকাৰ সাব্যস্তকৰণ ইত্যাদি দাবীসমুহৰ ওপৰত আলোচনাৰ মজিয়াত আহিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱা হৈছিল । যদিও স্বাধীনতাৰ আগৰে পৰা অবৈধ বিদেশী প্রব্রজনৰ প্রশ্নটো উঠি আছিল তথাপি অসমীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন ৰূপে পৰিচিত এই বিদেশী বিতাৰণ আন্দোলনেহে সেই সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি অসমৰ ফালে ঢাল খুৱাইছিল । অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন ৰূপে জনাজাত এই আন্দোলনৰ প্ৰতি সৰহভাগ অসমীয়াৰেই সমৰ্থন আছিল তথাপি ৮৫৫ জন শ্বহীদৰ তেজেৰে ৰাঙলী এই আন্দোলনে অসমীয়া সমাজখনক একগোট কৰাৰ সলনি কালক্ৰমত ছিন্ন ভিন্নহে কৰাহে দেখা গল । সেই আন্দোলনকাৰী অসমবাসীৰ সাহস, সততা, দেশপ্ৰেমক ব্যৱহাৰ কৰি এচামে ক্ষমতাৰ জখলা বগালে । জন্ম হল অসম গণ পৰিষদ নামৰ আঞ্চলিক শক্তিৰ। অসম চুক্তিৰ দৰে এখন ত্ৰুটিপূৰ্ণ চুক্তি স্বাক্ষৰ কৰি সমুহ অসমবাসী ৰাইজলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা হল। IIT, AGBBP, Bridge, কলাক্ষেত্ৰ স্থাপন ইত্যাদিক অসম চুক্তিৰ কৃতকাৰ্য্যতা হিচাপে বহুতে কব বিচাৰে যদিও সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে গম পোৱা যায় যে এই চুক্তি স্বাক্ষৰৰ দ্বাৰা অসম আন্দোলনৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য ফুটুকাৰ ফেনত পৰিণত হল । কাৰণ আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী সমস্যাৰ সমাধান কৰাটোহে যিটোৰ আজিও সমাধান নহল । ভাৰত−বাংলাদেশৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক বৈঠক অথবা চুক্তি নোহোৱাকৈ অসমৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলক ক'লৈ পঠিয়াব বুলি প্ৰশ্ন নকৰি আন্দোলনৰ নেতৃত্বই অসম চুক্তিত কিয় স্বাক্ষৰ কৰিলে তাৰ উত্তৰ আজিও পোৱা নগল। অসম চুক্তিৰ অসাৰতা বুজি পাই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচ দিনাই নিবাৰণ বৰাই প্ৰতিবাদ কৰিছিল পিছে ক্ষমতাৰ লালসাত পৰি নিবাৰণ বৰাৰ দৰে ব্যক্তিকো এচামে একাষৰীয়া কৰিলে । অসম আন্দোলন যদি ব্যৰ্থ হল সেয়া এচাম ক্ষমতালোভী, অদূৰদৰ্শী লোকৰ বাবে ব্যৰ্থ হল । কৰিমগঞ্জ, ধুবুৰীৰ আন্ত:ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে বাংলাদেশীক থৈ আহিয়েই যদি অসমৰ অবৈধ বিদেশী নাগিৰকৰ সমস্যা সমাধান কৰিব খোজা হৈছিল, সেয়া অদূৰদৰ্শিতাৰ বাহিৰে আন একো নাছিল।
আন্দোলনৰ সময়চোৱাতেই অসমত বন্ধসংস্কৃতিয়ে মুৰ ডাঙি উঠিল যাৰ কৱলৰ পৰা আজিও আমাৰ সমাজ মুক্ত হব পৰা নাই। এসময়ৰ গনতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদৰ মাধ্যম আজি অসমত এক অপসংস্কৃতিত পৰিণত হৈছে। যি আৱেগেৰে অসম আন্দোলনত আন্দোলনকাৰী নেতৃত্বই লাখে লাখে লোক সমবেত কৰাইছিল, হয়তো সেই আৱেগ আজিও আছে কিন্তু সকলোৰে পৰাই বিশ্বাসঘাটকতা লাভ কৰা অসমীয়া ৰাইজৰ আজি হয়টো সকলো দল সংগঠনৰ প্ৰতিয়ে বিতৃষ্ণা জন্মিছে ৷ আছুৰ দৰে জাতীয় সংগঠনৰ প্রতিও সাধাৰণ মানুহৰ আস্থা কমি আহিছে ৷ কিহৰ কাৰণে হৈছে সেই বিষয়ে সম্ভৱ আছুৰ শীৰ্ষ নেত্ৰবৃন্দ আমাতকৈ ভালকৈয়ে অৱগত । গতিকে মই সেই বিতৰ্কলৈ যাব খোজা নাই কিন্তু এইটো ঠিক যে আজিকালি অসমৰ ৰাইজৰ, বিশেষকৈ আজিৰ প্ৰজন্মৰ চকুত আছুৰ দৰে এটা জাতীয় সংগঠনৰ প্ৰতিচ্ছৱি সন্তোষজনক নহয়।

কেইটামান ঘৰুৱা ঔষধ


কেইটামান ঘৰুৱা ঔষধ



১ .কিছমিছ , ঘিঁউ , সন্ধ্যা নিমখ ; মিহলাই যিয়ে খায়
মুৰঘূৰোৱা তৎক্ষণাৎ বন্ধ হৈ যায় ।


২.ডালিমৰ কলীৰ ৰস উলিয়াই নাকত 2 টোপাল দিলে 
তৎক্ষণাৎ তেজ ওলোৱা বন্ধ হয় নাকৰ ।


৩ .দুই চামুছ ৰস পিয়াঁজৰ , মিশ্ৰিৰ লগত যিয়ে খায়
২০ দিনত পাথৰ গলি ওলাই পৰে ।

৪ .আধা কাপ তীয়হৰ ৰস দৈনিক যিয়ে খায় , অতি সোনকালে পাথৰ নোহোৱা হৈ যায় তেওঁৰ ।

(এনে ধৰণৰ বন দৰৱ বিষয়ক ভিডিঅ চাবলৈ মোৰ YouTube চেনেল এই লিংকত টিপি Subscribe কৰক। youtube.com/c/TultulKutum1)

৫ .আদা ৰস 2 চামুছ মৌৰ লগত মিহলাই দুই বাৰ দিনত খালে কাঁহ -চৰ্দি কফ হাজাৰ মাইল দূৰৈত থাকে ।

৬ .গৰম পানীত মৌ মিহলাই দিনত দুবাৰ খালে
চৰ্দি হোৱা অতি সোনকালে ভাল পায় ।।

৭ .কপাহ জ্বলাই চাই কৰি লগাওঁক যত ঘা হৈছে , দুদিনতেই আৰাম পোৱা যায় ।
৮ .নিম পাতৰ গুড়ি , জৈনগুটিৰ গুড়ি আৰু গুড় সমপৰিমানৰ লৈ এক চামুছ যিয়ে খায় , পেটৰ পেলু লুপ্ত পায় ।
৯ .দুই চামুছ মৌ আৰু দুই চামুছ নিমপাতৰ ৰস দিনত এবাৰ খালে জণ্ডিছ নোহোৱা হয় ।

১০.মিশ্ৰিৰ লগত নিমপাতৰ ৰস মিহলাই খালে
পনীয়া শৌচ ভাল হয় ।
এজন প্ৰখ্যাত খনিকৰ আছিল। যি যিকোনো মানুহৰ অবিকল প্ৰতিমুৰ্তি সাজিব পাৰিছিল ।
লাহে লাহে খনিকৰজন বুঢ়া হৈ আহিল । মৃত্যু তেওঁৰ ওচৰ চাপি আহিল। খনিকৰ জনক মৃত্যু ভয়ে খেদি ফুৰিবলৈ ধৰিলে।
কি কৰিম, নকৰিম বুলি ভাবি, মৃত্যুৰ পৰা বাচিবলৈ , তেওঁ নিজৰেই ১১ টা অবিকল মুৰ্তি সাজিলে। যাতে যমদূতেও আহি তেওঁক চিনি নেপায় !!!
অৱশেষত যমদূত আহিল। কিন্তু সাইলাখ বাৰজন অবিকল মানুহ দেখি যমদূত হায়ৰাণ হৈ গ'ল । কাক নিব কাক থ'ব ? এৰি থৈ গ'লেও প্ৰকৃতিৰ নিয়ম উলংঘণ হ'ব আৰু শিল্পৰ প্ৰতি থকা সন্মানৰ বাবে, মুৰ্তি কেইটাও মৰিয়াই চাব নোৱাৰে ।

(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)

অৱশেষত যমদূতে ক'লে- ইমান সুন্দৰ আৰু অবিকল মুৰ্তি বনাব পৰা মানুহ মই কেতিয়াও দেখা নাই ! পিছে মূৰ্তিবোৰ বনাওঁতে তেওঁ বাৰু এই সৰু ভুলটো কিয় আজীৱন কৰি গ'ল ।
কথাষাৰ শুনি খনিকৰ জনৰ মনত অহংকাৰ ভাৱ জাগি উঠিল ।
তেওঁ চিঞৰি ক'লে- কি ভুল দেখিলেহে ?
যিহেতু মানুহৰ মূৰ্তি বা প্ৰতিমাই মাত দিব নোৱাৰে সেয়ে যমদূতে মাত দিয়া মূৰ্তিটোকেই খনিকৰজন বুলি চিনাক্ত কৰি হাতত থাপ মাৰি ধৰিলে আৰু ক'লে- সেইটোৱেই ভুল। অহংকাৰেই হ'ল তোমাৰ জীৱনৰ প্ৰধান ভুল। গোটেই জীৱনটো তুমি এইটো অহংকাৰতেই ডুবি থাকিলা যে, কোনো খুঁট নথকাকৈয়ে তুমি অবিকল মুৰ্তি সাজিব পাৰা। কিন্তু অন্তিম সময়ত সেই অহংকাৰেই তোমাক অতি বেয়াকৈ ঠগন দিলে !!!!
চাকৰিলৈ যোৱা পাছত তপনৰ পত্নী অকলে থাকে ।নগেন সেই সময়তে আহি কলিং বেল বজালেহি । তপনৰ পত্নী ওলাই আহি সুধিলেহি......
তপনৰ পত্নী=হয় কওকচোন ।
নগেন=আপুনি ইমান ধুনীয়া ।
লগে লগে তপনৰ পত্নীয়ে দৰজা বন্ধ কৰি গুছি যায় ।পিছদিনা একে সময়তে আকৌ বেল বজালে।
তপনৰ পত্নী=কি আছিলে ।
নগেন=আপুনি ইমান ধুনীয়া ।
কথাষাৰ কোৱাৰ লগে লগে তপনৰ পত্নীয়ে আকৌ দৰজা বন্ধ কৰি ভিতৰলৈ গুছি যায় । এনেকে তিনিদিন মান হোৱা পাছত তপন চাকৰিলৈ বুলি ওলাব লওঁতে তপনৰ পত্নীয়ে তপনৰ আগত বিৱৰি কলে ।

(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)

তপনৰ পত্নী=হেৰি আপুনি নথকা অৱস্থাত মানুহ এজন আহি কালিলৈকে একেটা কথাকে কয়হি । আজিও আহিব ছাগে ।
তপন=কি কয় তোমাক?
পত্নী=আপুনি ইমান ধুনীয়া কওতে মই দৰজাখন মাৰি ভিতৰত গুছি যাও ।
তপন=ঠিক আছে আজি মই কামলৈ নেযাঁও । আৰু আজি তুমি দৰজা মাৰি গুছি নাহিবা মই তোমাৰ পিছফালে টাঙোন এডাল লৈ ৰৈ থাকিম । দিম এসেকা তাক ভালকৈ ।
নগেনে আগৰ কেইদিন অহাৰ সময়তে সেইদিনাও আহি বেল বজালে । তপন সাজু হৈ আছে পত্নীৰ পিছফালে আৰু তপনৰ পত্নীয়ে দৰজা খুলি-
তপনৰ পত্নী=হয় কওঁক ।
নগেন=আপুনি ইমান ধুনীয়া ।
তপনৰ পত্নী=আৰু কিবা কব লগা আছে নেকি?
নগেন=সদায় কম বুলিয়ে আহোঁ আপুনিহে নুশুনে ।আপুনি ইমান ধুনীয়া তাৰ পাছতো আপোনাৰ মানুহজনে মোৰ শ্ৰীমতীৰ লগত লিলিমাই কৰে ।
পিছফালে ৰৈ থাকিম কোৱা তপনক পত্নীয়ে আজিও বিচাৰি পোৱা নাই..😂😂😂😝😝😝
পাপুয়ে বাইক এখন লব তাৰ বাবে ড্ৰাইভিং লাইছেন্স এখন লাগে । চাৰিবাৰ পৰীক্ষা দিলে প্ৰতিবাৰে ফেল । এইবাৰ আকৌ গল DTO অফিচত । চাৰিবাৰকৈ পৰীক্ষাত বহা লৰাজনক অফিচৰ সকলোৱে চিনি পোৱা হৈছিল !

ইন্টাৰভিউ লবলৈ এম ভি আই জনে তাক মাতিলে - ঐ পাপু তোক এটাই মাত্র প্ৰশ্ন সুধিম, চিধা- চিধি উত্তৰ দিবি । পাৰ যদি লাইচেন্স পাবি ।
.
পাপু: ফুল কনফিডেন্স, হব ছাৰ....
.
MVI : তই পাহাৰৰ এটি সৰু লুং-লুঙীয়া ৰাষ্টাৰে বাইক চলাই গৈ আছ । তোৰ বাইকখন কিবাকে যাব পাৰে আৰু ৰাস্তাটোত । কাটি নিয়াও ৰাষ্টা নাই । গৈ আছ গৈ আছ । হঠাতে তোৰ বিপৰীত দিশৰ পৰা এজনী ধুনীয়া ছোৱালী আৰু এজনী বুঢ়ী আহিল, তই তেতিয়া কাক মাৰিবি ?..
.
নাকটো মোহাৰি মোহাৰি পাপুয়ে ভাবিলে । বুঢ়ীতো এনেই মৰিব কেইদিনমান পিছত । ছোৱালীতো কম বয়সীয়া, লগতে ধুনীয়াও । যদি তাইক বচাও , তাই মোক ভাল পাব আৰু ভাল পালে মস্তি লাগিব। ধুনীয়া ছোৱালী বিয়াও পাতিব পাৰিম পিছতগৈ । 
.
পাপু : বুঢ়ীকে মাৰিম ছাৰ।
.

MVI : উম । তেন্তে তই বুঢ়ীক মাৰিবি । হব যা, তই আকৌ ফেল । ইয়াৰ পৰা ফুট এতিয়া ।

(দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)

পাপু Confused । খঙো উঠিছে তাৰ । মনতে ভাবিলে- চালা বুঢ়ীতো তাৰ শাহুৱেক নেকি বে ? বুঢ়ীক মাৰিলে তাৰ কি যায় ? ঘৰ আহি গোটেই ৰাতি ভাবি থাকিলে পাপুৱে । কিয় সি ফেল কৰিলে ? বুঢ়ীটো কি হয় তাৰ ? ছোৱালীজনীক মাৰিলে কিয় পাছ হল হৈ সি ? ছোৱালীজনী মাৰিলে MVI টোৰ কি লাভ হব ? ৰাতি টোপনি নাহিল তাৰ।
পিছদিনা পাপু আকৌ অফিচ গল । MVI জনক লগ ধৰি সুধিলে - ছাৰ মই যে ফেইল হলো মই কি ছোৱালীজনীক মাৰিব লাগিছিল নেকি ? . . . . .. .

MVI: নহয় অ গাধ । তই ব্ৰেক মাৰিব লাগিছিল !
.
পাপু ফিউচ !!

কছাৰী আৰু জয়ন্তীয়াসকল


কছাৰী আৰু জয়ন্তীয়াসকল
----------------------------------------


কছাৰীসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি ক’ব পাৰি। উত্তৰ বঙ্গ আৰু গোৱালপাৰাৰ মেচসকল এওঁলোকৰ সৈতে একে। বহিৰাগত লোকেহে তেওঁলোকক বেলেগ বেলেগ নাম দিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে বড়ো বা বড়ো কিছা/ফিছা (বড়োৰ সন্তান) বোলে। উত্তৰ কাছাৰৰ পাহাৰীয়া ঠাইৰ কছাৰীসকলে নিজকে ডিমাছা বোলে। ডিমাছা শব্দটো ডিম কিছা/ফিছাৰ পৰা উদ্ভৱ হৈছে। ডিমাকিছা/ফিছা মানে হ’ল বৰ (ডাঙৰ) নৈৰ সন্তানসকল। আহোমসকলে এই লোকসকলক তিমিছা বুলি কৈছিল । তিমিছা শব্দটো নিশ্চয় ডিমাছা শব্দৰে অপভ্ৰ্ংশ। ধনশিৰি নৈৰ দাঁতি কাষৰীয়া অঞ্চলত এই লোকসকল থকাৰ কালতে তেওঁলোকে এই নাম পাইছিল যেন লাগে।
কছাৰী শব্দটোক বাংলা ভাষাত কাছাৰী বোলে। এওঁলোকৰ উৎপত্তি সম্বন্ধে জনাটো টান। ৰিছলিয়ে ‘ট্ৰাইবছ্‌ এণ্ড কাষ্টছ্‌ অৱ বেঙ্গল’ পুথিত লিখা এটা কাহিনী মতে মানৱ জাতিৰ আদি পুৰুষ দুজনৰ এজন খাছাৰ ৰাজ্যত বাস কৰিছিল। ব্ৰহ্মপুত্ৰ আৰু কোশী নৈৰ মাজৰ যিখিনি দীঘলীয়া ঠাই পাহাৰৰ দাঁতি অঞ্চলত অৱস্থিত সেই ঠাইখিনিয়েই হ’ল খাছাৰ। খাছাৰ নামটো নেপালীসকলে দিছিল। খাছাৰত বাস কৰা সেই আদিম পুৰুষজনৰেই বংশধৰ হেনো কোচ, মেচ আৰু ধিমলসকল। যদি খাছাৰ সঁচাকৈয়ে মেচসকলৰ আদি বাসস্থান নাইবা পৰক্ৰমী মেচ ৰজাসকলৰ কেন্দ্ৰস্থল আছিল, তেন্তে অসমত থকা মেচসকল খচাৰী বা কছাৰী নামেৰে পৰিচিত হোৱা উচিত আছিল। দৰাচলতে খাছাৰ শব্দটো স্ংস্কৃতৰ পৰা উদ্ভৱ হোৱা আৰু ইয়াৰ মানে হ’ল ‘সীমান্তৱৰ্তী ঠাই’। কাছাৰ জিলাৰ নামটো বোধকৰো এইদৰে স্ংস্কৃতৰ পৰা হোৱা নাইবা সেই ঠাইত বসবাস কৰা লোকৰ সৰহ স্ংখ্যক কছাৰী হোৱাৰ বাবেও ঠাইখনৰ নাম কাছাৰ হ’ব পাৰে। বৰ্তমান কাছাৰতকৈ বহু বিস্তৃত অঞ্চল কাছাৰ নামেৰে জনাজাত আছিল। কছাৰীসকলৰ একাংশই এই ঠাইডোখৰ অধিকাৰ কৰাৰ আগতেও ঠাইডোখৰৰ নাম কাছাৰ আছিল। এই বিষয়ে কাছাৰীসকলৰ নিজৰ কাকত-পত্ৰ সমূহত ১৬৫৮ শকত লিখা এখন নিযুক্তি পত্ৰত পোন প্ৰথমবাৰৰ কাৰণে এই লোকসকলে কাছাৰী শব্দটো ব্যৱহাৰ কৰিছিল। এই পত্ৰখনত ৰাজা কীৰ্ত্তিচন্দ্ৰই ‘কাছাৰী নিয়ম’ৰ কথা উল্লেখ কৰিছে। কছাৰীৰ সৈতে কোচৰ বৰ নিকট সম্বন্ধ আছিল যেন লাগে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চুটিয়া, লালুং, মৰাণ আৰু দক্ষিণৰ পাহাৰ অঞ্চলৰ গাৰো, তিপ্পেৰা আদিৰ সৈতে কছাৰী ভাষাৰ মিল পোৱা যায়। বড়োসকলৰ অৱস্থানৰ পৰিধি আৰু বড়ো ভাষা ব্যৱহৃত হোৱা স্থানৰ বিস্তৃতিলৈ লক্ষ্য ৰাখি এসময়ৰ অসমৰ এটা প্ৰধান অঞ্চল আৰু উত্তৰ-পূৱ বঙ্গৰ একাংশত বিৰাট বড়ো ৰাজ্য এখন থকাৰ কথা না কৰিব নোৱাৰি। পুৰণি তামৰ ফলিসমূহত উল্লেখ কৰা ম্লেচ ৰজাসকলৰ কেতবোৰ ৰজাও দৰাচলতে বড়োহে আছিল যেন লাগে। কছাৰীসকলৰ ৰাজত্বৰ বিশ্বাসযোগ্য তথ্য-পাতিৰ অভাৱ। তেওঁলোকৰ ঘটনাৱলীৰ কোনো লিখিত বিৱৰণি নাই। কেৱল ৰজাসকলৰ নামবোৰহে পোৱা যায়। এনে নামৰ তালিকাসমূহৰ সত্যতা নিৰুপণ সম্ভৱ নহয়। মি: ফিচাৰৰ মতে উত্তৰ কাছাৰৰ কাছাৰীসকলে এসময়ত তেওঁলোকে কামৰূপত ৰাজত্ব কৰিছিল বুলি দাবী কৰে। তেওঁলোকৰ ৰাজপৰিয়ালেও নিজকে কামৰূপৰ হা-ছুং-ছা নামৰ ৰাজ বংশোদ্ভৱ বুলি কয়। বুৰঞ্জীসমূহে প্ৰধানকৈ আহোমৰ বিষয়ে লিখিলেও কছাৰী সম্বন্ধে যিখিনি তথ্য পাতিৰ যোগান দিছে সেইখিনিহে বিশ্বাসযোগ্য। অৱশ্যে বুৰঞ্জীসমূহতো প্ৰধানকৈ আহোম আৰু কছাৰীৰ মাজত হোৱা যুদ্ধসমূহৰ বিৱৰণিহে ঘাইকৈ পোৱা যায়। এই বিষয়ে আহোমৰ শাসন সম্বন্ধীয় অধ্যায় সমূহত ইতিমধ্যে উল্লেখ কৰা হৈছে বাবে এতিয়া সেই বিষয়ে এটা চমু আভাসহে মাত্ৰ দিয়া হ’ব।


(দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)

১৩ শতিকাৰ দিখুৰ পৰা কলঙৰ কিছু আগলৈকে ধনশিৰি উপত্যকা আৰু বৰ্তমানৰ উত্তৰ কাছাৰ মহকুমাকে ধৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বিৰাট ভূখণ্ড কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল যেন লাগে। এই অঞ্চলৰ পশ্চিমে থকা ভূখণ্ডতো প্ৰধানকৈ কছাৰী লোক থাকিলেও সেই অঞ্চলটো হিন্দু কমতা ৰাজ্যৰ অধীন আছিল। এই শতাব্দী শেষ নহওতেই দিখু নৈৰ পূব পাৰে থকা কছাৰী অধিকৃত অঞ্চলসমূহৰ পৰা আহোমৰ ভয়ত এই লোকসকল পলাই গৈছিল বুলি জনা যায়। ইয়াৰ পৰৱৰ্তী প্ৰায় এশ বছৰ জুৰি এই নৈখনেই আহোম আৰু কছাৰীৰ ৰাজ্যৰ সীমা আছিল। ১৪৯০ খ্ৰী:তহে এই নৈৰ পাৰতে আকৌ যুঁজ লাগে। এই যুজত পৰাজিত হৈ আহোমে সন্ধি কৰিছিল। কিন্তু ইয়াৰ পিছৰ ৩০ বছৰত আহোমে পুনৰ শক্তি সঞ্চয় কৰি লাহে লাহে কছাৰীসকলক ধনশিৰি নৈ পাৰৰ পূৰ্বৰ সীমালৈ ঠেলি নিছিল। ১৫২৬ খৃ: ত এই নৈৰ ওচৰে পাজৰে দুখনকৈ যুদ্ধ হৈছিল। প্ৰথমখনত কছাৰীসকল জয়ী হৈছিল যদিও দ্বিতীয়খনত বৰ বেয়াকৈ পৰাজিত হয়। ১৫৩১ খৃ: ত আকৌ দুয়ো দলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। বৰ্তমানৰ গোলাঘাট মহকুমাৰ দক্ষিণে যুঁজ আৰম্ভ হয়। যুঁজত কছাৰীসকল পৰাজিত হয় আৰু আহোমে তেওঁলোকৰ ৰজাৰ ভাতৃ দেওচাক বধ কৰে। ধনশিৰিয়েদি উজাই গৈ আহোমে গোলাঘাটৰ ৪৫ মাইল দক্ষিণে থকা কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰিলে। কছাৰী ৰজা খুনখুৰাই ভয়তে পলাই গ’ল আৰু দেতছুং নামৰ এজনক ৰাজপাটত বহুৱালে। ১৫৩৬ খৃ:ত দেতছুংৰ সৈতে আহোমৰ বিবাদ হ’লত এইবাৰ আহোমে আকৌ ধনশিৰিয়েদি গৈ ডিমাপুৰ আক্ৰমণ কৰি ধ্বংসলীলা আৰম্ভ কৰিলে। দেতছুঙে পলাই প্ৰাণ ৰক্ষা কৰাৰ বিফল চেষ্টা কৰিছিল। আহোমে দেতছুঙক ধৰি আনি বধ কৰিলে। এই আক্ৰমণৰ পিছত কছাৰী সকলে ডিমাপুৰ আৰু ধনশিৰি উপত্যকা এৰি মাইচঙত নতুন ৰাজধানী পাতিলেগৈ।
ডিমাপুৰত থকা ভগ্নাৱশেষসমূহ এতিয়াও বৰ্তমান। এই ভগ্নাৱশেষসমূহ পৰীক্ষা কৰিলে কছাৰীসকলৰ সভ্যতাৰ মানদণ্ড আহোমৰ সভ্যতাতকৈ শ্ৰেয় আছিল যেন লাগে। আহোমসকলে কছাৰীসকলৰ দৰে ইটাৰ ব্যৱহাৰ নাজানিছিল। তেওঁলোকে কাঠ, বাহৰ ঘৰ সাজিছিল আৰু বোকামাটিৰে লেপা প্ৰাচীৰহে তৈয়াৰ কৰিছিল। আনহাতেদি ডিমাপুৰৰ তিনিও ফাল ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল। এনে প্ৰাচীৰৰ দৈৰ্ঘ্য আছিল প্ৰায় ২ মাইল। নগৰ খনৰ আনটো সীমায়েদি বৈ গৈছিল ধনশিৰি নৈ। নগৰৰ পূবে এটা সুউচ্চ জোঙা চূড়াৰে সৈতে এখন প্ৰকাণ্ড দুৱাৰ আছিল। এই গধূৰ দুৱাৰখন প্ৰাচীৰৰ স্ংলগ্ন কৰিবলৈ কেতবোৰ শিল প্ৰাচীৰৰ মাজেদি ফুটা কৰি ভৰাই দিয়া হৈছিল। ইয়াৰ চাৰিওকাষে ইটাৰে নিৰ্মিত কেইবা চুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল। প্ৰধান চূড়াটোলৈকে কেতবোৰ মিছা খিৰিকি আছিল। ইয়াৰ কাৰুকাৰ্য খচিত এই খিৰিকিবোৰ আছিল চালে চকুৰোৱা। দুৱাৰ আৰু চূড়াৰ ওপৰত থকা অৰ্দ্ধ ডিম্বাকৃতি অংশৰ কাৰুকাৰ্যক মুছলমানৰ পৰা ধাৰ কৰা বাঙালী স্থাপত্য শিল্পীৰ স্থাপত্যৰ সৈতে তুলনা কৰিব পাৰি। এইখিনিতে উল্লেখ কৰিব পাৰি যে, আহোম ৰজা ৰুদ্ৰসিংহই ইটাৰে ৰ্ংপুৰ নগৰ তৈয়াৰ কৰিবলৈ বঙ্গৰ পৰা কাৰিকৰ আনিছিল। ডিমাপুৰৰ ইটাৰ কৰ্ম ইমান মজবুত আছিল যে ভালেকেইটা ভুইকপৰ জোকাৰণিৰ পিছতো সেইবোৰ নভগাকৈ আছিল।(প্ৰাচীৰৰ ভিতৰৰ প্ৰাচীৰখন এতিয়াও সম্পুৰ্ণৰূপে খান্দি উলিয়াব পৰা নাই।) এটা মন্দিৰ আৰু ধ্বংসাৱশেষ পোৱা গৈছে। এইবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষনীয় বস্তু হৈছে ইয়াৰ শিল বালিৰে নিৰ্মিত স্তম্ভসমূহ। ১২ ফুট ওখ আৰু ৫ ফুট পৰিধিৰ স্তম্ভ দুশাৰী স্তম্ভৰ কাৰুকাৰ্য আছিল মনোমুগ্ধকৰ। ইয়াৰ উপৰিও v আখৰটোৰ আকৃতিৰ কেতবোৰ স্তম্ভ দেখা যায়। এইবোৰ নিশ্চয় স্মৃতিস্তম্ভ। এন ধৰণৰ স্মৃতিস্তম্ভসমূহ সাজিবলৈ বোধকৰো প্ৰায় ১০ মাইল দূৰৈৰ পৰা শিল-বালি অনা হৈছিল। বোধকৰো এই ধৰণৰো স্তম্ভ বা খুটাবিলাক সাজি আনি শাৰী শাৰীকৈ পুতি লৈ তাৰ পিছত কাৰুকাৰ্য কৰা হৈছিল। তাকে নকৰিলে অনা-নিয়া কৰোতে সেইবোৰ নষ্ট হোৱাৰ সম্ভৱনা আছিল। এই কাৰুকাৰ্যসমূহৰ ইটোৰ লগত সিটোৰ বিশেষ মিল নাথাকিলেও স্তম্ভৰ আকৃতিসমূহ একে আছিল। একেবাৰে ওপৰ ভাগ আছিল অৰ্দ্ধ ঘূৰণীয়া আৰু তাৰ তলতে শিলত কাৰুকাৰ্য কৰা হৈছিল। স্তম্ভবিলাকত হাতী, হৰিণা, কুকুৰা, হাঁহ আৰু ম’ৰাচৰাই খোদিত কৰা হৈছিল। কিন্তু কোনো ঠাইতে মানুহ বা মানুহৰ মূৰ খোদিত দেখা নাযায়। ইয়াৰ পৰাই কছাৰিসকল সেই সময়ত সকলোধৰণৰ হিন্দু প্ৰভাৱৰ পৰা মুক্ত আছিল যেন লাগে। ডিমাপুৰত ভালেমান পুখুৰীও খন্দা হৈছিল। তাৰে দুটা প্ৰায় ৩০৭ গজ আহল- বহল।
১৮৩৯ খৃ: ত গ্ৰাঞ্জ নামৰ ইউৰোপীয় লোকে পোন প্ৰথমে কছাৰীসকলৰ সম্বন্ধে নানা তথ্য-পাতি ডাঙি ধৰিছিল। কছাৰীসকলে তেতিয়াও সেই অঞ্চলত এওঁলোকৰ আধিপত্যৰ কথা স্মৰণ কৰিছিল। ডিমাপুৰৰ নগৰখন চতুৰ্থ কছাৰী ৰজা চক্ৰধ্বজে সজা বুলি তেওঁলোকে দাবী কৰিছিল। তেওঁলোকৰ মতে কালাপাহাৰৰ আক্ৰমণ কালত এই নগৰখন ধ্বংস হৈছিল। অৱশ্যে সেই সময়তে আহোমৰ হাতত পৰাজয় বৰণ কৰাৰ কথাও তেওঁলোকে স্বীকাৰ কৰে। দৈয়াং নৈৰ ওচৰৰ কাছমাৰি পাহাৰৰ ওপৰতো আন এখন নগৰীৰ ধ্বংসাৱশেষ আছে। ডাঠ হাবিয়ে ঢাকি পেলোৱা এই ধ্বংসৱাশেষসমূহ এতিয়াও উদ্ধাৰ কৰা হোৱা নাই।

আহোমে ডিমাপুৰ ধ্বংস কৰাত কছাৰীয়ে গৈ মাইবঙত ৰাজধানী স্থাপন কৰাৰ কথা আগেয়ে উল্লেখিত হৈছে। এই ঠাইখন মাহুৰ নৈৰ পাৰত অৱস্থিত। এই নগৰখন প্ৰাচীৰৰে আৱৰা। প্ৰাচীৰৰ ভিতৰত এতিয়াও ভালেমান মন্দিৰৰ ভগ্নাৱশেষ দেখা যায়। ইয়াতে তেওঁলোকে আৰু কেতবোৰ নতুন শত্ৰুৰ সন্মুখীন হয়। দৰ্ং ৰাজবংশাৱলী মতে কোচসকলৰ প্ৰসিদ্ধ ৰজা নৰনাৰায়ণৰ সুযোগ্য ভাতৃ আৰু সেনাপতি চিলাৰায়ে ১৬ শতিকাৰ মাজভাগত কছাৰী ৰজাক পৰাজিত কৰিছিল। বৰ্তমানৰ কাছাৰ জিলাত দেহান নামেৰে কেতবোৰ লোক বসবাস কৰে। এওঁলোক চিলাৰায়ৰ লগত অহা কোচ সৈন্যৰ বংশোদ্ভৱ বুলি কোৱা হয়। কছাৰী ৰজাৰ ৰাজত্বকালত এই লোকসকলে যথেষ্ট সমাদৰ পাইছিল আৰু তেওঁলোকৰ মুখীয়াল বা সেনাপতিজনে হেনো পাল্কীত উঠি ৰাজহাউঅলিত প্ৰৱেশ কৰিব পাৰিছিল। সেই সময়ৰ কছাৰী ৰজাসকলে নিজকে হিড়িম্বাৰ সন্তান বুলি দাবী কৰিছিল। ইয়াৰ পিছৰ লিপি বা বিৱৰণসমূহত হিড়িম্বা নামটো প্ৰায়ে পোৱা গৈছে যদিও পুৰণি তথ্য-পাতিসমূহত এই নামটো নাই। কিন্তু বহুতে কচাৰী ৰাজ্যৰ নামৰ সৈতে হিড়িম্বা নামটো স্ংশ্লিষ্ট কৰিবলৈ বিচাৰে। ডিমাপুৰ নামটোও প্ৰকৃতপক্ষে হিদিম্বা বা হিড়িম্বাপুৰ বুলিহে তেওঁলোকে কয়। কাছাৰৰ পূৰণি নাম বোধকৰো হিড়িম্বা আছিল আৰু পিছলৈ ব্ৰাহ্মণসকলেহে হিড়িম্বা বংশৰে ৰজাসকলক কছাৰী বংশৰ সৈতে সাঙুৰ খুৱাই থয়। (ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজ পৰিয়ালসমূহক ব্ৰাহ্মণসকলে ধৰ্মশাস্ত্ৰত উল্লেখিত নৰকৰ বংশৰ বুলি কোৱাৰ দৰে এইক্ষেত্ৰতো হিড়িম্বাৰ বংশৰ লোকক কছাৰী বংশ বুলিব পাৰে)। ডিমাপুৰ নাম সম্বন্ধে আন এটা তথ্য আগতেই উল্লিখিত হৈছে। মাইবঙত কেইবছৰমান আগেয়ে এটা ৰূপৰ মুদ্ৰা পোৱা গৈছে। এই মুদ্ৰাটো প্ৰায় ১৫৮৩ খৃ:ৰ। মুদ্ৰাটো উলিয়াইছিল যশোনাৰায়ণদেৱে। যশোনাৰায়ণ ‘হৰগৌৰী শিৱ-দুৰ্গা’ৰ উপাসক আছিল।
১৬০৩ খৃ:লৈকে কছৰীসকলৰ বিষয়ে একো জনা নাযায় যদিও, সেই সময়ত তেওঁলোকে বৰ্তমানৰ নগাওঁ জিলা, উত্তৰ কাছাৰৰ পৰ্বতীয়া আঞ্চল আৰু কাছাৰৰ ভৈয়াম অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল যেন লাগে। কাছাৰৰ এই ভৈয়াম অঞ্চলৰ পুৰণি ইতিহাস জনা নাযায়। কিংবদন্তিমতে এই অঞ্চলটো তিপ্পেৰা ৰাজ্যৰ অন্তৰ্গত আছিল। প্ৰায় ৩০০ বছৰ আগেয়ে কছাৰী ৰজা এজনে তিপো ৰাজকুঁৱৰীৰ পাণিগ্ৰহণ কৰাত তিপ্পেৰাৰ ৰজাই তেওঁক এই ভূখণ্ড হেনো উপহাৰ দিছিল।

সোঁতৰ শতিকাৰ আৰম্ভণীত জয়ন্তীয়া ৰজা ধনমাণিকে ডিমৰুৱাৰ ৰজা প্ৰভাকৰক বন্দী কৰিছিল। প্ৰভাকৰ কছাৰীৰ তলতীয়া ৰজা আছিল। এতিয়া প্ৰভাকৰে কছাৰীৰ ৰজাক তেওঁক মুক্তি দিবলৈ দাবী জনায়। জয়ন্তীয়া ৰজাই এই দাবীৰ প্ৰতি সহাৰি নিদিয়াত শত্ৰুদমনে তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। যুঁজত ধনমাণিকে পৰাজিত হৈ কছাৰীৰ তলতীয়া ৰজা হ’বলগীয়াত পৰে। তেওঁৰ দুজনী কন্যা শত্ৰুদমনে বিয়া কৰায়। তেওঁৰ ভাগিনীয়েক যুৱৰাজ যশমাণিকক কছাৰী ৰজাৰ ওচৰত জামিন স্বৰূপে ৰখা হয়। যশমাণিকক ব্ৰহ্মপুৰ নামৰ ঠাইত বন্দী কৰি ৰখা হৈছিল। পিছলৈ এই ব্ৰ্হ্মপুৰৰ নামেই খাছপুৰ হৈছিল। এই বিজয়ৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ শত্ৰুদমনে অসিমৰ্দন উপাধি লৈছিল।
ইয়াৰ কিছুদিনৰ মূৰত ধন মাণিকৰ মৃত্যু হ’ল। শত্ৰুদমনে তেতিয়া যশমাণিকক মুক্তি দি তেওঁক জয়ন্তীয়া ৰাজ্যৰ ৰজা পাতে। কিন্তু শত্ৰুদমনে নিজকে এই ৰাজ্যৰ অধিকাৰী হিচাপে স্বীকৃতি বিচাৰিছিল। এনে প্ৰস্তাৱত যশমাণিকৰ খঙ উঠাটো স্বাভাৱিক, কিন্তু তেওঁ অকলশৰেনো শত্ৰুদমনক কিদৰে সৈমান কৰিব? বহু ভাবি চিন্তি সেয়ে যশমাণিকে আহোম ৰজালৈ নিজৰ কন্যা এগৰাকীক বিয়াৰ প্ৰস্তাৱ দি তেওঁক কন্যা গৰাকী কছাৰী ৰাজ্যৰ মাজেদি নিবলৈ অনুৰোধ কৰিলে। শত্ৰুদমনে এইদৰে জয়ন্তীয়া কুঁৱৰীক নিজ ৰাজ্যৰ মাজেদি নিবলৈ অনুমতি নিদিয়াত, যশমাণিকে ভবাৰ দৰেই আহোম আৰু জয়ন্তীয়াৰ যুঁজ হ’ল। প্ৰথম খুন্দাত কছাৰীৰ যথেষ্ট ক্ষয়ক্ষতি হ’লেও ৰহাত তেওঁলোকে আহোমক বাৰুকৈয়ে এসেকা দিলে। বিজয়ৰ আনন্দত শত্ৰুদমনে প্ৰতাপ নাৰায়ণ নাম ল’লে আৰু তেওঁৰ ৰাজধানীৰ মাইবঙৰ নাম সলনি কৰি কীৰ্ত্তিপুৰ থলে। আহোমে এই পৰাজয়ৰ পোতক তুলিবলৈ যো-জা কৰি থাকোতে মুছলমান আক্ৰমণকাৰী তেওঁলোকৰ ৰাজ্য অভিমুখে আগবাঢ়ি অহা বুলি গম পালে। ফলত কছাৰীৰ সৈতে যুজ কৰাতকৈ সন্ধি কৰাহে যুগুত বুলি তেওঁলোকে ভাবিলে। সেই সময়ত ৰহাৰ দক্ষিণত বৰ্তমানৰ নগাঁও জিলা অঞ্চলটো কছাৰীসকলৰ দখলতেই আছিল।
কাছৰৰ পুৰণি সাহিত্যৰ ওপৰত ভিত্তি কৰি শত্ৰুদমনক নায়ক হিচাপে ৰূপ দি এখন বাঙালী উপন্যাস লিখা হৈছে। কিন্তু উপন্যাসখনৰ বিশেষ ঐতিহাসিক মূল্য নাই যেন লাগে। এই উপন্যাসৰ মতে অসম আক্ৰমণাৰ্থে অহা মিৰজুমলাৰ এটা সৈন্য দলে কাছাৰ আক্ৰমণ কৰি আগৰজন ৰজা (শত্ৰুদমনৰ পিতৃ) উপেন্দ্ৰ নাৰায়ণক হত্যা কৰিছিল। পিছত শত্ৰুদমন আৰু তেওঁৰ বিৰঙ্গনা মহিষীয়ে এই শত্ৰুসকলক পৰাভূত কৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু প্ৰকৃতপক্ষে মিৰজুমলাৰ আক্ৰমণৰ ৪০ বছৰ আগতেই শত্ৰুদমন স্বৰ্গী হৈছিল। মোগলে দুবাৰকৈ কাছাৰ আক্ৰমণ কৰিছিল জাহাংগীৰৰ দিনতহে। ইছলাম খা বঙ্গৰ শাসনকৰ্তা হৈ থাকোতে এবাৰ আক্ৰমণ হৈছিল। আনটো আক্ৰমণ ঘটে তেওঁৰ ভাতৃ কাছিম খাই বঙ্গৰ শাসনকৰ্তা হিচাবে নিযুক্ত হোৱাৰ পিছতেহে (১৬১২খৃঃ)। প্ৰথমটো আক্ৰমণ বিফলে গৈছিল। কিন্তু দ্বিতীয়বাৰৰ আক্ৰমণত মুছলমানে অঘুৰাটিক্ৰি আৰু প্ৰতাপগড়ৰ দুৰ্গ দুটা অধিকাৰ কৰে। কছাৰী ৰজাই সন্ধি কৰিবলৈ বাধ্য হয়। সন্ধিৰ চৰ্তমতে, মোগল সম্ৰাটে পায় ১ লাখ টকা আৰু ৪০ টা হাতী, বঙ্গৰ চুবেদাৰ বা শাসনকৰ্তাই পায় ২০ হাজাৰ টকা আৰু ৫ টা হাতী আৰু ঘুজৰ নেতৃত্ব দিয়া বান্দাছালৰ থানাদাৰ মুবাৰিজে লাভ কৰে ২০হাজাৰ টকা আৰু হাতী ২টা। এই অভিযানসমূহ সম্বন্ধে মুছলমান লেখক সকলৰ বিৱৰণীত কছাৰী ৰাজ্যৰ সীমান্তত খাছিয়ালোকে বসবাস কৰিছিল বুলি উল্লেখ আছে। এই ঠাইতে মোগল বুলি নিজকে চিনাকি দিয়া কেতবোৰ লোকৰ কথাও এনে বিৱৰণীত পোৱা যায়। ‘তৈমুৰে’ এই ৰাজ্য বিজয়ৰ অন্তত যিবোৰ সৈন্য এৰি গৈছিল এই লোকসকল তেওঁলোকৰে সতি-সন্ততি বুলি বিৱৰণীসমূহত উল্লেখ কৰা হৈছে। শত্ৰুদমনৰ পৰৱৰ্তী ৰজা আছিল তেওঁৰ পুত্ৰ নৰনাৰায়ণ। নৰনাৰায়ণৰ অলপ দিনৰ পিছতেই মৃত্যু হোৱাত তেওঁৰ খুৰায়েক ভীমবল বা ভীমদৰ্প ৰাজপাটত উঠে। আহোম-কছাৰীৰ যুঁজ লগাৰ কালত ভীমদৰ্প সেনাপতি আছিল। এওঁৰ দিনৰ একমাত্ৰ উল্লেখযোগ্য ঘটনা আছিল ধনশিৰিৰ পাৰত থকা কেইখনমান আহোম গাঁৱত আক্ৰমণ।১৬৩৭ খৃ:ত তেওঁ স্বৰ্গী হোৱাত তেওঁৰ পুত্ৰ ইন্দ্ৰবল্লভ ৰজা হয়। ইন্দ্ৰবল্লভে অনতিবিলম্বে আহোমৰ সৈতে বন্ধুত্ব কৰিবৰ মানসেৰে আহোম ৰজালৈ এখন পত্ৰ দিছিল। কিন্তু পত্ৰখনৰ ভাষাৰ বাবে আহোম আহোম ৰজাই ভাল নাপালে। কছাৰী ৰজাই হেনো নিজকে এজন অতি স্বাধীন ৰজা হিচাবে পত্ৰখনেৰে চিনাকি দিছিল। সেয়ে খং উঠি কছাৰীৰ কটকীক আহোমে বিশেষ অভ্যৰ্থনা নজনালে। ইয়াৰ পিছত কছাৰীসকলে ধনশিৰিৰ পাৰৰ পৰা আতৰি গৈছিল। কালক্ৰমত এই অঞ্চলটো ডাঠ হাবিৰে ভৰি পৰিল।
১৬৬৪ খৃ:ত ইন্দ্ৰনাৰায়ণৰ পিছত বীৰদৰ্প নাৰায়ণ ৰজা হয়। তেওঁ আহোমৰ সৈতে আকৌ যোগাযোগ কৰিছিল। কিন্তু আহোমে কয় যে, তেওঁ দৰাচলতে আহোমৰ তলতীয়া ৰজাহে, তেওঁ পত্ৰত উনুকিওৱাৰ দৰে স্বাধীন ৰজা নহয়। বীৰদৰ্পই প্ৰথমে এই ‘তলতীয়া’ বা ‘আহোমৰ দ্বাৰা ৰক্ষিত’ বোলা কথাষাৰ মানিবলৈ বিচৰা নাছিল। পিছত কিন্তু তেওঁলৈ এগৰাকী আহোম ৰাজকুঁৱৰী বিয়া দিয়াত তেওঁ এই বিষয়ে দুনাই আপত্তি কৰা দেখা নগ’ল। কিন্তু আহোমৰ সৈতে বন্ধুত্ব তেওঁৰ নহ’ল। কিছুদিনৰ পিছত (১৬৬০খৃ:) আহোম ৰজাই তেওঁক এই বুলি সাৱধান কৰি দিলে যে, যদি তেওঁ নিয়মিত ভাৱে কটকী পঠিয়াই কৰ কাটল দি নাথাকে তেন্তে তেওঁৰ ৰাজ্য আক্ৰমণ কৰা হ’ব। ১৬৬৩ খৃ: ত চক্ৰধ্ব্জ সিংহ আহোমৰ সিংহাসনত উঠিল। মিৰজুমলাৰ আক্ৰমণত কাছাৰত আশ্ৰয় লোৱা মৰঙীখোৱা গোহাইক ওভটাই দিবলৈ তেওঁ কছাৰী ৰজালৈ পত্ৰ দিলে। দৰ্পনাৰায়ণে এই অনুৰোধ প্ৰত্যাখান কৰিলে। এই পত্ৰ লৈ অহা কটকীৰ দলটোক বিশেষ সৌজন্যও তেওঁ নেদেখুৱালে। কিন্তু ১৬৬৭ খৃ:ত চক্ৰধ্বজে মুছলমানক পৰাজিত কৰাত বীৰদৰ্পই তেওঁক ওলগণি জনাই পত্ৰ লিখিলে আৰু সেইদৰে দুয়ো ৰজাৰ মাজত এক বন্ধুত্ব পূৰ্ণ সম্বন্ধ গঢ়ি উঠিল। বীৰদৰ্পৰ ৰাজত্ব কালৰ এটা শঙ্খ পোৱা গৈছে। শঙ্খটোত শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ মূৰ্ত্তি খোদিত আছে। ১৬৭১ খৃ:ত বীৰদৰ্পৰ ৰাজত্ব কালত এই শঙ্খটো খোদিত হৈছিল বুলি অনুমান হয়।
১৬৮১ খৃ:ত বীৰদৰ্পৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ গড়ুৰধ্বজ ৰজা হয়। তেওঁ বৰফুকনলৈ এই মৰ্মে পত্ৰ পঠিয়াইছিল যে, আহোম ৰজাই তেওঁ ৰাজপাট আৰোহণ কৰাৰ উপলক্ষে ওলগণি পত্ৰৰে সৈতে কটকী পঠিওৱা উচিত। উত্তৰত বৰফুকনে লিখিলে বোলে, কছাৰী ৰজাইহে তেওঁ যে ৰাজপাটত বহিছে সেই কথা জনাই আহোম ৰজাৰ ওচৰলৈ কটকী আৰু ৰাজ্যৰ প্ৰধান বিষয়াসকলক প্ৰেৰণ কৰাটোহে নিয়ম। গড়ুৰধ্বজে তাকে নকৰাত আকৌ আহোম কছাৰীৰ সম্বন্ধত চেকা পৰিল। ১৬৯৫ ত তেওঁৰ মৃত্যু হোৱাত যথাক্ৰমে তেওঁৰ পুত্ৰদ্বয় মকৰধ্বজ আৰু উদায়িত্য ৰজা হৈছিল।
১৭ শতিকাৰ শেষৰ ৪০ টা বছৰ মুছলমানৰ আক্ৰমণ আৰু ৰাজ্যৰ অন্যান্য ভিতৰুৱা সমস্যাত জৰ্জৰিত আহোম সকলৰ কছাৰীৰ প্ৰতি চকু দিবলৈ আহৰি নাছিল। সেয়ে কালক্ৰমত কছাৰীসকলে নিজকে আহোমৰ তলতীয়া বুলি পাহৰি গৈছিল। অৱশেষত ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজা তাম্ৰধ্বজে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিলে। সেয়ে ১৭০৬খৃ:ত ৰুদ্ৰসিংহই তাম্ৰধ্বজৰ বিপক্ষে দুটা অভিযান পঠিয়াইছিল-এটা দলে ধনশিৰিৰ পাৰেদি আনটো দলে ৰহা আৰু কপিলীৰ সমতল ভুমিৰ মাজেদি আগবাঢ়িছিল। দল দুটাত মুঠ সৈন্যৰ স্ংখ্যা আছিল ৭০,০০০ জন। এই বিৰাট সৈন্যদলটোক কছাৰী সৈন্যই ৰোধ কৰিবৰ চেষ্টা নকৰিলে। ফলত তেওঁলোকে হেলাৰঙে মাইবং অধিকাৰ কৰিলে। তাম্ৰধ্বজ পলাই গৈ খাছপুৰত লুকাই থাকিল আৰু তাৰ পৰা সহায় বিচাৰি জয়ন্তীয়া ৰজালৈ পত্ৰ লিখিলে। ইফালে আহোমৰ সৈন্য চাউনিত নানা ধৰণৰ বেমাৰ-আজাৰে দেখা দিলে। জ্বৰ আৰু গ্ৰহণী ৰোগত লেবেজান হোৱা আহোম সৈন্য মাইবঙৰ পৰা আতৰি আহিল। আহোতে অৱশ্যে মাইবঙৰ ইটাৰ দুৰ্গটো ভাঙি থৈ আহিছিল।
আহোমসকলে এইদৰে প্ৰত্যাৱৰ্তন কৰাত তাম্ৰধ্বজে জয়ন্তীয়া ৰজালৈ এই বাতৰি দি তেওঁ বিচৰা সাহাৰ্যৰ আৱশ্যক নহব বুলি জনাইছিল। কিন্তু এই সুযোগতে জয়ন্তীয়া ৰজাই কাছাৰী ৰাজ্যখন নিজ ৰাজ্যৰ তলতীয়া কৰাৰ বাবে সচেষ্ট হ’ল আৰু তেওঁ চল কৰি তাম্ৰধ্বজক ধৰাই আনি বন্দী কৰি থ’লে। তাম্ৰধ্বজে বহু চেষ্টা কৰি এইবাৰ ৰুদ্ৰসিংহলৈ ক্ষমা ভিক্ষা কৰি তেওঁক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনালে। ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক তাম্ৰধ্বজক মুক্তি দিবলৈ কৈছিল। কিন্তু তেওঁ কৰ্ণপাত নকৰাত দুটা আহোম অভিযান তেওঁৰ বিপক্ষে পঠিওৱা হৈছিল। ইয়াৰ ফলত আহোমে জয়ন্তীয়াপুৰ দখল কৰিছিল। ১৭০৮ খৃ:ত তাম্ৰধ্বজক উদ্ধাৰ কৰি মাইবঙৰ মাজেৰে সেই সময়ত বিশ্বনাথত বাহৰ পাতি থকা ৰুদ্ৰসিংহৰ ওচৰলৈ অনা হৈছিল। তাতে তেওঁক আহোম ৰজাই সাক্ষাৎ দিয়ে। তাম্ৰধ্বজে ৰুদ্ৰসিংহৰ কৰতলতীয়া ৰজা হ’বলৈ স্বীকাৰ কৰে আৰু নিজে বছৰত এবাৰকৈ আহোম ৰজাৰ ওচৰত অহাৰ প্ৰতিশ্ৰুতিৰে মুক্তি লাভ কৰি নিজ ৰাজ্যলৈ উভতি যায়। আহোম সৈন্যই তেওঁক ডিমেৰালৈ আগবঢ়াই দিছিল। সেই ঠাইতে বহু কছাৰী সৈন্যই তেওঁলোকৰ ৰজাক নিবলৈ ৰৈ আছিলহি। কিন্তু খাছপুৰ পোৱাৰ পিছৰে পৰা তাম্ৰধ্বজ নৰিয়াত পৰিল। ৰুদ্ৰসিংহই তেওঁৰ চিকিৎসকক তাম্ৰধ্বজৰ চিকিৎসাৰ বাবে পঠিয়াইছিল। কিন্তু কোনো ফল নহ’ল আৰু ১৭০৮ খৃঃৰ চেপ্তেম্বৰ মাহত তাম্ৰধ্বজে শেষ নিশ্বাস পেলালে।

তাম্ৰধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ ন- বছৰীয়া পুত্ৰ সুৰদৰ্প নাৰায়ণক ৰাজপাট দিয়া হ’ল। ৰুদ্ৰসিংহই পঠিওৱা আহোম বিষয়াকেইজনমানে এইদৰে সুৰদৰ্পক সিংহাসন দিয়াৰ সিদ্ধান্ত লৈছিল। নাৰদি পুৰাণৰ এটা বিৱৰণৰ লেখক ভূবনেশ্বৰ বাচস্পতিয়ে সুৰদৰ্পৰ ৰাজত্বকালত তেওঁৰ মাতৃ আৰু তাম্ৰধ্বজৰ বিধৱা পত্নী চন্দ্ৰপ্ৰভাৰ নিৰ্দেশত সেই নাবালক ল’ৰাজনে ৰাজত্ব কৰিছিল যেন লাগে।
ইয়াৰ পিছৰ প্ৰায় ৬০ বছৰ জুৰি কছাৰী ৰাজ্যৰ ঘটনাৱলী সম্বন্ধে আহোমসকল নিমাত। অৱশ্যে, ১৬৩৩ শকত (১৭২১ খৃ:) মাইবঙত খান্দি উলিওৱা এটা শিলৰ মন্দিৰত পোৱা এখন লিপিয়ে সেই সময়ৰ ৰজাৰ নাম হৰিশচন্দ্ৰ নাৰায়ণ বুলি উল্লেখ কৰিছে। লিপিখনত তেওঁক ‘হিড়িম্বাসকলৰ গৰাকী’ বুলিও কোৱা হৈছে। ১৭৩৬ খৃ: ত বৰখোলাৰ মণিৰাম উজীৰ নামৰ এজন লোকৰ নিযুক্তি পত্ৰত কছাৰী ৰজাৰ নাম কীৰ্তিছন্দ্ৰ নাৰায়ণ বুলি কোৱা হৈছে। ১৭৬৫ খৃ: ত আহোম ৰজা ৰাজেশ্বৰ সিংহই তেওঁৰ সম-সাময়িক কছাৰী ৰজা সন্ধিকাৰীক তেওঁক দেখা কৰিবলৈ বাতৰি দি কটকী পঠিয়াইছিল। কিন্তু সন্ধিকাৰীয়ে কটকীক সাক্ষাৎ নকৰি উভটাই পঠিয়ালে। তেতিয়া আহোম ৰজাই খং উঠি বৰবৰুৱাৰ এদল সেনা ৰহালৈ পঠিওৱাত সন্ধিকাৰীয়ে ভয় খাই আত্মসমৰ্পণ কৰিলে। তেওঁক ৰাজেশ্বৰ সিংহৰ আগলৈ আনি ককৰ্থনা কৰা হ’লত, তেওঁ ক্ষমা ভিক্ষা কৰিছিল। অৱশেষত তেওঁক আকৌ নিজ ৰাজ্যলৈ যাবলৈ দিয়া হয়। ইয়াৰ পিছত তেওঁ সৰহ দিন জীৱিত নাছিল। ১৭৭১ খৃঃত তেওঁৰ পৰৱৰ্তী ৰজা হয় ওপৰত উল্লিখিত ‘ হিড়িম্বা ৰজা’ হৰিশচন্দ্ৰ নাৰায়ণ। সেই বছৰতে হৰিচন্দ্ৰই খাছপুৰত এটা ৰাজপ্ৰসাদ সাজিছিল বুলিও এখন লিপিত উল্লেখ আছে।
১৮ শতিকাৰ শেষ ভাগত আহোম ৰাজ্যত দেখা দিয়া বিশৃঙ্খলতাৰ কালছোৱাত বহুতো মোৱামৰীয়া আৰু আহোম প্ৰজাই কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ অধিকৃত অঞ্চললৈ পলাই গৈছিল। যমুনা নৈৰ ওপৰভাগত এই লোকসকলে আশ্ৰয় লৈছিল। কমলেশ্বৰ সিংহই এই লোকসকলক ওভটাই দিবলৈ কোৱাত কছাৰী ৰজাই সেই নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ ফলত লগা যুঁজখন ১৮০৩ খৃঃৰ পৰা ১৮০৫ খৃ:লৈ চলিছিল। এই যুঁজত কছাৰী আৰু মোৱামৰীয়া সকলে আহোমৰ হাতত বেয়াকৈ পৰাজিত হৈছিল। সেই সময়ত কছাৰীসকলে হিন্দু ধৰ্ম লৈছিল। মাইবঙত ৰাজ পৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। খাছপুৰতো দ্ৰুতগতিত এইদৰে ধৰ্ম গ্ৰহণৰ কাম আগবাঢ়িছিল। এই উপলক্ষে ৰজা কৃষ্ণচন্দ্ৰ আৰু তেওঁৰ ভাতৃ গোবিন্দচন্দ্ৰই তামেৰে সজা এজনী গাই গৰুৰ মূৰ্ত্তিৰ ভিতৰত প্ৰৱেশ কৰিছিল। ইয়াৰ পৰা ওলাই আহিলত তেওঁলোকক হিন্দু আৰু ক্ষত্ৰিয় বুলি কোৱা হৈছিল। এশ যুগ আগেয়ে মহাভাৰতৰ ভীম তেওঁলোকৰ পূৰ্ব্ব পুৰুষ আছিল বুলি দাবী কৰি ব্ৰাহ্মণসকলে এখন বংশ তালিকাও প্ৰস্তুত কৰিছিল। তেনে কৰোতে বহুবোৰ কাল্পনিক নাম দিয়া হৈছিল। বহুবোৰ নাম বৰ্তমানকালৰ ৰজাসকলৰহে আছিল। আকৌ সমসাময়িক ৰজা কেতবোৰৰ নাম দিবলৈকে পাহৰি গৈছিল। হান্টাৰৰ ষ্টেটিছটিকেল একাউণ্ট অব আসামত (দ্বিতীয় খণ্ড, পৃষ্ঠা ৪০) এই বিৱৰণী পোৱা যায়। ইচ্ছাকৃতভাবে কল্পনাৰ আশ্ৰয়ত জধে-মধে প্ৰস্তুত কৰা এই বিৱৰণৰ ঐতিহাসিক মূল্য নাই।

১৮১৩ খৃ: ত কৃষ্ণচন্দ্ৰৰ মৃত্যু হোৱাত তেওঁৰ ভায়েক গোবিন্দ চন্দ্ৰ ৰজা হয়। ৰজা হৈয়ে তেওঁ কেতবোৰ অসুবিধাৰ সন্মুখীন হৈছিল। কৃষ্ণচন্দ্ৰৰ কুহিধন নামেৰে এজন পাচকক উত্তৰৰ পাহাৰীয়া অঞ্চলত কোনো এটা কৰ্মচাৰীৰ বাব দিয়া হৈছিল। গোবিন্দ চন্দ্ৰ ৰজা হোৱাত কুহিধনে বিদ্ৰোহ কৰি নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিলে। গোবিন্দ চন্দ্ৰই কোনোমতে তেওঁক ধৰ্মপুৰলৈ ধৰি আনি বধ কৰে। কুহিধনৰ পুত্ৰ তুলাৰাম গোবিন্দ চন্দ্ৰৰ লগুৱা আছিল। এতিয়া পিতাকৰ অপৰাধৰ ৰোষ তেওঁৰ ওপৰত পৰিব বুলি তুলাৰাম পলাই গ’ল। পাহাৰীয়া হাবি অঞ্চলত সোমাই থকা তুলাৰামে গোবিন্দ চন্দ্ৰই তেওঁক ধৰা পেলোৱাৰ আটাইবোৰ চেষ্টা ব্যৰ্থ কৰিছিল।

এইদৰে গোবিন্দ চন্দ্ৰই তেওঁৰ ৰাজ্যৰ উত্তৰ ভাগ হেৰুৱাবলগীয়াত পৰে। কিন্তু তেওঁৰ বিপদৰ ইয়াতেই অৱসান হোৱা নাছিল। ১৮১৮১ খৃঃত মণিপুৰৰ মাৰজিত সিংহই তেওঁৰ ভৈয়াম অঞ্চলত আক্ৰমণ কৰেহি। ইতিমধ্যে মাৰজিতে মণিপুৰৰ ৰজা চৌৰজিতক সিংহাসনৰ পৰা বিতাড়িত কৰিছিল। সেয়ে গোবিন্দ চন্দ্ৰই চৌৰজিতৰ সহায়ত মাৰজিতৰ সৈন্যদলক ওফৰাই পেলাবলৈ সক্ষম হ’ল। কিন্তু চৌৰজিতে এতিয়া কছাৰী সিংহাসনলৈ লোভ কৰাত গোবিন্দ চন্দ্ৰ মহাবিপদৰ সন্মুখীন হ’ল। ইফালে পিছৰ বছৰত বৰ্মীসকলে মাৰজিতক মণিপুৰৰ পৰা খেদি দিয়াত তেওঁ আকৌ আহি কাছাৰ সোমাল। তেওঁৰ সৈতে ভায়েক গম্ভীৰ সিঙো আহিছিল। এতিয়া মাৰজিত, চৌৰজিত আৰু গম্ভীৰে লগ লাগি গোবিন্দচন্দ্ৰক ৰাজ্যৰ পৰা খেদি দিয়াত তেওঁ গৈ চিলহটত উপস্থিত হ’ল। গোবিন্দচন্দ্ৰই বৃটিছৰ ওচৰত সহায় প্ৰাৰ্থনা কৰি বিমুখ হ’বলগীয়াত পৰিছিল। কিছুদিনৰ পিছত গম্ভীৰ সিং আৰু চৌৰজিতৰ নিজৰ মাজতে কাজিয়া হ’ল আৰু প্ৰথমজনে হাইলাকান্দিৰ বাহিৰে দক্ষিণ কাছাৰ অঞ্চলত নিজকে ৰজা বুলি ঘোষণা কৰিলে। কেৱল হাইলাকান্দিহে মাৰজিতৰ দখলত থাকিল। চৌৰজিতে চিলেটত গৈ বৃটিছৰ আশ্ৰয় ভিক্ষা কৰিলে। কাছাৰত তেওঁৰ অধিকৃত অঞ্চলসমূহ বৃটিছক ল’বলৈ তেওঁ অনুৰোধ কৰিলে।
বৃটিছৰ পৰা সহায় নাপাই গোবিন্দচন্দ্ৰই বৰ্মীসকলৰ লগ লাগিল। বৰ্ম্মীসকলে গোবিন্দচন্দ্ৰক পুনৰ সিংহাসন দিয়াৰ প্ৰতিশ্ৰুতি দিলে। সেই মৰ্মে বৰ্ম্মীসকল কাছাৰলৈ আগবঢ়াত বৰ্ম্মী আৰু বৃটিছৰ প্ৰথম স্ংঘৰ্ষ হ’ল। বৰ্ম্মীসকলৰ আগমনৰ বাতৰি পাই স্থানীয় বৃটিছ কৰ্মচাৰীসকলে গম্ভীৰ সিংহক বৰ্ম্মীসদকলৰ সৈতে সন্ধি কৰিবলৈ কৈছিল। কিন্তু তাকে নকৰি গম্ভীৰ সিঙে গোপনে বৰ্ম্মীসকলক হাত কৰিবলৈহে চেষ্টা কৰিলে। এইবোৰ কথা বৃটিছৰ উৰ্ধতন কৰ্তৃপক্ষক জনোৱাত গভৰ্ণৰ জেনেৰেলে স্থানীয় কৰ্ম্মচাৰী সকলক দুয়োজন ৰজাৰে এজনৰো পক্ষ নলব’লৈ পৰামৰ্শ দিলে। কেৱল বৰ্ম্মীয়ে যাতে কাছাৰ অধিকাৰ কৰিব নোৱাৰে, সেইটো চোৱাহে তেওঁলোকৰ কৰ্তব্য বুলি সোৱৰাই দিয়া হ’ল। তথাপি বৃটিছে নিশ্চয় গম্ভীৰ সিঙৰ কাছাৰৰ ওপৰত কোনো অধিকাৰ নাই বুলি ভাবিছিল। কাৰণ বৰ্ম্মীসকলক কাছাৰৰ পৰা খেদি দিয়াৰ অন্তত গোবিন্দচন্দ্ৰকহে তেওঁলোকে সিংহাসন দিছিল। গোবিন্দ চন্দ্ৰৰ প্ৰধান মন্ত্ৰীৰ বংশধৰ এজনৰ পৰা মি: এফ, চি, জেকচনে (আই চি এছ) পোৱা এটা মুদ্ৰাত গোবিন্দচন্দ্ৰক হিড়িম্বাৰ ৰজা বুলি অভিহিত কৰা হৈছে।


জয়ন্তীয়াসকলৰ পুৰণি ইতিহাস পোৱা নাযায়। আহোম বুৰঞ্জী, কেতবোৰ মুদ্ৰা, তাম্ৰলিপি আৰু স্থাপত্যৰ পৰা এই ৰাজ্যৰ ইতিহাস স্ংগ্ৰহ কৰা হৈছে। জয়ন্তীয়া পাহাৰ আৰু জয়ন্তীয়া পৰগণাৰ দ্বাৰা এই ৰাজ্য গঠিত হৈছিল। জয়ন্তীয়া পাহাৰত ছিনটেং নামেৰে এচাম খাছীলোকে বসবাস কৰিছিল। আনহাতেদি, জয়ন্তীয়া পৰগণা আছিল বৰ্তমানৰ চিলহটৰ অন্তৰ্গত, অৰ্থাৎ জয়ন্তীয়া পাহাৰৰ দক্ষিণ আৰু বৰাক নৈৰ উত্তৰে অৱস্থিত। জয়ন্তীয়া পৰগণাত আজি-কালি বাঙালী হিন্দু আৰু মুছলমান লোকহে ঘাইকৈ বাস কৰে। জয়ন্তীয়া ৰজাসকলে পোনতে জয়ন্তীয়া পাহাৰতহে বাস কৰিছিল। পুৰাণ আৰু তান্ত্ৰিক সাহিত্যত উল্লেখিত এই জয়ন্তীয়া পাহাৰত দেবী দুৰ্গাৰ মুঠ একাৱন্ন মন্দিৰৰ অন্তৰ্গত মন্দিৰ এটা অৱস্থিত আছিল বুলি জনা যায়। খাছী আৰু জয়ন্তীয়া পাহাৰৰ লোকসকলৰ মাজত দৰাচলতে কোনো পাৰ্থক্য নাই। তেওঁলোকৰ দৈহিক গঠন আৰু ভাষাও একে। মনখেমৰ গোষ্ঠীৰ খাছী ভাষা এই দুয়োবিধ লোকে কয়। উল্লেখযোগ্য যে, ব্ৰহ্মদেশৰ গোষ্ঠীৰ ভাষা ভাৰতৰ ভিতৰত কেৱল খাছী-জয়ন্তীয়া লোকসকলেহে ব্যৱহাৰ কৰে। ব্ৰহ্মদেশতো এই গোষ্ঠীৰ ভাষা ব্যৱহাৰ হয়। পুৰণি মঙ্গোলীয়ান প্ৰবজনকাৰীসকলে এই দেশত ভাষাৰ প্ৰচলন কৰে বুলি বহুতে কয়। সেই সময়ত খাছী-জয়ন্তীয়া পাহাৰৰ বাহিৰেও বিস্তৃত অঞ্চল জুৰি এই ভাষাৰ ব্যৱহাৰ হৈছিল যেন লাগে। অসমলৈ বহু পুৰণি কালত অহা প্ৰথম মঙ্গোলীয় প্ৰব্ৰজনকাৰী দলটোৰ খাছী আৰু জয়ন্তীয়া সকলৰ উৎপত্তি আৰু তেওঁলোক এই পাহাৰীয়া অঞ্চলত বসবাস কৰিবলৈ লোৱা বাবে তেওঁলোকৰ নিজ ভাষা আৰু ব্যৱহাৰ অটুট থাকে বুলি অনুমান হয়। পিছলৈ পাহাৰৰ পৰা ক্ৰমান্বয়ে অধিক সমতল ভূমিলৈ তেওঁলোক নামি আহে যেন লাগে। অৱশ্যে সমতল অঞ্চললৈ অহা হয়তো বহুদিন হোৱা নাই। খাছী জয়ন্তীয়া লোকসকল পাহাৰৰ পৰা নমা বৰ বেছি দিন হোৱা নাই যেন লাগে। খাছী- জয়ন্তীয়া পাহাৰ অঞ্চলৰ নৈ, পাহাৰ আদিৰ নামবোৰ খাছী ভাষাৰ। খাছী আৰু ছিনেটংসকলে মৃতকৰ সমাধিৰ ওপৰত কেতবোৰ দীঘল শিলৰ খুটা থয়। (ছোটনাগপুৰৰ হোছ আৰু মুন্দ্ৰাসকলেও মৃতকৰ কবৰত খুটা নিৰ্মাণ কৰে। উল্লেখযোগ্য যে, এই লোকসকলেও একে গোষ্ঠীৰ ভাষা কয়)। খাছী আৰু জয়ন্তীয়া লোকসকলৰ উত্পত্তি আৰু প্ৰব্ৰজন সম্বন্ধে তেওঁলোকৰ নিজৰ কোনো ইতিহাস বা পৌৰাণিক সাহিত্য নথকাত, এই সম্বন্ধে এটা চুড়ান্ত মতামত দিয়াটো টান।
পুৰণি কালৰ জনজাতিসকলৰ মাজত সচৰাচৰ দেখাৰ দৰে, খাছী আৰু ছিনটেং সকলৰ মাজতো বহুতো সৰু সৰু খেলৰ সৃষ্টি হোৱা যেন লাগে। কেতিয়াবা হয়তো কোনো এজন মুখীয়াল পৰাক্ৰমী হৈ উঠি অন্যান্য খেলৰ বহুতকে তেওঁৰ অধীনলৈ আনে। বিজিতসকলে পৰাক্ৰমী বিজয়ীৰ তলতীয়া হিচাবে জীৱন নিৰ্বাহ কৰাৰ কালত সম্ভৱপৰ হ’লে আকৌ মূৰ ডাঙি উঠাৰ বাবে সুযোগলৈ বাট চাই ৰয়। পৰাক্ৰমী মুখিয়ালৰ পৰৱৰ্তী কোনো দুৰ্বল মুখিয়ালৰ দিনত সেইটো সম্ভৱপৰ হৈ উঠে। এইদৰে যুজ-বাগৰ, দখল, পুনৰ মুক্তি আদিৰ ঘটনা নিশ্চয় সচৰাচৰ ঘটিছিল। খাছী আৰু ছিনটেং সকলৰ সমাজখন মাতৃপ্ৰধান। এতিয়াও এই ব্যৱস্থা বৰ্তমান। খাছী মুখিয়ালৰ উত্তাৰিধিকাৰী তেওঁৰ পুত্ৰ নহয়, ভনীয়েকৰ পুত্ৰহে।

খাছী আৰু ছিনটেঙসকল একেজন ৰজাৰ অধীন আছিল বুলি তেওঁলোকৰ পুৰণি সাহিত্যই নকয়। বোধকৰো জয়ন্তীয়া ৰজা আৰু ছিলঙৰ ওচৰৰ খৈৰামক এই লোকসকলৰ ৰজা বুলি মানিছিল। খৈৰামৰ ৰাজধানী আছিল নক্ৰেম। খৈৰামৰ বিষয়ে ঐতিহাসীক তথ্য-পাতিৰ অভাৱ, তেওঁলোকৰ বিষয়ে সবিশেষ একো জনা নাযায়। কিন্তু সৌভাগ্যৰ কথা যে জয়ন্তীয়া ৰজাসকলৰ বিষয়ে পৌৰাণিক তথ্য-পাতি কিছু পোৱা গৈছে। জয়ন্তীয়াসকলে ক্ৰমাৎ দক্ষিণৰ সমতল ভূমিলৈ বিস্তৃতি লাভ কৰিছিল। সেই মৰ্মে জয়ন্তীয়া পৰগণা তেওঁলোকৰ ৰাজ্যৰ ভিতৰত পৰিছিল। জয়ন্তীয়া পৰগণাৰ লোকসকলে ৰাজবংশাৱলী লিখাৰ বাবে জয়ন্তীয়া ইতিহাসৰ কেতবোৰ সমল উদ্ঘাটনৰ পথ মুকলি হৈছে। সেইমতে সেই ৰাজ্যত শাসন কৰা জয়ন্তীয়া ৰজাসকলৰ সপ্তমজন শাসকৰ নাম আছিল ধনমাণিক। ষোল শতিকাৰ শেষৰ ফালে এইজন ৰজাই ৰাজত্ব কৰিছিল। এই বংশাৱলীসমূহত পোৱা ৰজাসকলৰ নাম সমসাময়িক মুদ্ৰা, তাম্ৰলিপি আৰু আহোম ইতিহাসৰ দ্বাৰা সমৰ্থিত হোৱা বাবে আমি ইয়াক এক গ্ৰহনযোগ্য সমল হিচাবে ধৰিব পাৰোহঁক। এতিয়া, ধনমাণিকৰ পুৰ্বৰ ৰজাসকলৰ প্ৰত্যেকৰে ৰাজত্বকাল ষোল বছৰ হিচাবে ধৰিলে এই ৰজাসকলৰ ৰাজত্বৰ আনুমাণিক কাল হ’ব এই ধৰণৰ:-

পৰ্ব্বত ৰায়,,,,,,,,,,১৫০০-১৫১৬খৃ:
মাজু ঘোহাই,,,,,,,,,,১৫১৬-১৫৩২খৃ:
বুঢ়া পৰ্ব্বত ৰায়,,,,১৫৩২-১৫৪৮খৃ:
বৰ গোহাই,,,,,,,,,,১৫৪৮-১৫৬৪খৃ:
বিজয় মাণিক,,,,,,,,১৫৬৪-১৫৮০খৃ:
প্ৰতাপ ৰায়,,,,,,,,,,,১৫৮০-১৫৯৬খৃ:
ধনমাণিক,,,,,,,,,,,,১৫৯৬-১৬০৫খৃ:
(দূৰ্ভাগ্যবশতঃ ৰজাৰ নাম-ধাম থকা জয়ন্তীয়া মুদ্ৰাৰ স্ংখ্যা অতি তাকৰ। কোচসকলে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ বাবে তেওঁলোকৰ ৰজাসকলে নিজৰ নামত মুদ্ৰা উলিয়াব নোৱাৰিছিল। জাৰ্ণেল অৱ এছিয়াটিক ছোচাইটি অৱ বেঙ্গল (১৮৯৫খৃ:)ত লিখা এটা প্ৰৱন্ধত জয়ন্তীয়া মুদ্ৰাৰ বিষয়ে উল্লেখ আছে। কোচ মুদ্ৰাৰ আৰ্হিত নিৰ্মিত এই মুদ্ৰাসমূহ ১৬৬৯, ১৬৭০, ১৭০৮, ১৭৩১, ১৭৩৪, ১৭৮২, ১৭৮৫ আৰু ১৭৯০ খৃ:ৰ সমসাময়িক। বোধকৰো আহোমৰ দৰে ৰজাই ৰাজপাটত আৰোহণ কৰাৰ সময়ত এই মুদ্ৰাবোৰ উলিওৱা হৈছিল।) উল্লেখযোগ্য যে, এই ৰজাসকলৰ নামবোৰ জয়ন্তীয়া সকলৰ পুৰণি সাহিত্যত পোৱা হোৱা নাই। তেওঁলোকৰ দ্বাৰা অধিকৃত নামনি অঞ্চলৰ লোকৰ পৰাহে লোৱা হৈছে। পৰ্ব্বত ৰায় এই বংশৰ প্ৰতিষ্ঠাতা নহবও পাৰে। কিন্তু বোধকৰো নামনি অঞ্চলসমূহলৈ জয়ন্তীয়া ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। সেয়ে নামনিৰ লোকে তেওঁক ‘পৰ্ব্বতৰ ৰজা’ বা পৰ্ব্বত ৰায় বুলি কৈছিল যেন লাগে। জয়ন্তীয়াসকলে ১৫০০ খৃঃ মানত নিজৰ ৰাজ্য স্থাপন কৰিছিল যেন বোধ হয়। সেই বছৰতে সম্ভৱ তেওঁলোকে জয়ন্তীয়া পৰগণাৰ অধিপতি হৈছিল। ওপৰত উল্লেখিত ৰজাসকলৰ হিন্দু নামৰ পৰা তেওঁলোকৰ ওপৰত হিন্দু ধৰ্ম তথা ব্ৰাহ্মণসকলৰ প্ৰভাৱ পৰিছিল বুলিও আমি অনুমান কৰিব পাৰো।


এই পৰ্ব্বতীয়া ৰজাসকলে দখল কৰাৰ আগেয়ে জয়ন্তীয়া পৰগণা কেইজনমান ব্ৰাহ্মণ ৰজাৰ তলতীয়া আছিল বুলিও কোনো এক সূত্ৰই কয়। সেই মৰ্মে শেষৰ ৰজা কেইজনৰ নাম যথাক্ৰমে কেদাৰেশ্বৰ ৰায়, ধনেশ্বৰ ৰায়, কন্দৰ্প ৰায় আৰু জয়ন্ত ৰায় বুলি সুত্ৰটোৱে উল্লেখ কৰিছে। অৱশ্যে এই তথ্য বহুতে সমৰ্থন নকৰে।
খাছী আৰু জয়ন্তীয়াসকলৰ বিষয়ে উল্লেখ কৰা অন্য ৰাজ্যৰ তথ্যবোৰৰ ভিতৰত মহাৰাজ নৰনাৰায়ণৰ দিনৰ তথ্য সমূহ আটাইতকৈ পুৰণি। পৰৱৰ্তী তথ্যসমূহত উল্লেখ থকাৰ দৰে কোচৰ দিনৰ তথ্যসমূহেও জয়ন্তীয়া ৰজা আৰু খৈৰামৰ ৰজাক প্ৰধান দুজন ৰজা বুলি বৰ্ণনা কৰিছে। ইয়াৰে প্ৰথমজনক নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে হত্যা কৰিছিল। তেওঁৰ পুত্ৰই নৰনাৰায়ণৰ কৰতলীয়া হবলৈ মান্তি হোৱাত সেই পুত্ৰজনক সিংহাসন দিয়া হৈছিল। তেওঁ হেনো এটা শকত পৰিমাণৰ কৰ বছৰি নৰনাৰায়ণক দিবলগীয়া হৈছিল। এইজন ৰজাৰ নাম আছিল বীৰ্য্যবন্ত। এই নামটোৰ পৰাও জয়ন্তীয়াসকলৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱৰ কথা অনুমেয়।


চিলাৰায়ে পৰাজিত কৰা জয়ন্তীয়া ৰজাজনৰ নাম উল্লেখ কৰা হোৱা নাই। কিন্তু যি সময়ৰ কথা কোৱা হৈছে তালৈ চাই সেই ৰজাজন বৰগোঁসাই বা বিজয়মাণিক যেন লাগে। তিপেৰাসকলৰ ৰাজমালাতো প্ৰায় একে সময়তে (চিলাৰায়ে আক্ৰমণ কৰা সময়) তেওঁলোকৰ ৰজা ব্ৰজমাণিকেও জয়ন্তীয়া ৰাজ্যত এক আক্ৰমণ চলাইছিল বুলি প্ৰসঙ্গক্ৰমে সামান্য উল্লেখ কৰা হৈছে।
১৭ শ শতিকাৰ প্ৰথমাৰ্দ্ধত কছাৰীসকলৰ অধীনস্থ ডিমৰুৱাৰ মুখীয়াল প্ৰভাকৰক জয়ন্তীয়া ৰজা ধনমাণিকে আক্ৰমণ কৰি বন্দী কৰিছিল। ডিমৰুৱাৰ মুখীয়ালে কছাৰী ৰজাৰ সহায় বিচৰাত কছাৰী ৰজাই ধনমাণিকক তেওঁক মুক্তি দিবলৈ অনুৰোধ জনাইছিল। ধনমাণিকে সেই সেই অনুৰোধ গ্ৰাহ্য নকৰাত কছাৰী ৰজাই তেওঁক আক্ৰমণ কৰে।এই আক্ৰমণত ধনমাণিকৰ সৈন্যদল চেদেলি-ভেদেলি হৈ পৰে আৰু তেওঁ সন্ধি কৰিবলৈ বাধ্য হয়। ধনমাণিকে কছাৰী ৰজাৰ কৰতলীয়া হৈ দুগৰাকী ৰাজকন্যা তেওঁলৈ বিয়া দিয়ে। তদুপৰি তেওঁৰ ভাগিনজনক (যুৱৰাজ) জামিন স্বৰুপে কছাৰী ৰজাৰ ওচৰত থবলগীয়াত পৰে।

অলপ দিনৰ পিছতে ধনমাণিকৰ মৃত্যু হোৱাত যশমাণিক নামৰ এই যুৱৰাজজনক মুক্তি দি কছাৰী ৰজাই তেওঁক সিংহাসন গটাই দিয়ে। যশমাণিকে আহোম আৰু কছাৰীৰ মাজত শত্ৰুতা সৃষ্টি কৰাৰ মানসেৰে নিজৰ কন্যা এগৰাকীক আহোম ৰজা প্ৰতাপ সিংহলৈ বিয়াৰ প্ৰস্তাৱ দিয়ে। এই কন্যা গৰাকীক কছাৰী ৰাজ্যৰ মাজেৰে নিব লাগিব বুলিও তেওঁ এটা চৰ্তও দিয়ে। যশমাণিকে আশা কৰা ধৰণে কছাৰী ৰজাই এই কথাত সন্মত নোহোৱাত আহোম ৰজাই কছাৰী ৰাজ্য আক্ৰমণ কৰে (১৬১৮খৃ:)। পুৰণি সাহিত্য মতে যশমাণিকে কোচবিহাৰলৈ গৈ পশ্চিম কোচ ৰাজ্যৰ ৰজা লক্ষ্মীনাৰায়ণৰ কন্যা এগৰাকীৰ পাণি গ্ৰহণ কৰিছিল। এই বিবাহৰ পিছত নিজ ৰাজ্যলৈ উভটি যাওঁতে তেওঁ লগতে জয়ন্তেশ্বৰী দেৱীৰ মূৰ্ত্তি এটিও নিছিল। তেতিয়াৰে পৰা জয়ন্তীয়াসকলে অতি শ্ৰদ্ধাৰে জয়ন্তেশ্বৰী দেৱীৰ পূজা কৰি আহিছে।
যশমাণিকৰ পিছত যথাক্ৰমে সুন্দৰ ৰায়, চোটা পৰ্ব্বত ৰায় আৰু যশমন্ত ৰায় ৰজা হৈছিল। ইয়াৰ শেষৰ জন ৰজা আহোমৰ নৰীয়া ৰজাৰ সমসাময়িক আছিল। ১৬৬৪ খৃ:ত নৰীয়া ৰজাই তেওঁৰ ওচৰলৈ বন্ধুত্বপুৰ্ণ সম্বন্ধ স্থাপনৰ উদ্দেশ্যেৰে কটকী পঠিয়াইছিল। সেই চনতে বোধকৰো যশমন্তই ৰাজপাটত বহিছিল। সেই মৰ্মে তেওঁৰ পূৰ্বৰ ৰজাসকলৰ ৰাজত্বকাল এনে ধৰণে নিৰ্ণয় কৰিব পাৰি-

যশমাণিক ১৬০৫-১৬২৫ খৃ:
সুন্দৰ ৰায় ১৬২৫-১৬৩৬ খৃ:
চোটাপৰ্ব্বত ৰায় ১৬৩৬-১৬৪৭ খৃ:

আহোমৰ সৈতে জয়ন্তীয়াৰ বন্ধুত্ব সৰহ দিন নিটিকিল। জয়ন্তীয়া ৰাজ্যলৈ যোৱা এজন আহোম বেপাৰীক কোনো কাৰণবশতঃ যশমন্ত ৰায়ে বন্দী কৰিছিল। পিছত আহোম ৰজাৰ অনুৰোধত তেওঁক মুক্তি দিয়া হ’ল যদিও সা-সম্পত্তিবোৰ উভটাই দিয়া নহ’ল। এই কথাতে মনোমানিল্য লাহে লাহে গুৰুতৰ হ’ল।জয়ন্তীয়া ৰাজ্যলৈ যোৱা গিৰিপথসমূহ আহোমে বন্ধ কৰি দিলে। সোণাপুৰত থকা জয়ন্তীয়া বেপাৰীসকলকো বন্দী কৰি থ’লে। প্ৰায় ৯ বছৰৰ মূৰতহে দুয়ো পক্ষৰ মাজত এই বিবাদৰ মীমাংসা হৈছিল। ১৬৫৮ খৃ:ত যশমন্তৰ নাতিয়েক প্ৰমত্ত ৰায়ে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। অৱশ্যে এই বিদ্ৰোহ ব্যৰ্থ হৈছিল।

১৬৬০ খৃ: ত যশমন্তৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ বানসিং ৰজা হয়। বানসিঙক প্ৰতাপসিংহ নামেৰে তেওঁৰ আত্মীয় এজনে সিংহাসনচ্যুত কৰিছিল। প্ৰতাপসিং হেনো ইয়াৰ আগতে ৰাজ্যৰ পৰা বিতাৰিত হৈ বঙ্গদেশত আছিলগৈ। প্ৰতাপসিঙক লক্ষ্মীনাৰায়ণে সিংহাসনৰ পৰা আতৰাই মৃত্যুদণ্ড দিছিল। প্ৰতাপসিঙে বোধকৰো অতি কম দিন ৰাজত্ব কৰিছিল। কাৰণ তেওঁ ৰজা হোৱা বুলি বাতৰি দি যিজন দূত আহোম ৰজা চক্ৰধ্বজ সিংহৰ ওচৰলৈও পঠিয়াইছিল তেওঁ নৌপাওঁতেই চক্ৰধ্বজে তেওঁৰ মৃত্যুৰ বাতৰি পাইছিল। এই দূতজন গৈ চক্ৰধ্বজৰ ৰাজসভা পোৱাত চক্ৰধ্বজে তেওঁক অভ্যৰ্থনা জনাবলৈ বা তেওঁ অনা পত্ৰ পঢ়িবলৈ মান্তি নহ’ল। কাৰণ তেনে কৰিলে নিজ ৰাজ্যত অপায়-অমঙ্গল হ’ব বুলি চক্ৰধ্বজৰ আশ্ংকা হৈছিল। লক্ষ্মীনাৰায়ণে আহোমৰ পৰা ডিমৰুৱা দাবী কৰিছিল। ডিমৰুৱাখন তেওঁৰ পূৰ্ব্ব পুৰুষৰ আছিল বুলিও তেওঁ কৈছিল। কিন্তু আহোমে ডিমৰুৱাখন মুছলমানৰ হাতৰ পৰাহে কাঢ়ি আনিছিল বুলি কৈ লক্ষ্মীনাৰয়ণৰ দাবী অগ্ৰাহ্য কৰিলে। কিন্তু লক্ষ্মীনাৰায়ণে একেটা কথাতে লাগি থকাত ১৬৭৮ খৃ:ত আহোমে জয়ন্তীয়াৰ সৈতে সকলো সম্বন্ধ ছিগিলে।
লক্ষ্মীনাৰায়ণে জয়ন্তীয়াপুৰত সজা ৰাজ প্ৰসাদৰ ভগ্নাৱশেষ আজিও দেখা যায়। প্ৰাসাদৰ তোৰণত লক্ষ্মীনাৰায়ণৰ দিনত নিৰ্মিত বুলি উল্লেখ আছে। ইয়াত উল্লেখিত তাৰিখটো অস্পষ্ট হৈ পৰিছে। তথাপি চনটো ১৬৩২ শক বুলি লেখা যেন লাগে। যদি সেয়ে হয়, তেন্তে ই ১৭০৭ খৃ:ৰ সমসাময়িক হ’ব। কিন্তু ১৭০৭ খৃ:ত ৰাম সিংহে ৰজা আছিল বাবে সেই তাৰিখটো ভুল বুলি বিবেচিত হৈছে। প্ৰকৃতপক্ষে, সময়টো বোধকৰো ১৬০২ তথা ১৬৮০ খৃঃহে।

যশমন্ত সিংহ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলৰ সময়কাল বোধকৰো তলত দিয়া ধৰণে হ’ব-

যশমন্ত ৰায় ১৬৪৭-১৬৬০ খৃ:
বাণ ৰায় ১৬৬০-১৬৬৯ খৃ:
প্ৰতাপ সিংহ ১৬৬৯ খৃ:
লক্ষ্মীনাৰায়ণ ১৬৬৯-১৬৯৭ খৃ:

লক্ষ্মীসিংহৰ পৰৱৰ্তী ৰজা ৰাম সিঙে ১৭০৮ খৃ:লৈ ৰাজত্ব কৰিছিল। আহোম আৰু কছাৰী উভয়ৰে সৈতে তেওঁৰ বিবাদ হৈছিল। তেওঁৰ সৈতে হোৱা বিবাদ সম্বন্ধে আহোম বুৰঞ্জীয়ে এইদৰে বিৱৰণ দিছে-

"১৭০৭ খৃ:ত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজা তাম্ৰধ্বজৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ ৰামসিঙৰ সহায় ভিক্ষা কৰিছিল। সেই মৰ্মে সসৈন্যে ৰামসিঙে আহোমৰ বিৰুদ্ধে যুদ্ধ যাত্ৰাৰ যো-জা কৰোতেই তাম্ৰধ্বজৰ পৰা বাতৰি অহিল যে আহোম আক্ৰমণকাৰীসকল নিজেই গ’লগৈ কাৰণে সহায়ৰ প্ৰয়োজন নহ’ব। কিন্তু ৰামসিঙৰ নিজৰে এতিয়া কছাৰী ৰাজ্যৰ প্ৰতি লোভ হ’ল আৰু সেই ৰাজ্য আক্ৰমণ কৰি তাম্ৰধ্বজক বন্দী কৰি নিলে। তাম্ৰধ্বজে অন্তৰীণ অৱস্থাৰ পৰা কিবা উপায়েৰে ৰুদ্ৰসিংহলৈ উদ্ধাৰৰ বাবে আবেদন জনালে। ৰামসিঙে ৰুদ্ৰসিংহৰ কথা নুশুনাত দুটা আহোম বাহিনী তেওঁৰ বিৰুদ্ধে পঠিওৱা হ’ল। বৰবৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে কছাৰী ৰাজ্যৰ মাজেৰে গৈ খাছপুৰ সোমাই পূব দিশৰ পৰা জয়ন্তীয়া পৰগণাত প্ৰৱেশ কৰিলে। বৰফুকনৰ নেতৃত্বত যোৱা আনটো দলে জাগীৰ পৰা যাত্ৰা কৰি জয়ন্তীয়া পাহাৰৰ মাজেদি জয়ন্তীয়াপুৰ ওলাইছিলগৈ।
খাছপুৰেদি যোৱা দলটো প্ৰথমে গৈ জয়ন্তীয়া ৰাজ্য সোমোৱাত ৰামসিঙে প্ৰথম তেওঁ লোকক আগভেটা দিবলৈ যো-জা কৰিছিল যদিও তেওঁলোকৰ দলটো স্ংখ্যাত শকত আৰু পৰাক্ৰমী যেন দেখি পলায়ন কৰাটোহে শ্ৰেয় বুলি বিবেচনা কৰিলে। ৰামসিঙে কছাৰী ৰজাৰ সৈতে কৰা ব্যৱহাৰ তেওঁৰ বিষয়াসকলে ভালপোৱা নাছিল। এতিয়া তেওঁলোকক সন্মুখ শত্ৰুৰ আগত দলনিত পোনা মেলা দি নিজে পলায়ণ কৰিবলৈ খোজাত তেওঁলোকৰ খ্ং উঠিল আৰু ৰামসিঙক আহোম সেনাপতিৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ হেচা দিলে। বৰফুকনৰ নেতৃত্বাধীন দলটোৱে জয়ন্তীয়া পাহাৰ সোমাওতে প্ৰথম প্ৰায় কুৰি মাইল পথৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। কিন্তু সেই বাধা নেওচি তেওঁলোক জয়ন্তীয়াপুৰ ওলাইছিলগৈ। বৰফুকনে বাটত আঠ ঠাইত যুদ্ধ বন্দীবোৰ ৰখাৰ বন্দোবস্ত কৰি আহিছিল।

আহোম সৈন্যদল দুটাই স্থানীয় লোকৰ বিৰুদ্ধে একো হিংস্ৰ পদ্ধতি নোলোৱা বাবে এইদৰে জয়ন্তীয়াপুৰ অভিযানত সফলতা লাভ কৰিছিল যেন লাগে। কিন্তু ইয়াৰ পিছত আহোমে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ যো-জা কৰাত স্থানীয় ছিনটেং লোকসকল স্ংঘবদ্ধ হ’ল। ৰামসিঙৰ কছাৰী ৰজাৰ প্ৰতি লোৱা নীতিত ৰাইজৰো সমৰ্থন নাছিল। তেওঁলোকে ভাবিছিল যে আহোমে ৰজাক এই কাৰ্যৰ বাবে হয়তো ভৎসৰ্না কৰি গুচি যাব। কিন্তু এতিয়া আহোমে তেওঁলোকৰ স্বাধীনতা হৰণ কৰিবলৈ ওলোৱাত তেওঁলোকৰ খ্ং উঠিল। জীৱন-মৰণ পণ কৰি নিজ স্বাধীনতা ৰক্ষা কৰিবলৈ তেওঁলোকে সঙ্কল্প গ্ৰহণ কৰিলে। ৰামসিঙক আহোম সৈন্যই ধৰি নি ৰুদ্ৰসিংহক গটাই দিছিল। বন্দী অৱস্থাতে ১৭০৮ খৃ: ত গ্ৰহণী ৰোগত ৰামসিঙৰ মৃত্যু হয়।

জয়ন্তীয়া যুবৰাজ জয়নাৰায়ণে পিতৃ ৰামসিঙৰ সৈতে আহোমৰ ৰাজ্যত বন্দী হৈ আছিল। তেওঁ দুগৰাকী ভগ্নীক ৰুদ্ৰসিংহলৈ বিয়া দিছিল। আহোমে মুক্তি দিয়াত তেওঁ নিজ ৰাজ্যলৈ উভটি আহিছিল। দেউতাকৰ মৃত্যুৰ সময়ৰ পৰা অৰ্থাৎ ১৭০৮ খৃ:ৰ পৰা বৰগোঁসাই ৰাজপাটত বহাৰ সময়লৈকে অৰ্থাৎ ১৭২৯ খৃ:লৈ তেওঁ জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰিছিল যেন অনুমান হয়। বৰগোঁসাইৰ ৰাজত্বকাল অস্বাভাৱিকভাৱে দীঘলীয়া আছিল। প্ৰায় ৪০ বছৰ জুৰি ৰাজত্ব কৰি ১৭০৭ খৃ: ত তেওঁ ছত্ৰসিঙক সিংহাসন গটাই দি নিজে সন্ন্যাস ধৰ্ম্ম গ্ৰহণ কৰিছিল। সেই সময়ৰ এজন ব্ৰাহ্মণক ভূমিদান কৰাৰ উপলক্ষে লিখা এখন তাম্ৰফলিত এই তথ্য উল্লেখিত হৈছে। সেই তাম্ৰফলিখনত ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু সেনানায়কজনক ভূমিদানৰ সাক্ষী হিচাবে উল্লেখ কৰা হৈছে। তেওঁলোকৰ নামৰ পৰা প্ৰধানমন্ত্ৰীজন পূৰ্ব পুৰুষৰ ধৰ্ম্মত বিশ্বাসী ছিনটেং আৰু সেনাপতিজন হিন্দু যেন লাগে। ৰজাৰ ভাগিনিয়েক কেইগৰাকীয়েও এই ভুমিদানত সন্মতি দিছিল বুলি কৰা উল্লেখৰ পৰা জয়ন্তীয়া ৰাজ পৰিয়ালত মহিলাৰ মাধ্যমেৰে সম্পত্তিৰ উত্তৰাধিকাৰ পোৱাৰ ব্যৱস্থা তেতিয়াও প্ৰচলিত আছিল যেন লাগে।
বৰগোঁসাই আৰু তেওঁৰ ভগ্নী গৌৰী কুঁৱৰীক খৈৰামৰ ছিয়েমে বন্দী কৰি থৈছিল বুলি কোনো কোনো সূত্ৰই কয়। তেওঁলোকক হেনো চেৰাপুঞ্জীৰ ছিয়েম অমৰ সিঙে উদ্ধাৰ কৰিছিল আজিকোপতি জয়ন্তীয়া পৰগণাৰ দুখন গাঁও চেৰাপুঞ্জীৰ ছেয়েমৰ অধীনতে আছে। এই গাঁও দুখনৰ বাবে তেওঁ কৰ দিব নালাগে। এই গাঁও দুখন হেনো বৰগোঁসায়ে কৃতজ্ঞতাৰ চিন স্বৰূপে চেৰাপুঞ্জীৰ ছিয়েমক দিছিল। খৈৰাম আৰু জয়ন্তীয়া ৰাজ্যৰ মাজত বিবাদ বহুদিন ধৰি চলিছিল। ১৮৫৩ খৃ:ত বৃটিছে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰাৰ কালতো সেই শত্ৰুতা থকা দেখা গৈছিল।
(১৮৯৭ খৃ:ত চিলহটৰ ভূমি স্ংক্ৰান্ত নথি-পত্ৰ চাওঁতে সেন নামৰ এজন বিষয়াই উপায়ুক্তৰ কাৰ্যালয়ত থকা নথি-পত্ৰৰ মাজত ১৮৩৯ চনৰ লেচ নামৰ এজনে লিখা কাকত পত্ৰ কেতবোৰ পায়। এই কাকত-পত্ৰসমূহত বৰগোঁসাই আৰু তেওঁৰ পৰৱৰ্তী জয়ন্তীয়া ৰজাসকলৰ নাম পোৱা গৈছিল। বৰগোঁসাইৰ বাহিৰে বাকী কেইজন ৰজাৰ ক্ষেত্ৰত এই নথিপত্ৰত উল্লেখিত তাৰিখসমূহ মানি লোৱা হৈছৈ। সেই তাম্ৰফলিত বৰগোঁসায়ে সিংহাসন ত্যাগ কৰাৰ বিষয়ে উল্লেখিত হৈছে। লোচৰ তাৰিখসমূহৰ সমসাময়িক মুদ্ৰাত পোৱা তাৰিখৰ সৈতে কিছু গৰ-মিল আছে। সাধাৰণতে ৰাজ অভিষেক বা নতুন মুদ্ৰা তৈয়াৰ কেতিয়াবা প্ৰকৃত সিংহাসন আৰোহনৰ দিনতকৈ দেৰিকৈ হয়। কেতিয়াবা দুই-এবছৰ পিছতো হয়। সেয়ে লোচে উল্লেখ কৰা তাৰিখত সিংহাসন আৰোহন কৰি বৰগোঁসাই আৰু ছত্ৰসিঙে বোধকৰো দুবছৰ আৰু যাত্ৰা নাৰায়ণ আৰু দ্বিতীয় ৰামসিঙে প্ৰায় এবছৰৰ পিছতহে মুদ্ৰা উলিয়াইছিল যেন লাগে। ১৭৮৫ চনৰ মুদ্ৰা এটাক আনহাতেদি সঠিক তাৰিখৰ যেন লাগে। লোচে উল্লেখ কৰাৰ দৰে সেই চনটো ১৭৮৬ নহৈ মুদ্ৰাৰ মতে দিয়া ১৭৮৫ খৃ: হ’ব লাগে। সম্ভৱত: সেই খৃ: ত বিজয় নাৰায়ণ ৰজা হৈছিল।)

বৰগোঁসাইৰ পৰৱৰ্তী ৰজা ছত্ৰসিঙে ৰাজপাট আৰোহন কৰিছিল ১৭৭০ খৃ:ত। বৃটিছৰ সৈতে পোনপটীয়া সংঘৰ্ষলৈ অহা তেঁৱেই প্ৰথম জয়ন্তীয়া ৰজা। ১৭৩৪ খৃ:ত মেজৰ হেন্নিকেৰে এটা বৃটিছ ফৌজৰ নেতৃত্বত তেওঁৰ ৰাজ্য জয় কৰিছিল যদিও কেৱল এটা জৰিমনা কৰি ৰাজ্যখন উভটাই দিছিল। কি কাৰণে হেন্নিকেৰে এই অভিযান কৰিছিল সেই সম্বন্ধে একো জনা নাযায়। বোধকৰো চুবুৰীয়া ছিলহটৰ লোকসকলক জয়ন্তীয়াসকলে কিবা দুৰ্ব্যৱহাৰ কৰাৰ বাবে এনে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছিল।

ছত্ৰসিঙৰ পিছত যত্ৰনাৰায়ণে ১৭৮১ চনত ৰাজপাটত বহিছিল। তেওঁৰ পৰৱৰ্তী ৰজা বিজয় নাৰায়ণৰ সিংহাসন আৰোহণৰ চনটো আছিল ১৭৮৬। ১৭৮৮ খৃ: ৰ ভূমিদান স্ংক্ৰান্ত এখন তামৰ ফলিত বিজয় নাৰায়ণৰ নাম উল্লেখ আছে।
বিজয় নাৰায়ণৰ পৰৱৰ্ত্তী জয়ন্তীয়া ৰজাজন আছিল দ্বিতীয় ৰামসিং। ১৭৮২ খৃ:ত তেওঁ ৰজা হৈছিল। বোধকৰো ১৭৯০ চনত তেওঁৰ ৰাজ অভিষেক হয় আৰু সেই চনৰ পৰা তেওঁ মুদ্ৰা উলিয়ায়। ১৮১৩ চনৰ এখন তামৰ ফলিত দ্বিতীয় ৰামসিঙৰ ভূমিদান সম্বন্ধে উল্লেখিত আছে।


১৮২৪ চনত বৰ্ম্মীসকলে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰাৰ শঙ্কা হোৱাত ডেভিদ স্কটে দ্বিতীয় ৰামসিঙৰ সৈতে এটা বুজা-পৰালৈ আহিবলৈ চেষ্টা বিছাৰিছিল। কিন্তু যিমান দিন এনে কোনো বুজা-পৰালৈ নাহি স্বাধীনতা অক্ষুন্ন ৰাখিব পাৰি সিমান দিনলৈকে তেওঁ একো নকৰাৰ পক্ষপাতী আছিল। জয়ন্তীয়া ৰাজ্য আক্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দি বৃটিছ ৰাজনৈতিক বিষয়াজনে বৰ্ম্মীসকলক পত্ৰও দিছিল। কিন্তু বৰ্ম্মীসকলে বৃটিছৰ পত্ৰখন গ্ৰাহ্য নকৰিলে। বৰ্ং ক’লে বোলে, জয়ন্তীয়া ৰজা আহোমৰ কৰতলীয়া আৰু যিহেতু এতিয়া আহোম বৰ্ম্মীৰ তলতীয়া সেয়ে জয়ন্তীয়া ৰজাই আহি তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰা উচিত। বৰ্ম্মী সৈন্যৰ সৰু দল এটা সেইফালে আগুৱাই অহা দেখি বৰ্ম্মী দলটো আঁতৰি গ’ল।
১৮৩২ খৃ:ত দ্বিতীয় ৰামসিঙৰ মৃত্যুৰ পিছত ৰজা হয় ৰাজেন্দ্ৰ সিং। ১৮৩৫ খৃ: ত বৃটিছে জয়ন্তীয়া ৰাজ্য অধিকাৰ কৰি তেওঁক সিংহাসনচ্যুত কৰে।

জয়ন্তীয়াসকলৰ বিষয়ে অ’ত ত’ত পোৱা তথ্যসমূহ গোটাই ওপৰুল্লেখিত ইতিহাসৰ যোগান ধৰা হৈছে। ছিনটেংসকল কেতিয়াও ব্ৰাহ্মণসকলৰ দ্বাৰা প্ৰভাবান্বিত হোৱা যেন নালাগে। কেৱল ৰাজ পৰিয়াল আৰু উচ্চ বিষয়াসকলৰ ওপৰতহে হিন্দু ধৰ্ম্মৰ প্ৰভাৱ পৰা দেখা গৈছিল। ৰজা সকল শাক্ত আছিল। খাদ্য বা পানীয় আদি গ্ৰহণৰ ক্ষেত্ৰত থকা বিধানসমূহ পালন কৰক নকৰক, তেওঁলোকে কিন্তু এটা কথাত বৰ গুৰুত্ব দিছিল সেইটো হ’ল নৰবলি প্ৰথা। কালিকা পুৰাণত থকা এই ভয়লগা নৰবলিৰ ক্ষেত্ৰত জয়ন্তীয়া ৰজাসকলৰ একাগ্ৰতা মন কৰিবলগীয়া। মহাদেৱে শক্তিদেৱীৰ মৃত শ’ কান্ধত লৈ তাণ্ডৱ কৰোতে শক্তিৰ বাওঁ ভৰিখন হেনো জয়ন্তীয়া ৰাজ্যৰ ফালজুৰ পৰগনাত পৰিছিল। সেয়ে দুৰ্গা পুজাৰ নৱমীৰ দিনা সেই ঠাইত নৰবলি দিয়াৰ নিয়ম হ’ল। এইদৰে কেতিয়াবা দেৱতাৰ ওচৰত মানস কৰি নাইবা পুত্ৰ জন্ম হ’লে শিশুটিৰ মঙ্গলাৰ্থেও নৰবলি দিয়া হৈছিল। সাধাৰণতে নৰবলি যাবলৈ কোনো লোকে নিজেও সন্মত হৈছিল। বলি যোৱাৰ আগেয়ে এনে লোকক যি মন যায় তাকে ভোগ কৰিবলৈ সুবিধা দিয়া হৈছিল। কিন্তু কেতিয়াবা স্ব ইচ্ছাই বলি যোৱা লোকৰ অভাৱ ঘটিলে অচিনাকী বিদেশী লোক ধৰি আনিও বলি দিয়া প্ৰথা অব্যাহত ৰখা হৈছিল।

Latest Blog Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts

SSC General Duty Constables Recruitment 2018 for CRPF, BSF & CISF: 54,953 Posts Staff Selection Commission Recruitment N...

Blog Posts